টোকাবহী (অণু-প্ৰবন্ধ) : ৩১ – ৪০

(৩১)
ক’ৰনাময় সময়ত

এসময়ত বহুতো কবি, সাহিত্যিক, সংগীতজ্ঞ, চিত্ৰকৰ, বিজ্ঞানী আদি যক্ষ্মাত আক্ৰান্ত হৈ অকালতে মৃত্যু হৈছিল। পোক-পৰুৱাৰ দৰে দ’ম হৈ পৰা লাখ লাখ মৃতকৰ মাজত তেওঁলোকৰ অকাল মৃত্যুৱে এক সুকীয়া বিষাদ কঢ়িয়াই আনিছিল। হয়তো সেইবাবেই ঠায়ে ঠায়ে এই বুলি অন্ধবিশ্বাস বিয়পিছিল যে সৃষ্টিশীল লোকসকল যক্ষ্মাত অধিক আক্ৰান্ত হয়, তেওঁলোকৰ অকালতে বিয়োগ ঘটে। আজি মাথোঁ কেইবছৰমান আগলৈকে এনেকুৱা এষাৰ কথাও প্ৰচলন আছিল যে — সৃষ্টিশীল মানুহবোৰ ভাল মানুহ আৰু সেইবাবে তেওঁলোক ঈশ্বৰৰ মৰমৰ হয় আৰু ঈশ্বৰে তেওঁৰ প্ৰিয় মানুহবোৰক সোনকালে নিজৰ কাষলৈ লৈ গুচি যায়। সেই অসাধাৰণ কবি-সাহিত্যিক-সংগীতজ্ঞ-চিত্ৰকৰ-বিজ্ঞানীসকলৰ প্ৰত্যেকেই যদিহে আৰু মাথোঁ দহ বছৰো অধিক জীয়াই থাকিলহেঁতেন, তেন্তে আজিৰ পৃথিৱীখন আৰু অধিক উন্নত হ’লহেঁতেন, বহুত বেলেগ হৈ পৰিলহেঁতেন পৃথিৱীখন। কেৱল ল’ৰাবয়সৰ সময়টোহে সৃষ্টিশীল সময় বোলা ধাৰণাটোও আজি সিমান নোহোৱা হ’ল। যক্ষ্মা বা আন বহুতো বেমাৰৰ বাবে এনেকুৱা ধাৰণাবোৰ মানুহৰ মনলৈ আহিছিল কিয়? হেজাৰ বছৰ ধৰি এনেকুৱা বেমাৰবোৰে ইখনৰ পিছত সিখন ঠাই জুৰুলা কৰি পেলাইছিল, অথচ মানুহে যাহান-তাহান কথা ভাবিছিল কিয়?

নোবেল বঁটা বিজয়ী ভেংকটৰামন ৰামকৃষ্ণণ হ’ল বিশ্বশ্ৰেষ্ঠ আনৱিক-জীৱবিজ্ঞানীসকলৰ এজন। প্ৰতিবাৰেই বিজ্ঞানৰ নোবেল বঁটা বিজয়ীসকলৰ কামবোৰৰ সম্পৰ্কে সামান্য খবৰ কৰিলেই দেখা যায় যে প্ৰায়ভাগেই যিবোৰ বস্তুৰ সম্পৰ্কে কাম কৰা বাবে নোবেল বঁটা লাভ কৰিছে, সেই বস্তুবোৰ খালি চকুৰেতো দেখা নাযায়েই, আনকি সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰেও দেখা নাযায়, বা আন কিছুমান বস্তু সাধাৰণ দূৰবীক্ষণ যন্ত্ৰৰেও দেখা নাযায়৷ ভেংকটৰামনেও তেনে সুক্ষ্ম বস্তুৰ সম্পৰ্কীয় কামেই কৰিছিল। এবাৰ তেওঁ ভাৰতত এটা মুখামুখি অনুষ্ঠানত ভাগ লৈছিল। তেওঁক সোধা হ’ল যে ইমান সুক্ষ্ম বস্তুৰ অধ্যয়নৰ সামাজিক অৱদান কি? আনৱিক জীৱবিজ্ঞানে আমাক কিনো সহায় কৰিব পাৰে? এইখিনিতে উল্লেখযোগ্য যে— এই বস্তুবোৰ ইমান সুক্ষ্ম, ইহঁতক সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰেও দেখা নাযায়, তাৰ বাবে নিৰ্মাণ কৰিবলগা হয় অতি উচ্চ ক্ষমতাসম্পন্ন যন্ত্ৰ, অথচ সেই বস্তুবোৰৰ প্ৰায়ভাগেই জীৱন্ত। সেই প্ৰশ্নৰ উত্তৰত ভেংকটৰামনে কৈছিল যে— হাজাৰ হাজাৰ বছৰ ধৰি মানুহ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আহিছিল, কিন্তু যি কাৰণত এই ৰোগত আক্ৰান্ত হয় সেইটো জানিবলৈয়ো হাজাৰ বছৰ লাগি গ’ল। হাজাৰ বছৰৰ মূৰতহে মানুহে আৱিষ্কাৰ কৰিলে যে আচলতে বিজাণুৰ কাৰণেহে মানুহ যক্ষ্মা ৰোগত আক্ৰান্ত হয়৷ কিন্তু তাৰ বিপৰীতে, এইছআইভি(HIV)ৰ দ্বাৰা মানুহ আক্ৰান্ত হোৱাৰ প্ৰথম সম্ভেদ পোৱা গৈছিল আজিৰ পৰা ত্ৰিছ বছৰমান আগতে; তাৰ মাথোঁ এটা দশকৰ ভিতৰতে মানুহে বিজাণুটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল৷ আৰু কেৱল বিজাণুটো আৱিষ্কাৰ কৰাই নহয়, বিজাণুটোৰ জীৱন-পদ্ধতি আদি বহুখিনি কথাও তেতিয়াই নিৰ্ণয় পেলালে৷ তাৰ পাছৰ এটা দশকৰ ভিতৰতে বিজাণুটো প্ৰতিৰোধ কৰিব পৰা পদ্ধতি, চিকিৎসা আদি উদ্ভাৱন হ’ল৷ তাক আঁতৰাবলৈ সম্পূৰ্ণ চিকিৎসা-ব্যৱস্থা এতিয়াও ওলোৱা নাই যদিও ইমান কম সময়ৰ ভিতৰতে তাক নিয়ন্ত্ৰণ কৰাৰ উপায় মানুহে নিৰ্ণয় কৰিলে৷ এইটো সম্ভৱ হ’ল আনৱিক জীৱবিজ্ঞানৰ বাবে।

