টোকাবহী (অণু-প্ৰবন্ধ) : ৫১ – ৬০
(৫১)
অসমীয়া বিজ্ঞানীসকল বা অসমীয়া গণিতজ্ঞসকল — এনেধৰণৰ তালিকা এখন প্ৰস্তুত কৰিব বিচাৰিলে কিছুমান অসুবিধাৰ সমুখীন হোৱা যায়। তথ্যৰ অভাৱ বা সমলৰ অভাৱৰ কথাটো বাদ দিও আন কেইটামান সমস্যা পৰিলক্ষিত হয়। মূল সমস্যাটো হ’ল — এজন অসমীয়া বিজ্ঞানী বা এজন অসমীয়া গণিতজ্ঞ বুলি কাক কোৱা হ’ব?
আমাৰ ক্ষেত্ৰত দেখা যায়— কোনোবা এজন বিজ্ঞানৰ অধ্যাপক আৰু লগতে তেওঁ কাকত-আলোচনীত বহু গল্প বা কবিতা লিখে, বা সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ লিখে। তেতিয়া তেওঁ বিজ্ঞানী বুলি মানুহৰ মাজত অধিক পৰিচিত হৈ পৰে। আকৌ ধৰক, কোনোবা এজন ডক্টৰেট ডিগ্ৰীধাৰীয়ে বিজ্ঞান বিষয়ক সংবাদ লিখে বা সংবাদবোৰৰ অনুবাদ লিখে। ফলত তেওঁ বিজ্ঞানী বুলি পৰিচিত হৈ পৰে অধিক পৰিমাণে। আকৌ কোনোবাই ধৰক বিদেশত বিজ্ঞান জড়িত কিবা চাকৰি কৰে আৰু অসমতকৈ তেওঁৰ দা-দৰমহা বেছি, তেতিয়া তেওঁকো বিশিষ্ট বিজ্ঞানী বা বিশিষ্ট গণিতজ্ঞ বুলি চিধাই ধৰি লোৱা হয়।
তালিকা একোখন প্ৰস্তুত কৰোঁতে এই ধাৰণাটো অতিক্ৰম কৰিবলৈ বৰ অসুবিধা হয়; ফলত তেওঁলোক তালিকাত এনেই এনেই সোমাই পৰে। কাৰণ তেওঁলোক বিজ্ঞানী-গণিতজ্ঞ বুলি মিছাকৈয়ে বহু পৰিচিত। তেওঁলোক আচলতে বিজ্ঞানী-গণিতজ্ঞ সমুলি নহ’বও পাৰে।
তেন্তে, এজন বিজ্ঞানী বা গণিতজ্ঞ বুলি আমি কাক ধৰিম? বিজ্ঞানী বা গণিতজ্ঞ একোজন হ’ল সেই ক্ষেত্ৰখনৰ একোজন অতিশয় সৃষ্টিশীল ব্যক্তি। সেই সৃষ্টি গভীৰ হ’ব লাগিব আৰু প্ৰভাৱশালী হ’ব লাগিব। আমি এনেকুৱা এটা ধাৰণাৰ সহায় ল’ব পাৰোঁ— যদি এজন ব্যক্তিৰ দহখন গৱেষণা-পত্ৰ ইমপেক্ট ফেক্টৰ থকা জাৰ্নেলত আছে, তেন্তে তেওঁক এজন বিজ্ঞানী বা গণিতজ্ঞ বুলিব পাৰি। কিন্তু বিষয় অনুসৰি ইয়াতো কথাবোৰ অলপ বেলেগ বেলেগ হ’ব।
বিশুদ্ধ গণিতত এইটো ধৰি ল’ব পাৰি। এনে ভাল জাৰ্নেলত দহখনকৈ পেপাৰ থকা গণিতৰ মানুহ কিছু সংখ্যকহে আছে। কিন্তু বিজ্ঞানৰ আন বিষয়ত দেধাৰ আছে। এই ক্ষেত্ৰত সংখ্যাটো অধিক ধৰিব পাৰি, বিছখন বা ত্ৰিছখন, আৰু লগতে জাৰ্নেলৰ মানদণ্ডটো বিচাৰ কৰি ল’ব পাৰি। তুলনাবোৰ ঠিক এনেকুৱা—
বিশুদ্ধ গণিতৰ সৰ্বোচ্চ ইমপেক্ট ফেক্টৰৰ জাৰ্নেলখনৰ ইমপেক্ট ফেক্টৰ হ’ল প্ৰায় ৪। বিশুদ্ধ গণিতৰ বাবে ০.৫ ইমপেক্ট ফেক্টৰ হ’লেও বহুত। কিন্তু পদাৰ্থবিজ্ঞান, জীৱবিজ্ঞান, ৰসায়নবিজ্ঞান, চিকিৎসাবিজ্ঞান আদিৰ সৰ্বোচ্চ ইমপেক্ট ফেক্টৰ ৩৫ তকৈয়ো অধিক। সেয়েহে তুলনাটো বিষয় অনুসৰি বেলেগ হৈ যায়।
আকৌ, দহখন-বিছখন পেপাৰ থাকিবই লাগিব বুলিও কথা নাই, যদিহে অতি উন্নত পেপাৰ এখনেই থাকে। উদাহৰণস্বৰূপে, যদিহে বিশুদ্ধ গণিতৰ শ্ৰেষ্ঠ জাৰ্নেল Annals of Mathematics ত এখন পেপাৰ ওলায় তেন্তে তেওঁ বিশ্বশ্ৰেষ্ঠ গণিতজ্ঞসকলৰ এজন হ’ব পাৰে। ভাৰতৰ কিমান সংখ্যক গণিতজ্ঞৰ পেপাৰ এই জাৰ্নেলত প্ৰকাশিত নাজানোঁ। এই মুহূৰ্তত এজনৰ নাম মনত পৰিছে, তেওঁৰ নাম আছিল হৰিশ চন্দ্ৰ। একেদৰেই, বিজ্ঞানৰ কোনো বিষয়ৰ এখন মাথোঁ পেপাৰ যদি Natureৰ কোনো পত্ৰিকাত ওলায়, তেন্তে তেওঁক একেষাৰে এজন বিজ্ঞানী বুলিব পাৰি।
(৫২)
