International ৱেবিনাৰ, নেছনেল ৱেবিনাৰ, আৰু ৱাৰ্ড ৱেবিনাৰ

কোভিদ-১৯ ৰ প্ৰভাৱত গোটেই বিশ্ব বিভিন্ন ধৰণে বন্ধ হৈ পৰা লগে লগে কিছুমান নতুন শব্দৰ লগতো জনসাধাৰণ পৰিচিত হ’ল। তেনে এটা শব্দ হ’ল ৱেবিনাৰ। অৱশ্যে শব্দটো সিমান নতুনো নহয়। এইদৰে কেইমাহমান যোৱাৰ পিছত অসমত আন দুটা শব্দও ওলাল; এটা হ’ল ‘ইণ্টাৰনেছনেল ৱেবিনাৰ’, আৰু আনটো ‘নেছনেল ৱেবিনাৰ’। হয়তো দেশ-বিদেশৰ আন কোনো কোনো ঠাইতো এই দুটা বস্তু নোলোৱাকৈ থকা নাই। এই দুটা বস্তুৱে ছাত্ৰ-ছাত্ৰীৰ ওপৰত কিছু কুপ্ৰভাৱো পেলাব পাৰে বুলি ভাবোঁ। কেনেকৈ কুপ্ৰভাৱ পেলাব পাৰে তাৰে কিছু কথা জনাব খুজিছোঁ।

ৱেবিনাৰ হ’ল ইণ্টাৰনেট যোগে অনুষ্ঠিত কৰা চেমিনাৰ। ইণ্টাৰনেট ব্যৱস্থা থকা যিকোনো স্থানৰ পৰা ইয়াত অংশ ল’ব পাৰি। সেয়েহে ইয়াত ইণ্টাৰনেছনেল বা নেছনেলৰ কথা নাহিলেও চলে; কিন্তু এই দুটা কথা অনা হয় মানৰ ভিত্তিত। যিটো ধাৰণা অনা হৈছে ‘ইণ্টাৰনেছনেল চেমিনাৰ’ আৰু ‘নেছনেল চেমিনাৰ’ বোলা বস্তু দুটাৰ পৰা। বা তেনে ৱৰ্কশ্বপ আদিৰ পৰা। ইণ্টাৰনেছনেল চেমিনাৰ আৰু নেছনেল চেমিনাৰৰ বাবে বিশেষ গাইডলাইন আছে। সেই গাইডলাইনৰ সুৰুঙা উলিয়াইয়ো বহুতো চেমিনাৰ অনুষ্ঠিত কৰা হয়। কোভিদ-১৯ অহাৰ পূৰ্বে ভালেকেইখন চেমিনাৰ-ৱৰ্কশ্বপ আদি দেখা পাইছোঁ, যিবোৰ নামত নেছনেল, কিন্তু তাৰে মাথোঁ তিনিখনহে প্ৰকৃততে নেছনেল আছিল। আৰু সেই তিনিখনৰ মাজৰ দুখনৰ শিৰোনামত ‘নেছনেল’ শব্দটোৱো যুক্ত হৈ থকা নাছিল।

তেনে এখন ৱৰ্কশ্বপৰ কথা কৈ ল’ব খুজিছোঁ। তাত ৪০ শতাংশমান ছাত্ৰ-ছাত্ৰী আছিল অসমৰ বিভিন্ন প্ৰতিষ্ঠানৰ, ২০ শতাংশমান আছিল একেধৰণে দেশৰ আন স্থানত থকা প্ৰতিষ্ঠানৰ, বাকী ৪০ শতাংশমান আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানবোৰৰ। বক্তাসকল আছিল দেশৰ ভিতৰতে লেখত ল’বলগীয়া, আৰু কোনো কোনোজন বিশ্বৰ পেক্ষাপটতো যথেষ্ট পৰিচিত। ফলত সেইখনে প্ৰকৃততেই ৰাষ্ট্ৰীয় ৱৰ্কশ্বপৰ উদ্দেশ্য সিদ্ধি কৰিছিল। এনে চেমিনাৰ-ৱৰ্কশ্বপত ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিভংগী প্ৰসাৰিত হয়, ভাবৰ আদান-প্ৰদান দেখা যায়, নতুন বিষয়ৰ বীজ মনত ৰোপণ হয়। ইয়াৰ দ্বাৰা বিভিন্ন প্ৰতিষ্ঠানৰ বৌদ্ধিক পৰিৱেশৰ সম্ভেদো পোৱা যায়। কোনো কোনো প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে তাত আলোচিত বিষয়বোৰৰ নাম শুনাই নাই, কিন্তু আন কোনো প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে সেইবোৰ ক্লাছতে পঢ়ি আছে, আন কোনো প্ৰতিষ্ঠানত আকৌ ক্লাছত নাই কিন্তু ছাত্ৰ-ছাত্ৰীয়ে লগে লগে আনধৰণে নিজে শিকি আছে। গোটেই পৰিৱেশটোৱে এইবোৰ কথাৰ সম্ভেদ দিয়াৰ ফলত সকলো উপকৃত হয়।

সেইদৰে ইণ্টাৰনেছনেলৰ ক্ষেত্ৰত কথাবোৰ আৰু অধিক প্ৰসাৰিত হৈ যায়, যোগ্যতাৰ কথাও প্ৰবলভাবে আহি যায়। তেনে অনুষ্ঠান আয়োজন কৰাটো আৰু যোগ দিয়াটোৱো জটিল কাম।

