ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে ২ শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী ঘোষণা নকৰে

সেই বাতৰিবোৰ এইবাৰ পুনৰ ওলোৱা আৰম্ভ হৈছে। কাৰণ, এইবাৰৰ তালিকা কেইদিনমান পূৰ্বে প্ৰকাশ পাইছে। আচলতে, ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ দুই শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী বুলি একো নাই। আমাৰ ইয়াত এইটো প্ৰথমে কোনে উলিয়াই দিলে ঠিক নাই, এতিয়া প্ৰতিবছৰে অসমত বা ৰাষ্ট্ৰীয় কাকত কিছুমানতো এইটো চলি থাকে। প্ৰথমে এইটো “ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে স্বীকৃতি দিয়া বিশ্বৰ শ্ৰেষ্ঠ ২ শতাংশ বিজ্ঞানী” বুলিও ওলাইছিল। এনেকৈ কথাটো বেলেগত চলে নে নাই নাজানো; তাৰে আগশাৰীৰ কাকত-আলোচনী দুখনমানত চাৰ্চ কৰোঁতে পোৱা নাই।

বাতৰিত চলি থকা তালিকাখন প্ৰকৃততে হৈছে, পাৰ হৈ যোৱা বৰ্ষত পোৱা সৰ্বাধিক চাইটেচনৰ ভিত্তিত কৰা ২ শতাংশৰ তালিকা। এখন গৱেষণা-পত্ৰই এটা চাইটেচন পোৱা মানে হৈছে, সেইখনক আন এখন গৱেষণা-পত্ৰত ৰেফাৰেন্স দিয়া হৈছে। অৰ্থাৎ, প্ৰথম গৱেষণা-পত্ৰখন বেলেগ দ্বিতীয় এখন গৱেষণা-পত্ৰত উল্লেখ হৈছে। তেনেকৈ একোজন মানুহে মুঠতে কিমান চাইটেচন লাভ কৰিছে তাৰেই আলমত এই তালিকা প্ৰস্তুত কৰা হয়। ইয়াত আনকি নিজৰ ৰেফাৰেন্স নিজে দিয়াটোৱো সংযোগ হয়। এই তালিকাত দুজন এনে ব্যক্তিও আছে যি নিজেই নিজৰ ৰেফাৰেন্স দিয়াৰ হাৰ ১০০ শতাংশ। মানে, তেওঁলোকে নতুনকৈ বহুতো গৱেষণা-পত্ৰ লিখিছে আৰু প্ৰতিখনতে নিজৰে আগৰ ঢেৰ গৱেষণা-পত্ৰ ৰেফাৰেন্সত দি দিছে। ফলত তেওঁলোকৰ কামৰ মান সম্পূৰ্ণ সন্দেহজনক হৈ পৰে, সেইবোৰক গৱেষণা বুলিব পাৰি নে নোৱাৰি সেয়াও বিচাৰ্যৰ বিষয়। তেনেদৰে নিজেই নিজৰ ৰেফাৰেন্স ৫০-৬০ শতাংশৰ অধিক হাৰত দিয়া হেজাৰ সংখ্যক আছে। এই ৰেফাৰেন্স বা চাইটেচন পোৱাটোৱে শ্ৰেষ্ঠত্ব নিৰ্ণয় নকৰে। এই ২ শতাংশৰ তালিকাত থকা বহু লোক বিশ্বশ্ৰেষ্ঠ ২ শতাংশ হোৱাটো বাদেই, বিশ্বশ্ৰেষ্ঠ ৫০ শতাংশ বিজ্ঞানীৰ ভিতৰতো নাথাকিব পাৰে। এয়া “সৰ্বাধিক চাইটেচন পোৱা ২ শতাংশৰ তালিকা”হে, “শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকা” নহয়। উদাহৰণস্বৰূপে, এইবাৰ ফিল্ডছ মেডেল (Fields Medal) বিজয়ী চাৰিজনৰ এজনো এই তালিকাত নাই। এইবাৰৰ অৰ্থনীতিৰ নোবেল স্মাৰক বঁটা লাভ কৰা তিনিজনৰ মাজৰ এজন এই তালিকাত নাই। একেদৰে, আমাৰ ৰুবুল মাউত আদিও নাই। ইটাং ঝাং (Yitang Zhang) হৈছে বৰ্তমান সময়ৰ শ্ৰেষ্ঠ গণিতজ্ঞসকলৰ এজন, যাৰ নাম ইতিমধ্যে ইতিহাসত লিপিবদ্ধ হৈ গৈছে, তেওঁৰ নাম তালিকাত নাই। আকৌ, যোৱাবাৰ তালিকাখন প্ৰস্তুত কৰা কামটোত জড়িত থকা তিনিজনৰ ভিতৰত এজনৰ নিজৰো নাম তাত নাই।