তাৰ ত্ৰিছ বছৰ পাছত এতিয়া, যিদিনা ক’ৰণাত আক্ৰান্তৰ প্ৰথম সম্ভেদ পোৱা গ’ল, তাৰ মাথোঁ এসপ্তাহৰ ভিতৰতে মানুহে তাৰ সঠিক কাৰণটো আৱিষ্কাৰ কৰি পেলালে। কেৱল আৱিষ্কাৰ কৰাই নহয়, লগে লগে ভাইৰাছটোৰ চৰিত্ৰও উলিয়াই পেলালে, ভাইৰাছটোৰ বহুখিনি গুৰুত্বপূৰ্ণ দুৰ্বলতা মানুহে লগে লগেই জানিবলৈ সক্ষম হ’ল। এইবোৰ কথা বহুতো বিজ্ঞানীয়ে লিখিছে, আৰু বহুতে এই কথাও লিখিছে যে— আমি আজি এটি নিৰাপদ অৱস্থানত উপনীত হৈছোঁহি, আমি কম দিনৰ ভিতৰতে এনেবোৰ কথা জানিব পৰা হৈছোঁ, ভাইৰাছটোৰ দূৰ্বল দিশসমূহক অস্ত্ৰ ৰূপে লৈ আমি লগে লগেই প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব পৰা হৈছোঁ। হয়তো অতি কম দিনৰ ভিতৰতে ভাইৰাছটোক নাকী লগাবও পৰা যাব, তাক নিৰ্মূল কৰিব পৰা ঔষধো ওলাব। নতুন বিষয়বোৰলৈ লক্ষ্য নাৰাখিলে বা নতুন উদ্ভাৱনবোৰ গ্ৰহণ নকৰিলে প্ৰতিজন মানুহেই আজিও দশম শতিকাৰ মানুহ। নিৰাপদ হ’ব পৰা ব্যৱস্থাবোৰ গ্ৰহণ নকৰা মানেই দশম শতিকা বা তাতোকৈ অতীতলৈ গুচি যোৱা।

(৩২)

ত্ৰিপুৰাত ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট আৰু এছএমএছ সেৱা বন্ধ কৰাটো মূল কাণ্ড নহয়। সেইটো এটা অনুশীলন আৰু চেগ বুজিবলৈ কৰা চেষ্টাহে। আক্ৰমণ বা নিৰ্যাতনৰ আচল লক্ষ্যবিন্দুটো হ’ল অসম। কিন্তু এতিয়া মানুহ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। বহু বিশ্লেষকে ইতিমধ্যে এই স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই অহা কাৰ্য্যটোক এই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বুলি অভিহিত কৰিছে। কিবা উদ্দেশ্যৰে যদি জনসাধাৰণ স্বতঃস্ফূৰ্তভাৱে আগুৱাই যায় তেন্তে পৰস্পৰ সংযোগ স্থাপনত বৃহৎ বাধাইয়ো একো কৰিব নোৱাৰে। এজন বিশ্ববিখ্যাত বক্তাই কৈছিল — ড৹ মাৰ্টিন লুথাৰ কিঙে পৃথিৱী সলনি কৰি পেলোৱা “I have a dream” শীৰ্ষক বিশ্বশ্ৰেষ্ঠ বক্তৃতাটো দিবলৈ যেতিয়া গৈ আছিল সেই তেতিয়া ইণ্টাৰনেট নাছিল, কাকো নিমন্ত্ৰণ জনোৱা হোৱা নাছিল, কাকো ভাড়ালৈ অনা হোৱা নাছিল, জাননী দিবলৈ কোনো ৱেবছাইট নাছিল, কোনো প্ৰচাৰ-পত্ৰিকা তেওঁলোকে বিতৰণ কৰা নাছিল। কিন্তু মানুহ ঢপলিয়াই আহিছিল সেই ক্ষণটোৰ সাক্ষী হ’বলৈ, নিজে তাৰেই অন্তৰ্গত হ’বলৈ। ড৹ কিং বিখ্যাত বক্তাও নাছিল, তেওঁতকৈ বহু ভাল ভাল বক্তা আছিল। কিন্তু সকলো আহিছিল একেটা উদ্দেশ্যৰ বাবে, ড৹ কিঙে যিটো উদ্দেশ্যৰ বাবে মাত দিছিল সেইটো আছিল সকলোৰে অন্তৰৰ উদ্দেশ্যে। সেয়া এনেকুৱা এটা অবস্থা আছিল — মানুহবোৰে ড৹ কিঙৰ কথা শুনিবলৈ অহা নাছিল, ড৹ কিঙৰ সপোনটোৰ বিষয়ে জানিবলৈ তেওঁলোক অহা নাছিল — প্ৰকৃততে তেওঁলোক যেন আহিছিল নিজৰেই সপোনটো চাবলৈ। তাৰ বাবে কেৱল কৃষ্ণাংগ মানুহহে আহিছিল এনে নহয়, সমানে আহিছিল শ্বেতাংগ মানুহো। সকলো নিজে নিজে। একেটা উদ্দেশ্যৰে তেওঁলোক লগ হৈছিল স্বতঃস্ফূৰ্তভাবে।

(৩৩)

