তলৰ উদ্ধৃত কথাখিনি ডা৹ ধ্ৰুৱজ্যোতি বৰাই ২০০৩ চনত ‘গৰীয়সী’ত এটা প্ৰবন্ধৰ আৰম্ভণিতে লিখিছিলঃ “সঁচাকৈয়েই আচৰিত আছিল যোগাযোগটো। সঁচাকৈয়ে আচৰিত যোগাযোগ। পোন প্ৰথমবাৰৰ বাবে কয়েৎজেক আৱিষ্কাৰ কৰাটো মোৰ বাবে আচৰিত যোগাযোগেই আছিল। অভাৱনীয়ভাৱে আচম্বিতে হৈছিল এইটো। তাৰ আগলৈকে ম‍ই কয়েৎজেৰ নামেই শুনা নাই। তেনে নামৰ লিখক এজনৰ অস্তিত্ব আছে...