অন্ধবিশ্বাস, কু-সংস্কাৰ, আৰু ধৰ্মীয় গোড়ামী দূৰীকৰণত কল্পবিজ্ঞান সাহিত্যই এক প্ৰবল অৰিহণা যোগায়। অসমীয়া ভাষাত এই ধাৰাটো এতিয়া মৰাসুঁতিত পৰিণত হৈছে, অন্ততঃ যোৱা এটা দশকত। আনকি কল্পবিজ্ঞান সাহিত্য সম্পৰ্কীয় খবৰবোৰো সিমান পোৱা নাযায়। মানুহ কল্পনাপ্ৰিয়। য়ুভাল ন’আ হেৰাৰিৰ দৰে মানৱ বুৰঞ্জীবিদে এখোপ আগুৱাই গৈ এনেকৈয়ো ক’ব খোজে...