প্ৰভাৱশালী লেখক-লেখিকা, কবি-সাহিত্যিক, গায়ক-গায়ীকা, নেতা-পালিনেতা বা অভিনেতা-অভিনেত্ৰীসকলৰ বহুতে “মই সদায় ৰাইজৰ লগত আছোঁ, ৰাইজেই ৰজা”, “ৰাইজ যিফালেই যায় আমিও সেইফালেই যাম, মই সদায় ৰাইজৰ মানুহ হৈ আছোঁ”, “ৰাইজ এক হ’লে আমি ৰাইজৰ পিনেই যাব লাগিব, আমিতো ৰাইজৰ মানুহ” ইত্যাদি ধৰণৰ diplomatic কথা কয়। এই কথাখিনি বেছিকৈ কয় অভিনেতা-অভিনেত্ৰী আৰু গায়ক-গায়ীকাসকলে; প্ৰায় ৯৫ শতাংশয়েই কয়। তেওঁলোকে কওঁতে শিল্পী বুলিও কয়। তেওঁলোকে অসমীয়া সাহিত্য জগতৰ এখন বিখ্যাত উপন্যাস “পিতা-পুত্ৰ”খন পঢ়ি চাব পাৰে। তাতে মণ্ডল এজন আছে। উপন্যাসখন বহুত ডাঙৰ, গতিকে কেৱল সেই চৰিত্ৰটোৰ সম্পৰ্কে পঢ়ি চালেও হ’ব। মণ্ডলজন আছিল ব্ৰিটিছৰ পদলেহনকাৰী। দেশ স্বাধীন হ’বলৈ কিছুদিনহে বাকী আছিল, গোটেই জগতত এই কথা উমান পোৱা গ’ল যে ভাৰতক পৰাধীন কৰি ৰখাটো এতিয়া আৰু বেছিদিন সম্ভৱ নহয়, তেনেতে মণ্ডলে সাংঘাটিক আচৰিত কৰি নিজেই সংগ্ৰামত যোগ দিলে আৰু আগৰণুৱা হৈ পৰিল। কাৰণ ৰাইজ যেনি যায় তেৱোঁ তেনি যায়। তেওঁ সদায় ৰাইজৰ লগতহে থাকে। নিচেই কম সংখ্যকক বাদ দি দেশৰ সৰ্বত্ৰে মানুহবোৰ স্বাধীনতা যুঁজত জড়িত হৈ পৰা দেখি মণ্ডলে ৰাইজক এৰিব নোৱাৰিলে, তেওঁ ৰাইজৰ কাষলৈ ঢাপলি মেলিলে। এদিন দেশ স্বাধীন হ’ল। আৰু মণ্ডলেই পুনৰ আগভাগ ল’বলৈ ধৰিলে। স্বাধীনতা যুঁজৰ আগৰণুৱা আছিল বুলি তেঁৱেই হৈ পৰিল কাম-কাজৰ মুৰব্বী, লৈ ল’লে পদবী। মানুহৰ বাবে অহা ধন-সম্পদবোৰ তেওঁ সৰকাবলৈ ধৰিলে, সা-সুবিধা লুটিবলৈ ধৰিলে, প্ৰভাৱ খটুৱাবলৈ ধৰিলে। পুৰ্বতে তেওঁ আছিল ব্ৰিটিছৰ পদলেহনকাৰী, এইবাৰ তেওঁ হৈ পৰিলে আন শ্ৰেণী নতুন শাসকৰ পদলেহনকাৰী। মণ্ডলে তেওঁৰ দৰে আন কেইজনমানৰ লগত মিলি ৰাইজৰ সেৱা কৰিবলৈ ধৰিলে, মানে ৰাইজে যি বিচাৰে তাকেই দিবলৈ ধৰিলে, কাৰণ তেওঁলোক ৰাইজৰ মানুহ। ৰাইজে নিচা বিচাৰে, তেওঁলোকে ৰাইজক নিচাসক্ত কৰি পেলোৱাৰ সাধনা কৰিবলৈ ধৰিলে, কাৰণ তেওঁলোক সদায় ৰাইজৰ মানুহ ৰূপে ৰাইজৰ লগত থাকিব লাগিব। তেওঁলোককেইজন কেৱল ৰাইজৰ সেৱক, ৰাইজে যি মত গ্ৰহণ কৰে তাক তেওঁলোকে অতিকে সন্মান কৰে, গতিকে ৰাইজ যেনি যায় তেওঁলোককেইজনো সেইপিনেই যায়। এই ধাৰা চলি থাকিল। মণ্ডলজনৰ সৈতে বাকীকেইজনো সদায় ৰাইজৰ লগতে থাকিল। সেয়া এতিয়াও চলি থাকিল।

(৩৪)

বিশ্বকোষ প্ৰকাশৰ বাবে এসময়ত অসম সাহিত্য সভাৰ সভাপতিয়ে “হাতত ভিক্ষা-পাত্ৰ লৈ ঘূৰি ফুৰিছিল”। এয়া স্বাধীনতাৰ আগৰ দূৰ অতীতৰ কাহিনী নহয়, এই কাহিনী আজি বিছ বছৰো পূৰ হোৱা নাই। আৰু এতিয়া অসম সাহিত্য সভাই ২৭ লাখ টকা দি কৈলাশ খেৰক আনি ফাংচন কৰিছে। ভূপেন হাজৰিকা বুলি কোৱা লগে লগে এক সাহিত্যিক দিশ জড়িত হৈ থাকে। তেওঁ সৃষ্টি কৰা বা গোৱা গীতে মানুহক কেৱল মনত আনন্দই দিয়া নাই, গীত শুনাই পুলকিত কৰোৱাতে তেওঁ সীমাবদ্ধ হৈ থকা নাই, আনকি মানুহক জাগ্ৰত কৰি তোলাটোকেই কেৱল তেওঁ কৰা নাই; তেওঁৰ গীতে অসমীয়া সাহিত্যকো সমৃদ্ধ কৰিছে। কৈলাশ খেৰ তেনে ধৰণৰ গায়কো নহয়। ইমান টকাৰে কৈলাশ খেৰক অনাৰ দ্বাৰা প্ৰমাণ হয় যে আজি অসমৰ আটাইতকৈ ধনী সংস্থাসমূহৰ মাজৰ এটা সংস্থা অসম সাহিত্য সভা। হয়তো আটাইতকৈ ধনী সংস্থাটোৱেই হ’ল অসম সাহিত্য সভা।

এতিয়া প্ৰশ্ন হ’ল: বিশ্বকোষৰ প্ৰকাশ হ’বলগীয়া আটাইকেইটা খণ্ড প্ৰকাশ হ’ল নে? প্ৰকাশ হোৱা পুৰণা খণ্ডসমূহত কিমান কম পৰিসৰৰ বিষয়হে লিখা হৈছে সেয়া পৰীক্ষা কৰা হ’লনে আৰু নতুন নতুন বিষয় সংযোজিত কৰি পুনৰ প্ৰকাশ কৰা হ’ল নে? প্ৰকাশিত খণ্ডসমূহ সহজলভ্য নহয়, বিশ্বকোষৰ অনলাইন সংস্কৰণ প্ৰকাশৰ কথা সভাৰ মজিয়াত এবাৰো আলোচনা কৰা হ’ল নে?

কোনোবাই ক’ব পাৰে যে ৱিকিপিডিয়া আছেই, ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণো আছে, গতিকে অসম সাহিত্য সভা বিশ্বকোষত লগাৰ প্ৰয়োজন কি? অসম সাহিত্য সভাই বিশ্বকোষ অনলাইন প্ৰকাশ কৰাৰ কামত লগাৰ প্ৰয়োজন কি?

