টোকাবহী (অণু-প্ৰবন্ধ) : ৪১ – ৫০

(৪১)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ-বিজ্ঞান বিভাগৰ নিজৰ কেবিনটোত বহি ড° ভবেন্দ্ৰ নাথ শইকীয়া কামত ব্যস্ত হৈ আছে৷ এজন মানুহ তেওঁৰ কেবিনটোলৈ সোমাই গ’ল৷ মানুহজন বিশ্ববিদ্যালয়ৰে এজন উচ্চ পৰ্যায়ৰ কৰ্মী, পণ্ডিত, আৰু বিশ্ববিদ্যালয়ৰ বাহিৰৰ অসমৰ সামাজিক ক্ষেত্ৰখনত ইতিমধ্যে তেওঁৰো কিছু নাম হৈছে, এজন সন্মানীয় মানুহ৷ ড° ভবেন্দ্ৰ নাথ শইকীয়াইয়ো তেওঁক বহুত ভালকৈয়ে জানে৷ মানুহজনে ড° ভবেন্দ্ৰ নাথ শইকীয়ালৈ নিমন্ত্ৰণী-পত্ৰ এখন আগবঢ়াই দিলে৷ এখন সভালৈ ড° ভবেন্দ্ৰ নাথ শইকীয়াক নিমন্ত্ৰণ জনাবলৈ গৈছিল মানুহজন৷ তেওঁ ড° ভবেন্দ্ৰ নাথ শইকীয়াক সাদৰেৰে নিমন্ত্ৰণ জনালে৷ তেতিয়া ড° ভবেন্দ্ৰ নাথ শইকীয়াই ক’লে – চাওক, মই কিবা অলপ কাম ইতিমধ্যে কৰিছোঁ যাৰ বাবেই আপুনি মোক এনেদৰে নিমন্ত্ৰণ জনাবলৈ আহিছে নহয়জানোঁ, গতিকে মই আৰু অলপ কামকে কৰোঁচোন৷ এনেদৰে কৈ ড° ভবেন্দ্ৰ নাথ শইকীয়া পুনৰ নিজৰ কামত লাগিল৷ মানুহজনে আৰু তেওঁক আমনি নকৰিলে৷ এটা সুখানুভূতি লৈ মানুহজন উভটি গুচি আহিল৷ সেই সময়ৰ পৰা বহু বছৰ ভৱিষ্যতত অতিকে বিখ্যাত হ’বলগীয়া সেই বিৰল ব্যক্তিত্বটিৰ ভৱিষ্যতৰ ৰূপটিয়ে সেই মানুহজনৰ মনত তেতিয়াই এটা অনন্য দাগ কাটি দিলে৷ যদিহে তেতিয়া ড° ভবেন্দ্ৰ নাথ শইকীয়াই সভাই সভাই আদৰ লৈ ফুৰিলহেঁতেন, তেন্তে তেওঁ আচলজন ড° ভবেন্দ্ৰ নাথ শইকীয়া হ’ব নোৱাৰিলেহেঁতেন৷ যিবোৰ সভাত কোনোবা স্থানীয় কলিমন-ৰহিমনেই বিশিষ্ট ব্যক্তি হৈ চলি যায়, তেনে সভাত তেওঁ উপস্থিত থাকিলে তেতিয়াও বহু সন্মান পালেহেঁতেন, কিন্তু তেতিয়া তেওঁ নিজৰ সৰ্বোচ্চখিনি উজাৰি দিব নোৱাৰিলেহেঁতেন, খন্তেকীয়া সুখত তেওঁ হৈ পৰিলহেঁতেন এজন মধ্যমীয়া পৰ্যায়ৰ মানুহ, আজি ড° ভবেন্দ্ৰ নাথ শইকীয়া বুলি ক’লে যিজন মানুহক বুজা যায় সেইখিনি কাৰোৰে মনলৈ নাহিলহেঁতেন, হয়তো আজি তেওঁক জনাৰ প্ৰয়োজনো নহ’লহেঁতেন ইমানকৈ৷

এজন লেখকে লিখিছিল, কল্পনা চাওলাই যেতিয়া মহাকাশ যাত্ৰাৰ বাবে নাছাৰ পৰা নিৰ্বাচিত হৈছিল তেতিয়া তেওঁৰ বাবে অৰ্থহীন হৈ পৰিছিল হেজাৰ-বিজাৰ উৰণ-ডিপ্লমাবোৰ৷ তেওঁ উজাৰি দিছিল নিজত অন্তৰ্নীহিত সৰ্বোচ্চখিনি৷ তেওঁ লক্ষ্য ৰাখিছিল মহাকাশৰ গম্ভীৰতাত বিলীন যাবলৈ, ভূমিৰ হৈ-হাল্লাত হেৰাই যাবলৈ নহয়৷

(৪২)

শিল্পী বুলিলে আচলতে কাক বুজা যায়! ধৰাহওক এজন মানুহে এটা গীত উলিয়াইছে। আবেলি চাৰি বজালৈ তেওঁৰ গীতটো মুঠতে এক লাখ মানুহে শুনিলে নতুবা এহেজাৰজন মানুহে মুঠতে এক লাখ বাৰ শুনিলে। তেন্তে আবেলি চাৰি বাজি এক মিনিট যোৱাৰ পাছৰে পৰা তেওঁ এজন শিল্পী হৈ পৰিব নেকি? নহয়। তেওঁ শিল্পী সমুলি নহ’বও পাৰে। শিল্পী শব্দটোৰ দৰে জননেতা শব্দটোৱেও খেলিমেলি সৃষ্টি কৰে। এবছৰমান আগতে এজন বিধায়কে ঘৰুৱা ছাৰ্ট এটা আৰু লুঙি নে চুৰীয়া এখন পিন্ধি বাহিৰত দুবাৰমান ঘূৰি আছিল সাধাৰণ মানুহ হৈ। তেওঁৰ দলৰ লাংখালিংখি বহুতে ক’বলৈ ধৰিছিল— এওঁহে জননেতা, মহান। কিন্তু জননেতা হোৱাটো ইমান সহজ নে? তেনেকৈ হোৱা হ’লে লেতেৰা ছাৰ্ট-পেণ্ট এযোৰ পিন্ধি লৈ বাহিৰত ঘূৰি ফুৰি চব জননেতা ওলালহেঁতেন। শিল্পী আৰু জননেতাৰ পৰিসৰ তাতোকৈ বহু বিশাল। শিল্পী বুলিলে আচলতে সেইসকলকহে বুজা যায় যিসকলে নিজৰ সুষমাপূৰ্ণ সৃষ্টিৰাজীৰ জৰিয়তে মানুহৰ থাকিবলগীয়া আকাংক্ষাক বা মানুহৰ নিজতে সুপ্ত হৈ ৰোৱা মানৱীয় চেতনাৰাজীক জগাই তুলিব পাৰে, নতুবা জনগণৰ সমস্যা আৰু সমাজৰ অৱস্থাবোৰ নিজৰ সৃষ্টিৰ জৰিয়তে নিজৰ ভাষাৰে প্ৰকাশিত কৰি তুলিব পাৰে। ইয়াৰ বাবেই শিল্পী একোজনে ক্ষমতাশালী মতলবীৰ লগত যুঁজ দিব লগাও হৈ পৰে। সেইবাবেই ক্ষমতাশালীজনক পৰোৱা নকৰি সৃষ্টি কৰিব পৰাজন বা তেনে বক্তব্য দাঙি ধৰিব পৰা সৃষ্টিশীলজনহে শিল্পী হ’ব পাৰে। মন্ত্ৰী-বিধায়কৰ লগত ফটো তুলি হাত আছে বুলি গৌৰৱ কৰাজন, সেইটোতহে কৃতিত্ব দেখাজন বা মন্ত্ৰীৰ আঙুলি ঠাৰত নচাজন শিল্পী নহয়। জান ঐ, দেহা ঐ, তগৰ ফুল ঐ, পিৰিক পিৰিক, চেৰেক চেৰেক, আজ্জৈ, ককালটি ঐ, চকুটি ঐ — এইবোৰ চিঞৰাটো তেনেই সহজ কাম। তাতে যদি সামান্য সুৰ থাকে, গীতৰ বাবে যদি এটা কণ্ঠ থাকে, অলপ নাচ থাকে, লগতে কিছু যত্নও থাকে, তেন্তে এইবোৰ শুনি বৰ ভাল লাগে। কিন্তু এইবোৰৰ পৰা শিল্পী নোলায়। ওলাব, যদিহে সেইসমূহেও এটা সময়, গভীৰ পৰিস্থিতি, জটিলতা, প্ৰকৃতি আদিক প্ৰতিনিধিত্ব কৰে। কিবা অলপ গাই বা অভিনয় কৰি বা আন ধৰণে দুপইছা অৰ্জন কৰি ৰাইজলৈ কিছু সাহায্য আগবঢ়ালেও কোনোবা এজন শিল্পী নহ’ব পাৰে, যদিহে তেওঁৰ ৰাইজৰ সমস্যাৰাজীৰ মূল কেৰোণবোৰ লুকুৱাই ৰখাত শাসকবোৰক আওপকীয়াকৈ সহায় কৰি থাকে।