একোজন মানুহে অসাধাৰণ সৃষ্টি তেতিয়াই সম্পন্ন কৰিব পাৰে, যদিহে তেওঁ দীৰ্ঘকালীন লক্ষ্যৰ বাবে সদায় কাম কৰি থাকে। তেনে কৰ্ম এদিনতে কেতিয়াও সম্পন্ন নহয়, বা এসপ্তাহতে কেতিয়াও শেষ কৰিব পৰা নহয়, বা সি এবছৰত হোৱা কামো নহয়। ভীৰৰ মাজতো যাক সেই কৰ্মই মনত অহৰহ দোলা দি থাকে, আন শতটা কামৰ মাজতো সেই লক্ষ্যই যাৰ মনত টোকৰ দি থাকে, কৰ্ষণে প্ৰতিদিনে যেতিয়া ক্ৰিয়া কৰি থাকে, এই নিচাগ্ৰস্ত প্ৰক্ৰিয়াটোৰ শেষতহে অসাধাৰণ কামবোৰ সম্পন্ন হয়। উদাহৰণস্বৰূপে, জুবিন গাৰ্গ নামৰ মানুহজনক জুবিন গাৰ্গ কৰিছিল তেওঁ দুবছৰৰ মূৰে মূৰে উলিওৱা একান্ত নিজৰ কেছেটকেইখনে। তেওঁ আন হেজাৰটা গীত গাইছে— আনে লিখা গীত গাইছে, আনে সুৰ দিয়া গীত গাইছে, আনে লিখা নিজে সুৰ দিয়া গীত গাইছে, পুৰণি গীতবোৰ পুনৰ গাইছে, লোকগীত গাইছে, বৰগীত গাইছে, বজাইছে, ঘূৰিছে, ফুৰিছে, . . . . . . . ; কিন্তু দুবছৰৰ পাছতহে ওলাবলগীয়া মাথোঁ পাঁচটা বা ছটা গানে যে তেওঁক ক্ৰিয়া কৰি আছিল সেইকেইটা গানে তেওঁক পৃথক কৰি পেলাইছিল, অনন্য কৰি পেলাইছিল। দীৰ্ঘকালীন প্ৰচেষ্টাৰ অন্তত সম্পন্ন কৰিবলগীয়া কৰ্মবোৰ সম্পাদন কৰিব বিচাৰোঁতে হেজাৰ বিচ্যুতিয়ে ক্ৰিয়া কৰে, কিন্তু তাক কেতিয়াও পাহৰি নগ’লে সি এদিন অনন্য ৰূপে প্ৰকাশিত হৈ উঠিব পাৰে।
(৫৩)
অনলাইন পাঠদানত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে পাঠদানৰ পদ্ধতি। ধৰি লওক যে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ হাতত মোবাইল বা কম্পিউটাৰ আছে। প্ৰতিগৰাকীৰ লগত উপযুক্ত ইণ্টাৰনেট সেৱা আছে, আৰু বিজুলী ব্যৱস্থাও আছে। কিন্তু তাৰ পাছতো যদি পাঠদান কৰা বস্তুখিনিৰ ধৰণটো পূৰ্বৰ শ্ৰেণীকোঠাৰ দৰে গতানুগতিক হয়, তেন্তে পৰ্যাপ্ত জ্ঞান আহৰণৰ সময়-সুবিধা অনলাইন পাঠদানে নিদিয়ে। এই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছে ছাত্ৰ-ছাত্ৰীয়ে স্ব-শিক্ষা লোৱাৰ প্ৰক্ৰিয়াটো। তাৰবাবে ছাত্ৰ-ছাত্ৰীক বিষয় কিছুমান বুজাই দিলেই বা এইটো এইটো পঢ়া বুলি নিৰ্দেশিত কৰিলেই সম্পূৰ্ণ কাম নিদিয়ে। টিভিৰ এটা পাঠদান অনুষ্ঠান চাইয়ো তেনে অনুভৱেই হ’ল। শিক্ষকে দিয়া ষ্টাডি-মেটেৰিয়েলৰ ধৰণটো সলনি হ’ব লাগিব আৰু বহুতে লগত ৰখা কিতাপো সলনি কৰিব লাগিব, ভাল কিতাপ ল’ব লাগিব। অতি নগন্য সংখ্যক হ’লেও, পূৰ্বৰে পৰা কিছুসংখ্যক শিক্ষকে এইসমূহ পদ্ধতিতে শিক্ষাদান কৰে। কোনো কোনো ছাত্ৰ-ছাত্ৰীয়ে আন উপায়েৰেও তেনে পদ্ধতিৰ মুখামুখি হোৱাৰ সুযোগ পায়। অনলাইন ব্যৱস্থাত সকলোৰে মাজলৈ সেই পদ্ধতি লৈ যাব লাগিব, যাতে স্ব-শিক্ষাৰ পদ্ধতি আয়ত্ব কৰিব পাৰে। সকলোৰে পৰিচিত সাধাৰণ উদাহৰণ এই মুহূৰ্তত মনলৈ অহা নাই। এটা বিশেষ উদাহৰণহে দিছোঁ—
এবষ্ট্ৰেক্ট এলজেব্ৰাৰ এখন কিতাপ আছে এম ডি ৰায়সিংহানিয়াই লিখা, সম্পূৰ্ণ ফাল্টু কিতাপ। সেই কিতাপখনে ছাত্ৰ-ছাত্ৰীক এবষ্ট্ৰেক্ট এলজেব্ৰাৰ পৰা হেজাৰ যোজন দূৰলৈ লৈ গুচি যায়। স্ব-শিক্ষাত সামান্যও সহায় নকৰে। কিন্তু গেলিয়ানৰ এবষ্ট্ৰেক্ট এলজেব্ৰাৰ কিতাপখন বা ডামিট আৰু ফুটেৰ এবষ্ট্ৰেক্ট এলজেব্ৰাখনে বিষয়টো ভাল নোপোৱাজনকো কিছু হ’লেও সোৱাদ দিব, আৰু কোনো শিক্ষক নাপালেও নিজে নিজে বহুখিনি কথা পঢ়িব পাৰিব। এম ডি ৰায়সিংহানিয়াই এবষ্ট্ৰেক্ট এলজেব্ৰাখন লিখিছে কেনেকৈ— চাৰিখনমান সাধাৰণ এবষ্ট্ৰেক্ট এলজেব্ৰা কিতাপ গোটাই লৈছে, অ’ৰ-ত’ৰ কিবাকেইটামান লৈ নোট এটা দিছে, আৰু প্ৰশ্ন এসোপা বনাইছে, এসোপা উত্তৰ দিছে, এসোপা অনুশীলনী দিছে। আৰু তাত কোনো গভীৰতাও নাই। কিন্তু, গেলিয়ান বা ডামিট আৰু ফুটেয়ে যিকেইখন লিখিছে, সেইকেইখন লিখিব পৰা মানুহ কেৱল তেওঁলোক নিজেহে, তাৰ বাহিৰে আন কোনো নাই। পৃষ্ঠাই পৃষ্ঠাই তাত গভীৰ অধ্যয়ন আৰু অন্বেষণ পৰিস্ফূৰ্ত। তৰপে তৰপে বিষয়বোৰ আগবাঢ়ি গৈছে, তাতেই ইতিহাসো আছে, জীৱনীও আছে, নতুন অধ্যয়নৰ সমলো আছে, প্ৰতিটো প্ৰশ্ন বা প্ৰশ্নোত্তৰ অৰ্থহীন অনুশীলন নহয়। অৰ্থহীন বাহুল্য নথকাকৈ বিষয়বোৰ লৈ যোৱা হৈছে। সহজ সহজ কথাবোৰ পেঘেনীয়াই দীঘল কৰি কৰি, গভীৰ কথাবোৰ আধৰুৱাকৈ আৰু অস্পষ্টকৈ এৰি এৰি যোৱা কিতাপ নহয় সেই দুখন। গতিকে, এম ডি ৰায়সিংহানিয়াৰ এবষ্ট্ৰেক্ট এলজেব্ৰাখনৰ দৰে যদি পাঠদান আৰু নোটছ দিয়া হয়, তেন্তে সিমান কামত নাহে। কিছুমান অৰ্থহীন আৰু একঘেয়ামী অনুশীলনত লাগি লাগি বিৰক্তহে হ’ব লাগে আৰু মন ভোদা হৈহে পৰে। নোটছবোৰ গেলিয়ান, ডামিট-ফুটেৰ দৰে হ’লেহে বহু কামত আহে। সেয়েহে পাঠদানত প্ৰদান কৰা সমলবোৰৰ ভালেখিনি সলনি হ’লেহে অনলাইন শিক্ষাদান ফলপ্ৰসূ হ’ব।