প্ৰতিবাৰে ইয়াত দুখন তালিকা থাকে। এখন হৈছে পাৰ হৈ যোৱা বৰ্ষটোত পোৱা চাইটেচনৰ ভিত্তিত, আৰু আনখন গোটেই জীৱনত পোৱা চাইটেচনৰ ভিত্তিত। এইবাৰৰ ফিল্ডছ মেডেল বিজয়ী চাৰিজনক বা ৰুবুল মাউতক দুয়োখন তালিকাতে দেখা পোৱা নাই। এনেদৰে আন বহুতো নাই। ফিল্ডছ মেডেল বিজয়ীকেইজনৰ চাইটেচন কম হোৱাৰ কাৰণ হ’ল– তেওঁলোকে কৰা ইমান গভীৰ পৰ্যায়ৰ কামখিনি বহুলোকে বুজি পাব লাগিব, আৰু সেইমতে আন লোকসকলেও সিমান গভীৰ স্তৰৰ কাম কৰিব পাৰিব লাগিব। কিন্তু সেইটো কৰা মানুহ কম, গতিকে তেওঁলোক চাৰিওজনৰে চাইটেচন কম।

অৱশ্যে কেনো এজনো শ্ৰেষ্ঠ বিজ্ঞানী যে এই তালিকাত নাই তেনে নহয়। যেনে, টেৰেন্স টাও দুয়োখন তালিকাত প্ৰতিবাৰে থাকে। কিন্তু, পাৰ হোৱা বৰ্ষত তেওঁৰ নিজৰ কামত নিজৰে ৰেফাৰেন্স দিয়াৰ হাৰ মাথোঁ ১.৭৪ শতাংশ। আকৌ, অসমৰ এজন শ্ৰেষ্ঠ বিজ্ঞানী ভূপেন্দ্ৰ নাথ গোস্বামীও এই তালিকাত আছে, যিজনৰ দ্বাৰা ৰুবুল মাউত আদিও অনুপ্ৰাণিত। পাৰ হোৱা বৰ্ষত তেওঁৰ নিজৰ কামত নিজৰে ৰেফাৰেন্স দিয়াৰ হাৰ মাথোঁ ৬.৩ শতাংশ।

আনহাতে, এয়া ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে ঘোষণা কৰা বুলি ক’ব পৰা নাযায়। পূৰ্বে তালিকা দুখন প্ৰস্তুত কৰোঁতাকেইজনৰ এজনে ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত চাকৰিহে কৰে। দিলীপ কুমাৰ দত্ত ডাঙৰীয়াই ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থাকোঁতে ১০ টা শ্ৰেষ্ঠ অসমীয়া গানৰ এখন তালিকা প্ৰস্তুত কৰিছিল (সঠিক তথ্যটো পাহৰিছোঁ, কিন্তু ঠিক তেনেকুৱাই।) সেয়া ‘প্ৰান্তিক’ত প্ৰকাশ হৈছিল। ইয়াৰ অৰ্থ এইটো নহয় যে আমেৰিকাই বা ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ে ১০ টা অসমীয়া গানৰ তালিকা ঘোষণা কৰিছে। আৰু এতিয়া প্ৰকাশিত এই তালিকা দুখন তেনেদৰে মান বিশ্লেষণৰ যোগেৰে উলিওৱা তালিকাও নহয়, ই হৈছে চাইটেচনৰ সংখ্যাৰ হিচাপ-নিকাচ ভিত্তিকহে।

এইবাৰৰ তালিকা দুখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিঃ

https://elsevier.digitalcommonsdata.com/datasets/btchxktzyw/4

এই মূল লেখাটোত সদায় থকা প্ৰথম বাক্যটো হৈছে, “Citation metrics are widely used and misused.” আৰু বাক্যটোত কোৱা কথাটো এতিয়াও ঘটি আছে।

চাইটেচন সম্পৰ্কীয় কিছু কথাৰ সংযোজনঃ

কালি ঘোষণা কৰা এইবাৰৰ পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা বিজয়ী তিনিজন বিজ্ঞানীৰ মাজৰ এজন হৈছে জন ক্ল’জাৰ। কালি টুইটাৰত এই সম্পৰ্কত কিছু আমোদদায়ক আৰু বিশেষ চিন্তাৰ খোৰাক যোগাব পৰা এটা আপডেট দেখিলোঁ, য’ত কোৱা হৈছে যে— মাথোঁ ২৯ h-index লৈ আপুনিও নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হ’ব পাৰে; য’ত নেকি জন ক্ল’জাৰৰ h-index হৈছে মাথোঁ ২৯। মনুষ্যত্বৰ উৎকৰ্ষ সাধনৰ বাবে বৈজ্ঞানিক সাধনাৰ মান সংখ্যাৰ হিচাপেৰে নিৰ্ণয় কৰিব নোৱাৰি।