একেদৰেই সাহিত্যৰ ক্ষেত্ৰতো আহে কথাশিল্পী বোলা ধাৰণাটো। কোনোবাই বহুতো গল্প-উপন্যাস লিখিব পাৰে, কিন্তু তেওঁ কথাশিল্পী নহ’বও পাৰে। ইউটিউৱত এক লাখ বা এক নিযুত দৰ্শন পালেই যেনেকৈ কোনো ভব্যগব্য শিল্পী নহয়; তেনেদৰেই প্ৰান্তিকত চাৰিটা গল্প-কবিতা ওলালেই স্ব-ৰেটিঙৰ দ্বাৰা নিজকে সাংঘাটিক বুলি ভাবমূৰ্তিত ৰাখিলেও কোনোবা এজন গল্পকাৰ-কবি নহয়। আৰু এবিধ আছে— lyricist। Lyricist বুলি ক’লে মনত পৰে কেশৱ মহন্ত, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, বা নতুন যুগৰ ইবছন লাল বৰুৱা ইত্যাদি। গান তিনিটা লিখাৰ পাছত “পিলিচ পিলিচ পিলিচ এবাৰ পিলে কৰি দিব” বুলি ৰামধেনু চেনেলত দুদিন অনুৰোধ আহিলেই lyricist নহ’বও পাৰে।

(৪৩)
ফাঁচিবজাৰৰ পৰা মোবাইলেৰে গ্ৰহাণুৰ ফটো লোৱা হৈছিল নেকি?

অসমৰ মেপখনলৈ চালে এনে লাগে যেন অসমখনৰ আকৃতিটো Y আকৃতি। সেইদৰে গোটেই উত্তৰ-পূৰ্বাঞ্চলখনো Y আকৃতিৰ বুলি অলপ মিলাই ল’ব পাৰি। আমি সকলোৱে জানোঁ যে দেখাত ঠাল এখনৰ দৰে লগা চন্দ্ৰটো গোলাকাৰ। চন্দ্ৰটোক এটা আপেল বুলি ধৰি লৈ আমি সমানে দুফাল কৰি ল’ব পাৰোঁ। তাৰে এফাল আপেল টেবুল এখনত লৈ ঠিয় ঠিয়কৈ কাটি সমানে ৩৬০ টুকুৰা কৰি ৩৬০ জন মানুহক ভগাই দিব পাৰোঁ। তাৰে তিনিটা টুকুৰা যদি আমি অসমখনৰ Y আকৃতিটোৰ তিনিডাল দণ্ডত এটুকুৰাকৈ বহুৱাই দিওঁ, তেন্তে গোটেই অসমখন ঢাক খাই যাব। কিন্তু ধৰক, আমি আপেলফাল ৩৬০ জন মানুহক ভগাই দিব বিচৰা নাই। একেদৰেই ঠিয় ঠিয়কৈ সমানে কাটি কেৱল ১০৭ জন মানুহকহে আপেলফাল ভগাই দিব বিচাৰিছোঁ। তেতিয়া, যদি তাৰে তিনিটা টুকুৰা লৈ উত্তৰ-পূৰ্বাঞ্চলখনৰ Y আকৃতিটোৰ তিনিডাল দণ্ডত এটুকুৰাকৈ বহুৱাই দিওঁ, তেন্তে গোটেই উত্তৰ-পূৰ্বঞ্চলখন ঢাক খাই যাব।

পৃথিৱীৰ আটাইতকৈ ওখ অংশটো হৈছে এভাৰেষ্ট শৃংগ। চন্দ্ৰৰ আটাইতকৈ ওখ অংশটো তাতকৈ প্ৰায় দুই কিলোমিটাৰ ওখ। সেইটো বাৰু বাদ। পৃথিৱীৰ পৰা চন্দ্ৰৰ কেৱল এফালহে সদায় দেখা যায়। এফাল মানে — বিভিন্ন সময় আৰু বিভিন্ন দিশ মিলাই চন্দ্ৰ-পৃষ্ঠৰ মুঠ ৫৯% পৃথিৱীৰ পৰা পোনে পোনে দেখা যায়। চন্দ্ৰৰ এই গোটেই অংশটোত থকা আটাইতকৈ ডাঙৰ পৰ্বতটোৰ ফটোও মোবাইলেৰে তুলিব নোৱাৰি। বিবাহ-বাহৰত ফটোগ্ৰাফী কৰা কেমেৰাৰে কোনো কোনো মুকলি দিনত এভাৰেষ্ট শৃংগটোৰ ফটো তেজপুৰৰ পৰা অতি স্পষ্টকৈ তুলিব পাৰি। কিন্তু চন্দ্ৰৰ কোনো বৃহৎ পৰ্বতৰ তেনেধৰণৰ ফটো আজিলৈকে কোনোবাই দেখা পাইছেনে? কিন্তু পৃথিৱীৰ নিচেই কাষতে থকা আটাইতকৈ ডাঙৰ বস্তুটোৱেই হৈছে চন্দ্ৰ।

