“কাইথেলী অংক”ৰ পৰিচয়

ওঠৰ শতিকাত তেতিয়াৰ কামৰূপত কায়স্থ বুলি পৰিচিত লোকসকলে সংখ্যা জড়িত সাঁথৰ কিছুমান চৰ্চা কৰিছিল। এইসমূহ প্ৰধানকৈ মুখে মুখে প্ৰচলন আছিল। কায়স্থসকলে চৰ্চা কৰা বুলি এইসমূহ “কাইথেলী অংক” নামে পৰিচিত হয়। সেই লোকসকলে কোনো কোনো ক্ষেত্ৰত সংখ্যা বুজাবলৈ চিহ্নৰ পৰিৱৰ্তে কিছুমান শব্দ ব্যৱহাৰ কৰিছিল। যেনে: ১ বুজাবলৈ চন্দ্ৰ, নিশাপতি আদি; ২ বুজাবলৈ নেত্ৰ, ভুজ আদি; ৯ বুজাবলৈ গ্ৰহ, ৰন্ধ্ৰ; ১৪ বুজাবলৈ ভুৱন, ইন্দ্ৰ আদি। জ্যেতিষী গণনাত এইবোৰ খটুওৱা হৈছিল। চন, মাহৰ সংখ্যা আদিক এই ধৰণৰ শব্দৰে বুজাইছিল। যেনে: অশ্ব মুনি বান চন্দ্ৰ শকত। ইয়াত অশ্ব মানে ৭, মুনি মানে ৭, বান মানে ৫, চন্দ্ৰ মানে ১। সেয়েহে বাক্যটোৱে ১৫৭৭ শক বুজাইছে। প্ৰাচীন পঢ়াশালীসমূহত জমা-খৰচ, মাটিৰ হিচাপ, ওজন গণনা আদিৰ শিক্ষা প্ৰদান কৰা হৈছিল। পঢ়াশালীৰ লগতে আজৰি সময়বোৰতো “কাইথেলী অংক”ৰ চৰ্চা হৈছিল। কুৰি শতিকাৰ প্ৰথম ভাগত দণ্ডীৰাম দত্ত নামৰ এজন লোকে নদী-হাবি-জঙ্ঘল পাৰহৈ গাঁৱে গাঁৱে ঘূৰি এইবোৰ সংগ্ৰহৰ চেষ্টা কৰিছিল। প্ৰায় ৪৬ বছৰ এইধৰণৰ কামত লাগি লাগি তেওঁ কেইখনমান কিতাপ প্ৰকাশ কৰিলে। অসম সাহিত্য সভাকে আদি কৰি তেতিয়াৰ ভালে সংখ্যক বিদ্বানে তেওঁক সহায়-সহযোগ কৰিছিল।

পুৰণিকালত ব্যৱহৃত কিছুমান শব্দৰ অৰ্থ নুবুজিলে কেৱল আধুনিক অসমীয়া ভাষাৰ শব্দ-জ্ঞানেৰে সাঁথৰসমূহ বুজিবলৈ কঠিন হয়। এই সাঁথৰসমূহত মহাকাব্যৰ চৰিত্ৰ কিছুমানৰ নামো প্ৰৱেশ ঘটিছে। ইয়াৰে কিছুমানত কোনো অংক জড়িত নাথাকে, সেইসমূহত কেৱল সংখ্যা বুজোৱা শব্দ কিছুমানহে আছে, যাৰ উত্তৰবোৰ বেলেগ বস্তু। যেনে:

দুই জিহ্বা কিন্তু নোহে সৰ্পিনী।
পঞ্চ ভ্ৰাতা কিন্তু নোহে পাঞ্চালী।
কৃষ্ণ সাগৰে কিন্তু পিয়ে পানী।।

ইয়াৰ উত্তৰ হৈছে: (তেতিয়াৰ) কলম।

সেইদৰে একে উত্তৰৰ আন এটা সাঁথৰ হৈছে:

এক মূৰ দুই জিহ্বা কালকূট খায়।
খৰতৰ বেগে চলে দূৰকো নাযায়।।

তেনেকুৱা আন এটা সাঁথৰ হৈছে:

৩৬৫ টা হাতীৰ পাল।
দ্বাদশ পৰ্ব্বতত চৰে সৰ্ব্বকাল।।
ত্ৰিশ কুম্ভত খাই পানী।
সাতোটা স্তম্ভত বান্ধি থয় আনি।।

ইয়াৰ উত্তৰ: বছৰ।

এইসমূহৰ ৰচকসকলৰ মাজৰ এজন নাম আছিল শুভংকৰ দাস। তেওঁৰ নামটোৱো অন্তৰ্ভুক্ত হৈ থকা এটা সাঁথৰ হ’ল:

শুভংকৰৰ ফাঁকি
ষাঠিৰ ষাঠি গ’লে
বাকী থাকে ঊনষাঠি।

ইয়াৰ উত্তৰ হৈছে ৫৯ মিনিট। কাৰণ, ৬০ ৰ পৰা ৬০ গ’লে শূন্য হ’ব লাগে, কিন্তু শুভংকৰে তাত বেলেগ ৰহস্য এটাহে সংযোগ কৰিছে। ৬০ ছেকেণ্ডে এক মিনিট। গতিকে ৬০ মিনিটৰ পৰা ৬০ ছেকেণ্ড বিয়োগ কৰাত ৫৯ মিনিট পোৱা যাব।

কিছুমান সাঁথৰৰ দ্বাৰা জ্ঞান, উপদেশমূলক বাণী, কৌতুক আদিও যোগোৱা হৈছিল। তেনে কৌতুক যোগোৱা এটা উদাহৰণ হ’ল:

তিনি তেৰ মধ্যে বাৰ
৯ দি যোগ কৰা
মোৰ স্বামীৰ নাম পাবা।

ইয়াত তিনিক তেৰৰে পূৰণ কৰি, ক্ৰমে বাৰ আৰু ন যোগ কৰিব লাগিব। তেতিয়া পোৱা যায় ষাঠি। আৰু তাৰ পৰা উত্তৰটো হ’ল: ষাঠিৰাম। তাৰমানে স্বামীগৰাকীৰ নাম ষাঠিৰাম।

এনেকৈ অংক কৰিবলগীয়া আন এটা সাঁথৰৰ উদাহৰণ হ’ল:

অতি বিতোপন গছ নব লক্ষ পাত।
দিনে প্ৰতি সৰে তাৰ নব শত পাত।।
কোৱাহে কায়স্থ বাপু গণনা কৰি।
কিমান দিনত অন্ত হব সৰ্ব্ব পত্ৰ সৰি।।

উত্তৰ: ১০০০ দিনত।

কিছুমান সাঁথৰৰ আকৌ বাক্যৰ সংখ্যা বিছ-ত্ৰিছটা পৰ্যন্ত বা তাতোকৈ অধিক। আৰু কিছুমানৰ উত্তৰ পাবলৈ সামান্য দীঘল অংক কৰিবলগা হয়। তেনে এটা উদাহৰণ:

মনুষ্য আছে কুৰি, কলো আছে কুৰি।
সবাকো নোজোৰে গোট গোট কৰি।।
মুনিহক দুই, তিৰিক দেৰ, ছলিক আদ্‌খান।
এহি মতে কুৰি গোটা কল কিনি আন।।

শব্দাৰ্থসমূহ: কুৰি – বিছ, গোট গোট কৰি – এটা এটা কৰি, মুনিহ – পুৰুষ, তিৰি – মহিলা, ছলি – ল’ৰা, আদ্‌খান – আধা।

দণ্ডীৰাম দত্তই তেওঁৰ সংকলনত কিছুমান সাঁথৰৰ উত্তৰো সন্নিবিষ্ট কৰিছে। এইটোৰ উত্তৰ তেওঁ মুনিহ ৬, তিৰি ১, ছলি ১৩ বুলি দিছে। গতিকে মুঠতে মনুষ্য হ’ল ২০ জন। দুটাকৈ কল লৈ মুনিহে পালে মুঠতে ১২ টা। তিৰিয়ে মুঠতে পালে ১.৫ টা। ছলিয়ে মুঠতে পালে ৬.৫ টা। গতিকে মুঠ কলো ২০ টা হ’ল।

