ৰাষ্ট্ৰীয় জ্ঞান আয়োগ (National Knowledge Commission) নামৰ এখন আয়োগ আছিল। এই আয়োগখনে এবাৰ এই শতিকাটোৰ আৰম্ভণি সময়ৰ এটা তথ্য প্ৰকাশ কৰিছিল যে— প্ৰতি নিযুত জনতাৰ বিপৰীতে আমাৰ দেশত গৱেষকৰ সংখ্যা ১১২ জন; আৰু তাৰ বিপৰীতে চীনৰ ৬৩৩ জন আৰু আমেৰিকাৰ ৪৩৭৪ জন৷ ইয়াকে অৱলম্বন কৰি...

বিভিন্নগৰাকী ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি থাকে যে মই পিএইছডি কিয় এৰি দিছিলোঁ আৰু এতিয়া কিয় গৱেষণা-পত্ৰ উলিয়াইছোঁ। এই প্ৰশ্ন কৰোঁতাসকল প্ৰধানকৈ চাৰি ধৰণৰ: ১) তেওঁলোকে পিএইছডি কৰি আছে আৰু কিছুমান বেলেগ বেলেগ ধৰণৰ সমস্যাত পৰি কষ্টত দিন কটাইছে, আৰু মইয়ো তেনেকুৱা সমস্যাতে পৰি এৰিছিলোঁ নেকি বুলি এনেই...

তলৰ প্ৰায় গোটেই বক্তব্যখিনি মই আনৰ পৰা শুনা। ট্ৰেইনিং প্ৰগ্ৰেম একোটাকো কেতিয়াবা চেমিনাৰ বুলি কোৱা হয়। বিখ্যাত লেখক ৰবীন শৰ্মাই তেওঁৰ অনুপ্ৰেৰণা প্ৰদানকাৰী বক্তৃতা অনুষ্ঠানবোৰকো চেমিনাৰ বুলি কয়। সেইধৰণৰ চেমিনাৰবোৰৰ কথা ইয়াত কোৱা নাই। চেমিনাৰ বুলিলে সাধাৰণতে যিটো বুজা যায়, নতুন ধাৰণা-সম্পন্ন কৰ্মবোৰ বা উদ্ভাৱনবোৰৰ সম্পৰ্কে য’ত...

বিশ্বৰ আটাইতকৈ সন্মানীয় বৈজ্ঞানিক অনুষ্ঠান/সংস্থাসমূহৰ ভিতৰত এটা হ'ল ৰয়েল ছচাইটি (Royal Society)৷ সোতৰ শতিকাৰ মাজভাগত প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটিয়েই বিশ্বৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা-পত্ৰিকা (journal) প্ৰকাশ কৰিছিল৷ (তাৰ দুমাহ পূৰ্বে ফ্ৰান্সৰ পৰা ফৰাচী ভাষাত বিশ্বৰ প্ৰথমখন গৱেষণা-পত্ৰিকা প্ৰকাশ পাইছিল৷) ৰয়েল ছচাইটি প্ৰতিষ্ঠা নোহোৱা হ'লে আৰু তেওঁলোকে...

২০০২ চনত প্ৰতি নিযুত জনতাৰ বিপৰীতে ভাৰতত গৱেষকৰ সংখ্যা আছিল ১১২ জন; আনহাতে চীনৰ এই সংখ্যা আছিল ৬৩৩ জন আৰু আমেৰিকাৰ আছিল ৪৩৭৪ জন৷ এই তথ্য ৰাষ্ট্ৰীয় জ্ঞান আয়োগ (National Knowledge Commission) ৰ৷ (http://knowledgecommission.gov.in/downloads/recommendations/NoteMoreQualityPhD.pdf ৷) শেহতীয়া আন এক তথ্য অনুসৰি, প্ৰতি নিযুত লোকৰ বিপৰীতে ভাৰতত...