মহাকাশখন ইমান বিশাল যে — মহাকাশৰ সম্পৰ্কে পাতি থকা অৱস্থাত “নিচেই কাষ” বুলি কোৱা কথাটোৱে কিমান বিশাল দূৰত্ব এটা বুজায় সেয়া সাধাৰণতে কল্পনা কৰা নাযায়। “পৃথিৱীৰ নিচেই কাষেৰে গ্ৰহাণু এটা পাৰ হৈ যাব” বুলি কওঁতে এনে নালাগেনে বাৰু — আপোনাৰ ঘৰৰ ভাটি পিনে থকা ডেইলি-বজাৰখনেদি বস্তুটো পাৰহৈ যাব। বা ঘৰচিৰিকা এটাৰ দৰে ঘৰৰ মুধেদি পাৰহৈ যাব। নতুবা ঈগল এটাৰ দৰে বা প্লে’ন এখনৰ দৰে গুচি যাব, আৰু জোৰেৰে মাৰি দিয়া টেনিচ বল এটাই গাত চেলচেলনি খাই যোৱাৰ দৰে গ্ৰহাণুটোৱে আমাৰ পাহাৰ এটাত চেলচেলনি খাই পাৰ হৈ গুচি যাব। কিন্তু “পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যোৱা গ্ৰহাণুটো” যিখিনি অংশৰে পাৰ হৈ গ’ল, সেইখিনিলৈ পৃথিৱীৰ পৰা দূৰত্বটো পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ ১৬ গুণ। আৰু সেই গ্ৰহাণুটোৰ আকৃতি চন্দ্ৰৰ পৰ্বত এটাতকৈয়ো বহু সৰু। তেন্তে ফাঁচিবজাৰৰ পৰা মোবাইলেৰে তাৰ ফটো তোলা বুলি ক’লে কল্পনা কৰি ল’ব পাৰি যে — বন্ধ খুলিলে ফাঁচিবজাৰলৈ গ’লে নিজকে নাছা বা ইচ্‌ৰ’ৰ কেম্পাছত বিচৰণ কৰি থকা যেন অনুভৱ কৰিব পৰা যাব। ফাঁচিবজাৰৰ ছাৰ্ট-পেণ্টবোৰ হ’ব স্পেচ-চ্যুট। হাতে হাতে থকা মোবাইলবোৰ একো একোটা দূৰৱীণ। আৰু সিফালে কাণত হে’ডফোন লগাই চেনেলৰ বিভাগীয় সম্পাদকজন পোনে পোনে মহাকাশৰ আন্তঃৰাষ্ট্ৰীয় স্পে’চ ষ্টেচনৰ পৰা কথা কৈ থকা এজন বিজ্ঞানী। কিন্তু এয়া ব্যংগ যেন লাগিলেও এয়াও আমি সঁচা বুলি ধৰি ল’ব পাৰোঁ। মাথোঁ চল্লিছ বছৰৰ পাছত এয়া সঁচা হৈ যাবও পাৰে। এতিয়া কিন্তু সমুলি নহয়, এতিয়া সেইটো প্ৰচাৰ কৰাটো অশান্তিদায়কহে। আজিৰ পৰা চল্লিছ বছৰ অতীতত কেমেৰামেন এজন পোৱাটোৱেই যেনেকৈ জটিল সমস্যা আছিল, তেনেকৈ আজিৰ পৰা চল্লিছ বছৰ ভৱিষ্যতত ফাঁচিবজাৰৰ বেপাৰী বা যিকোনো এজন মানুহে হাতৰ কেমেৰাৰে ইমান দূৰৰ গ্ৰহাণুৰ ফটো লোৱাটোও সম্ভৱ হ’বগৈ পাৰে।

(৪৪)

আন্তঃৰাষ্ট্ৰীয় অতি সন্মানীয় বিদ্যায়তনিক গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠানসমূহ হৈছে—

Springer,
Cambridge University Press,
Oxford University Press,
Taylor & Francis,
Wiley,
Academic Press (Elsevier),
MIT Press
ইত্যাদি।

আনহাতে Lap Lambert আদিৰ দৰে প্ৰতিষ্ঠানসমূহ fraud, সম্পূৰ্ণ fraud। এইবোৰৰ গ্ৰন্থ কোনেও নপঢ়ে, কোনো পুথিভঁৰালত নাৰাখে, কোনো গৱেষণা-পত্ৰত ৰেফাৰেন্স নিদিয়ে যদিহে পত্ৰিকাখনৰ ন্যূনতম মানদণ্ডও থাকে।

গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহত প্ৰকাশ কৰিব পৰা আৰু প্ৰকাশ কৰা অসমীয়াও ভালেসংখ্যক আছে। তেনে এজন স্বনামধন্য অসমীয়া জ্যোতি প্ৰসাদ মেধিৰ গ্ৰন্থ প্ৰকাশ কৰিছিল Academic Press (Elsevier)-এ।

জ্যোতি প্ৰসাদ মেধিৰ দৰে বৰেণ্য বুলি এতিয়া পৰিচিত নহ’লেও, এনেধৰণৰ বিভিন্ন ব্যক্তি অসমৰ শিক্ষা-প্ৰতিষ্ঠানসমূহত আছে যাৰ ভাল ভাল গ্ৰন্থ আছে। সেয়েহে তেওঁলোকৰ সৈতে শাৰী পুৰাবলৈ কিছুসংখ্যক লোকে Lap Lambert ৰ দৰে ভুৱা প্ৰতিষ্ঠানৰ সহায় লয়। কথাটো ঠিক এনেকুৱা— “জ্যোতি প্ৰসাদ মেধিৰ গ্ৰন্থও বিদেশত প্ৰকাশ হৈছিল, কৃষ্ণকান্ত সন্দিকৈৰো বিদেশত প্ৰকাশ হৈছিল। আমাৰো বিদেশী প্ৰতিষ্ঠান Lap Lambert-এ প্ৰকাশ কৰিছে। গতিকে আমি জ্যোতি প্ৰসাদ মেধি বা কৃষ্ণকান্ত সন্দিকৈৰ সমকক্ষ।” এই কাণ্ডবোৰ বিদ্যায়তনিক ডাঙৰসকলে জানে, কিন্তু সাধাৰণ মানুহে নাজানে। নৱাগত বহুতে নাজানিও ইয়াত প্ৰকাশ কৰিবলৈ দিয়ে। আৰু বহুতে “ISBN আছে” বোলা এটা বিদ্যায়তনিক কূটকৌশলৰ বাবে কৰে। কোনোবাই প্ৰমাণ চাব পাৰে, Lap Lambertৰ দৰে প্ৰতিষ্ঠানলৈ যি টি কেইটামান পৃষ্ঠা এসপ্তাহত লিখি পঠিয়াই দিয়ক, কোনো পৰীক্ষণ নাই, দুদিন পিছত আপোনাৰো প্ৰকাশ হৈ যাব। আৰু এই দুদিন যে সময় লাগিল, সেইটোও তেওঁলোকে মেইলটো চাবলৈ পিছুৱাই থোৱা সময়হে। কাৰোবাৰ কিতাপত কিছু ভাল কথাও থাকিব পাৰে; যেনে Lap Lambertত প্ৰকাশিত কিতাপে পূৰ্বতেও অসমৰ বাতৰিৰ শিৰোনাম দখল কৰিছিল, তাৰে এজন ব্যক্তিৰ দহ-পোন্ধৰখন অসমীয়া কিতাপ আছে আৰু তেওঁৰ এটা ভাল গুৰুত্ব আছে। তেওঁৰ দৰে ব্যক্তিয়ে প্ৰথমে নাজানিও Lap Lambertৰ আশ্ৰয় ল’ব পাৰে। এইবোৰ বিশ্বজুৰি প্ৰচাৰ হ’ব বুলি কোৱাটো সত্য নহয়, কোনেও নলয় এইবোৰ।

কথাবোৰ ক’বলৈ জনাসকলৰ বহুতে বেয়া পায়, ঈৰ্ষিত হৈছে বুলি কোনোবাই কৈ দিয়ে বুলি। জানিও নজনা অপতৃণসকলক বুজাই থাকিবলৈ বহুতে অশান্তি পায় মনে মনে থাকে। কথাবোৰ মই দাঠি কোৱাৰ কাৰণ হ’ল, মোৰো এখন Lap Lambertৰ কিতাপ আছে, বহুদিনৰ আগতেই প্ৰকাশ হোৱা, যিখনক কেতিয়াও লিষ্টত নধৰোঁ। নিজৰ চখ আৰু লেখা প্ৰকাশৰ বাবে নিজৰ এটা ৱেবছাইট সজাই ৰাখিছোঁ, তাত কিতাপখনৰ বিষয়ে দি থ’লেও কোনো বিশেষ হানি নহয়, কিন্তু তাতো মই এইখন কিতাপৰ কোনো উল্লেখ ৰখা নাই— pankajjyoti.com