(৫৪)
অসমৰ পৰা বিজ্ঞান, গণিত আদি বিষয়ৰ কেইখনমান জাৰ্নেল প্ৰকাশ হয়। অনলাইন নহয়, প্ৰিণ্ট। সেইসমূহ প্ৰধানকৈ অসমতে আবদ্ধ, তাত প্ৰকাশিত কোনো ৰিচাৰ্ছ-পেপাৰৰ ৰেফাৰেন্স কোনোবা আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত এতিয়ালৈকে দেখা পোৱা নাই। থাকিবও পাৰে, তথাপি সিমান নাই। সেয়েহে এই পত্ৰিকাসমূহত অসমীয়া ভাষাত পেপাৰ লিখিও প্ৰকাশ কৰিব লাগে। ফৰাচী, জাৰ্মান, চীনা ভাষা আদিত বিজ্ঞানৰ অতি উচ্চ মানদণ্ডৰ জাৰ্নেল আছে। আমি সততে চিনি পোৱা বহু বিজ্ঞানীৰ যুগান্তকাৰী পেপাৰবোৰ ইংৰাজীত লিখা নহয়, সেইবোৰ ভাষাৰ জাৰ্নেলতহে প্ৰকাশ হোৱা। গতিকে, আমাৰ ইয়াৰ জাৰ্নেলকেইখন যিহেতু কেৱল অসমতে আবদ্ধ, গতিকে অসমীয়াত পেপাৰ লিখাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে ভাল হ’ব। এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে মোৰো এখন অসমীয়া পেপাৰ দিবলৈ মন আছে। মাতৃভাষাত কথাবোৰ প্ৰকাশ কৰিবলৈ ভাল। কিবা এটা আয়ত্ব কৰি তাৰ পৰা নিজৰ সৃষ্টি এটা সম্পন্ন কৰিবলৈ নিজৰ একান্ত প্ৰিয় ভাষাতো বেছি সহায়কাৰী।
(৫৫)
লকডাউনৰ দৰে সময়বোৰ অধ্যয়নশীল আৰু অহৰহ গভীৰ চিন্তা-চৰ্চামূলক কাম কৰি থকা মানুহৰ বাবে অতি ভাল সময়। তেওঁলোকে সদায়েই নিজকে যিমানদূৰ সম্ভৱ তেনেকুৱা এটা অৱস্থাতে ৰাখে। এতিয়া গোটেই শিক্ষা প্ৰতিষ্ঠানবোৰ বন্ধ আছে যদিও তাত্ত্বিক বিজ্ঞান বা তেনে আন তাত্ত্বিক বিষয়ৰ মানুহৰ বাবে এয়া অতি মধুৰ সময়। যিয়েই নহওক কিয়, আৱাসিক উচ্চশিক্ষা প্ৰতিষ্ঠানবোৰক এতিয়াও যিমানখিনি সম্ভৱ বাহিৰা ভাবুকিবোৰৰ পৰা আঁতৰাই ৰাখিবলৈ যত্ন কৰিব লাগে। আন দেশত বা আন ঠাইত হেজাৰ হেজাৰ কৰ’না আক্ৰান্তৰ তুলনাত যদিহে কোনো ঠাইত আক্ৰান্তৰ সংখ্যা নগন্য আৰু গৃহ-আবদ্ধৰ সংখ্যাও কম, তেন্তে এনে অৱস্থাতেই উচ্চশিক্ষা আৱাসিক প্ৰতিষ্ঠানসমূহ দখল নকৰিবলৈ চেষ্টা কৰা উচিত। একোটা অনুষ্ঠান মহৎ কৰে তাৰ পৰিৱেশে। বাহিৰা মানুহে পৰিৱেশত কেনেদৰে বৃহৎ টোকৰ দিয়ে দুটা তেনেই সামান্য উদাহৰণ দিছোঁ—
প্ৰতিষ্ঠানৰ ভিতৰৰ দোকান-পোহাৰবোৰলৈ যেতিয়া নতুন কৰ্মী আহে, প্ৰায় দুমাহমানলৈ তেওঁলোকৰ কটূ মাত-কথাবোৰ স্পষ্টকৈ গম পোৱা যায়। দুমাহমানৰ পাছতহে তেওঁলোকো বাকীবোৰৰ লগত মিলি যায়, আচৰণত ভদ্ৰতা প্ৰকাশ পায়, মাত-কথা শুৱলা হয়। দেখাত তেনেই সাধাৰণ কথা — চবতে দোকান-বজাৰ আছে, আৰু প্ৰতিষ্ঠানৰ চৌহদতো আছে। কিন্তু চৌহদৰ দোকানী বা বেপাৰীসকলো পৰিৱেশটোৰ সৈতে অন্তৰ্ভুক্ত হৈ পৰে। নতুন এজন মাথোঁ লগুৱা দোকান এখনলৈ আহিলেই পৰিৱেশটোত টোকৰ পৰে। যিটো স্পষ্টকৈ ধৰিব পাৰি। পূৰ্বতে এনেকুৱা বহুকেইটা উদাহৰণৰ মুখামুখি হৈছোঁ। আনকি চৌহদৰ গাৰ্ডকেইজনৰ আচৰণো সুকীয়া, বাহিৰৰ গুৱাল সদৃশ বহু গাৰ্ডৰ দৰে নহয়। গতিকে বাহিৰৰ কৰ্মীৰ সঘন আহ-যাহে ভিতৰত কেনে প্ৰভাৱ পেলায় সেয়া সুক্ষ্মভাৱে চবেই বুজি নাপায়। বুজিবলৈ চেষ্টা কৰা উচিত।