কিন্তু, ৱিকিপিডিয়া থকাৰ পাছতো ইংৰাজী ভাষাতেই আন বহুতো বিশ্বকোষ আছে, আৰু সেইবোৰতো আজি প্ৰতিদিনে সম্পাদনাৰ কাম চলি আছে। ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহৰ এটা সুকীয়া ধৰণ আছে, আৰু বাকীসমূহৰো পৃথক পৃথক ধৰণ আছে। নিজস্ব ধৰণটোৰ বাবেই ৱিকিপিডিয়াৰ প্ৰবন্ধ একোটা যিমান দীঘল হ’লেও তাত কিছুমান কথা সন্নিৱিষ্ট কৰিব নোৱাৰি, কিন্তু আন কিছুমান বিশ্বকোষত তেনেকুৱা আন কিছুমান কথা সন্নিৱিষ্ট কৰিব পাৰি। আনকি ৱিকিপিডিয়াত আন আন বিশ্বকোষৰ প্ৰবন্ধৰো ৰেফাৰেন্স দিয়া হয়। কিছুমান বিশেষ বিষয়-বস্তুৰ বিশ্বকোষৰ ৰেফাৰেন্স দিবলৈ ৱিকিপিডিয়াই কাৰিকৰীভাবে পৃথক সুবিধাও সৃষ্টি কৰি দিছে। অৰ্থাৎ ৱিকিপিডিয়াক অতিক্ৰম কৰি বা ৱিকিপিডিয়াক নিলগাই থৈয়ো আন কিছুমান বিশ্বকোষ লাগে। বিশেষকৈ, অসম সাহিত্য সভাই অসমৰ কৃষ্টি-সংস্কৃতি-জনজীৱন-ঐতিহ্য-ভূগোল-বুৰঞ্জী সকলো বিষয়ৰ লগত জড়িত বিষয়-বস্তুসমূহক লৈ প্ৰণয়ন কৰা বিশ্বকোষ এখন লাগে।

এই যে কৈলাশ খেৰৰ দৰে মানুহৰ নামত খৰচ কৰা ২৭ লাখ টকা — তাৰে ১৭ লাখ টকা বিষয়ববীয়াই নিজৰ মাজতে ফূৰ্তিফাৰ্তা কৰি ভগাই খাইয়ো বাকী ১০ লাখ টকাৰে বিশ্বকোষখন সুন্দৰকৈ আৰম্ভ কৰিব পাৰি। কথা হ’ল, বিশ্বকোষখন হাতৰ মুঠিত ব্যৱহাৰ কৰিব পৰাকৈ কাৰিকৰীভাৱে সঠিক হ’ব লাগিব। কেৱল নামত অনলাইন হ’লে কামত নাহিব। ইয়াৰ বাবে কেৱল ডিগ্ৰীধাৰী বিশেষজ্ঞ হ’লেই নহ’ব; নতুন নতুন আহিলাবোৰৰ চাহিদা আৰু ব্যৱহাৰযোগ্যতাৰ সম্পৰ্কে জ্ঞান থকা মানুহক জড়িত কৰিব লাগিব।

(৩৫)
উত্তৰ-পূব গ্ৰন্থমেলাৰ মুখ্য আকৰ্ষণীয় অতিথি

১ নবেম্বৰৰ পৰা আৰম্ভ হোৱা ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ মুখ্য আকৰ্ষণীয় অতিথি দুজন হ’ল এম. ভেংকায়া নাইডু আৰু দুৰ্জয় দত্ত৷ বেনাৰতো দুৰ্জয় দত্তৰে ছবি৷ দুৰ্জয় দত্তইয়ো ইষ্টাগ্ৰামত ষ্টেটাছ দিছে যে অমুক তাৰিখে তেওঁ থাকিব গুৱাহাটীত, উত্তৰ-পূব গ্ৰন্থমেলাত৷ কথাটো হ’ল – ভেংকায়া নাইডু চাবলৈ বা শুনিবলৈ বিভিন্ন ৰাজনৈতিক অনুষ্ঠানবোৰ আছেই৷ আৰু দুৰ্জয় দত্তক নিমন্ত্ৰণ জনাবলৈ সৰুসুৰা এনজিঅ’, ক্লাব, বাৰ নতুবা ফেচন শ্ব’ এটাই যথেষ্ট৷ উত্তৰ-পূব গ্ৰন্থমেলাই ইয়াতকৈয়ো অধিক দূৰত্বলৈ চিন্তা কৰি চাব পাৰে৷ কোনো নোবেল বিজয়ী সাহিত্যিকৰ দ্বাৰা গ্ৰন্থমেলা উদ্বোধন আৰু এদিনীয়া আলাপ অনুষ্ঠানৰ চিন্তা কৰিব পাৰে৷ নতুবা বিখ্যাত সন্মানীয় প্ৰতিষ্ঠানত কৰ্মৰত বিদগ্ধ সাহিত্য-পণ্ডিতক নিমন্ত্ৰণ জনাব পাৰে৷ এনেকুৱা প্ৰচেষ্টা হাতত ল’বলৈ কৰ্তৃপক্ষক অনুৰোধ জনালোঁ৷

তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰথম দেখিছিলোঁ বিখ্যাত গণিতজ্ঞ ব্ৰুচ চি. বাৰ্ণ্টক কেইবাদিনীয়া কাৰ্যসূচী লৈ নিমন্ত্ৰণ জনাই অনা হৈছে৷ তেওঁ হ’ল গণিত ইতিহাসত নাম ৰৈ যোৱা এজন গণিতজ্ঞ৷ আইনষ্টাইন-খ্যাত Institute for Advanced Study ৰ দৰে প্ৰতিষ্ঠানৰ এসময়ৰ স্কলাৰ তেওঁ৷ তাৰে পিছত আহিছিল আন এগৰাকী শ্ৰেষ্ঠ গণিতজ্ঞ সুজাথা ৰামদৰাই৷ এনেদৰে বেলেগ বেলেগ অনুষ্ঠানলৈ নিমন্ত্ৰিত হৈছিল তেনে পৰ্যায়ৰ ব্যক্তিসকল৷ প্ৰায়ভাগ বিভাগতে বা সামুহিক অনুষ্ঠানবোৰতো সেই পৰিৱেশ দেখা গৈছিল৷ সেইবোৰ কাম কৰিছিল বা কৰে বিশ্ববিদ্যালয় আৰু নিজৰ বিভাগটোৰ সহযোগত কেৱল একোজন ব্যক্তিয়েই৷ গতিকে উত্তৰ-পূব গ্ৰন্থমেলাৰ দৰে এটি বিশাল অনুষ্ঠানে এনে কাম কৰিব নিশ্চয় পাৰিব৷ ভেংকায়া নাইডু বা দুৰ্জয় দত্তৰ দৰে ব্যক্তিসকলো লাগিব৷ যেনেদৰে ঘৰত ৰন্ধা সুষম আহাৰ, পোলাও, বিৰিয়ানী, পানীপুৰি, চাটনি, টন্ডুৰী, আচাৰ, ঝালমুৰি সকলো আমাক লগে, কাৰোবাক কাৰোবাক চীখৰ, বীয়েৰ, ভদকাও লাগে – তেনেদৰে দুৰ্জয় দত্তও লাগিব৷ কিন্তু কেৱল চাটনি, আচাৰ আৰু চীখৰ খাই সুস্থ কোনো হ’ব নোৱৰাৰ দৰে সেয়াই মুখ্য হ’লে জাতিৰ স্বাস্থ্য সুস্থ হৈ নাথাকে৷

