টোকাবহী (অণু-প্ৰবন্ধ) : ১১ – ২০

(১১)

কুকুৰ এটাই ভুকি থকা বাবে একলব্যই পাঁচপাত কাঁড় মাৰি কুকুৰটোৱে ভুকিব নোৱৰা কৰি দিছিল৷ তেওঁ ইমান বিচক্ষণতাৰে, কৌশলেৰে কামটো কৰিব পাৰিছিল যে তেনে কাম কৰিব পৰা মানুহ বিশ্বত তেওঁৰ বাহিৰে আৰু কোনো নাছিল৷ তাতোকৈ আচৰ্য্যকৰ কথাটো হ'ল তেওঁ সেই দক্ষতা অৰ্জন কৰিছিল সম্পূৰ্ণ নিজে প্ৰচুৰ গৱেষণা কৰি, তেওঁক কোনেও সহায় কৰা নাছিল৷ আনহাতে তেওঁৰ গুৰু ভক্তিৰো তুলনা নাই৷ দ্ৰোণাচাৰ্যই তেওঁক শিক্ষা নিদিয়াৰ পাছতো তেওঁ মনতে গুৰু মানি লৈছিল আৰু দ্ৰোণাচাৰ্যই নিজৰ ক্ষুদ্ৰ স্বাৰ্থত অন্যায়ভাৱে বুঢ়া আঙুলিটো গুৰুদক্ষিণা হিচাপে বিচাৰোঁতেও একলব্যই নিজে কাটি দি দিছিল৷ গতিকে একলব্যৰ প্ৰতি আমাৰ মনত বহু সহানুভূতি থাকিলেও তেওঁক আজিও কিন্তু কোনেও শ্ৰেষ্ঠ বুলি বন্দনা নকৰে। কিয়?? কাৰণ, তেওঁ গভীৰ অধ্যয়ন কৰি বিশ্বশ্ৰেষ্ঠ দুটামান গুণ অৰ্জন কৰিছিল যদিও তেওঁ ন্যূনতম দয়া, শিষ্টাচাৰ, সু-মনোবৃত্তি গঢ়ি তুলিব নোৱাৰিলে৷ নহ'লে ভুকি থকা বাবেই তেওঁ এটা কুকুৰলৈ পাঁচপাত কাঁড় মাৰি মুখখন বন্ধ কৰি দিয়েনে!! কেইটামান বিদ্যা অৰ্জন কৰিলে যদিও তেওঁ হৈ থাকিল বৰ্বৰ৷ মহাভাৰত নামৰ নাটকখনত বা মহাকাব্যখনত একলব্যৰ লগতে আৰু দুজন, মুঠ তিনিজন বিশ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ আমি পাওঁ৷ বাকী দুজন হ'ল কৰ্ণ আৰু অৰ্জুন৷ জন্মৰ পাছতে মাকে নদীত উটাই দিয়াৰ দিন ধৰি অন্তিম মুহূৰ্তলৈকে তেওঁ দুখ, কষ্ট, হতাশা, নিন্দা, ঠাট্টা, নিজৰ ব্ৰহ্মফাঁকি ধৰা পৰি পোৱা অভিশাপ, ত্যাগ... কত কি অসীম যন্ত্ৰণা অতিক্ৰম কৰি বিশ্বশ্ৰেষ্ঠসকলৰ এজন হিচাপে নিজকে গঢ়ি তুলিলে! নাটকৰ তেওঁৰ কাহিনীয়ে আজিও মানুহক যোগায় অসীম প্ৰেৰণা৷ আৰু তেওঁৰ দানৰো তুলনা নাই৷ অথচ তেৱোঁ এই তিনিওজনৰ মাজত শ্ৰেষ্ঠ বুলি কেতিয়াও গণ্য নহ'ল৷ অৰ্জুনেই শ্ৰেষ্ঠ হৈ সদায় থাকি গ'ল কিয়?? উত্তৰটো দিছিল কৰ্ণই নিজেই৷ অন্তিম মুহূৰ্তত অৰ্জুনে কৰ্ণক জনাইছিল— "তুমিয়েই শ্ৰেষ্ঠ ধনুৰ্ধৰ"৷ কৰ্ণই তেতিয়া কৈছিল— "নহয়, নহয়! তুমিহে সৰ্বশ্ৰেষ্ঠ অৰ্জুন৷ তুমি গোটেই জীৱন নিজক শ্ৰেয়ঃ কৰিব বিচাৰিছিলা৷ উত্তম হিচাপে তুমি নিজক গঢ়িছিলা বাৰে বাৰে নিজকে নিজেই অতিক্ৰমী৷ আৰু মই কি কৰিছিলোঁ? মই সদায় তোমাতকৈ শ্ৰেষ্ঠ হ'বলৈ বিচাৰি ফুৰিছিলোঁ৷ মোৰ মনত সদায় মই সুমাই ৰাখিছিলো তোমাক৷ অথচ তুমি আছিলা সদায় নিজত৷"

