জুবিন গাৰ্গে বিদায় লোৱাৰ পাছত, আৰু দহ বছৰৰ পাছত, মানুহে আকৌ নতুন অসমীয়া গীত শুনিবনে? জুবিন যুগৰ পূৰ্বৰ সম্ভৱতঃ দুটা দশকত যিটো ঘটিছিল বুলি কোৱা হয়, সেই সময়ত লাহে লাহে মানুহে অসমীয়া গীত শুনিবলৈ বাদ দিছিল, পুনৰ তেনে দিন আহি আছে নেকি! সেই সময়ত হিন্দী...

জুবিন গাৰ্গৰ সম্পৰ্কে বহুদিনলৈ একো নিলিখোঁ বুলি ভাবি আছিলোঁ। প্ৰবন্ধই হওক বা ফেচবুক-ইনষ্টাগ্ৰামতে হওক। কিন্তু তেওঁ এনে এজন মানুহ, যাক আঁতৰাই ৰাখিব বিচাৰিলেও বা উপেক্ষা কৰিব বিচাৰিলেও, খোলা দুৱাৰেদি সোমাই অহা এছাটি কোমল বতাহৰ দৰে নিজৰ অজ্ঞাতেই তেওঁ মনৰ ভিতৰত প্ৰৱেশ কৰে আৰু এটা সপোনলৈ...

সম্ভৱতঃ মোৰ আটাইতকৈ প্ৰিয় জুবিন গাৰ্গৰ কণ্ঠৰ গীত দুটা হৈছে— ‘জোনাক গলা জাৰৰ নিশা’ আৰু ‘এন্ধাৰ হ’ব নোৱাৰোঁ’। গীত দুটা সদায়েই গুণগুণাই নাথাকিলেও নিজে নিজে কেতিয়াবা মুখেৰে ওলাই আহে। আৰু কেতিয়াবা নিৰলে শুনি খুৱ ভাল লাগে। তেনেকৈ শুনিবলৈ কেতিয়াবা মনৰ পৰা নিজে নিজে আহি যায়...

(এই লেখাটো পূৰ্বৰ দুটা লেখা (১, ২) লগ লগাই প্ৰস্তুত কৰা হৈছে। ইয়াৰ মূল ৰূপটো মোৰ 'প্ৰতিভাৰ উৎস' নামৰ কিতাপখনত সন্নিৱিষ্ট হৈছিল। এই সংক্ষিপ্ত ৰূপটো 'অসম ইয়েৰ বুক'ত সন্নিৱিষ্ট হ'ব।) জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি’ গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই...

হোমেন বৰগোহাঞি: কেইজনমান লেখকৰ নাম বা উপাধিকেইটাই তথা সেইসমূহ উচ্চাৰণ কৰোঁতে সৃষ্টি হোৱা ধ্বনিবোৰে সৰুকালত মোৰ মনত এটা বেলেগ প্ৰভাৱ পেলাইছিল৷ যেনেঃ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, নলিনীবালা দেৱী, ……৷ ডাঙৰ সাহিত্যিকসকলৰ নামবোৰ জন্মৰ পৰাই বেলেগ হয় বুলি ধাৰণা এটা মনত লাগি ধৰিছিল৷...

১) জুবিন গাৰ্গ আশাবাদৰ এটা প্ৰতীক৷ যি সময়ত জুবিন গাৰ্গ নামৰ গায়কজন সৃষ্টি হৈছিল, সেই সময়ত অসমত জুই, ধোঁৱা, মাৰণাস্ত্ৰ, বিভেদ আৰু চকুপানীৰে নৰক সদৃশ পৰিৱেশ৷ ধ্বংসৰ মুহূৰ্তত ধ্বংসৰ গান এটি, দুখৰ মুহূৰ্তত দুখৰ গান এটি বা নানা কথা সোঁৱৰাই দিয়া গান এটিয়ে মানুহক অধিক...