দুজনমান অধ্যাপকে Lap Lambertত উলিওৱা নিজৰ কিতাপক লৈ বহু ফুটনি মাৰিছিল। তেওঁলোকক মই নম্ৰভাৱে কথাখিনি আগতে বুজাই কৈছিলোঁ, আৰু ফলত তেওঁলোকে মোক ফেছবুকত ব্লক কৰি থ’লে।

Foreign বুলিয়েই সংবাদ প্ৰকাশ কৰি উত্তাৱল হ’ব নালাগে। সৌৰভ কুমাৰ চলিহাই তাহানিতে “গোলাম” বুলি এটা গল্প লিখি থৈ গৈছিল। সেইটো পঢ়ি চাব পাৰে। আৰু কিছুমান অযোগ্য কামক উচ্চ স্থান দিবলৈ কৰা প্ৰচাৰবোৰক সকলোৱে বাধা দিয়া উচিত।

(৪৫)

টি এছ ইলিয়টৰ The Waste Land-এ (অজিৎ বৰুৱাই কৰা অনুবাদত ছনমাটি) পৃথিৱীৰ লাখ লাখ মানুহক প্ৰভাৱিত কৰিছে৷ আমি বুজি নোপোৱা সকলকো প্ৰভাৱিত কৰি আছে পৰোক্ষভাৱে৷ কাৰণ ছনমাটিৰ দ্বাৰা প্ৰভাৱিত হৈ অজিৎ বৰুৱা, নৱকান্ত বৰুৱা আদিয়ে অসমীয়া ভাষাক সমৃদ্ধ কৰি গৈছে, আৰু সেই সমৃদ্ধিক অৱলম্বন কৰি আমি জীয়াই আছোঁ৷ ঠিক যেনেকৈ এগৰাকী শ্ৰেষ্ঠ গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ গল্প পঢ়া মানুহ সীমিত, কিন্তু তেওঁ ভাষাটোক প্ৰভাৱিত কৰি ৰাখিছে পৰোক্ষভাৱে৷ সেই The Waste Land সৃষ্টি হৈছিল কেনেকৈ?? ইলিয়টৰ প্ৰথম পত্নী আছিল অসুষ্ঠ, সঘনাই তেওঁ অসুষ্ঠতাত পৰিছিল৷ তেওঁলোক প্ৰেমত পৰি বিয়া হৈছিল, কিন্তু বিশেষ শান্তি নাপাইছিল৷ অৱশেষত, পত্নীগৰাকীয়ে শেষৰ জীৱনটো মানসিক চিকিৎসালয়ত কটাব লগা হৈছিল৷ মৃত্যু পৰ্যন্ত তেওঁ তাতেই থাকি গৈছিল৷ ইলিয়টে কৈছিল যে বিবাহে পত্নীগৰাকীৰ জীৱনলৈ অকণো সুখ নানিলে, আৰু তেওঁৰ মনলৈ আনিলে এনে এক মানসিক অৱস্থা যাৰ জৰিয়তে সৃষ্টি হ’ল The Waste Land.

জন বেনেট ফেন নামৰ মানুহজন ডাঙৰ গৱেষক ৰূপে বিশেষভাৱে পৰিচিত৷ কিন্তু তেওঁৰ প্ৰথমখন গৱেষণা-পত্ৰ প্ৰকাশ পাইছিল ৩২ বছৰ বয়সতহে, আৰু সেয়াও আছিল তেওঁ শিক্ষা জীৱন অন্ত পেলোৱাৰ দহ বছৰমান পাছতহে৷ বিদ্যায়তনিক পদত তেওঁ প্ৰথম নিযুক্ত হৈছিল ৩৫ বছৰ বয়সত৷ আৰু অধ্যাপক ৰূপে এখন বিশ্ববিদ্যালয়ত প্ৰথম নিযুক্ত হৈছিল ৫০ বছৰ বয়সত৷ তাত তেওঁ ২০ বছৰ অধ্যাপনা আৰু গৱেষণা কৰিলে৷ আৰু ৭০ বছৰ বয়সত তেওঁৰ অৱসৰৰ সময় হ’ল৷ তাৰ পাছত বিশ্ববিদ্যালয়খনৰ নিয়ম অনুসৰি তেওঁ পৰীক্ষাগাৰলৈ গৈ থকাৰ সুযোগ পাইছিল যদিও পৰীক্ষাগাৰত তেওঁ লাভ কৰা সুবিধা আৰু সহযোগী সীমিত হৈ পৰিল৷ আচলতে, তেওঁক ৬৭ বছৰ বয়সতেই আধা-আধি অৱসৰ দিয়া যেন হৈছিল৷ কিন্তু যি কাৰণত তেওঁৰ জীৱন কাহিনীৰ বিষয়ে মানুহে পঢ়িব লগা হয়, সেই কামখিনি তেওঁ তেতিয়াও সম্পূৰ্ণ কৰাই নাছিল! ইফালে তেওঁক ইতিমধ্যেই অৱসৰ দিয়া হ’ল, তেওঁ লাভ কৰা সুবিধা নিয়ম মতেই সীমিত কৰা হ’ল৷ তেওঁ আন এখন বিশ্ববিদ্যালয়লৈ গ’ল৷ বয়স ৭০ বছৰ৷ ইয়াৰ পাছৰ কেইবছৰত তে‌ওঁ যিখিনি কাম সম্পন্ন কৰিলে, তাৰ ভিত্তিত ২০০২ চনত ৮৫ বছৰ বয়সত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিলে৷

(৪৬)

কৃষ্ণগহ্বৰে তাৰ কাষেৰে যোৱা সকলো বস্তু শুহি গ্ৰাস কৰি পেলায়৷ তাৰ পৰা আনকি পোহৰো সাৰি যাব নোৱাৰে৷ কৃষ্ণগহ্বৰত সম্পূৰ্ণ আন্ধাৰ৷ ঘোৰ তমসা৷ আন্ধাৰ বস্তু এটাৰ ফটো কেনেকৈ তুলিব? তাৰপিনে যোৱা পোহৰ উভটি আহিবই নোৱাৰে, গতিকে তাৰ ফটো তোলাতো সম্ভৱেই নহয়৷ কিন্তু তাৰ অস্তিত্বটোৰ ফটো তুলিব পৰা যায়, কাৰণ তাৰ চাৰিওপিনে থকা ধূলিকণা আদিৰ লগত পোহৰে সৃষ্টি কৰা পৰিৱেশটোৰ ফটো তুলিব পৰা যায়, আৰু ফলত সেই পৰিৱেশটোৰ মাজতেই সোমাই থকা বৃহৎ আন্ধাৰখিনিৰ গম পোৱা যায়৷
মানুহৰ জীৱনটোও এনেকুৱাই৷ নিজৰ বেয়া গুণবোৰ নিজে পোনপটীয়াকৈ জনাৰ উপায় নাথাকে৷ নিজৰ বেয়া গুণবোৰে নিজৰে ভাল গুণবোৰক গ্ৰাস কৰি পেলাবলৈ অহৰহ চেষ্টা কৰি থাকে, আৰু কেতিয়াবা গোটেই ভালবোৰ সম্পূৰ্ণৰূপে গ্ৰাস কৰি শেষ কৰি দিয়ে৷ তেওঁলোকে বেয়াটো গমেই নাপায়৷ কিন্তু বেয়াটো গম পোৱাৰো উপায় আছে৷ যদিহে মানুহজনে জ্ঞান আৰু সংস্কৃতিৰ পোহৰ পায়, তেন্তে তাৰ পোহৰত তেওঁ নিজৰে বেয়াখিনি অস্তিত্বৰ উমান ল’ব পাৰে৷