কেতিয়াবা কিবা এটা অনুষ্ঠান পাতিলে বাহিৰৰ পৰা সৰু-সুৰা প্ৰতিষ্ঠানৰ যিবোৰ ছাত্ৰ-ছাত্ৰী অংশ ল’বলৈ আহে, তেওঁলোকৰ বহুতেও সেইটো নিজৰ অনুষ্ঠান বুলি ভাবিব নোৱাৰে। তেওঁলোকৰ কিছুমান আচৰণ ভিতৰৰ ছাত্ৰ-ছাত্ৰী বা কৰ্মীসকলৰ দৰে নহয়। কিন্তু এটা উচ্চশিক্ষা প্ৰতিষ্ঠানৰ পৰা ওলাই যোৱা ছাত্ৰ-ছাত্ৰীয়ে আন কোনো ঠাইতে তেনে আচৰণবোৰ নকৰে। গতিকে শিক্ষাৰ লগত জড়িত নোহোৱা মানুহ কিছুমানে কিমানদূৰ সেইবোৰ কথা বুজিব সেয়া চিন্তনীয়।
সেয়েহে একেবাৰে চূড়ান্ত অৱস্থাতহে এনে প্ৰতিষ্ঠানবোৰ ব্যৱহাৰ কৰা উচিত।
(৫৬)
চীনা সামগ্ৰী বৰ্জন কৰাটো সম্ভৱ নহয়। কাৰণ চীনা সামগ্ৰী মানুহৰ মগজুতো সোমাই পৰিব আৰু সেই মানুহ নিজে এটি চীনা সামগ্ৰী হ’বলৈ বাধ্য হৈ পৰিব। বহু ক্ষেত্ৰত হৈ পৰিছেই। এই কথাখিনিও লিখি আছোঁ এটা চীনা এপত। এনে কেইবাটাও এপ ব্যৱহাৰ কৰি চাইছিলোঁ। কিন্তু এইটো এপকেই বাকী গোটেইবোৰতকৈ সুবিধাজনক আৰু আৰামদায়ক পাওঁ। ইয়াত docx, doc, txt আটাইকেইটা ধৰণে save কৰিব পাৰি, আখৰৰ চাইজ বিভিন্ন ধৰণে সলনি কৰিব পাৰি, pdf লৈ ৰূপান্তৰ কৰিব পাৰি, নিজে নিজে অনলাইন সাঁচি ৰখাটোও কৰিব পাৰি, আৰু বহুতো সুবিধা। ইয়াতে লিখিয়েই pdf কৰি কাকতলৈয়ো পঠিয়াও, কম্পিউটাৰতকৈ আৰামহে পাওঁ। এপটো হ’ল WPS Office; লেখক-সাংবাদিকসকলে এইটো ব্যৱহাৰ কৰি ভাল পাব পাৰে। এতিয়া, এই এপটো বৰ্জন কৰিব পাৰিম যদিহে এনেধৰণৰ ভাল লগা এপ আন এটা ওলায়, বা ইয়াতকৈয়ো ভাল এপ থাকে। এনে থলুৱা এপ সজাটো সম্ভৱ নে? এতিয়া পৰ্যন্ত আমাৰ দেশত সম্ভৱ নহয়। এইধৰণৰ কথাবোৰৰ সম্পৰ্কে একবিংশ শতিকাৰ পূৰ্বৰে পৰা চৰ্চা হৈ আহিছে। যদি সম্ভৱ হয়ো, তেন্তে তাৰ ধাৰণাবোৰ ক’ৰ পৰা আহিব? উদ্ভাৱনী কৌশলবোৰ কোনে দিব? ওপৰত সামগ্ৰী বুলি উল্লেখ কৰা কথাখিনিত এইখিনি সামগ্ৰীৰ কথাই কোৱা হৈছে। চিন্তাজগতৰ এই সামগ্ৰীখিনিৰ দ্বাৰাহে হাতেৰে চুব পৰা সামগ্ৰীবোৰ ওলায়। চীনাসকল সেই দিশটোত অধিক আগুৱাই গৈছে। ইয়াৰ এটা দিশৰ কিছু তথ্য:
২০১৬ চনত Scopus databaseত সন্নিবিষ্ট লেখাৰ ১৮.৬ শতাংশ চীনে দখল কৰিছে। ই আমেৰিকাক অতিক্ৰম কৰি গৈছে, মানে চব দেশতকৈ বেছি। সংখ্যা হিচাপত ৪,২৬,১৬৫। ভাৰতৰ হ’ল ইয়াৰ চাৰিভাগৰ এক অংশ।
চীনা মুঠ লেখাসমূহৰ অভিযান্ত্ৰিকী বিষয়ৰ লেখা হ’ল ২৮.৯ শতাংশ। আৰু ভাৰতৰ হ’ল ২৪.২ শতাংশ। অৰ্থাৎ, মোটামুটি হিচাপত ক’বলৈ গ’লে— ভাৰতৰ পৰা যদি অভিযান্ত্ৰিকী বিষয়ত মুঠতে ২৪ টা লেখা ওলাইছিল, তেন্তে চীনৰ পৰা ওলাইছিল ১১৬ টা। কম্পিউটাৰ বিজ্ঞান, সমাজ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, চিকিৎসা বিজ্ঞান আদি আন সকলো বিষয়তে চীনাসকল এনেদৰেই আগবঢ়া।
যদিহে এইটোৱেই হৈ গৈ থাকে, তেন্তে নতুন কিবা এটা সৃষ্টি কৰিবলৈ হ’লে, তাত কেনেবাকৈ হ’লেও চীনা মানুহৰ ধাৰণা সোমাই থাকিবই। যিকোনো এটা নতুন বৃহৎ উৎপাদনতে কোনোবা এজন হ’লেও চীনা মানুহৰ মগজু জড়িত হৈ থাকিব, অনথ্যা সৃষ্টি কৰাটো সম্ভৱ নহয়। গতিকে, চীনা সামগ্ৰী বৰ্জন কৰিবলৈ হ’লে innovative চিন্তাত গভীৰভাৱে মনোনিৱেশ কৰিব লাগিব, তাৰ বাবে দেশে পৰিৱেশ গঢ়িব লাগিব, উচ্চশিক্ষা প্ৰতিষ্ঠানৰ নিম্নমানৰ কামবোৰ সমুলি বৰ্জন কৰিব লাগিব, অন্বেষণৰ বাবে ৰাজনীতিকসকলে সদিচ্ছাৰে অনুষ্ঠান গঢ়িব লাগিব, সামাজিক distractionবোৰ দূৰ হ’ব লাগিব।
(৫৭)
প্ৰথম বিভাগত মেট্ৰিক উত্তীৰ্ণ হোৱাটো এতিয়াও ইমান সহজ কথা নহয়। এইবাৰ গোটেই অসমত মাথোঁ ১৪ শতাংশইহে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।