নেছনেল-ইণ্টাৰনেছনেলে কেৱল চেমিনাৰৰ ক্ষেত্ৰতে নহয়, সাহিত্য-সংস্কৃতিতো ভুল ধাৰণা সৃষ্টি কৰাৰ বহু উদাহৰণ আছে। ভাৰতৰ বাহিৰত কোনো একোখন দেশত থকা অসমীয়াখিনি গোট খাই নিজৰ মাজতে কেতিয়াবা কিবাকিবি অনুষ্ঠান পাতে। তালৈ কেতিয়াবা অসমৰ পৰা গায়ক-গায়িকা একোজন মাতি লৈ যায়। সেই দেশখনতে থকা, অলপ বজাব জনা অসমীয়া একোজনে গায়ক-গায়িকাগৰাকীৰ লগত বাজানা বজাই সহায় কৰি দিয়ে। ইয়াকে লৈ পিছত তেওঁলোকক সেই দেশখনৰ পৰিচিত গায়ক-গায়িকা বুলি ইয়াত প্ৰচাৰ কৰা হয়, যাক নেকি প্ৰৱাসী অসমীয়াকেইজনৰ কাষৰ বিদেশী মানুহ কেইঘৰেও চিনি নাপায়। এনেদৰেই আমি সৰুতে ব’হাগী-মেলাবোৰত বহুতো ‘বিদেশত নাম কৰা’ শিল্পী দেখা পাইছিলোঁ। ইণ্টাৰনেট সুলভ হোৱা লগে লগে এনে বিদেশ-প্ৰসিদ্ধ শিল্পী নোহোৱা হৈ গ’ল, ৰাইজে কথাবোৰ বুজি পোৱা হ’ল। সেইদৰে আমি যদি এখন সাহিত্য অনুষ্ঠান আয়োজন কৰোঁ, আৰু তাত ভাষন দিবলৈ যদি আমি আমেৰিকা-জাপানৰ সাহিত্যিক এজন মাতো, যিজনতকৈ উচ্চ পৰ্যায়ৰ সাহিত্য ৰচনা কৰা মানুহ অসমতে শতাধিক আছে, তেন্তে সেইখনো নিশ্চয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য সভা নহয়।

বিশ্বত ভাল ভাল ৱেবিনাৰ পাতি আছে। বহুতো উচ্চ পৰ্যায়ৰ ব্যক্তিয়ে তাত বক্তৃতা দিয়ে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন পৰ্যায়ৰ লোকে তাত অংশগ্ৰহণ কৰে। সেইবোৰে নেছনেল-ইণ্টাৰনেছনেল বুলি উল্লেখ নকৰে। সেইবোৰ প্ৰকৃততেই নেছনেল-ইণ্টাৰনেছনেল হয়েই, গতিকে উল্লেখ কৰিলেও কোনো অনিষ্ট নহয়। কিন্তু অসমত আমি যিবোৰ নেছনেল-ইণ্টাৰনেছনেল ৱেবিনাৰ দেখি আছোঁ, সেইবোৰত তেনে একো পৰ্যায় নাই। (ব্যতিক্ৰম থাকিব পাৰে, কিন্তু নথকা সম্ভাৱনাই অধিক।) কোনোবাখনত দুই-এজন অলপ তেনে পৰ্যায়ৰ নামী বক্তা অনা হয় যদিও, গোটেই অনুষ্ঠানটো তেনে পৰ্যায়ৰ সমুলি নহয়গৈ, আৰু সেইবোৰত স্থানীয় এমুঠিমান অংশগ্ৰহণকাৰীহে মাথোঁ থাকে। ইণ্টাৰনেছনেল ৱেবিনাৰ আৰু নেছনেল ৱেবিনাৰৰ বাবে সঠিক গাইডলাইনো নাই।

এইবোৰ দেখি দেখি বহুতো ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেছনেল-নেছনেল ৱেবিনাৰ বা চেমিনাৰবোৰ তেনেকুৱাই বুলি ভাবি ল’ব। ভালটোৰ প্ৰতি তেওঁলোকৰ একো আগ্ৰহ নহ’ব, কাৰণ তেওঁলোকে এনেকেই ইণ্টাৰনেছনেল-নেছনেল দেখিয়েই গ’ল, গতিকে একেধৰণৰ বস্তু এটাকে আকৌ নো কিয় চাওঁ বুলি ভাবি ল’ব। যিসকলে কেৱল সেয়াই দেখিছে, তেওঁলোকে যদি পিছলৈ নিজেও অনুষ্ঠান আয়োজন কৰে তেন্তে নিম্নমানৰ কামৰ প্ৰতি আগ্ৰহী হোৱাৰ সম্ভাৱনাই অধিক। তেওঁলোকে বেলেগ ভালবোৰৰ পাৰ্থক্য বুজিয়েই নাপাব।

তথাকঠিত ইণ্টাৰনেছনেল-নেছনেল চেমিনাৰবোৰে ইতিমধ্যে বহু অনিষ্ট সাধন কৰি থৈছে। ভাল গৱেষণাত আমাৰ ঠাইবোৰ পিছ পৰি থকাৰ এইবোৰো একোটা কাৰণ।

No Comments

Post A Comment