 

(২০১৬ চনৰ শিক্ষক দিৱসৰ দিনা এঠাইত এজন অধ্যাপকে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণৰ এইয়া আছিল এটি অংশৰ মূলকথা৷ সম্পূৰ্ণ নাটকীয় দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰা এই মূল্যৱান কথাখিনিয়ে প্ৰতিজন মানুহকে বহু সহায় কৰিব।)

(১২)

কিছুমান তথ্য, বক্তব্য, কাহিনী আদি খুৱ সংক্ষিপ্ত আৰু স্পষ্টকৈ ছবিৰে সৈতে এটা পৃষ্ঠাত আকৰ্ষণীয়ভাৱে সহজবোধ্য কৰি প্ৰকাশ কৰাৰ এটি নতুন প্ৰক্ৰিয়া বৰ্তমান প্ৰচলন হৈছে। যিটোক কোৱা হয়— ইনফ’গ্ৰাফিক। এইসমূহ তৈয়াৰ কৰা ব্যক্তিক ইনফ’গ্ৰাফিক লেখক বুলিও কোৱা হয়। এগৰাকী খুৱ জনপ্ৰিয় ইনফ’গ্ৰাফিক লেখক হ’ল এনি ভাইটেল। How to be productive, How Steve Jobs started, How Einstein Started, Why projects fail আদি এনি ভাইটেলৰ বিখ্যাত ইনফ’গ্ৰাফ। তেওঁৰ আন এখন ইনফ’গ্ৰাফ হ’ল— How Pinterest started. তাত পিণ্টাৰেষ্টৰ সহ-প্ৰতিষ্ঠাপক বেন চিলবাৰমেনৰ কাহিনী দেখুওৱা হৈছে।

২০১০ চনত মুকলি কৰা ফটো শ্বেয়াৰিং ৱেবছাইট pinterest.comৰ বৰ্তমান মাহিলী ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ১৭ কোটি আৰু ছাইটটোৰ চাকৰিয়ালৰ সংখ্যা ৮০০ৰো অধিক।