শিৱসাগৰ জিলাত এইবাৰ উত্তীৰ্ণৰ হাৰ আটাইতকৈ বেছি। কিন্তু তাতো প্ৰথম বিভাগ পাইছে ২৬ শতাংশইহে। জিলা ভিত্তিক উত্তীৰ্ণৰ হাৰত দ্বিতীয়ত আছে নলবাৰী জিলা আৰু তাত প্ৰথম বিভাগ পাইছে ২৩ শতাংশই। লখিমপুৰ জিলাত প্ৰথম বিভাগ পাইছে ১৩ শতাংশই। আন কিছুমান জিলাত প্ৰথম বিভাগ পোৱাৰ হাৰ আৰু কম।
সেয়েহে প্ৰথম বিভাগ পোৱা, ষ্টাৰ পোৱা, লেটাৰ পোৱা, ষ্টেণ্ড কৰা আদি ছাত্ৰ-ছাত্ৰীসকল নিঃসন্দেহে অভিনন্দনৰ পাত্ৰ। কিন্তু বাকীসকলো উপেক্ষণীয় নহয়। কেতিয়াবা চমকপদ ফলাফল লাভ নকৰা ছাত্ৰ-ছাত্ৰীয়েও অসাধাৰণ কাম কৰিব পাৰে। মেট্ৰিকত দ্বিতীয় বিভাগ পোৱা বুদ্ধ ডেকা বৰুৱাই বৰ্তমান কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পোষ্ট-ডক্টৰেট কৰি আছে। এইখন হ’ল বিশ্বশ্ৰেষ্ঠ তিনিখন শিক্ষা-প্ৰতিষ্ঠানৰ এখন। তেওঁ গণিতত লেটাৰ-মাৰ্ক লৈ দ্বিতীয় বিভাগ পাইছিল। তাৰ পাছত তেওঁ বিজ্ঞান শাখাত নাম লগোৱা কথাটো ওচৰ-চুবুৰীয়াই ভাল দৰে গ্ৰহণ কৰা নাছিল। কাৰণ প্ৰথম বিভাগত উত্তীৰ্ণ হ’লেহে বিজ্ঞান শাখাত নাম লগোৱা উচিত বুলি এটা ধাৰণা আছিল তেওঁলোকৰ মনত। কিন্তু হায়াৰ ছেকেণ্ডাৰীত তেওঁ ষ্টাৰ পালে আৰু দুটা বিষয়ত লেটাৰ পালে। আৰু ইঞ্জিনিয়াৰিঙত ছীট পোৱাৰ পাছতো তেওঁ পদাৰ্থবিজ্ঞানতহে মেজৰ ল’লে। তেওঁ গৱেষণা আৰম্ভ কৰে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc)ত। ভাৰতত অৱস্থিত বিশ্বমানৰ দহখন প্ৰতিষ্ঠানৰ অন্যতম হ’ল IISc, আৰু ইয়াত প্ৰতি পাঁছ বছৰতো মুঠতে দহজন অসমীয়াই নামভৰ্তি কৰিবলৈ সক্ষম হয় নে নহয় ক’ব নোৱাৰি।
বিষয়বোৰ বাচি লওঁতে ছাত্ৰ-ছাত্ৰীয়ে খুৱ সুক্ষ্মভাৱে নিজৰ অন্তৰৰ প্ৰতি দৃষ্টি দি ল’ব লাগে, যাতে নিজৰ ৰাপটো ক’ত আছে তেওঁলোকে বুজি পায়। আৰু বাহিৰৰ জগতখন জানিবলৈ জ্ঞানী লোকৰ সহায় ল’ব লাগে। উদাহৰণস্বৰূপে, মেট্ৰিক পাছ কৰাৰ পাছত বিজ্ঞান শাখা মানে প্ৰায়ভাগে ভাবি লয় যে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, জীৱবিজ্ঞান আৰু গণিত। কিন্তু আন বিষয়ো আছে, যিটো লোৱা হ’লেহে তেওঁলোকে আগলৈ অধিক ভাল কাম কৰিব পাৰিলেহেঁতেন, কিন্তু সময়ত গম নাপালে। আজিকালি এইবোৰ কথা ইণ্টাৰনেটত চাই লোৱাটো সহজ। কিন্তু কিছুমান কথা তেনেকৈ চাই লৈয়ো বুজিব নোৱাৰি। ধৰক এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে একেটা বিষয়তে কটনতো ছীট পাইছে, গুৱাহাটী বিশ্ববিদ্যালয়তো পাইছে, তেজপুৰতো পাইছে। এতিয়া তেওঁ কোনখনলৈ যাব? এনেকুৱা প্ৰশ্নৰ উত্তৰটো জটিল। কাৰণ, এই ক্ষেত্ৰত উত্তৰটো প্ৰতিটো ক’ৰ্চ, প্ৰতিটো বিষয় আৰু প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে বেলেগ বেলেগ হ’ব পাৰে। এনেকুৱা ক্ষেত্ৰত xomidhan.org ৰ পৰা পৰামৰ্শ বিচাৰিব পাৰি। ইয়াত শতাধিক ব্যক্তি জড়িত হৈ আছে, প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ ব্যক্তি আছে, আৰু প্ৰত্যেকেই অত্যন্ত কৃতিত্বৰ অধিকাৰী, লগতে তেওঁলোকে বিষয়বোৰ নিৰীক্ষণ কৰি থাকে।
ছাত্ৰ-ছাত্ৰীক নগুৰ-নাগতি নকৰিবৰ বাবে আমাৰ পাঠ্যক্ৰমবোৰো উন্নত হ’ব লাগে। এইবাৰ উচ্চ-গণিতত ৮০০ জনে সৰ্বোচ্ছ নম্বৰ পাইছে। সৰ্বোচ্ছ নম্বৰটো হ’ল ১০০ ভিতৰত ১০০। বিষয়টো কিবা গাজা কৰি পেলোৱা নাইনে? আন ঐচ্ছিক বিষয়বোৰত তিনি-চাৰিজনে সৰ্বোচ্ছ নম্বৰ পাইছে, আৰু তেওঁলোকৰ নম্বৰটো কম। উচ্চ-গণিতত বহুত নম্বৰ লৈ কিছুমানে নভবা-নিচিন্তাকৈ বিজ্ঞান শাখালৈ গুচি যায় আৰু জীৱন দুৰ্বিসহ হৈ পৰে। গণিততে তেওঁলোক জুৰুলা হৈ পৰে, বাকী বিষয়বোৰো নিজৰ বিষয় যেন ভাবিব নোৱাৰে। তেওঁলোক প্ৰকৃততে আন বিষয়তহে পাৰ্গত হ’ব পাৰিলেহেঁতেন বা প্ৰসিদ্ধিও লাভ কৰিলেহেঁতেন।