এবছৰমান আগতে এজন ব্যক্তিয়ে এখন কাকতত এটা সৰু লেখা/চিঠি লিখিছিল৷ তেওঁ লিখিছিল যে কোনোবা এটা চেনেলে হেনো নীল আকাশৰ শকুন্তলা গানটোক বছৰটোৰ শ্ৰেষ্ঠ গান বুলি বঁটা দিছিল৷ শকুন্তলা নামৰ ছোৱালী এজনীৰ প্ৰেমত পৰি চেঙেলীয়া ল’ৰা এটাই তাইৰ ফটো এখন মোবাইলত ৱালপেপাৰ ৰাখি তাইকে চিঞৰি চিঞৰি আবোল-তাবোল বলকি থাকে৷ সেইটোৱেই হ’ল গানটো৷ সেইটো গানকে এটা জাতিয়ে বছৰটোৰ শ্ৰেষ্ঠ গান বুলি বঁটা দিলে জাতিটোৰ কি উন্নতি হ’ব? গানটো শুনিবলৈ বেয়া নহয়, কণ্ঠও ভাল, সুৰো ভাল৷ তেনে গান ওলোৱাটো বেয়া কথা নহয়৷ কিন্তু সেইবোৰেই যদি শ্ৰেষ্ঠ বুলি প্ৰাধান্য পায় তেন্তে সেয়া বৰ অনিষ্টকাৰক কথা হয়৷ গানটো শুনি ভাল পোৱাৰ পাছতো মানুহজনৰ সেই লেখাটো সমৰ্থন কৰোঁ৷ সেই লেখাটোৰ এই মতটো এই ক্ষেত্ৰতো খাটে৷

(৩৬)
কেব (/কা) বিৰোধী আন্দোলন আৰু এজন বিদ্বানৰ কাহিনী

গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ কঠিন দহটা পৰীক্ষা কি কি? এনেকুৱা তালিকাবোৰত কেইটামান পৰীক্ষা প্ৰায়ে অন্তৰ্ভুক্ত হয়। UPSC য়ে আয়োজন কৰা পৰীক্ষালানীত উত্তীৰ্ণ হৈ IAS বিষয়া ৰূপে নিৰ্বাচিত হ’ব পৰাটো তেনেকুৱা এটা কঠিন পৰীক্ষা। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত পদক লাভ কৰিব পৰাটো তেনেকুৱা এটা পৰীক্ষা। চীনত gaokao বুলি এটা পৰীক্ষা আছে, সেইটো এটা পৃথক ধৰণৰ অতি কঠিন পৰীক্ষা। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰেংলাৰ (Wrangler) হ’ব পৰাটোও তেনে এটা আটাইতকৈ কঠিন পৰীক্ষা। মহান গণিতজ্ঞ, আৰু ৰামানুজনক বিশ্বত প্ৰতিষ্ঠিত কৰোৱা বাবেও যি অতিকে বিখ্যাত — গডফ্ৰে’ হেৰল্ড হাৰ্ডি আছিল এজন ৰেংলাৰ। একাধাৰে দাৰ্শনিক, মহান গণিতজ্ঞ, ৰাজনৈতিক ব্যাখ্যাকাৰ, ইফালে সাহিত্যৰ নোবেল বঁটা বিজয়ী, গোটেই বিশ্বখনৰ বাবে এটা শতিকাৰ বিবেকস্বৰূপ বাৰ্ট্ৰাণ্ড ৰাছেল আছিল এজন ৰেংলাৰ। আমি জনাত এতিয়ালৈকে ভাৰতীয় ৰেংলাৰ কেৱল দুজন। এজন হ’ল প্ৰসিদ্ধ পদাৰ্থবিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰ (https://as.gonitsora.com/an-exclusive-interview-with-jayant-vishnu-narlikar/)। তেখেত আছিল ষ্টিফেন হকিঙৰ সমসাময়িক; পিছলৈ তেখেত ষ্টিফেন হকিঙৰ লগত একেটা বিভাগতে আছিল। তেখেতৰ আত্মজীৱনীখনে সাহিত্য অকাডেমী বঁটা জয় কৰিছে। অতি গৌৰৱৰ কথা এই যে আনগৰাকী ভাৰতীয় ৰেংলাৰ হ’ল এগৰাকী অসমীয়া। তেখেতৰ নাম অনুপম শইকীয়া (https://gonitsora.com/anupam-saikia)। তেখেত বৰ্তমান আইআইটি গুৱাহাটীৰ অধ্যাপক। ৩৫০ বছৰ ধৰি কোনেও প্ৰমাণ কৰিব নোৱৰা ফাৰ্মাৰ অন্তিম উপপাদ্যটো প্ৰমাণ কৰা বিখ্যাত গণিতজ্ঞ এন্ড্ৰু ৱাইলছৰ নাম বহুতে শুনিছে। এন্ড্ৰু ৱাইলছৰ পিএইছডিৰ গাইড আছিল গণিতজ্ঞ জন কৎছ। জন কৎছ ৰয়েল ছ’চাইটিৰো এজন সদস্য। অনুপম শইকীয়া আছিল জন কৎছৰে গৱেষক-ছাত্ৰ। শ্ৰেষ্ঠ অসমীয়া গণিতজ্ঞসকলৰ এগৰাকী ৰূপে, শিক্ষাৰ্থী মহলত অনুপম শইকীয়াৰ বহু অনুৰাগী আছে। তেখেতৰ ক্লাছত উপস্থিত থাকিবলৈ সুযোগ পাই ধন্য হৈ ঢপলিয়াই অহা ছাত্ৰ-ছাত্ৰী নিজ চকুৰে দেখা পাইছোঁ। বিদ্বৎ মহলত আৰু এটা কাৰণতো অনুপম শইকীয়াৰ বহু অনুৰাগী আছে। শিক্ষাজগতৰ উপৰি অসমীয়া সমাজ-জীৱন, ৰাজনীতিকে ধৰি অসমৰ বিভিন্ন পৰিস্থিতিৰ প্ৰতি তেখেতৰ কিছুমান স্বচ্ছ চিন্তাধাৰা আছে। এইসমূহৰ প্ৰতি তেখেতৰ সচেতনতা আছে, সজাগতা আছে। নিজৰ ক্ষেত্ৰখনত বিচক্ষণ ৰূপে বিৰাট পৰিচিতি থকাৰ পাছতো তেখেতে বহুতৰ দৰে নিৰ্জন দ্বীপত থকা নিচিনাকৈ সমাজৰ সমস্যাৰ চিন্তাৰ পৰা আঁতৰি নাথাকে। নিজৰ ঠাইখন, নিজৰ ভাষা-সুৰ-সংস্কৃতিৰ প্ৰতি তেখেতৰ আছে তীব্ৰ অনুৰাগ। এইসমূহৰ বাবেই তেখেতে শেহতীয়াকৈ কেব (/কা) বিৰোধী আন্দোলনতো ঠিয় দিছে। এই সকলোখিনিৰ সৈতে তেখেতৰ ব্যক্তিত্বই মানুহক তীব্ৰভাবে আকৰ্ষণ কৰি নিয়ে।

