আৰ্থাৰ চি. ক্লাৰ্ক জীৱনজোৰা সাধনা বঁটা

অন্ধবিশ্বাস, কু-সংস্কাৰ, আৰু ধৰ্মীয় গোড়ামী দূৰীকৰণত কল্পবিজ্ঞান সাহিত্যই এক প্ৰবল অৰিহণা যোগায়। অসমীয়া ভাষাত এই ধাৰাটো এতিয়া মৰাসুঁতিত পৰিণত হৈছে, অন্ততঃ যোৱা এটা দশকত। আনকি কল্পবিজ্ঞান সাহিত্য সম্পৰ্কীয় খবৰবোৰো সিমান পোৱা নাযায়।

মানুহ কল্পনাপ্ৰিয়। য়ুভাল ন’আ হেৰাৰিৰ দৰে মানৱ বুৰঞ্জীবিদে এখোপ আগুৱাই গৈ এনেকৈয়ো ক’ব খোজে যে সাধুকথাত বিশ্বাস কৰাব কেৱল মানুহকে পাৰি, আন জীৱক নোৱাৰি। মানুহৰ এনে চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবেও এই কথা ক’ব পাৰি যে নতুন প্ৰজন্মৰ মনত বিজ্ঞান মনস্কতাৰ বীজ ৰোপণ কৰিবলৈ প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত কল্পবিজ্ঞান সাহিত্যও এটা।

কল্পবিজ্ঞান সাহিত্য মানে, সুদূৰ ভৱিষ্যতে কি হ’ব পাৰে তাৰ অলীক কল্পনা আৰু সেইবোৰ দৃশ্যৰে ৰসাল বৰ্ণনা নহয়। ই হ’ল প্ৰাকৃতিক বৈশিষ্ট্যবোৰৰ ওপৰত নিৰ্ভৰ কৰি মানুহে নিজ হাতে নিৰ্মাণ কৰিবলৈ গৈ থকা একোখন নতুনত্বপূৰ্ণ জগতৰ কাহিনী। সাধাৰণতে আজি যিটো কল্পনা কৰাও কঠিন, প্ৰকৃতিৰ যিখিনি শক্তিক আজি মানুহে নিয়ন্ত্ৰণ কৰিব পৰাৰ কথাও সাধাৰণতে ভবা নহয়, সেইবোৰকে আয়ত্বলৈ আনি নতুন জগতখন গঢ়া সম্পৰ্কীয় কথা সেইবোৰ। সেয়েহে, এই সাহিত্য কেৱল বৈজ্ঞানিক চিন্তাদায়ক আৰু কল্পনাদায়ক সাহিত্যই নহৈ, প্ৰায়ে হৈ পৰে পৰম উদ্দীপনাদায়ক সাহিত্যও।

কল্পবিজ্ঞান সাহিত্য জগতৰ এক মহৎ প্ৰতিভূ আছিল আৰ্থাৰ চি. ক্লাৰ্ক। বৈজ্ঞানিক সিদ্ধি সম্পৰ্কত পদ্ধতিগতভাবে পূৰ্বানুমান কৰাটোতো তেওঁ আছিল অসাধাৰণ। যিটো কাম কৰাটো, কোনো বৈজ্ঞানিক বিষয়বস্তু আৰু তাৰ আনুষংগিক গোটেই প্ৰসংগবোৰৰ বৰ্তমানটোত ব্যুৎপত্তিমান জনৰ বাবেহে সম্ভৱ। সাধাৰণজনে আজব কথা বুলি ভাবিব পৰা এনে বহু কথা তেওঁ ভৱিষ্যদ্বাণী কৰিছিল, যিবোৰৰ বহুতো তেওঁ কোৱা সময়ৰ আগতেই বাস্তৱ হৈ পৰিছিল। যেনে: চন্দ্ৰ অভিযান, ইণ্টাৰনেট ব্যৱস্থা।