কিন্তু তেনেকুৱা হ’লেও হতাশ হ’ব নালাগে। দৰকাৰ হ’লে বিষয় সলনি কৰিব লাগে। আমাৰ ইয়াত এই সুবিধা কম, তথাপি নোহোৱা নহয়। সকলোৰে শেষত আহে দূৰৱৰ্তী লক্ষ্যৰ কথাহে। মাজত বহুতো বিচ্যুতি আহিব পাৰে, কৃতকাৰ্য্যতাৰ গ্ৰাফডাল বিবিধ কাৰণত তল-ওপৰ হ’ব পাৰে, কিন্তু দূৰৱৰ্তী লক্ষ্যটো পুনঃ পুনঃ মনত পেলাব লাগে। ক্ষন্তেকীয়া লক্ষ্যবোৰৰ উপৰি দূৰৱৰ্তী কঠিন লক্ষ্য একোটা মনত গঢ়িব লাগে। এইটো লক্ষ্যই মানুহ এজনক অনন্য কৰি তোলে।
(৫৮)
Nature Index ৰ ২০২০ ৰ তালিকা অনুসৰি অসমত অৱস্থিত প্ৰতিষ্ঠানসমূহৰ স্থান সমগ্ৰ ভাৰতৰ ভিতৰত এনেধৰণৰ:
আইআইটি গুৱাহাটী (৯ নম্বৰ স্থানত)
তেজপুৰ বিশ্ববিদ্যালয় (৩১ নম্বৰ স্থানত)
গুৱাহাটী বিশ্ববিদ্যালয় (৫০ নম্বৰ স্থানত)
বি বৰুৱা মহাবিদ্যালয় (১২০ নম্বৰ স্থানত)
অসম বিশ্ববিদ্যালয় (১৩৬ নম্বৰ স্থানত)
অসম ডনব’স্ক’ বিশ্ববিদ্যালয় (১৪৩ নম্বৰ স্থানত)
ডিব্রুগড় বিশ্ববিদ্যালয় (১৫১ নম্বৰ স্থানত)
কটন বিশ্ববিদ্যালয় (১৬৯ নম্বৰ স্থানত)
ড॰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান (Dr. B. Borooah Cancer Institute) (১৭৪ নম্বৰ স্থানত)
অসম চিকিৎসা মহাবিদ্যালয় (২১৩ নম্বৰ স্থানত)
এয়া ২০১৯ চনৰ ভিত্তিত। একদম শেহতীয়া তালিকাত আইআইটি গুৱাহাটী আৰু তেজপুৰ বিশ্ববিদ্যালয় এটা এটা স্থান ওপৰলৈ গৈছে। বাকীসমূহ কিছু তলত আছে।
অসমৰ আন কোনো প্ৰতিষ্ঠান চকুত পৰা নাই।
অতি পৰিচিত দিল্লী বিশ্ববিদ্যালয় আছে ১৮ নম্বৰ স্থানত, জেএনইউ আছে ৪৩ নম্বৰ স্থানত। IISc আৰু TIFR আছে ক্ৰমে ২ আৰু ৩ নম্বৰত।
১০০ তকৈ তলৰ স্থানসমূহত একেটা স্থানতে দেশৰ আন কেইবাটাও প্ৰতিষ্ঠান আছে। অসমৰ পৰা এনে স্থানসমূহ দখল কৰা প্ৰতিষ্ঠানসমূহত এটা এটা কাম হৈছে, আৰু সেই কামত প্ৰধানকৈ দেশৰ আন স্থানৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠান বা দেশৰ বাহিৰৰ প্ৰতিষ্ঠান জড়িত হৈ আছে।
এই তালিকা প্ৰস্তুত হয় Life sciences, Earth & environmental sciences, ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ শ্ৰেষ্ঠ কামসমূহৰ ভিত্তিত। আন বিভাগবোৰৰ লগত ইয়াৰ সম্পৰ্ক নাই।
গোটেই বিশ্বৰ ভিত্তিত আইআইটি গুৱাহাটী স্থান ৪১৭ নম্বৰত। TIFR ২৬০ নম্বৰত, IISc ১৮৪ নম্বৰত।
দেশ হিচাপে আমেৰিকা, চীন আৰু জাৰ্মানী আছে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত। ভাৰত ১২ নম্বৰ স্থানত। কিন্তু দেশৰ মুঠ জনসংখ্যাৰ অনুপাতত বিবেচনা কৰিলে ভাৰতৰ স্থান অতি নিম্ন হ’ব।
(৫৯)
সামাজিক বা মানৱীয় আচৰণ কিছুমানৰ বিষয়ে আগতে দুই-এটা কিবা লিখিছিলোঁ। কিন্তু যোৱা দুবছৰ একো লিখা নাই। তাৰ এটা নিৰ্দিষ্ট কাৰণ আছে। এই দুই বিষয়ত কিবা এটা দীঘলকৈ কৰি থকা হৈছে বাবে বিষয়বোৰত এনেকৈ হাত তিওৱা নহয়। কিন্তু কথা কেইটামানে বেছিকৈ খুন্দিয়াই আছে।
ক) এখন বিশ্ববিদ্যালয়ত উপাচাৰ্যজনে দুৰ্নীতি কৰিছে বুলি সংবাদ মধ্যমত ওলাইছে। আৰু সংবাদ মাধ্যমৰ মতে যিবোৰ কথা ওলাইছে, একদম ঘৃণনীয় কথা। সাংসদ-বিধায়কৰ পৰা কাম কৰিবলৈ বুলি দুটকামান সৰকাই লিংলাং ভাউচাৰ বনাই টকা মৰাটোকে ব্ৰত বা ধৰ্ম বুলি গ্ৰহণ কৰা পিলিঙা নেতাকেইটাৰ দৰে কাম কৰিছে উপাচাৰ্যজনে, আৰু সংবাদ মাধ্যমৰে মতে তেওঁ বোলে ছাত্ৰ-ছাত্ৰীৰ এডমিছনৰ বাবে দি লোৱা তম্বুটোৰ নামতো টকা বঢ়াই লৈ জেপত ভৰাইছে।
এতিয়া সংবাদ ওলোৱাৰ পিছত বিশ্ববিদ্যালয়ৰ শিক্ষক-গোট, ছাত্ৰ-গোট, এনেদৰে বহুতে প্ৰতিবাদ কৰি থুপ খাইছে।