(৪৭)

অসমত কম্পিউটাৰৰ তিনিমহীয়া-ছমহীয়া ডিপ্লমা দিয়া প্ৰতিষ্ঠান কিছুমান কেইবছৰমান পূৰ্বে পথাৰত বন গজাৰ দৰে গজি উঠিছিল। তাৰে মালিক কিছুমান আছিল সম্পূৰ্ণ ঠগন দিয়া বেপাৰী। তেওঁলোক শিক্ষাজগতৰ মানুহেই নহয়। ছাত্ৰ-ছাত্ৰীৰ পৰা বহুত টকা লৈ তেওঁলোক তৎক্ষণাৎ মাল্ডাৰ হৈ যায়। গাড়ী-বিল্ডিং চমৎকাৰ হৈ যায়। আৰু প্ৰতিষ্ঠানটোৰ সমুখত যিমানেই গাড়ী-বাইক জমা হয়, সিমানেই মানুহৰ আকৰ্ষণ অধিক হয়। গ্ৰুপ গ্ৰুপকৈ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ ভীৰ হয়। মালিকবোৰে টকাবোৰ ঘটে, কিন্তু শিক্ষকসমূহক দৰমহা দুটকামান দি চলাই দিয়ে। ফলত শিক্ষকসমূহ পটকৈ গুচি যায়। শিক্ষক ঘনে ঘনে সলনি হয় আৰু বেলেগ একো নোপোৱাকেইজনহে তিনিদিনমান থাকে। তাতে ল’ৰা এজনে ছমহীয়া ডিপ্লমা এটা কৰিছিল। প্ৰথম তিনিমাহ এম এছ ৱৰ্ড-পাৱাৰপইণ্টতে গ’ল, বাকী তিনিমাহত আন কিবাকিবিৰ লগতে চি প্ৰগ্ৰেমিং খটম হ’ল তেওঁৰ। ইতিমধ্যে তেওঁলোকৰ শিক্ষক আটাইকেইজনে প্ৰতিষ্ঠান এৰি গুচি গ’ল। ল’ৰাজনৰ লগৰবোৰো অ’লৈ-ত’লৈ গুচি গ’ল। মালিকে জোৰ-জবৰদস্তি কৰি এই ল’ৰাজনকে নতুন শিক্ষক ৰূপে বহুৱাই দিলে। ল’ৰাজনে ভাবি আছিল — কম্পিউটাৰৰ চাৰ্টিফিকেটখন দেখুৱাই কোনোবা এটা অফিচ-কোম্পানীত চাকৰি এটা ল’ব, কিন্তু তেওঁ হৈ পৰিল শিক্ষক। ল’ৰাজন ভদ্ৰ, শান্ত, হয়তো সৎ। প্ৰথম দিনাই ক্লাছবোৰত তেওঁ ক’লে — “মই যেনেতেনে বি এ টো পাছ কৰিলোঁ। জীৱনত শিক্ষক হ’ম বুলি কেতিয়াও সপোনতো ভবা নাছিলোঁ। কম্পিউটাৰৰ চাৰ্টিফিকেট এখন গোটাই কিবা এটা সৰু-সুৰা চাকৰি গোটাম বুলিহে আহিছিলোঁ। এতিয়া চি কি বস্তু নিজেই গম নাপালোঁ, তোমালোকক কি শিকাম? তোমালোক মোতকৈ এশগুণে জনা-বুজা। ইয়াত বহুত মেথ্‌ছ্ ও আছে, মইতো স্কুলত মেথ্‌ছ্ কেতিয়া পাৰ হয় কেতিয়া পাৰ হয় বুলি ভাবি আছিলোঁ। মোক এতিয়া জোৰ-জবৰদস্তি চি প্ৰগ্ৰেমিং শিকাবলৈ দিলে কি কৰিম? এওঁলোকৰ ইয়াত বোলে মাস্তৰ নাই, এতিয়া উপায় নাই বাবে মোক জোৰ কৰি লগাই দিছে। মই কি শিকাম নাজানোঁ, তোমালোকে কিন্তু মোক বেয়া নাপাবা। তোমালোকে মোৰ ক্লাছ নকৰোঁ বুলি ক’লেও বেয়া নাপাওঁ।”

কেইদিনমান তেনেকৈয়ে গ’ল। মাজতে নতুনকৈ কেইজনমান ছাত্ৰ-ছাত্ৰী আহিল। তেওঁলোক সোমালহি আধা ক্লাছত, সেইবাবে শিক্ষকজনে কোৱা কাহিনীটো তেওঁলোকে গম নাপায়। তেওঁলোকো আৰ্ট্‌ছৰ, নতুনকৈ মেথ্‌ছ্ দেখিছে, আগতে মেথ্‌ছ্ টান পাইছিল, তাতে শিক্ষকজন হ’ল তেনেকুৱা। দুদিনমান পাৰ হোৱাৰ পাছতে তেওঁলোকে শিক্ষকজনক দেখিব নোৱৰা হ’ল। ক্লাছতে তেওঁলোকে খঙত ফুচুঙালি কৰা আৰম্ভ কৰিলে। উপায় নাপায় শিক্ষকজনে তেওঁলোকক হাকো দিলে। তেওঁলোকৰ খং বাঢ়ি গ’ল। এদিন তেওঁলোকে এটা পৰিকল্পনা কৰিলে। শিক্ষকজনক ভালকৈ এটা শিক্ষা দিওঁ বুলি ঠিক কৰিলে তেওঁলোকে। শিক্ষা দিব মানে ভালকৈয়ে দিব আৰু! সেই পৰিকল্পনা মতেই তেওঁলোকে আৰম্ভ কৰিলে —

শিক্ষকজনে সেইদিনা ক্লাছত সোমাই চি প্ৰগ্ৰেম এটা বুজাবলৈ আৰম্ভ কৰিছে। তেনেতেই এজনে সুধিলে, “ছাৰ, কথা এটা মই জানিবলৈ বিচাৰি আছোঁ। পাইৰ মান যে সাত ভাগৰ বাইছ বুলি কয়; সেইটো কিয় হ’ল? পাই = ৩.১৪। কিন্তু পাই মানে দহ কিয় নহয়? এশ এক কিয় নহয়? বেলেগো হ’ব পাৰিলেহেঁতেন!”

শিক্ষকজনে ক’লে, “পাই মানে ৩.১৪ হয়েই আৰু। সেইটো কেনেকৈ দহ হ’ব?”

আন এজনে লগে লগে শিক্ষকজনক সুধিলে, “নহয় ছাৰ। পাই মানে যে ৩.১৪ বুলি ধৰি ল’লে, বেলেগ বুলিও ধৰিব পাৰিলেহেঁতেন। ৩.১৪ ক পাই বুলি যে ক’লে, বেলেগো ক’ব পাৰিলেহেঁতেন।”

শিক্ষকজনে ভাবিবলৈ ধৰিলে। “নহয়, ছাৰ কওক। এইটো কথা মোৰ সদায় খেলিমেলি লাগে। কিয় পাই বুলি ক’লে? পাইক ১.৫ বুলি কিয় নধৰিলে?”