কেবৰ সম্পৰ্কে তেখেতে কিছু মন্তব্য আগবঢ়াইছিল। তাৰে দুটা ফেচবুক পোষ্ট:

ইংৰাজীত: https://m.facebook.com/story.php?story_fbid=3280247715383750&id=100001956612637

অসমীয়াত: https://m.facebook.com/story.php?story_fbid=3282372105171311&id=100001956612637

(৩৭)

এখন ৰাজ্য বা এটা অঞ্চল উন্নত বুলি পৰিচিত হোৱাৰ এটা প্ৰধান উপাদান হ’ল সেই ৰাজ্যখন বা অঞ্চলটোৰ মানুহবোৰৰ শিক্ষা আৰু মূল্যবোধ। সেয়েহে বিভিন্ন ৰাজনৈতিক চুক্তিৰ মাধ্যেমেৰে কিছুমান উচ্চশিক্ষা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়। যদিও তেনে এটা প্ৰতিষ্ঠান প্ৰতিষ্ঠাৰ বাবে ইমান ধন-জন হানি হোৱাৰ প্ৰয়োজন নাই, তথাপি বহু ঘটনা-পৰিঘটনাৰ শেষত উচ্চশিক্ষা প্ৰতিষ্ঠান কিছুমান লাভ কৰাটো প্ৰাপ্তিৰ এটা প্ৰতীক। কিন্তু এইবোৰে অঞ্চলবোৰত প্ৰকৃততে মানৱ-সম্পদ সৃষ্টি কৰিব পাৰিবনে নোৱাৰে? আৰু পাৰিলেও কেনেদৰে পাৰিব? বা প্ৰতিষ্ঠাৰ পাছতো কি কি বাধা আহিব পৰে?
দুটা বিশেষ বিশেষ অঞ্চলৰ দুখন উচ্চশিক্ষা প্ৰতিষ্ঠানৰ কথা। তাৰে এখন এখনত কৰ্মৰত বন্ধু তিনিগৰাকীমানৰ মুখত একেধৰণৰ এটি সমস্যাৰ কথা শুনিবলৈ পাইছিলোঁ। তাত স্থানীয় যিসকলে বিশেষ পদ্ধতিৰে নিযুক্ত হৈছিল, তেওঁলোকে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক অসৎ উপায়েৰে নম্বৰ পোৱাত তথা ডিগ্ৰী লোৱাত সহায় কৰিব বিচাৰে। যদিহে সেইবোৰ বেয়া কথা বুলি হাক দিয়া হয়, তেন্তে ছাত্ৰ-ছাত্ৰীৰ কথা বাদেই — শিক্ষকসকলেই সহকৰ্মী গৰাকীক কয় — “তোমালোকে আমাক আগবাঢ়িবলৈ নিদিয়া নেকি? আমাৰ ছাত্ৰ-ছাত্ৰীয়ে কিবা কিবি কৰি-মেলি নম্বৰ-ডিগ্ৰী গোটাইছে, তেওঁলোকক সুযোগ দিয়া, তেওঁলোক আগবাঢ়ক, তুমি কিয় বাধা দিছা?” এনেকুৱা ধৰণৰ কথা। এনে কথা শুনাৰ পাছত পৰিস্থিতিত পৰি সহি থাকিব লগা হয়, সেইবোৰ বেয়া বুলি বুজালেও নুবুজে, সেইধৰণৰ পদ্ধতিৰে যে নিজৰে অনিষ্ট কৰি দেশখন তললৈ নিব বিচাৰিছে সেইটো তেওঁলোকে মানি ল’ব নিবিচাৰে। তেনেদৰে ডিগ্ৰী লৈ তেওঁলোক ক’ৰবাত নিযুক্ত হ’ব অযোগ্যতাৰেই। আৰু নিজে অযোগ্য হৈ নিযুক্তজনে আগলৈ আনক কি শিকাব বা বুজাব? বন্ধুকেইজনৰ এজনে তেনেকুৱা আন কেইবাটাও পৰিস্থিতিৰ বাবে অশান্তি অনুভৱ কৰি কৰি শেষত সেই প্ৰতিষ্ঠানটো এৰি আন প্ৰতিষ্ঠানলৈ গুচি গ’ল। ছাত্ৰাৱস্থাৰ পৰাই তেওঁ অত্যন্ত চোকা। এটা উচ্চ প্ৰতিষ্ঠানৰ পৰা অনায়াসে আন এটালৈ যাব পৰাটো তেওঁৰ বাবে অতি সৰু কথা। বাকীকেইজনো তেওঁৰ দৰেই অতি চোকা। কিন্তু একে পৰ্যায়ৰ উচ্চ প্ৰতিষ্ঠান ইমান বেছি নাথাকে, বা সদায় সেইমতে পোষ্ট খালি নাথাকে, বা ঠাইৰ দূৰত্ব ইত্যাদি কথাও থাকে। ফলত অশান্তিৰ মাজতো তেওঁলোক থাকিব লগা হয়। কিন্তু এৰি অহাটোৱেই কথা নহয়। মূল কথাটো হ’ল সমস্যাটো। সেই সমস্যাটো হৈছে কিয়? সমস্যাটো হৈছে মূল্যবোধৰ অভাৱৰ বাবে। প্ৰকৃত শিক্ষাই মূল্যবোধ দিয়ে, আৰু মূল্যবোধে প্ৰকৃত শিক্ষা দিয়ে। দুয়োটা পৰস্পৰ পৰিপূৰক। এটা উন্নত অঞ্চল বা এটা উন্নত জাতি ৰূপে প্ৰতিষ্ঠা লাভ কৰিব পাৰি মূল্যবোধ গঢ়ি উঠিলেহে। নিজৰ মানুহ বুলি আপোচ কৰাৰ সলনি আপোচহীনভাৱে প্ৰকৃত শিক্ষা আহৰণৰ ব্যৱস্থাত গুৰুত্ব দিলেহে নিজৰ জাতিটো বা অঞ্চলটোৱে বিশ্বত স্থান নিৰূপন কৰিব পাৰিব। এই কথাত গুৰুত্ব নিদিলে বিভিন্ন চুক্তিৰ শেষত বিশেষ বিশেষ স্থানলৈ অহা উচ্চশিক্ষা প্ৰতিষ্ঠানসমূহে দেশক কোঁঙা কৰিহে পেলাব।

(৩৮)