তাৰেই প্ৰতিক্ৰিয়া ৰূপে আন এজনে এটা টুইটত লিখিলে যে— তাতোকৈ কম h-index তো নোবেল জয় কৰিব পাৰি; ডনা ষ্ট্ৰিকলেণ্ডে নোবেল বঁটা লাভ কৰা সময়ত h-index সম্ভৱতঃ ১৫ আছিল।

কৌতূহল বশতঃ ডনা ষ্ট্ৰিকলেণ্ডৰ h-index টো চালোঁ। এতিয়াও মাত্ৰ ২৩ হে। এই কথাখিনিৰ জৰিয়তে বুজোৱা হৈছে যে গৱেষণা-পত্ৰৰ সংখ্যা, সেইবোৰৰ citation আদিয়ে সদায় কৰ্মৰ মান নিৰ্ণয় নকৰিবও পাৰে। পঞ্চাছখন গৱেষণা-পত্ৰ আছে, এশখন আছে, দুশখন আছে, হেজাৰ হেজাৰ চাইটেচন আছে— এইসমূহে মান নিৰ্ণয় কৰিব নোৱাৰিবও পাৰে। Citation এটা পোৱা মানে হৈছে এখন গৱেষণা-পত্ৰই আনৰ গৱেষণা-পত্ৰত পোৱা এটা উল্লেখ বা ৰেফাৰেন্স। আৰু h-index ২৯ মানে হৈছে এজন গৱেষকে কমেও ২৯ খন গৱেষণা-পত্ৰত কমেও ২৯ টাকৈ citation পাইছে। যদি কোনো এজন ব্যক্তিৰ ১০০ খন গৱেষণা-পত্ৰ থাকে, আৰু তেওঁৰ কমেও ৫০ খন গৱেষণা-পত্ৰৰ চাইটেচন কমেও ৫০ হয়, তেন্তে h-index তেওঁৰ হ’ব ৫০। অৰ্থাৎ, তেওঁৰ বাকীসমূহ গৱেষণা-পত্ৰৰ চাইটেচন ৫০ তকৈ কম। যদিহে কমেও ৫১ খনৰ চাইটেচন কমেও ৫১ হয়, তেন্তে তেওঁৰ h-index হ’ব ৫১। শ শ h-index লাভ কৰা মানুহৰ ভিৰত ২৯ পাই নোবেল পোৱাটো এটা খোৰাক যোগাব পৰা কথাই হয়।

এই কথাটোৱে আন এটা কাহিনীলৈ মনত পেলাই দিলে। ইটাং ঝাং নামৰ এজন অখ্যাত মানুহে কেইবছৰমান আগতে এটা যুগান্তকাৰী কাম সম্পন্ন কৰিছিল। `যমজ মৌলিক অনুমান’ (Twin Prime Conjecture) নামেৰে কেইবাশ বছৰ ধৰি সমাধান নোহোৱা এটা সমস্যা আছে, যিটো আৰু কেইশ বছৰৰ পাছত সমাধান হয়গৈ কোনেও ক’ব নোৱাৰে। এই অনুমানটো হ’লঃ ২ ব্যৱধানৰ মৌলিক সংখ্যাৰ যোৰ অসীম সংখ্যক আছে। অৰ্থাৎ, যমজ মৌলিক অসীম সংখ্যক আছে। যেনেঃ ৩ আৰু ৫ যমজ মৌলিক, ১৭ আৰু ১৯ যমজ মৌলিক। এই ধৰণৰ যোৰ অসীম সংখ্যক আছে বুলি প্ৰমাণ কৰিব লাগে। এই সম্পৰ্কত প্ৰথমটো যুগান্তকাৰী কাম সম্পন্ন কৰিলে ইটাং ঝাঙে। তেওঁ প্ৰমাণ কৰিলে যে ৭০০০০০০০ তকৈ সৰু কোনো এটা ব্যৱধানৰ মৌলিক সংখ্যাৰ যোৰ অসীম সংখ্যক আছে। সেই কৰ্মই সকলোকে আচৰিত কৰি তুলিলে আৰু মহান গণিতজ্ঞ টেৰেন্স টাও আদি কেইজনমান গণিতজ্ঞই সেই পথেৰে আগবাঢ়ি কেইমাহমানৰ ভিতৰতে এই সংখ্যাটো ২৪৬ লৈ কমাই আনিলে। (সেইটো যদি ২ লৈ কমাই আনিব পৰা যায়, তেন্তে যমজ মৌলিক অনুমানটোৰ প্ৰমাণ হৈ যাব।)