বেন চিলবাৰমেন আছিল ৰাজনীতি-বিজ্ঞানৰ স্নাতক। ঘৰখনৰ বাকী সকলোৱেই চিকিৎসক— মাক-দেউতাক আৰু দুজনী ভগ্নী, সকলো। বেনো চিকিৎসাৰ দিশতে যোৱাটো সকলোৱে আশা কৰিছিল। মাক-দেউতাক অনুসন্ধিৎসু মনৰ যদিও দেউতাকে প্ৰযুক্তিৰ লাইনটো সুৰক্ষিত বুলি ভবা নাছিল কেতিয়াও। পিছত বেনে গুগলত এটা চাকৰি পালে। বেনে গোটেই দিনটো গুগলৰ অফিচত spreadsheetত তালিকা উলিয়াই উলিয়াই হতাশ হয়। গুগলত ইমানবোৰ বিচক্ষণ অভিযন্তাই ভৰি থকা অৱস্থাত তেওঁৰ দৰে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ এজনৰ বাবে তাত স্বাভাৱিকভাৱেই বিশেষ কামো নাই। অহৰহ তেওঁ কিবা এটা নিজাকৈ কৰাৰ কথা ভাবে। তেওঁ কয় যে তেওঁ কিবা এটা নতুন কৰিব, কিবা এটা কৰিব...। কথাটো অহৰহ শুনি শুনি এদিন তেওঁৰ প্ৰেয়সীগৰাকীয়ে (পিছলৈ পত্নী) ক’লে— তুমি কামটো হয় কৰা নহ’লে কৈ থাকিবলৈ বাদ দিয়া! আৰু সেই এষাৰ সৰু কথাই বেনৰ জীৱনৰ গতি সলনি কৰি পেলালে। তেতিয়া ২০০৮ চন। তেওঁ গুগলৰ চাকৰিটো এৰি দিলে, তেওঁ এজন সহযোগী (সহ-প্ৰতিষ্ঠাপক) বিচাৰি উলিয়ালে আৰু এটা এপ নিৰ্মাণ কৰিলে, কিন্তু একো উন্নতি কৰিব নোৱাৰিলে। এইবাৰ তেওঁলোক দুজনৰ লগ লাগিল আন এজনো। কোনোজনেই অভিযন্তা নহয়, তথাপি তেওঁলোকে এটা ৱেবছাইটৰ পৰিকল্পনা কৰিলে। ধনৰ বিনিয়োগকাৰী পোৱাত তেওঁলোকৰ বহু অসুবিধা হৈছিল। অৱশেষত কিছু ধন আহিল। তেওঁলোকে ৪০-৫০টা পৰ্যন্ত আৰ্হি নিৰ্মাণ কৰি পৰীক্ষা কৰি চালে, আৰু অৱশেষত ছাইটটো নিৰ্মাণ কৰিলে। ছাইটটোৱে নিৰ্মাণৰ প্ৰথম চাৰি মাহত লাভ কৰিছিল মাথোঁ ২০০ জনমান ব্যৱহাৰকাৰী। বেন চিলবাৰমেনে প্ৰথম ৫,০০০-৭,০০০জন পৰ্যন্ত ব্যৱহাৰকাৰীলৈ ব্যক্তিগত মেছেজ দি ছাইটটোৰ সম্পৰ্কে তেওঁলোকৰ কথাৰ বুজ লৈছিল।

পঠনীয়:  টোকাবহী (গণিত) : ১ - ১০

(১৩)

এজন লেখকে তেওঁৰ বন্ধু লেখক এজনক এটা প্ৰশ্ন কৰিছিল। লেখকজনে দেখিছিল যে বন্ধু লেখকজনে নিয়মীয়াকৈ ধাৰাবাহিকভাৱে উত্তম সৃষ্টি কৰি যাবলৈ সক্ষম হৈছে। কিন্তু, লেখকজনে নিজেও ভাল লেখা সৃষ্টি কৰিছে যদিও তেওঁৰ সৃষ্টিসমূহ সিমান নিয়মীয়া নহয়। তেওঁ বন্ধুজনক বুজায় ক’লে যে তেওঁৰ মনত যেতিয়া এক সৃজনশীল স্ফূলিংগ বা উদ্দীপনা জাগি উঠে তেতিয়াহে তেওঁ ভালকৈ কাম কৰে যেন অনুভৱ হয়। যদি সকলো সময়তে তেওঁ লিখি থাকে তেন্তে তেওঁৰ কামখিনি শ্ৰেষ্ঠতম হৈ নুঠে। যেতিয়া প্ৰেৰণা জাগে কেৱল তেতিয়াহে লিখাৰ সম্পৰ্কে তুমি কি কোৱা?

বন্ধু লেখকজনে উত্তৰ দিলে— খুৱ ভাল কথা। মইয়ো কেৱল প্ৰেৰণা জগিলেহে লিখোঁ। পিচে মই প্ৰতি দিনা পুৱাই আঠ বজাত প্ৰেৰণা অনুভৱ কৰোঁ।

(১৪)