তেওঁৰ নামত প্ৰতিষ্ঠা হোৱা ‘আৰ্থাৰ চি. ক্লাৰ্ক ফাইণ্ডেছন’এ কল্পবিজ্ঞান সাহিত্য, বিজ্ঞান জনপ্ৰিয়কৰণ, অভিনৱ বৈজ্ঞানিক উৎকৰ্ষ সাধন, আদি ক্ষেত্ৰত উৎসাহ যোগাবলৈ বিবিধ কাম কৰি আহিছে। এই সংস্থাই কেইবাটাও সন্মানৰ লগতে ‘আৰ্থাৰ চি. ক্লাৰ্ক জীৱনজোৰা সাধনা বঁটা’ শীৰ্ষক এক বঁটাও প্ৰদান কৰে। ২০২১ বৰ্ষৰ এই সন্মান “তাত্ত্বিক পদাৰ্থ বিজ্ঞানী, ভৱিষ্যদৰ্শী, আৰু বিজ্ঞান জনপ্ৰিয় কৰোঁতা হিচাপে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে” মিচ্ছিঅ’ কাকুক প্ৰদান কৰা হৈছে। পূৰ্বতে এই সন্মান লাভ কৰাসকল হ’ল— বিজ্ঞানী আৰু লেখক ষ্টিফেন হকিং, নাছা (NASA), ইণ্টাৰনেটৰ এগৰাকী জনক ভিণ্ট চাৰ্ফ, বহুবিদ্যা বিশাৰদ ইলন মাস্ক, ৰয়েল চছাইটিৰ এগৰাকী প্ৰাক্তন সভাপতি মাৰ্টিন ৰিছ, পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ ফ্ৰীমেন ডাইছন, আদি।

এক সুতীক্ষ্ণ ধৰণেৰে বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াই বিজ্ঞান জনপ্ৰিয় কৰা মিচ্ছিঅ’ কাকু নিজেও অতি জনপ্ৰিয়। নতুনৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণৰ সম্পৰ্কত তেওঁ কি কয়? তেওঁ কয় যে—

আমি সকলোৱেই জন্মগতভাবেই বিজ্ঞানী; আমি জন্মগতভাবেই তেতিয়ালৈকে বিজ্ঞানী হৈ থাকোঁ যেতিয়ালৈকে আমি আটাইতকৈ প্ৰকাণ্ড বিজ্ঞানী ধ্বংসকাৰীটোৰ সন্মুখিন নহওঁ; আৰু আটাইতকৈ প্ৰকাণ্ড বিজ্ঞানী ধ্বংসকাৰীটো হৈছে মাধ্যমিক-উচ্চ-মাধ্যমিক বিদ্যালয়বোৰ। প্ৰতিদিনে আমি শ-হাজাৰ হিচাপত কিশোৰ-কিশোৰী হেৰুৱাই দিওঁ, যিসকলে ভাবিবলৈ লয় যে বিজ্ঞান বিৰক্তিকৰ, অদৰকাৰী, ইয়াত অকল তথ্য বা চিত্ৰ আদি মুখস্থ ৰখাই কাম। তেনেতেই ৰোল মডেলৰ ওলোটা ক্ৰমটোৱে প্ৰবলভাবে ক্ৰিয়া কৰে। বিনোদন জগতে দেখুৱায় যে ৰোল মডেলৰ পিৰামিডটোৰ শীৰ্ষত আছে সুন্দৰ-সুন্দৰীবোৰ। কিন্তু, কোনো কওঁতা নোলায় যে সেই পিৰামিডটোৰ তলটো ওপৰমুৱা হৈ আছে। সেইটো ওলোটা হৈ পৰি আছে, সেই কথা তেওঁলোকক কোনেও নকয়। কিশোৰ-কিশোৰীৰ সমস্ত চিত্তবিক্ষেপণ (distraction) আঁতৰাবলৈ ৰোল মডেলৰ দৰকাৰ হয়। বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, বা অন্যান্য বৈজ্ঞানিক সৰঞ্জাম আদি গ্লেমাৰাইজ কৰাটোৱেই যথেষ্ট নহয়। ৰোল মডেলৰ প্ৰয়োজন হয়। কোনে এইবোৰ কৰিছে, কিয় কৰিছে, সেইবোৰ জনাতো প্ৰয়োজন হয়। কিন্তু আমাৰ ৰোল মডেল কিমান আছে? অতি কম। টিভিটো খুলি চাওক, আপুনি কেইজন বিজ্ঞানৰ ৰোল মডেল পাব? কিন্তু তাৰ বিপৰীতে কিমানবিলাক ৰিয়েলিটি ষ্টাৰ আছে, কিমানবোৰ বি-গ্ৰেডৰ অভিনেতা-অভিনেত্ৰী আছে! তেতিয়া আপুনি উপলব্ধি কৰিব যে আমাৰ মেডিয়াই যিবোৰ ৰোল মডেল দিছে, মেডিয়াই অতি বিকৃত দৃশ্যপট এটা দাঙি ধৰি আছে।

মিচ্ছিঅ’ কাকুৱে এইবোৰ কৈছে উন্নত দেশত, বিজ্ঞান সজাগতাত আগৰণুৱা দেশত বহি লৈ। আমাৰ ক্ষেত্ৰত কি হ’ব?

No Comments

Post A Comment