এইখিনিলৈকে সকলো চবেই সাধাৰণতে বুজা কথা। ইয়াৰ পাছত ব্যৱস্থা কি হয় হৈ থাকিব আৰু। কিন্তু এইসমূহৰ পাছতে বা মাজতে অহা আন এটা কথাও গুৰুত্বপূৰ্ণ। কোনোবাই দুৰ্নীতি কৰিছে, লিংলাং কৰিছে, আৰু আন কোনোবাই প্ৰতিবাদ কৰি দ’ম হৈছে। লগে লগে মানুহৰ দৃষ্টিত প্ৰতিবাদকাৰীৰ সকলো নায়ক হৈ পৰে। কিন্তু সেইটো সদায় শুদ্ধ নহ’বও পাৰে। দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দ’মৰ মাজতে ভয়ংকৰ দুৰ্নীতিগ্ৰস্ত সৃষ্টিৰ বীজ সোমাই থাকিবও পাৰে। বা তেনে বহুলোকে কৰি থকা অধিক দুৰ্নীতিক এই সুযোগতে মান্যতাও দিব পাৰে। এইটোও লক্ষ্য কৰা দৰকাৰ।
বেলেগ দেশৰ সাধু কথা বুলি পঢ়িব। এবাৰ এজন উপাচাৰ্যৰ গেটত এটা বৃহৎ দ’ম ধাৰাৱাহিকভাৱে বহি লৈছিল। গোটেই হুলস্থূল সৃষ্টি হৈছিল। এসময়ত সাধাৰণ সকলো ৰূমে ৰূমে ঘৰে ঘৰে গমন কৰিলে। কিন্তু তাৰে মাজৰ তীব্ৰ সক্ৰিয় কেইটামান পিছলৈ ওলাল দুৰ্নীতিৰ সদাগৰ। সেই প্ৰতিবাদতে শিক্ষকৰ লগত একে ঢাৰিত বহি নেতা হোৱা দুটামান ছাত্ৰই পিছত শিক্ষককেইজনৰ পৰা আগতীয়াকৈ প্ৰশ্নকাকতত লৈ কিছুমান যোগ্যতা নিৰূপণ পৰীক্ষাত উত্তীৰ্ণ হ’ল। প্ৰতিবাদ থলিৰ সুযোগতে মন্ত্ৰী-বিষয়াৰ লগত সোঁহাত-বাওঁহাত হৈ কোনোবা প্ৰশাসনিক বিষয়া হৈ পিছত ধৰা পৰি এতিয়া হয়তো জেইলতো আছে।
প্ৰতিবাদ থলিবোৰে এনে বহু বীজৰো ৰোপণ কৰে। এইটোও এটা দিশ।
খ) দুৰ্দশাগ্ৰস্ত, অংগক্ষত, বিকল অংগ, দুৰ্ঘটনাগ্ৰস্ত মানুহৰ কাহিনী শুনিলে আমাৰ দুখ লাগে। আৰু লগে লগেই আমি সাধাৰণতে তেওঁলোকক সৎ বুলি গণ্য কৰি পেলাও। তেওঁলোকে কৰা যুঁজখনৰ বাবে আমি গণ্য কৰোঁ যে তেওঁলোক সৎ। কিন্তু সদায় সেইটো নহ’বও পাৰে। দুৰ্দশা, কষ্ট, যুঁজ আৰু সততা — এই আটাইকেইটা বেলেগ বেলেগ বস্তু। এইসমূহ সদায় একেলগ নহ’বও পাৰে।
মই জীৱনত প্ৰথম ঠগনটো খাইছিলোঁ এজন বিকলাংগ মানুহৰ পৰা। এখন বজাৰত এজন মানুহে বিভিন্ন গছপুলি বিক্ৰী কৰি আছিল। মানুহজন কিছু দিশে অলপ অক্ষম, তেওঁ কষ্ট কৰিছিল। তেওঁৰ চকুৰো অলপ সমস্যা আছিল। তেওঁ পিন্ধা চচমা যোৰৰ গ্লাছ দুখনৰ বাবেও তেওঁৰ চকু দুটা আনে দেখোতে বেলেগ আকৃতিৰ দেখা গৈছিল। সেই সময়ত আমাৰ ঘৰত চেগুণ ৰোৱা হৈছিল। মই গছপুলি কিনিম বুলি বজাৰলৈ সমুলি যোৱা নাছিলোঁ, কিন্তু মানুহজনক দেখি ভাবিলো যে কেইজোপামান চেগুণ আৰু ৰুব পৰা যাব; গতিকে এওঁৰ পৰা লৈ গ’লে এওঁ দুপইছা পাব। চেগুণৰ পাত বহুত ডাঙৰ, তাৰ কোঁহবোৰেই সুকীয়া, খহতা, আৰু ৰুবৰ বাবে তাৰ শিপা টুকুৰাকৈ বিক্ৰী কৰা হয় ছয় ইঞ্চিমাম দীঘলকৈ। তেনেকুৱা মুঠা দেখা নাপাই মই তেওঁক সুধিলোঁ, চেগুণ আছে নেকি? তেওঁ মোক নানা কথাৰে ফুচুলাই বেলেগ এবিধ পুলি চেগুণ বুলি দিবলৈ চেষ্টা কৰিলে। শেষত মই একো নোলোৱাকৈ গুচি আহিব লগা হ’ল। তেতিয়া সৰু আছিলোঁ, আৰু সেই কথাটোৱে মোক বহুত চক খুৱাইছিল।
এবছৰমান আগতে এজন বিশেষভাৱে সক্ষম মানুহে ধৰ্ষণ কাণ্ড কৰা বুলিও বাতৰি ওলাইছিল।
গ) যেতিয়া এজন লেখকে খুৱ অনুভূতি-প্ৰৱণ কথা লিখে, বহুত মিঠা মিঠা অনুভৱ, মিঠা মিঠা সম্পৰ্ক, গভীৰ অনুভূতিৰ সমাহাৰ… — এনেকুৱা লেখকসকলক লগে লগে মানুহে অন্তৰৰ মিঠা মৰমৰ মানুহ বুলি আকোৱালি লয় মনত ভিতৰত। কিন্তু এইটো সদায় সঁচা নহ’বও পাৰে। আৰু সঁচা বুলি ধৰি বহুতে সৰ্বস্ব হেৰুৱাবও পাৰে বা এসময়ত বেয়াকৈ আঘাত পাবও পাৰে। তেওঁলোকে যিহেতু গভীৰ অনুভূতিবোৰ, ভাল ভাল অনুভৱবোৰ জানে, আৰু সেইবোৰ আনৰ মনত লগাকৈ লিখি আনক মুগ্ধ কৰিব পাৰে; গতিকে তেওঁলোক ভাল বুলি আমি সাধাৰণতে ভাবি লওঁ। তাৰ বিপৰীতে আমি ভাবি নাচাওঁ যে — তেওঁলোকে যিহেতু গভীৰ অনুভূতিবোৰ আনতকৈ বহু বেছি জানে আৰু ভাল লগা কথাবোৰ লিখা বা উপস্থাপনৰ ক্ষেত্ৰত আনতকৈ বহু গুণী মানুহ তেওঁলোক, গতিকে তেওঁলোকে বেয়া অনুভূতিবোৰো আনতকৈ বহু বেছিকৈ আয়ত্ব