“আৰে কি প্ৰশ্ন সোধা হে তোমালোকে!! সেইটো সদায় হয়েই। যেনেকৈ চন্দ্ৰ-সূৰ্য উদয় হোৱাটো সদায় শুদ্ধ, তেনেকৈ পাইটো ৩.১৪ সদায় শুদ্ধ। পাইটো বেলেগ হ’ব নোৱাৰে। পাই সদায় পাইয়েই। সূৰ্যটো চন্দ্ৰ হ’ব নোৱাৰে, তেনেকৈ পাই বেলেগ হ’ব নোৱাৰে।”

“ছাৰ, কিয় নোৱাৰে?”

এনেদৰেই গোটেই ক্লাছ গৰম হৈ উঠিল। শেষত শিক্ষকজনে আকৌ সেই আৰম্ভণিতে কোৱা কথাবোৰ কৈ ক্লাছৰ পৰা বিদায় ল’লে। কিন্তু ছাত্ৰ-ছাত্ৰীকেইজনৰ খং মাৰ নগ’ল। কাৰণ তেওঁলোকে শিকিবলৈ আহিছে, ডিপ্লমাটো ভালকৈ লৈ চাকৰি গোটাম বুলি আশা কৰিছে, আৰু চবতকৈ ডাঙৰ কথাটো হ’ল — চাৰ্টিফিকেটখনৰ বাবে তেওঁলোকে বহুত টকা দিছে। মালিকৰ লোভৰ বাবে শিক্ষকজন মাজতে এনেই হেয় হ’বলগা হ’ল। শিক্ষকজনৰ প্ৰতি ছাত্ৰ-ছাত্ৰীকেইগৰাকীৰ মনত বেয়া ভাৱ ৰৈ গ’ল।

যি কি নহওক। বৃত্ত একোটাৰ আকৃতি যিমানেই ডাঙৰ বা সৰু নহওক কিয়, বৃত্তটোৰ পৰিধি আৰু ব্যাসৰ অনুপাতটো সদায় সমান। এইটো প্ৰথম প্ৰমাণ কৰিছিল আৰ্কিমিডিছে, আজিৰ পৰা ২২০০ বছৰ আগতে৷ যদি সেই নিৰ্দিষ্ট অনুপাতটো w বুলি ধৰি লওঁ, তেন্তে এটা বৃত্তৰ ব্যাস ১ হ’লে বৃত্তটোৰ পৰিধি w হ’ব। অৰ্থাৎ, এটা বৃত্তৰ ব্যাস যদি ১ হয় তেন্তে বৃত্তটোৰ পৰিধিৰ মাপটোৱেই হ’ব সেই নিৰ্দিষ্ট অনুপাতটো বা সংখ্যাটো। গ্ৰীক ভাষাত পৰিধি বুজুৱা শব্দটোৰ প্ৰথম আখৰটো হ’ল π। সেই গ্ৰীক শব্দটো হ’ল περιφέρεια। সেয়েহে, ১৭০৬ চনত উইলিয়াম জ’নছ নামৰ গণিতজ্ঞ এজনে সেই নিৰ্দিষ্ট সংখ্যাটো বুজাবলৈ π আখৰটো ব্যৱহাৰ কৰিছিল। তেতিয়াৰ পৰাই সেই সংখ্যাটো বুজাবলৈ π চিহ্নটো প্ৰচলন হ’বলৈ ধৰিলে। এই পাইটো কেৱল এটা চিহ্নহে। আন চিহ্নবোৰৰ দৰেই এই চিহ্নটোৱো বেলেগ বেলেগ বিষয়ত বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ কৰিব পাৰি বা কৰা হৈছেও। গণিততে এই চিহ্নটো আন এটা ক্ষেত্ৰত বহুলভাবে ব্যৱহৃত হয়। সেইটো হৈছে π(n)। ই n তকৈ সৰু কিমান মৌলিক সংখ্যা আছে সেই কথা বুজায়। যি কি নহওক, যিটো ধ্ৰুৱকৰ কথা কোৱা হৈছে, যাক π ৰে চিহ্নিত কৰা হয়, সেই ধ্ৰুৱকটো এটা অপৰিমেয় সংখ্যা। অৰ্থাৎ তাৰ দশমিকৰ সোঁপিনৰ অংকবোৰ গণনা কৰি শেষ কৰিব নোৱাৰি আৰু সেই গোটেই অংকবোৰৰ এটা নিৰ্দিষ্ট আৰ্হিও বিচাৰি পাব নোৱাৰি। ২২/৭ নতুবা ৩.১৪ সেই ধ্ৰুৱকটোৰ আসন্ন মানহে।

(৪৮)

এটা ডিপাৰ্টমেণ্টৰ এটা নিৰ্দিষ্ট কোঠাত ৫ জনমান ছাত্ৰ-ছাত্ৰী বহে৷ তাৰে দুজনমানে ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা কৰি আছে আৰু আন দুজনমান প্ৰজেক্ট একোটাত জড়িত৷ সেইটো কোঠা তেওঁলোকক দি দিয়া হৈছে৷ দুজনমান যথেষ্ট চোকা, কষ্টও কৰে তেওঁলোকে৷ সেয়েহে তেওঁলোকক শিক্ষকেও ভাল পায়, আগতে ভাল নম্বৰ পাইছে বুলি স্নাতকোত্তৰ শ্ৰেণী বা আন ছাত্ৰ-ছাত্ৰীৰ মাজতো তেওঁলোকৰ নাম আছে৷ কোনোবা কোনোবা জুনিয়ৰ তেওঁলোকৰ কাষলৈ যায়, কিবাকিবি তেওঁলোকক সোধে, তেওঁলোকৰ পৰা শিকেগৈ কিছুমান কথা৷

তেওঁলোক গোটেইকেইজনে এটা নিৰ্দিষ্ট পৰীক্ষা দি থাকে৷ কোনোবা এবাৰ পৰীক্ষাটোত এজন ল’ৰা উত্তীৰ্ণ হৈ গ’ল৷ সেইজন কিন্তু সেই চোকাকেইজন নহয়, বেলেগ এজন ল’ৰাহে উত্তীৰ্ণ হ’ল৷ তেওঁ যে নিৰৱে কষ্ট কৰি আছিল আৰু ফলত তেওঁ বহু কথা জনা হৈ পৰিছিল – কথাটো তেনেকুৱা নহয়৷ আজি যে বাতৰিত ওলাই আছে – তেওঁৰ তেনেকুৱা ধৰণৰ এটা কোটা আছিল৷ সেই চোকাকেইজনে ৫০ শতাংশ নম্বৰ পাইয়ো দুই-তিনি নম্বৰৰ বাবে পৰীক্ষাটোত উত্তীৰ্ণ হ’ব নোৱাৰিলে৷ কিন্তু সেই ল’ৰাজনে বিনাকষ্টে বিশেষ নজনাকৈয়ে ২৬ শতাংশমান নম্বৰ পাইয়েই উত্তীৰ্ণ হৈ গ’ল৷ বাকীকেইজনতকৈ তেওঁ ২৪ শতাংশ কম নম্বৰ পাইছে, কিন্তু তেওঁ উত্তীৰ্ণ, বাকীকেইজন অনুত্তীৰ্ণ!