ৰাইট ভাতৃদ্বয়ৰ পথ

আজিৰ পৰা ১১০ বছৰৰ আগতে ৰাইট ভাতৃদ্বয় (অৰভিল ৰাইট আৰু উইলভাৰ ৰাইট) আজিৰ দৰে বিখ্যাত নাছিল। তেওঁলোক আছিল সম্পূৰ্ণ অখ্যাত। তেওঁলোকৰ পৰিৱৰ্তে তেতিয়া বিখ্যাত আছিল ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী। আজি ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী নামটো কোনোবাই বহুলভাৱে শুনিছেনে? আজি ৰাইট ভাতৃদ্বয় যেনেদৰে পৰিচিত আৰু ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী প্ৰায় অপৰিচিত, ঠিক তেনেদৰেই ১১০ বছৰ আগতে ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী আছিল সুপৰিচিত আৰু ৰাইট ভাতৃদ্বয় আছিল অপৰিচিত। ছেমুৱেল পীয়েৰপণ্ট ল্যেংলী হ’ল জ্যোতিৰ্বিজ্ঞানী, পদাৰ্থবিজ্ঞানী, উদ্ভাৱক আৰু বিমান-পৰীক্ষণৰ পথিকৃৎ। সেয়েহে, মানৱ নিয়ন্ত্ৰিত বিমান নিৰ্মাণৰ বাবে তেওঁক দিয়া হ’ল দায়িত্ব। তাৰ বাবে অনুদান দিয়া হ’ল ৫০,০০০ ডলাৰ ধন। পৃথক এক উৎসৰ পৰা লগতে যোগ হ’ল ২০,০০০ ডলাৰ। সেই সময়ত সেই ধনৰ মূল্য কিমান হ’ব! কেৱল সিমানেই নহয়, তেওঁক দিয়া হ’ল প্ৰয়োজনীয় সমস্ত সুবিধা। তেওঁৰ সম্পৰ্শত আছে প্ৰয়োজনীয় প্ৰতিটো ক্ষেত্ৰৰ তীক্ষ্ণধী ব্যক্তিসকল, ধনৰ নাই কোনো অভাৱ, প্ৰয়োজনীয় যিকোনো ব্যক্তিক দলভুক্ত কৰিবলৈ তেওঁৰ নাই কোনো অসুবিধা, আৰু প্ৰতি মুহূৰ্ততে নিউয়ৰ্ক টাইমছৰ দৰে বিশ্বখ্যাত কাকতৰ সাংবাদিকে তেওঁক কৰি থাকিল অনুসৰণ! সকলোৰে চকু তেওঁৰেই ওপৰত! কিন্তু ইফালে, অৰভিল ৰাইট আৰু উইলভাৰ ৰাইটৰ ওচৰত ক’বলৈ গ’লে একো নাই। তেওঁলোকৰ আছিল এখন চাইকেল-দোকান, য’ত বাই-চাইকেল মেৰামতি কৰে, বিক্ৰী কৰে, নিৰ্মাণ কৰে। তেওঁলোকৰ দলটোৰ কাৰোৱেই নাছিল কলেজীয়া শিক্ষাও। ছেমুৱেল পীয়েৰপণ্ট ল্যেংলীক যেনেকৈ ডাঙৰ বিজ্ঞানী, ডাঙৰ সাংবাদিকে লক্ষ্য কৰি আছিল, তাৰ বিপৰীতে ৰাইট ভাতৃদ্বয়ক সাধাৰণ মানুহেও মনেই কৰা নাছিল। আনকি, যেতিয়া ১৯০৩ চনৰ ১৭ ডিচেম্বৰত তেওঁলোকে ঐতিহাসিক উৰণ পৰীক্ষণটো সম্পন্ন কৰিলে সেইদিনা সেয়া চাবলৈয়ো তেওঁলোকৰ ওচৰত আন কোনো নাছিল। তেন্তে, অৰভিল ৰাইট আৰু উইলভাৰ ৰাইটৰ ওচৰত আছিল কি?

