মহাত্মা গান্ধীৰ জীৱনৰ আটাইতকৈ সৃষ্টিশীল ক্ষণটো

মহাত্মা গান্ধী মানে “এখন গালত কোনোবাই এটা থাপৰ মাৰিলে, আনখন গালো পাতি দিয়া” পৃথিৱীৰ একমাত্ৰ মানুহজন নেকি? ৰসিকতাখিনি বাদ দিয়াৰ পাছতো এই কথাষাৰৰ বাবে বহুতে তেওঁক তেনেকুৱা এজন মানুহ যেনেই ধাৰণা কৰিব পাৰে; কিন্তু সেইটো শুদ্ধ নহয়। সেই কথাষাৰৰ জৰিয়তে মোহনদাস কৰমচান্দ গান্ধী নামৰ মানুহজনে যিয়েই যিটোকে কয় তাতেই লেতু-সেতু হৈ সেও মানিব লাগিব ধৰণৰ বক্তব্য এটা প্ৰকাশ কৰিব বিচৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ নিজেই আছিল প্ৰচণ্ড দৃঢ়তাৰ এক প্ৰতীকহে।

সৰুকালতেই পঢ়িবলৈ পোৱা যায় যে— গান্ধী লাজকুৰীয়া আছিল। তেওঁৰ কথা-বতৰা সদায় শান্ত আছিল। তেওঁ আছিল introvert। তেন্তে ইমান এটা আন্দোলনৰ নেতৃত্ব দিবলৈ তেওঁ আগবাঢ়িব পাৰিছিল কেনেকৈ? যাৰ নেতৃত্বৰ আদৰ্শৰে আজি ৰাজনীতিৰ বাহিৰেও আন বিভিন্ন ক্ষেত্ৰৰ বিশ্বৰ নেতাসকলক প্ৰশিক্ষণো দিয়া হয়! যদিও extrovert সকলক যোনে-তোনে প্ৰায়ে প্ৰশংসা কৰে, আৰু বহু সময়ত introvert সকলক এলাগি কৰা হয়— বিশেষকৈ সৰুকালত; কিন্তু সমাজত introvert সকলেহে অধিক কাৰ্যকৰী ভুমিকা গ্ৰহণ কৰিব পৰাৰ বহু উদাহৰণ আছে। তেনেকুৱা উদাহৰণবোৰৰ অন্যতম হ’ল গান্ধী। তেনেকুৱা আচৰিত কৰি তুলিব পৰা কেইটিমান উদাহৰণ হ’ল — ওবামা, বিল গেটছ, মাৰ্ক জুকাৰবাৰ্গ, ষ্টিফেন স্ফিলবাৰ্গ, আব্ৰাহাম লিংকন, জেমছ কেমেৰুণ। কোনোবা অনুজক যদি introvert বুলি আন বহুতে ঠাট্টা-মস্কৰা কৰা দেখা পায়, তেন্তে সেইটো কাৰণতেই তেওঁৰ দক্ষতাৰ প্ৰতি অগ্ৰজ ৰূপে সন্দিহান হোৱাৰ প্ৰয়োজন নাই। এই introvert সকলেহে গভীৰলৈ চিন্তা কৰিব পৰা, বহল দৃষ্টিভংগী আহৰণ কৰা, দূৰ ভৱিষ্যতৰ সুন্দৰৰ বাবে জগতখন সলনি কৰিব পৰা, সেইসমূহৰ বাবে দৃঢ়তা অৰ্জন কৰিব পৰাৰ অধিক সম্ভাৱনা থাকে।

গান্ধী দক্ষিণ আফ্ৰিকালৈ গৈছিল উকীল হিচাপে নিজৰ কেৰিয়াৰটো গঢ়ি দুপইছামান অৰ্জন কৰিবলৈ— “দক্ষিণ আফ্ৰিকাত ভাগ্য পৰীক্ষা কৰা যাওক” বুলি। কিন্তু তাতেই এক দুখজনক ঘটনা ঘটিছিল, আৰু সেই ঘটনাটোৱেই মোহনদাস কৰমচান্দ গান্ধী নামৰ সাধাৰণ ডেকা উকীলজনক মহাত্মা গান্ধীলৈ পৰিৱৰ্তনৰ পথ মুকলি কৰি পেলাইছিল।

১৯৮২ চনত নিৰ্মিত, মহাত্মা গান্ধীৰ জীৱন ভিত্তিক “গান্ধী” নামৰ ছবিখনে ৮টা অস্কাৰ জয় কৰিছিল। লুই ফিছাৰ নামৰ লেখক এজনে লিখা গান্ধীৰ বিখ্যাত জীৱনী এখনৰ প্ৰভাৱ আছিল সেই ছবিখনত। লুই ফিছাৰে গান্ধীৰ জীৱনৰ সেই দুখজনক ঘটনাটোৰ যি ব্যাখ্যা দিছিল, চমুকৈ সেয়া আছিল এনেধৰণৰ—