কিন্তু কাহিনীটো এইখিনিলৈকে নহয়! ইয়াৰ পিছত আন এক কাহিনী আছে—

বাকী পাঠ্যক্ৰমলৈ নতুন ছাত্ৰ-ছাত্ৰী আহিল৷ তেওঁলোকে গম পালে যে সেইটো কোঠাত সেই পৰীক্ষাটো উত্তীৰ্ণ এজন ছাত্ৰ আছে৷ তেওঁলোক নতুনকৈ আহিছে, বাকী কথাবোৰ মগজুত সোমোৱাই নাই বহুতৰ, বুজি পোৱাই নাই কিছুমানে, ঢৌত চলি যায়৷ চোকা ছাত্ৰ বুলি তেওঁলোকে ছাত্ৰজনক চাইগৈ৷ তেওঁক মাতেগৈ৷ বৰ সন্মানেৰে আলসুৱাকৈ কথা কয়গৈ৷ তেওঁৰ পৰা কিবা শিকেগৈ, তেওঁ যি পাৰে অলপ কয়৷ কিন্তু তেওঁ নিজে জানে যে তেওঁ সেইখিনি বস্তু ভালকৈ নাজানে৷ তেওঁৰ লগতে থকা বাকীকেইজনেহে জানে, কিন্তু তেওঁলোক পৰীক্ষাটোত অনুত্তীৰ্ণ বাবে নতুনসকল তেওঁলোকৰ পিনে নাযায়েই৷

তেওঁলোকৰ কোঠালীটোৰ সেই কাহিনী ল’ৰাজনে এদিন নিজে ক’লেহি – “চাওকচোন, মইনো এতিয়া সিহঁতক কেনেকৈ কওঁ যে মই নাজানো! সন্মান এটা কৰি মোৰ কাষলৈ আহিছে; মই নিজে সেইটো নাৰাখি লগৰকেইটাৰ ওচৰলৈ যোৱা বুলি ক’বলৈয়ো বেয়া পাওঁ! আগতে চব লগৰকেইটাৰ ওচৰলৈ যায়, এতিয়া কোনোবা মোৰ ওচৰলৈ গ’লে সিহঁত তল মূৰকৈ বহি থাকে৷ সিহঁতেতো জানেই পৰিস্থিতিটো, মোকতো আৰু হাঁহিব নোৱাৰে, লগৰে ল’ৰা মোকনো কি বুলি বেয়া পাব! মোৰে ফ্ৰাষ্ট্ৰেছন আহি যায়৷” মোৰ আগত উদং কৰি কথাখিনি ক’লে তাৰ নিজৰ একো লোকচান নাই বুলি মোক কথাখিনি সি কৈ থাকিল…..৷

(৪৯)
প্ৰফেছৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ ব্যক্তিত্ব

অমৰজ্যোতি চৌধুৰী ছাৰে শেহতীয়াকৈ আৰম্ভ কৰা কিতাপ পঢ়াৰ আন্দোলনটোৰ কথা বিভিন্ন মাধ্যমত চৰ্চা হৈ আছে৷ আজি নিয়মীয়া বাৰ্তাৰ প্ৰথম কলমত হোমেন বৰগোহাঞিদেৱেও লিখিছে৷ অমৰজ্যোতি চৌধুৰী মানুহজনৰ বিষয়ে আগতে দুবাৰ অকণমান অকণমান লিখিছিলোঁ, এবাৰ আমাৰ অসমত, এবাৰ সৰু আলোচনী এখনত৷ আজি তেওঁৰ লগত জড়িত সৰু সৰু কাহিনী কেইটামান লিখিব বিচাৰিছোঁ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন উপাচাৰ্যক আঁতৰাবলৈ আছুৱে বহু প্ৰতিবাদ কৰিছিল৷ তেতিয়া ৰসিকতাপূৰ্ণভাৱে কঠিত আছিল যে সমুজ্জল দাই ইউনিভাৰ্চিটিৰ গে’টত নতুবা ভিচিৰ অফিচৰ সমুখত ঢাৰি পাৰি বহিয়েই থাকে৷ উপাচাৰ্যজন অকৰ্মন্য বুলি পৰিচিত হৈ পৰিছিল৷ আছুৱে বহুত যুঁজিছিল৷ অমৰজ্যোতি চৌধুৰী ছাৰ উপাচাৰ্য হোৱাৰ লগে লগে আসনখনলৈ মৰ্যাদা ঘূৰি আহিল৷ আশাৰ সঞ্চাৰ হ’ল৷ তেওঁৰ ওচৰলৈ গ’লে যে সমস্যাবোৰ সমাধানৰ সৰু পথ এটা হ’লেও ওলাব, সেই বিশ্বাস জাগ্ৰত হ’ল৷ সেই মৰ্যাদা ঘূৰি অহাৰ কাৰণ আছিল কেইবাটাও৷ ককা লক্ষ্যধৰ চৌধুৰীৰ সুযোগ্য সন্তান বুলি তেওঁ ইতিমধ্যে পৰিচিত৷ তেওঁলোক আটাইকেইজন সহোদৰৰ একোটা নিজা পৰিচিতি আছে, গোটেই পৰিয়ালটোৰ নাম আছে৷ তেওঁ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ডক্টৰেট৷ তেওঁৰ বৈজ্ঞানিক কৰ্মৰাজী বিশাল৷ একেসময়তে নাট্য-সংস্কৃতিৰ ক্ষেত্ৰতো তেওঁৰ বিশেষ দক্ষতা আছে৷ তেওঁ এজন নামী আবৃত্তিকাৰ৷ লেখক৷ এই সকলোখিনিৰ উপৰি আছে বিশ্বাস; তেওঁক মানুহে বিশ্বাসত ল’ব পৰা গুণ৷