চাইমন চিনেক নামৰ লেখক-বক্তা এজনে এই কথাখিনি উল্লেখ কৰি কৈছে যে ছেমুৱেল পীয়েৰপণ্ট ল্যেংলীয়ে কামটো কৰিবলৈ লৈছিল কেৱল বিখ্যাত হ’বৰ বাবে, ধনী হ’বৰ বাবে, সফল হ’বৰ বাবে। এই কথাষাৰৰ প্ৰমাণ?? চাইমন চিনেকৰ মতে প্ৰমাণটো হ'ল— ৰাইট ভাতৃদ্বয়ে যেতিয়া উৰণ পৰীক্ষণটো সম্পন্ন কৰিলে লগে লগে ল্যেংলীয়ে কামটো বাদ দি দিলে। তেওঁ প্ৰথম নহ’ল, বিখ্যাত নহ’ল, ধন নাপালে, গতিকে তেওঁ কামটো বাদ দি দিলে। এজন ডাঙৰ বিজ্ঞানী হিচাপে তেওঁ ৰাইট ভাতৃদ্বয়ৰ সেই নতুন মহান উদ্ভাৱনটো অধিক উন্নত কৰাত সহায় কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে! কিন্তু, তাৰ বিপৰীতে ৰাইট ভাতৃদ্বয় চালিত হৈছিল এটা বিশ্বাসেৰে যে তেওঁলোকে যদি সেইটো কৰে পৃথিৱীৰ এক ধাৰাই সলনি হৈ যাব। ৰাইট ভাতৃদ্বয়ৰ দৰে মানুহৰ পথেৰে আগবাঢ়িলে আছে কষ্ট, চকুপানী। সেই বিশ্বাসে সলনি কৰিব পাৰে নিজৰ পৰিসৰৰ বহু মানুহৰ জীৱন-ধাৰা বা চিন্তাৰ পৰিসৰ, আনকি কেতিয়াবা সলনি কৰিব পাৰে সমগ্ৰ মানৱ জাতিৰে ইতিহাস।

পঠনীয়:  টোকাবহী (সংগ্ৰহ) : ১ – ১০

কলেজীয়া শিক্ষায়েই নাছিল বুলি ৰাইট ভাতৃদ্বয়ে অধ্যয়ন নকৰাকৈয়ে সেয়া কৰিব পাৰিছিল নেকি? নহয়। তেওঁলোকে অধ্যয়ন কৰিছিল সাগৰীয় পক্ষীৰ ডেউকাৰ গঠন সম্পৰ্কে। সিহঁতে কেনেকৈ উৰে? সেয়া আছিল তেওঁলোকৰ অধ্যয়নৰ অংশ। প্ৰকৃতিৰ পৰা লৈছিল তেওঁলোকে শিক্ষা। পিছলৈ হেলিকপ্তাৰ নিৰ্মাণ কৰোঁতেও মানুহে পক্ষীৰ ডেউকাৰ গঠন আদি অধ্যয়ন কৰিছিল। এটা কথা কোৱা হয় যে— আকাশৰ পক্ষীবোৰে যুগ যুগ ধৰি মানুহক কেৱল সিহঁতৰ দৰে উৰাৰ হাবিয়াসেই দিয়া নাই, সিহঁতে মানুহক সিহঁতৰ সীমা অতিক্ৰম কৰি আকাশ পাৰ হৈ যাবলৈয়ো হাবিয়াস দিছে। সিহঁতে মানুহক সুখী হোৱাৰ, উদ্যমী হোৱাৰো হাবিয়াস দিছে।

(১৫)