জেএনইউৰ ছাত্ৰ-ৰাজনীতিত ৰিচাৰ্ছ স্কলাৰসকল পোনপটীয়াকৈ জড়িত হ’ব পাৰে। গৱেষক ছাত্ৰ-ছাত্ৰী বা এমফিল ডিগ্ৰীৰ ছাত্ৰ-ছাত্ৰীসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ত এতিয়াও কেৱল স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েহে ইয়াত ভাগ লয়। যদিহে ৰিচাৰ্ছ স্কলাৰসকলক জড়িত হ’বলৈ দিয়া হয়, তেন্তে ছাত্ৰ-ৰাজনীতিয়ে এটা বৌদ্ধিক মাত্ৰা লাভ কৰিব, আজিৰ তুলনাত এটা পৰিপক্ক ৰূপ পাব, তেতিয়া বিষয় আৰু বিতৰ্কই এটা নতুন ৰূপ পোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই কাৰ্যই অসমৰ বিভিন্ন কাৰ্য-ক্ৰমণিকা তথা সামুহিক চিন্তাধাৰাত বিৰাট প্ৰভাৱ পেলাব। সাংগঠনিক কাম আৰু তৰ্ক-বিতৰ্কত তেওঁলোককো অত্যন্ত প্ৰভাৱশালী ৰূপত জড়িত কৰোৱাৰ পৰম্পৰা গঢ়িত তুলিব লাগিব। বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত ইয়াৰ প্ৰয়োজন আছে। কোনো একোটা বিভাগতেই ৫০-৬০ গৰাকী পৰ্যন্ত ৰিচাৰ্ছ স্কলাৰ থকা বিশ্ববিদ্যালয়খনত এই নিয়ম কাৰ্যকৰী কৰিলে ছাত্ৰ-ৰাজনীতিৰ ৰূপেই সলনি হৈ পৰাৰ সম্ভাৱনা আছে। তুলনামূলকভাৱে নতুন আন বিশ্ববিদ্যালয়সমূহে এই অৱস্থা পাবলৈ হয়তো আৰু ২৫ বছৰ বাকী আছে। কিন্তু কটন কলেজৰ ছাত্ৰ-ৰাজনীতিৰ এটা ঐতিহ্য আছিল; গোটেই অসমত তাৰ অসাধাৰণ প্ৰভাৱ আছিল। এতিয়া বিশ্ববিদ্যালয় হোৱাৰ পাছত, মাজতে বিভিন্ন পৰিস্থিতত কিছু থমকি ৰোৱা যেন অনুভূত হৈছিল যদিও, পুনৰ কটনে সেই চৰিত্ৰ প্ৰতিস্থা কৰিবলৈ ওলাইছে। শেহতীয়া এটা বছৰেই তাৰ প্ৰমাণ। তাতো হয়তো এনে কিছু সালসলনিৰ প্ৰয়োজন আছে, যি ছাত্ৰ-ৰাজনীতিক অধিক মহিমামণ্ডিত কৰি তুলিব পাৰে। ছাত্ৰ-ৰাজনীতিক সবল কৰি তোলাৰ এয়াই অতি উপযুক্ত সময়।
ইয়াত ছাত্ৰ-ৰাজনীতি মানে নিৰ্বাচনৰ আগদিনা ৰুমে ৰুমে মদ আৰু পোলাও বিলোৱা, ছাত্ৰীৰ আগত “জিলেপি ডান্স” দি সন্তুষ্ট কৰি ভোট গোটোৱা, দিছপুৰৰ কোনোবা এজনৰ অ’ফিচলৈ গৈ ফটো এখন ল’বলৈ পালেই সন্তুষ্ট হোৱা ইত্যাদিৰ কথা কোৱা হোৱা নাই। নিজৰ সকলো হেঁপাহ আৰু বিনোদনৰ মাজতো ৰাজ্যখনৰ গতিধাৰাৰ প্ৰতি মনৰ সক্ৰীয়তা গঢ়ি উঠা আৰু তাৰ বিষয়বোৰত মাত দিয়াৰ কথাহে কোৱা হৈছে। আৰু ছাত্ৰ সমাজৰ প্ৰতিবাদ কেৱল একবিষয় কেন্দ্ৰীক নহৈ তেওঁলোকৰ দৃষ্টিৰ পৰা সুৰুঙাৰে কোনোটো বিষয় যাতে সাৰি যাব নোৱাৰে সেই কথা কোৱা হৈছে।

(৩৯)

কেব বিৰোধী আন্দোলনটো কেৱল ভাষিক অস্তিত্ব বিপন্ন হোৱাৰ বিৰুদ্ধে কৰা যুঁজ নহয়। ই হ’ল একে সময়তে ধৰ্মান্ধতাৰ বিৰুদ্ধেও কৰা এখন একে পৰ্যায়ৰ ব্যাপক যুঁজ। অসমীয়া ভাষা বিপন্ন হ’লে যুঁজিব লাগিব কেৱল অসমীয়াই। কিন্তু তাৰেই আলমত অসমীয়াই যুঁজিছে ধৰ্মান্ধতাৰ বিৰুদ্ধেও, যিখন যুঁজ বিশাল ভাৰতবৰ্ষৰ যুঁজ। আৰু ধৰ্মান্ধতাৰ বিৰুদ্ধে সমগ্ৰ ভাৰতত প্ৰস্তুতি চলা যুঁজখনৰ প্ৰধান ভাৰখন বৰ্তমান এনেদৰেই কেৱল অসমীয়াই অকলে কান্ধ পাতি লৈ গৈছে। পুৰণি কালত সভ্যতা বিকাশৰ যিবোৰ যুঁজ চলিছিল গোড়ামীৰ বিৰুদ্ধে বা নিস্পেষণৰ বিৰুদ্ধে; সেইবোৰ আৰম্ভ হৈছিল এনেকুৱাকৈয়ে মাথোঁ এটুকুৰা ঠাইত একো একোটা ঘটনাক কেন্দ্ৰ কৰিয়েই। কাৰোবাৰ এটা গান, কাৰোবাৰ এখন পেইণ্টিং, কাৰোবাৰ এটা গল্প, কাৰোবাৰ এটা পৰীক্ষণ, বা কাৰোবাৰ এখন ক্ষুদ্ৰাকৃতি কিতাপেৰে আৰম্ভ হৈছিল সেইবোৰ। তাৰেই এটা মাথোঁ ঠেকাত সেই যুঁজবোৰ চলিছিল শত বছৰ পৰ্যন্ত, জয়ী নোহোৱা পৰ্যন্ত। ভাৰতত ধৰ্মান্ধতা মশিমূৰ কৰিবলৈ লগা দীঘলীয়া যুঁজখনত এটা ডাঙৰ শক্তি দিবলৈ আৰম্ভ কৰিছে অসমীয়াই অকলে।

(৪০)