কিন্তু প্ৰকৃততে ইয়াৰ উত্তৰ কেৱল এইটোৱেই নহয়। ইয়াৰ আন দুটা উত্তৰ হ’ল: মুনিহ ২, তিৰি ৭, ছলি ১১; আৰু মুনিহ ৪, তিৰি ৪, ছলি ১২। এটা এটাকৈ সংখ্যা ধৰি ধৰি পৰীক্ষা কৰি চাই সাঁথৰটোৰ উত্তৰবোৰ উলিয়াব পাৰি। নতুবা দুটা সৰল সমীকৰণ গঠন কৰি বাস্তৱসন্মতভাবে সামাধান কৰিলে এই উত্তৰকেইটা ওলায় পৰে।

প্ৰকৃততে, “কাইথেলী অংক” ভাষা বা শব্দৰ চাতুৰ্য্যহে। ইয়াক “কাইথেলী অংক” বুলি এটা বিশেষ নাম দিয়া হ’ল যদিও, ই গণিতৰ বিশেষ শাখা নহয়; গণিতলৈ ইয়াৰ একো অৱদান নাই। আমাৰ ভাষা আৰু শব্দৰ ৰস আহৰণৰ বাবে ই এবিধ অতি মনোগ্ৰাহী বস্তু। শব্দৰ পাকখিনি আঁতৰাই দিলে ই তেনেই সৰু সৰু সংখ্যাকেইটামানৰ যোগ-বিয়োগ-পূৰণ-হৰণৰ সহজ কাম হৈ পৰে, আন একো নাথাকে তাত। আধুনিক ভাষাৰে ক’লে ইয়াক আমি এনেদৰে ক’ব পাৰোঁ — “শব্দৰ চাতুৰ্য মিহলি কেইটামান সাধাৰণ যোগ-বিয়োগ-পূৰণ-হৰণ”। এইসমূহ হ’ল পাটীগণিতৰ অন্তৰ্ভুক্ত কিছু তেনেই সাধাৰণ কাম। কিন্তু, ই অতীতৰ বৌদ্ধিক চৰ্চাৰ দিশ এটাক বুজায়। ঘৰুৱা কথা-বতৰাত চৰ্চা হোৱা সাঁথৰবোৰে তেওঁলোকৰ সু-মনোবৃত্তি, জ্ঞান চৰ্চাৰ আগ্ৰহ আৰু অন্বেষণৰ স্পৃহাক সূচায়। ভাষা আৰু শব্দৰ খেলখনৰ বাবে ইয়াক অতি দৰকাৰ বুলিব পাৰি। ভাষাৰ লালিত্যৰ বাবেই ই এক সম্পদ।

তথ্যসূত্ৰ:

১) কাইথেলী অংক। সম্পাদনা: দণ্ডীৰাম দত্ত। ১৯৩০।

২) প্ৰাচীন অসমৰ গণিত চৰ্চাৰ ইতিহাস। লেখক: ড৹ ৰাস্না ৰাজখোৱা। অসম বাণী (বিহু সংখ্যা) , ২০২০।

৩) সাঁথৰৰ উৎপত্তি আৰু ক্ৰমবিকাশ। লেখক: যোগেন দত্ত। গৰীয়সী, জুন, ২০০৪। (অনলাইন প্ৰকাশ: গণিত চ’ৰা।)

৪) কৌতুক আৰু কাইথেলী অঙ্ক : দণ্ডীৰাম দত্তৰ অৱদান। লেখক: অভিজিত দত্ত। সাহিত্য ডট অৰ্গ্‌, জুন, ২০১৯

৫) কাইথেলী অংকৰ প্রেৰণা। লেখক: ড৹ নলীন বৰঠাকুৰ। দৈনিক জনমভূমি, ২ ফেব্ৰুৱাৰী, ২০১৮।

1 Comment
  • শতদীপ দত্ত
    Posted at 18:41h, 04 December Reply

    কায়স্থ সকলৰ অৱদান যথেষ্ট আছে।সুন্দৰ

Post A Comment