সহ-প্ৰতিষ্ঠাপক হিচাপে নিজে প্ৰতিষ্ঠা কৰা এপল কোম্পানীৰ পৰা ক্ষমতাকেন্দ্ৰীক অৰিয়াঅৰিৰ বাবে ১৯৮৫ চনত ষ্টিভ জবছ বহিস্কৃত হৈছিল। নিজে প্ৰতিষ্ঠা কৰি গঢ়ি তোলা কোম্পানীটোৰ পৰা দহ বছৰৰ মূৰত নিজেই বহিস্কৃত হৈ তেওঁ বিফলতাৰ এটা ডাঙৰ উদাহৰণ হৈ পৰিছিল। তেওঁ হাঁহিয়াতৰ পাত্ৰত পৰিণত হৈছিল আৰু যিকোনো এজন মানুহেই হ’ব পৰাৰ দৰে তেওঁ প্ৰথমে হতাশ-বিধ্বস্ত হৈ পৰিছিল। কিন্তু সেয়া বেছি সময় স্থায়ী হোৱা নাছিল আৰু তেওঁৰ মনোভংগীত সেই ঘটনাটো হৈ পৰিছিলগৈ তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাল ঘটনা। পিছত তেওঁ কৈছিল— ই তেওঁক সফলতাৰ বোজাৰ গ্ৰাসত বন্দী হৈ পৰাৰ পৰিৱৰ্তে ন-শিকাৰুৰ মনোবৃত্তিৰে পুনৰ আৰম্ভ কৰাৰ সুযোগ দিছিল। তেওঁৰ মতে সেইখিনিয়েই আছিল তেওঁৰ জীৱনৰ আটাইতকৈ সৃষ্টিশীল সময়। তেওঁ তেতিয়া দেখিছিল যে পূৰ্বতে তেওঁ যি কৰিব বিচাৰিছিল সেই কামৰ প্ৰতি অনুৰাগ বাহিৰৰ পৰিস্থিতিয়ে অকণো সলনি কৰিব পৰা নাই। ঘণঘোৰ অনিশ্চয়তাই তেওঁক অধিকতৰ সৃষ্টিশীলহে কৰি তুলিছিল। তেওঁ কৈছিল— “আপেক্ষিক পৰিপূৰ্ণতা আৰু আত্মতুষ্টিত যেন আমি নিমজ্জিত নহওঁ, কাৰণ ই আমাক প্ৰকৃত কৃতকাৰ্যতাৰ পিছে পিছে ধাবমান হোৱাৰ কষ্টখিনি কৰাৰ পৰা আঁতৰাই আনে।” তেওঁ পুনৰ দুটা কোম্পানী প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল আৰু তাৰ সাফল্যৰ বাবে এপলে এটা কোম্পানী কিনি ল’লে আৰু তেনেদৰেই তেওঁ পুনৰ এপলত প্ৰৱেশ কৰিলে। ইয়াৰ পিছত এপলৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰূপে তেওঁ বিশ্ববাসীক কেনেদৰে সমৃদ্ধ কৰি থৈ গ’ল সেয়া তেওঁৰ জীৱন্ত কালতেই কিংবদন্তীলৈ ৰূপান্তৰিত হ’ল। আনকি তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ নেতৃত্বৰ প্ৰভাৱ কোম্পানীটোত পৰা বুলি বিশেষজ্ঞই কয়।

প্ৰথম বৈদ্যুতিক বাল্বৰ নিৰ্মাণকে ধৰি অলেখ উদ্ভাৱণেৰে কাললৈ খ্যাতি ৰাখি যোৱা টমাছ আলভা এডিছনৰ ফেক্টৰীটো তেওঁৰ ৬৭ বছৰ বয়সত এদিন যেতিয়া ঘটনাক্ৰমে জ্বলি উঠিল; বহু মূল্যৱান সঁজুলি তথা তেওঁৰ কঠোৰ শ্ৰমৰ বহু ফল যেতিয়া ভস্মীভূত হ’ল; তেতিয়া দেউতাকৰ কামবোৰ জুইত জাহ গ’ল বুলি জুইশিখালৈ চাই চাই ৰৈ থকা ২৪ বছৰীয়া পুত্ৰ চাৰ্লছৰ ওচৰলৈ গৈ এডিচনে তেওঁক আচৰিত কৰি শিশুৰ নিচিনা উস্বাসেৰে কৈ উঠিল— “যোৱা যোৱা, মা আৰু তেওঁৰ লগৰবিলাকক বিচাৰি আনাগৈ; তেওঁলোকে এনেকুৱা জুইশিখা আকৌ কেতিয়াও দেখিবলৈ নাপায়!” পিছত এডিছনে কৈছিল, “যদিও আজি মই ৬৭ বছৰীয়া, এই সকলোখিনি মই আৰম্ভ কৰিম কাইলৈৰে পৰা।” তেওঁৰ মতে সেই ঘটনা তেওঁৰ ভালৰ বাবে হৈছিল, যি তেওঁক নাশ কৰা নাছিল, বৰং সি নাশ কৰিছিল তেওঁ অতীতত কৰা সমস্ত ভুল, যাৰ বাবে তেওঁ নতুনকৈ গৱেষণা আৰম্ভ কৰিবলৈ সুযোগ পাইছিল।

এই ধৰণৰ প্ৰচুৰ সৃজনীশীল ব্যক্তিসকলৰ এনে কাহিনীয়ে আমাক নিজৰ সীমাবদ্ধতাৰ মাজতো নিজৰ পৰিসৰ প্ৰসাৰিত কৰাৰ নেৰানেপেৰা চেষ্টাত ব্ৰতী হ'বলৈ অনুপ্ৰাণিত কৰে।

 

(বাকীসমূহ আগলৈ সংযোগ কৰা হ'ব।)

টোকাবহী (অণু-প্ৰবন্ধ) : ১ – ১০

No Comments

Post A Comment