
গৱেষণাৰ কাহিনী (অণু-প্ৰবন্ধ) : ১ – ১০
(১)
ৰাজ্যৰ ৭০ জন অধ্যাপকৰ পিএইচডি আদি ডিগ্ৰীধাৰীসমূহ ভুৱা নেকি তাৰ পৰীক্ষাৰ বাবে জাননি ওলাইছে। আন এক বাতৰি মতে ১২৫ জন। তাৰে মাজৰ কোনোবাজন দায়ৰ পৰা মুক্ত হ’বও পাৰে। সেয়া যি নহওক, ইয়াৰ উপৰি কিন্তু যেনেতেনে ভুৱা নোহোৱাকৈ থকা হেজাৰ-বিজাৰ মনুষ্য লুইতৰ দুয়োপাৰ ভৰি থাকিবও পাৰে। এবাৰ আইআইটি গুৱাহাটীৰ অধ্যাপক এজনে ‘গছত লগা পিএইচডি আৰু ফোঁপযহী ড৹ বোৰ’ বুলি এটা প্ৰবন্ধও লিখিছিল। তাত দুই-এটা কথা সাধাৰণীকৰণ হোৱা বাবে দুই-এজনে আপত্তি কৰিছিল বা আন কোনো কোনোৱে বিতৰ্ক কৰিবলৈ সুবিধা লৈছিল, কিন্তু তাত উল্লেখ কৰা মূল প্ৰসংগবোৰ সম্পূৰ্ণ স্পষ্ট।
এটা আমোদদায়ক কাহিনী–
এদিন মোলৈ জাৰ্নেল এখনৰ পৰা গৱেষণা-পত্ৰ এখন ৰিভিউ কৰিবলৈ আহিল। মোলৈ অহাৰ কাৰণটো হ’ল, সেইটো টপিকত মোৰ এখন গৱেষণা-পত্ৰ এখন জাৰ্নেলত প্ৰকাশ হৈ গৈছে। মোলৈ সেই যিখনৰ পৰা ৰিভিউ কৰিবলৈ আহিল, সেইখন নিম্ন পৰ্যায়ৰ জাৰ্নেল। UGC-CARE লিষ্টতো থাকিব পাৰে, আৰু DOI টো অন্তৰ্ভুক্ত, কিন্তু সিমান ঠিক নহয়। সেইবোৰ থাকিলেই ভাল হৈ নাযায়, কিন্তু লিষ্টত যিহেতু আছেই গতিকে বহুতৰ কাম চলি যায়। সেয়েহে, অধিক মানুহক বান-সাহায্য দি নাম কৰিবলৈ আটাইতকৈ নৰম আৰু দুৰ্গন্ধময় চাউলখিনি দোকানত বিচাৰি ফুৰা দৰে বহুতে তেনেকুৱা জাৰ্নেলবোৰ বিচাৰি থাকে, যাতে তাতে দুখন গৱেষণা-পত্ৰ উলিয়াই দিলেই ডিগ্ৰীৰ কামটো হৈ যায়। এটা কথা দেখোঁ যে আমাৰ অতি প্ৰিয় শিক্ষাগুৰুকেইজনে সেইবোৰত সমুলি প্ৰকাশ নকৰে, ৰিভিউৱো নকৰে। জাৰ্নেলখন অতিপাত বেয়াও নহয়, তথাপি সেইখনৰ বাবে ৰিভিউ কৰি এনেই তথ্য এটা লেটিয়াই থ’বলৈ মন নগ’ল। যদি ৰিভিউ কৰিবলৈ হয় তেন্তে তাৰ বাবে লিখিব লাগিব এইদৰে– “এইবোৰ নৰম কাম। প্ৰকাশযোগ্য নহয়। দুই-এক হাইস্কুলীয়া ল’ৰা-ছোৱালীয়ে গৰম-বন্ধত ইয়াতকৈ উন্নত কাম কৰিব পাৰিব।” কিন্তু তেওঁলোকে তেনেকুৱা প্ৰকাশ কৰিয়েই থাকে, গতিকে মই দি একো লাভ নাই।
যি কি নহওক, মই নকৰোঁ বুলি ক’লোঁ। আৰু সেইখন প্ৰকাশ হৈছে নেকি বুলি এদিন জাৰ্নেলখন চালোঁ। দেখিলোঁ যে প্ৰকাশ হৈছে, আৰু সেইখন অসমৰ মানুহেই লিখা। তেনেকুৱা দুখন গৱেষণা-পত্ৰ (?) লিখি পিএইছডি লৈছে আৰু মহাবিদ্যালয়ত চাকৰি কৰি আছে।
(২)
(৩)
(৪)
(৫)
No Comments