কৰিব পাৰে, তেওঁলোকে আনক বেছিকৈ মুগ্ধ কৰিব পৰাৰ দৰে তেওঁলোকেই চবতকৈ বেছিকৈ আনক প্ৰৰোচিত কৰিবও জানে। ফলত বহু সময়ত কি হয়, তেনেকুৱা একোজনক বহুতে ভাল মানুহ বুলি সৰ্বস্ব দি দিয়ে, পটকৈ আপোন কৰিও পেলায়, বা বহুতে তীব্ৰ অনুৰাগী হৈ ৰয়; আৰু এদিন হজম হৈ শেষ হৈ যায়। আনে কথাটো ক’লে তেওঁলোকে প্ৰথমে মানিবও নোৱাৰে; কিন্তু পিছত যেতিয়া নিজে বুজি পায় তেতিয়ালৈ কিন্তু লেখকজনৰ আন তেনে বহু অনুৰাগীও গঢ়ি উঠে একেদৰে। গতিকে লেখকজনৰ একো হানি নহয়। আৰু এনেদৰেই এটা এটা দুষ্কৃতিকাৰীও সমাজত বৰ্তী থাকে। আকাশী পথেৰে এভাৰেষ্টত নামি তেওঁলোকে পদব্ৰজে এভাৰেষ্টত উপনীত হোৱাৰ দৰে কৰিবও পাৰে।
ঘ) কেপ কেপকৈ চিঞৰটো শুনিলে আমি আগতে সাপে মতা বুলি ভাবিছিলোঁ। কিন্তু বিজ্ঞানে আৱিষ্কাৰ কৰিলে যে সাপে তেনেকৈ নামাতে। সেইটো সাপৰ মুখত তীব্ৰ চেপা খোৱা ভেকুলীৰ চিঞৰহে। কেতিয়াবা পছাৰে মাছ মাৰোতে পছাডাল মাছত নালাগি যদি ভেকুলীত লাগে, তেতিয়াও ভেকুলীটোৱে একেই কেপ কেপকৈ চিঞৰে। সৰু চুক ভেকুলীৰ গাত ভুলতে পচণ্ড গচক পৰিলে বা কিহবাত সি সাংঘাটিক চেপা খালেও একেই কেপ কেপকৈ চিঞৰে। একদৰেই নিজক দেশপ্ৰেমিক দেশপ্ৰেমিক বুলি চিঞৰ মাৰি থকা মাতটো কোনোবা দেশপ্ৰেমিকৰ গৌৰৱী কণ্ঠ নহ’বও পাৰে, সেইটো মাত কোনোবা চেপা খোৱা ভেকুলীৰ আটাহো হ’ব পাৰে। প্ৰকৃত দেশপ্ৰেমিকজন আন কোনোবা ধীৰ আৰু সুন্দৰৰ সাধকহে হ’ব পাৰে।
(৬০)
বিটিচি নিৰ্বাচনৰ ফলাফলে গোটেই জনতাক এটা গাঁজাৰ সমুখত থিয় কৰাই দিছে। যিয়েই চৰকাৰ গঠন নকৰক কিয়, নিৰ্বাচনটো জনতাৰ বাবে এক ঠগন ধৰণৰ হৈ পৰিছে।
- BPF য়ে সৰ্বাধিক আসন লাভ কৰাৰ পাছতো (আন দলবোৰতকৈ তুলনামূলকভাৱে বহু বেছি আসন লাভ কৰাৰ পাছতো) চৰকাৰ গঠন কৰিবলৈ সক্ষম নহয়।
- যদি BJP আৰু UPPL এ লগ হৈ চৰকাৰ গঠন কৰে, তেতিয়াও জনতাই সঠিক ন্যায় নাপাব। কাৰণ BPF য়ে সৰ্বাধিক আসন লাভ কৰি থৈছে।
- যদি BJP আৰু BPF এ লগ হৈ চৰকাৰ গঠন কৰে, তেতিয়াও জনতাই সঠিক ন্যায় নাপাব। কাৰণ BJP আৰু BPF দুয়োটা দলে নিৰ্বাচনী প্ৰচাৰত পৰস্পৰৰ প্ৰতি অতি গুৰুতৰ অভিযোগ আনিছিল, যিবোৰ তল পৰি যাব আৰু জনতাক পোনতেই ঠগন দিয়া হ’ব।
- যদি UPPL আৰু BPF এ লগ হৈ চৰকাৰ গঠন কৰে, তেতিয়াও জনতাক এক ঠগন দিয়াই হ’ব। কাৰণ, যদি এতিয়া লগ হ’বই পাৰা তেন্তে অতদিনে এনেই বিৰোধ কৰি ৰাইজৰ পৃথক পৃথক ভোট আদাই কৰিলানো কিয়!
- যদি এই আটাইকেইটাই লগ হৈ চৰকাৰ কৰে, তেন্তে বিৰোধী বুলিবলৈ কোনো নাথাকিব (বা বিৰোধীত জনতাৰ পক্ষে শক্তিবান কোনো এজনো নাথাকিব), ফলত গণতন্ত্ৰৰ নামত একোৱেই নহ’ব, ৰাইজে মুখ মেলি ৰ’ব লাগিব।
এই গোটেই সমস্যাটো হৈছে ভোটিং পদ্ধতিৰ বাবে। চৰকাৰটো গঠন হ’বই। কিন্তু কোনখন চৰকাৰে ৰাইজৰ অধিক সমৰ্থন প্ৰকৃততে পালেহেঁতেন সেইটো জনাৰ একো উপাই এতিয়া নাই।
যদিহে ৰাইজে ভোট দিওঁতে একাধিক প্ৰাৰ্থীক অনুমোদন জনাব পাৰিলেহেঁতেন, তেন্তে এই সমস্যাটো নহ’লহেঁতেন। এইটো পদ্ধতিক কোৱা হয় এপ্ৰুভেল ভোটিং (Approval voting) পদ্ধতি। ইয়াৰো সমস্যা আছে। কিন্তু ডাঙৰ নিৰ্বাচনবোৰত নহ’লেও, এনেকুৱা সৰু সৰু নিৰ্বাচনবোৰত এইটো কৰি চাব পাৰি। কিন্তু বাস্তৱত কেতিয়াবাকৈ হ’লেও কৰা যায় নে নাযায় নাজানো। এই পদ্ধতিৰ সম্পৰ্কে যুটীয়াভাৱে লিখা এটা প্ৰবন্ধ পাঁচমাহ আগতে “আমাৰ অসম”ত ওলাইছিল। আগ্ৰহীসকলে ইয়াত পঢ়ি চাব পাৰিব:
https://blog.pankajjyoti.com/approval-voting/
Co-Founder: gonitsora.com | as.gonitsora.com
Jyotirmoy Sarma
Posted at 15:01h, 04 Julyধন্যবাদ । লিখনি বোৰ উৎসাহ জনক ।