তাত বগা চাহাবসকলে ভাৰতীয়সকলক কুলী বুলি মাতিছিল। ভাৰতীয়সকল যি বৃত্তিৰে নহওক কিয়, লগত কুলী লগাই মতা হৈছিল— কুলী শিক্ষক, কুলী বেৰিষ্টাৰ,…. ইত্যাদি। তাৰ পৰা বাচিবলৈ কিছুমানে নিজকে পাৰস্যৰ, কিছুমানে নিজকে আৰবৰ বুলি পৰিচয় দিছিল। আৰু গান্ধীয়ে সেইটো কৰা নাছিল। ক’ৰ্টত তেওঁক পাগুৰি খুলিবলৈয়ো বাধ্য কৰা হৈছিল।

এবাৰ এটা মোকৰ্দমাৰ বাবে গান্ধীয়ে ডাৰবানৰ পৰা প্ৰিটোৰিয়ালৈ ৰেলেৰে যাত্ৰা কৰিছিল। ৰেলেৰে নিশাটোৰ পথ। তেওঁৰ হাতত আছিল এটা প্ৰথম শ্ৰেণীৰ টিকট। পথটোৰ প্ৰায় এক তৃতীয়াংশ যাত্ৰা কৰাৰ পাছত নাটালৰ মৰিটজবাৰ্গ ষ্টেচনত তেওঁৰ ডবাটোত এজন বগা চাহাব উঠিল আৰু গান্ধীক দেখি তাৰ পৰা ওলাই গুচি গ’ল। অলপ পাছত বগা চাহাবজন পুনৰ ডবাটোলৈ আহিল, আৰু তেওঁ লগত লৈ আহিল দুজন ৰেলৱে’ অফিচাৰ। অফিচাৰ দুজনে গান্ধীক তাৰ পৰা ওলাই তৃতীয় শ্ৰেণীৰ ডবালৈ যাবলৈ নিৰ্দেশ দিলে। গান্ধীয়ে প্ৰতিবাদ কৰিলে, তেওঁৰ হাতত থকা প্ৰথম শ্ৰেণীৰ টিকটটো দেখুৱালে। কিন্তু অফিচাৰ কেইজনে নামানিলে। আৰু গান্ধীয়েও ডবাটো এৰি যাবলৈ নিবিচাৰিলে। ফলত পুলিচৰ হতুৱাই গান্ধীক ডবাটোৰ পৰা টানি বাহিৰ কৰি দিলে। সেই ষ্টেচনটোতে গান্ধী পৰি থাকিল, গোটেই নিশা। তেতিয়া ভীষণ শীত পৰিছিল। গান্ধীৰ অভাৰ-কোটটো মালপত্ৰৰ লগত আছিল আৰু মালপত্ৰবোৰ ৰেল কৰ্মচাৰীৰ হাতত আছিল। পুনৰ অপমানিত হোৱাৰ ভয়ত গান্ধীয়ে তেতিয়া সেইবোৰো বিচাৰি নগ’ল। গোটেই নিশাটো তেওঁ কঁপি কঁপি ভাবি ভাবি পাৰ কৰিলে। তেওঁ তৃতীয় শ্ৰেণীৰ ডবালৈ গৈ যাত্ৰাটো সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন; কিন্তু তেওঁ সেইটো নকৰিলে। পিছত যেতিয়া তেওঁ আন ভাৰতীয়সকলক প্ৰতিবাদ কৰাৰ সম্পৰ্কে সুধিছিল তেওঁলোকে ক’লে— তুমি তোমাৰ মূৰটো শিলৰ বেৰত খুন্দিয়াব নোৱাৰা। কিন্তু গান্ধীয়ে সেইটোকেই কৰাৰ সিদ্ধান্ত ল’লে। তেওঁক তাৰ ভাৰতীয়সকলে হাঁহিছিল যে— এইখন দেশ তোমাৰ দৰে মানুহৰ বাবে নহয়; ধন ঘটিবলৈ আমি অপমানিত হ’বলৈয়ো কুণ্ঠাবোধ নকৰোঁ…। কিন্তু গান্ধীয়ে বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজ দিবলৈ বদ্ধপৰিকৰ হ’ল।

বহু বছৰৰ পাছত গান্ধীক এবাৰ সোধা হৈছিল— আপোনাৰ জীৱনৰ সৃজনাত্মক অভিজ্ঞতা কোনটো? গান্ধীয়ে উত্তৰ দিছিল— সেই নিশা মেৰিটজবাৰ্গ ষ্টেচনত ঘটা সেই ঘটনাটোৱেই আছিল তেওঁৰ জীৱনৰ সৃজনাত্মক অভিজ্ঞতা!

No Comments

Post A Comment