তেতিয়া এমবিএ কেণ্টিন বুলি এখন কেণ্টিন আছিল৷ মূল পথটোৰ পৰা অলপ পাহাৰৰ ওপৰলৈ উঠি যাব লাগে৷ কেম্পাছৰ ভিতৰত যি আঠখনমান কেণ্টিন বা হোটেল আছে, তাৰে ভিতৰত সেইখনত কেইটামান বেলেগ জুতিলগা খাদ্য পোৱা যায়৷ খাবলৈ মুকলিত টেবুল-চকী পৰা থাকে৷ আৰু কেণ্টিনখনৰ একেটা ঘৰতে সৰু হল এটা আছে, মিটিং-চিটিং হয়৷ এদিন কেণ্টিনখনত খাবলৈ যোৱা ছাত্ৰ-ছাত্ৰী ভৰ্তি হৈ আছিল, আৰু হলটোত কিবা অনুষ্ঠান এটাৰ আয়োজনো চলি আছিল৷ তিনিজনমান বিশিষ্ট ব্যক্তি ইতিমধ্যে আহি পাইছিলহি৷ কাণে কাণ বাগৰি চবেই গম পালে যে অনুষ্ঠানটোলৈ ভিচিও আহিব – অমৰজ্যোতি চৌধুৰী আহিব৷ কেণ্টিনৰ মুকলিৰ টেবুল-চকীবোৰৰ মাজেদি পাৰ হৈ হলটোলৈ যাব লাগে৷ সেয়েহে খাই থকা ছাত্ৰ-ছাত্ৰীসকল সাজু হৈ থাকিল যাতে তেওঁ অহা লগে লগে খাই থকা স্থানতে ঠিয় হৈ তেওঁক সম্ভাষণ জনাব পাৰে৷ চবেই কাণ কৰি থাকিল যে – ভিচিৰ গাড়ীখন অলপ পাছত আহিব, দেখা পাম এতিয়া! তেওঁ আহিবলগীয়া পথটোত পাহাৰীয়া টাৰ্ণিং এটা আছে; গতিকে বেছি দূৰলৈ দেখা পোৱা নাযায়৷ গাড়ীখন পটকৈ সমুখতে ওলাবহি৷ অনুষ্ঠানটোৰ বিষয়ববীয়াইয়ো চাই চাই অপেক্ষা কৰি থাকিল৷ কিন্তু চাই থাকোঁতেই হঠাতে লৰাঢপৰা লাগিল, কেণ্টিনত খাই থকা কেইজনমান ঢপকৈ ঠিয় হ’ল৷ বাকীবোৰেও দেখিলে – অমৰজ্যোতি চৌধুৰী দেখোন পালেহিয়েই! তেওঁলোকো ঠিয় হ’ল৷ ছাৰ বুলি মূৰ দোঁৱাই সম্বোধন কৰা যিকেইজনক পাৰে তেওঁলোকলৈ চাই তেঁৱো মূৰ দোঁৱাই পাৰ হৈ ভিতৰলৈ গুচি গ’ল৷ সকলোৱে অজানিতে গাড়ীৰ শব্দ শুনিবলৈ সাজু হৈ আছিল৷ কিন্তু তেওঁ আহিল খোজ কাঢ়ি৷ ৰাজহাঁহৰ মূৰ দোঁৰ খাই থকাৰ যিটো উপমা দিয়া হয়, সেই উপমাটো সম্পূৰ্ণ মিলি যোৱা এক ব্যক্তিত্ব৷ ভিচি এজনে অফিচৰ পৰা সেইখিনি খোজ কাঢ়ি অহাটো অলপ বিৰল ধৰণৰ কথাই আছিল৷ ৰাজকীয় আদৱ-কাইদাৰে আহিলেও তেওঁক বেয়া পাব নোৱাৰে কোনেও; কিন্তু সেয়া তেওঁ কৰা নাছিল৷ তেওঁৰ আন কাহিনীৰ লগতে সেই কাহিনীও চৰ্চিত হৈছিল৷ তেওঁক প্ৰদান কৰা চৰকাৰী বাহন তেওঁ খুৱ কম ব্যৱহাৰ কৰিছিল৷ ইউনিভাৰ্চিটিৰ বাহিৰতো বহুতে জানিছিল সেইধৰণৰ কথাবোৰ৷ এইবোৰ তেওঁ স্বভাৱৰ অংশ আছিল৷ কেৱল তাতেই নহয়, তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদতো প্ৰায়ে তেওঁক পদব্ৰজে ঘূৰি ফুৰা দেখা গৈছিল৷ শ্বপিং-কম্পেক্সৰ পৰা চাহ একাপ হাতত লৈ কোনোবা এজনৰ সৈতে কথা পাতি পাতি তেওঁ গৈ থাকে৷ কাষেৰে যোৱা কোনো ছাত্ৰ-ছাত্ৰীয়ে মূৰ দোঁৱাই সম্বোধন কৰে; তেৱোঁ চিৰপৰিচিত তেওঁৰ সমাহিত ভংগিমাৰে সঁহাৰি জনাই পাৰ হৈ যায়৷ তেজপুৰ বিশ্ববিদ্যালয়ত এই পৰিৱেশটো আছে৷ একেঠাইতে বহি লৈ খাবলৈ মন নগ’লে বহুতে চাহ, কফি বা চুপ একাপ হাতত লৈ খাই খাই গৈ থাকে৷ আৰু কাপবোৰ পেলাবৰ বাবে যিকোনো স্থানতে ডাষ্টবিনৰ ব্যৱস্থা আছে৷

অমৰজ্যোতি চৌধুৰী ছাৰৰ দৰে মানুহবোৰে একোটা অনুষ্ঠানৰ পৰিৱেশ সলনি কৰি দিব পাৰে৷ তেওঁলোকৰ প্ৰভাৱ সাধাৰণ মানুহৰ মাজলৈয়ো বিয়পি যায়৷ তেওঁলোকে নিজা ব্যক্তিত্বৰে মানুহক আকৰ্ষিত কৰিব পাৰে – কেৱল নিজৰ প্ৰতিয়েই নহয়, অনুষ্ঠান-প্ৰতিষ্ঠান একোটাৰ প্ৰতিও৷ সেইবাবেই তেওঁৰ সিদিনাৰ আহ্বানত ইমানখিনি মানুহ ভালেখিনি দূৰণিৰ পৰা গৈয়ো তেওঁৰ কাষত গোট খাইছেগৈ৷

(৫০)

উপপাদ্য একোটা প্ৰচুৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত একদম সঠিককৈ নিখুঁতকৈ গঢ়ি সম্পূৰ্ণ কৰি তোলাৰ পাছত যেতিয়া সেইটো প্ৰকাশৰ বাবে যোগ্য হৈ উঠে, যিটো মুহূৰ্তত সেই উপপাদ্যটোৰ কথা পৃথিৱীৰ আন কোনোৱেই নাজানে, জানে কেৱল সেইটো সৃষ্টি কৰা একমাত্ৰ মানুহজনে — তেতিয়া সেই মুহূৰ্তটো সেই মানুহজনৰ বাবে হৈ পৰে অতি ৰোমাঞ্চকৰ মধুৰ মুহূৰ্ত।

উপপাদ্যটো যিমানেই সৰু নহওক বা যিমানেই ডাঙৰ নহওক কিয়, সেই মুহূৰ্তটো হৈ পৰে হেজাৰটা বসন্ততকৈয়ো উজ্বল আৰু পৰিষ্কাৰ নতুনত্ব উপলব্ধি হোৱাৰ মুহূৰ্ত; সৃষ্টিশীলতাক অনন্য একাত্মতাৰে উপভোগ কৰাৰ মুহূৰ্ত।

যিটো উপপাদ্যৰ কথা জগতে কাইলৈহে জানিবলৈ পাব নতুবা জানিবলৈ পাব এমাহৰ পাছত, কিন্তু সেই একমাত্ৰ মানুহজনে সেই মুহূৰ্তত উপপাদ্যটো আৰু তাৰ প্ৰভাৱবোৰৰ কথা জানি আছে আগতীয়াকৈ। কেৱল নিজৰ উপপাদ্যৰ ক্ষেত্ৰতে নহয়— দুদিন পিছত প্ৰকাশ হ’বলগীয়া আনৰ একোটা উপপাদ্য, যিটোৰ কথা কেৱল দুজন বা তিনিজন মানুহেহে তেতিয়া জানে, সেইটোৰ গভীৰলৈ প্ৰৱেশ কৰি যোৱাটোতো সেই একেধৰণৰে এক অনন্য সুখ পোৱা যায়; বিশালতাক আকোৱালি লোৱাৰ সুখ।

এই সুখৰ কিছুমান প্ৰসিদ্ধ কাহিনীও আছে। এজন বিজ্ঞানীয়ে নিশা নিজৰ অধ্যয়ন কোঠাৰ পৰা বাহিৰলৈ ওলাই গৈ প্ৰিয়জনৰ কাষত বহি বাহিৰৰ সমস্ত জগতখন নীৰৱে উপভোগ কৰিছে। মায়াময় পৰিৱেশত ৰোমাণ্টিকতাৰে আকুল হৈ প্ৰিয়জনে বিজ্ঞানীজনক দূৰ আকাশত জিলিকি থকা দুটি তৰাৰ পিনে আঙুলীয়াই দেখুৱাই কৈছে— চোৱাচোন কিমান ধুনীয়া লাগিছে। বিজ্ঞানীজনে তেতিয়া প্ৰিয়জনক জনাইছে— তৰা দুটা কিয় ইমান জিলিকি আছে সেই কথা এই মুহূৰ্তত জনা মানুহ পৃথিৱীত কেৱল এজনেই আছে, যাৰেই কান্ধত মূৰ পেলাই তুমি সেয়া উপভোগ কৰি আছা। বিজ্ঞানীজনে নিজৰ অধ্যয়ন কোঠাৰ পৰা ওলাই অহাৰ আগ মুহূৰ্তত সেই কথা আৱিষ্কাৰ কৰিছিল, যিটো প্ৰকাশ পাবলৈ আৰু জগতৰ আনসকলে জানিবলৈ এনিশা বাকী আছিল।

No Comments

Post A Comment