ইয়াৰ পাছত, টেৰেন্স টাৱে ৰসিকতা কৰি কৈছিল যে তেওঁলোকৰ এই কামখিনিয়ে গাণিতিক বা বৈজ্ঞানিক ৰচনাৰ জগতখনক ৫০ খনমান গৱেষণা-পত্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল। কাৰণ এইখিনি কাম নোহোৱা হ’লে, নতুনকৈ অতি সামান্য সাল-সলনি এটা কৰি এখন গৱেষণা-পত্ৰত অলপ, আন এখনত অলপ মানটো কমাই কমাই ৫০ খনমান গৱেষণা-পত্ৰ ওলালহেঁতেন। তেওঁ কৈ কৈ হাঁহিছিল।

এতিয়া কথাটো হ’ল, যদি সেই ৫০ খন গৱেষণা-পত্ৰ ওলালহেঁতেন, তেন্তে ইটাং ঝাঙে ৫০ টা চাইটেচন অধিক পালেহেঁতেন। কিন্তু সেইকেইখন নোলোৱাৰ ফলত, টেৰেন্স টাও আদিৰ কেইজনমানৰ কামখিনিৰ ফলত তেওঁ চাইটেচন পালে মাথোঁ দুটা নে তিনিটা। তেন্তে এতিয়া, ৩ ৰ ফলখিনি ভাল নে ৫০ ৰ ফলখিনি ভাল?

(এটা কথা ঠিক যে, এই কথাবোৰৰ কোনটোৱেই চূড়ান্ত বা সাধাৰণ নহয়। ইয়াৰ দ্বাৰা আকৌ এইটোও কৈ দিব নোৱাৰি যে সংখ্যা কম মানেই ভাল। আৰু ওপৰত কোৱা সেই ৩ ৰ ফলখিনি যদি নহ’লহেঁতেন, তেন্তে ৫০ ৰ ফলখিনিৰ চেষ্টাই জগতখনে কৰি থকাটো দৰকাৰি হৈ উঠিলহেঁতেন।)

আনহাতে, citation বা h-index আদিৰ ক্ষেত্ৰত এটা কথা হ’ল— সেইবোৰ ক’ত প্ৰকাশিত গৱেষণা-পত্ৰৰ বাবে পাইছে? নিম্ন পৰ্যায়ৰ কাম কিছুমানৰ h-index কেনেকৈ বাঢ়ে? যদি এটা নিম্ন মানৰ কাম কৰে সেইটোৰ ৰেফাৰেন্সত এশটা-দুশটা নিম্ন কাম হ’ব পাৰে। তেন্তে তাৰ মুঠ চাইটেচন হ’ল ১০০ বা ২০০। কিন্তু সেই এশ বা দুশখন বিশ্বত আন কোনেও নাচায় বা চোৱাৰ প্ৰয়োজন সমুলি নহয়। কিন্তু সেইটো চাইটেচনৰ হিচাপত উচ্চ। কিন্তু সেইটো বিষয়-বস্তুতে যদি এটা গুৰুত্বশীল কাম সম্পন্ন হয়, সেইটো উন্নত স্থানত প্ৰকাশিত হয়, তাক উপযুক্তভাবে বিশ্বৰ বিজ্ঞানীমহলত গ্ৰহণযোগ্য হয়, তাৰ ওপৰত ভিত্তি কৰি আন এটা বা দুটা গুৰুত্বপূৰ্ণ কাম সম্পন্ন হৈ যায়, আৰু একেবাৰে শেষত সেই কামটোৱে লাভ কৰিলে কেৱল সেই এটা বা দুটা চাইটেচন। অৰ্থাৎ চাইটেচনৰ হিচাপত সি হৈ পৰিল নিম্ন। এনেদৰেই এই সংখ্যাৰ হিচাপে প্ৰায়ভাগ সময়তে উৎকৃষ্ট কৰ্মৰ নিদৰ্শন নিৰ্ণয় নকৰে। যেনেকৈ ৫০০ টা গল্প লিখাজনো মহৎ নহ’ব পাৰে, কিন্তু ৬০ টামান গল্প লিখিও শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ব পাৰে।

[এই কথাখিনিৰ সৈতে নতুন কিছুমান তথ্য আৰু বিষয়-বস্তু সংযোগ কৰি লিখা আন এটা লেখাঃ ‘বিশ্বশ্ৰেষ্ঠ ২% বিজ্ঞানী বোলা কৌতুকটো’ ]

No Comments

Post A Comment