ছাত্ৰ-ছাত্ৰীৰ সমাজৰ প্ৰতি এটা দায়বদ্ধতা থাকিব লাগে। আমাৰ বিশ্ববিদ্যালয়তে চাওক, প্ৰতি ছাত্ৰৰ বাবদ মোটামুটি দহ লাখ টকা লাগে। বিজ্ঞান-প্ৰযুক্তিত বহুত খৰচ হয়। এই দহ লাখ টকা এজন ছাত্ৰ বা ছাত্ৰীৰ ওপৰত আমি খৰচ কৰিব লাগে। এতিয়া আপুনি যদি মোক সোধে, অভিভাৱকে কিমান দিয়ে? অভিভাৱকে অতি সীমিত অংশ এটা দিয়ে। বেলেগ পইছাটো ক’ৰ পৰা আহিল? চৰকাৰৰ পৰা। চৰকাৰ কি? চৰকাৰেতো ৰাইজৰ পৰাই লয়। তাৰমানে এইটো ৰাইজে আমাক দিছে। মই এজন উপাচাৰ্য, আপুনি আজি এজন সাংবাদিক বা আপুনি এজন গৱেষক, আপোনাক আপোনাৰ মা-দেউতাই যিমান পাৰিছে দিছে, কিন্তু সেইটো পৰ্যাপ্ত নহয়; আপুনি ভালকৈ চিন্তা কৰিলে গম পাব আমাক ৰাইজে আগবঢ়াই আনিছে। গতিকে ৰাইজৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে। আমি অলপ পঢ়া-শুনা কৰি চাকৰি পাইছোঁ, কেৱল পইছাৰ কথা বুলি নহয়— আমাৰ সমবেদনা, পৰামৰ্শ, আমাৰ সু-পৰামৰ্শ দিয়াৰ এটা দায়িত্ব আছে। এইখিনি আমি বুজিব লাগিব। স্বদেশপ্ৰেম— আমাৰ দেশ, আমাৰ ৰাজ্য, আমাৰ জিলাক আমি ভাল পাব লাগিব। আমি চেষ্টা কৰিম জিলাখন ভাল কৰিবলৈ, এইটো ভাৱ আহিব লাগিব।

— ওপৰৰ কথাখিনি আছিল এখন বিশ্ববিদ্যালয়ৰ এজন উপাচাৰ্যৰ। বিশ্ববিদ্যালয়, কলেজ বা আন যিকোনো ৰাজহুৱা শিক্ষা-প্ৰতিষ্ঠানত যে ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিনন্দন ফুলবোৰ আছে, বিল্ডিংবোৰ আছে, পুথিভঁৰালত পঢ়িবলৈ পোৱা দ’ম দ’ম কিতাপবোৰ আছে, অতি দামী দামী জাৰ্নেলবোৰ বিনামূলীয়াকৈ আছে…… এই সকলোবোৰ ৰাইজৰ ধনেৰে আহিছে। হোষ্টেলৰ বিচনাখন, বাচনবোৰ, শিক্ষকৰ দৰমহাবোৰ সকলো ৰাইজৰ। তলৰ পৰ্যায়ৰ প্ৰতিষ্ঠান এটাতো এজন ছাত্ৰতে বহু লাখ টকা খৰচ হয় ৰাইজৰ। গতিকে ছাত্ৰসমাজ ৰাইজৰ প্ৰতি দায়বদ্ধ হৈ থাকিবলৈ শিকিব লাগিব। দেখাত নিজে অকলে খৰচ কৰা যেন লাগিলেও, তেওঁলোকৰ লগত ৰাইজৰ ডাঙৰ অৱদান আছে। চৰকাৰে মাহে সাতশ টকা এটা দিম বুলি ঘোষণা কৰিলে সেই টকাটোও তাৰে অংশ মাথোঁ। চৰকাৰে কেৱল সাতশ টকাই দিয়া নাই। চৰকাৰে লাখ টকা দি আছে। মানে ৰাইজে দি থকা লাখ টকাৰ লগত নতুনকৈ ৰাইজৰ সাতশ টকা এটা যোগ হৈছে। গতিকে ছাত্ৰ-ছাত্ৰীসমাজ ৰাইজৰ প্ৰতি অধিক দায়বদ্ধহে হ’ব লাগিব বা সেই দায়বদ্ধতাৰ কথা নতুনকৈ এবাৰ মনত পেলোৱাৰ সময় বুলি সেইটোক ভাবিব লাগিব। কোনোবাই এনেকৈ অনুভৱ কৰিব পাৰে যে এয়া কোনো ধনৱন্তই নিজৰ জেপৰ পৰা দয়া কৰি এশ টকা এটা গুজি দিয়াৰ দৰে কথা; যিটো এশ টকাৰ বাবে লওঁতাজনে ধনৱন্তজনৰ ওচৰত সদায় দাস হৈ ভজি থাকে। এইটো তেনেকুৱা কথা নহয়। শিল্পীসমাজে এনেকৈ পোৱা ধনটোৰ বাবে নিজকে দাস নাসাজিলে; তেওঁলোকে নিজকে বিবেচিত বুলি ঘোষণা কৰিলে। অধিক দৰমহা পোৱাৰে পৰা অধ্যাপকসমাজে নেতাৰ প্ৰতি আনুগত্যক মালাৰূপে পিন্ধি লোৱা বুলি চৰ্চিত হৈ আছিল কেইবাবছৰৰ পৰা। বা ধনৰ লগত উমলি উমলি অসমৰ বৌদ্ধিক কামকাজৰ পৰা সামুহিকভাৱে তেওঁলোক আঁতৰিল বুলি চৰ্চা হোৱা দেখা গৈছিল। সিদিনাও বিদ্বান এজনে পুনৰ এই অভিযোগটো কৰিলে। সামুহিকভাৱে তেওঁলোক হালি গ’ল, আৰু আজি মন্ত্ৰীৰ সৈতে অনুষ্ঠানটোৰ পাছত পৰ্যায়টো অধিক তললৈ যাব নিশ্চয়, বাক-স্বাধীনতা সঁজাত অৱদ্ধ হৈ ৰ’ব। এতিয়া ছাত্ৰ-সমাজৰ পাল। ৰাইজৰ প্ৰতি মত-অমত কি হয় সেয়া তেওঁলোকৰ বিবেচনাৰ কথা; কিন্তু তেওঁলোকে সেয়া ৰাইজৰ বস্তু বুলি বুজি লৈ ৰাইজৰ প্ৰতি অধিক দায়বদ্ধ হ’ব নে একোজন ব্যক্তিৰ জেপৰ মানুহ হৈ পৰিব বিচাৰিব সেয়া তেওঁলোকৰ বৌদ্ধিক সামৰ্থ্যই নিৰ্ণয় কৰিব।

টোকাবহী (অণু-প্ৰবন্ধ) : ২১ – ৩০

টোকাবহী (অণু-প্ৰবন্ধ) : ১১ – ২০

টোকাবহী (অণু-প্ৰবন্ধ) : ০১ – ১০

No Comments

Post A Comment