Vol. 67 গণিত-বিজ্ঞানৰ গ্লেমাৰাছ লেখক, বক্তা, অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক মাৰ্কাছ ডু চুতয়ে (২৬ আগষ্ট, ১৯৬৫) কৈছিল— “মই ভাবোঁ, মোৰ প্ৰজন্মটোৱে এনে এটা বাৰ্তাৰ এক ৰকমৰ অপ-প্ৰভাৱত বাস কৰিছে যে— ‘হয়, যদি তুমি এজন গণিতজ্ঞ হোৱা তেন্তে তুমি কেৱল মাথোঁ গণিত কৰি থকাই উচিত। তুমি ইয়াক জনপ্ৰিয়...

মই যেতিয়া ‘গণিত বিকাশ’ আলোচনীখনৰ সম্পাদক ৰূপে দায়িত্ব লৈছিলোঁ, তেতিয়া বহুকেইজন যুৱ-গৱেষকক নতুন আৰু যথেষ্ট গুৰুত্বপূৰ্ণ নিজৰ এখন গৱেষণা-পত্ৰৰ বিষয়ে সাধাৰণ পাঠকৰ বাবে লিখিবলৈ আহ্বান জনাইছিলোঁ। শিতানটোৰ নাম আছিল ‘মোৰ শেহতীয়া এখন গৱেষণা-পত্ৰ’। অসম গণিত শিক্ষায়তনে প্ৰকাশ কৰা আলোচনীখনৰ সম্পাদক হিচাপে মই নতুনকৈ কৰিবলৈ লোৱা...

‘অসম গণিত শিক্ষায়তন’-এ ১৯৮৭ চনৰ পৰা প্ৰকাশ কৰি অহা দ্বি-ভাষিক আলোচনী ‘গণিত বিকাশ’-এ বহুকেইটা প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। ইয়াৰ ভিতৰত ড৹ অনুপম শইকীয়াৰ দৰে ৰেংলাৰ, প্ৰসিদ্ধ গণিতজ্ঞও আছে। আৰম্ভণি কালৰ পৰাই এইখন বিভিন্ন স্তৰৰ শিক্ষক, অধ্যাপকৰ বাবেও এখন সন্মানীয় আলোচনী। মই স্নাতক ডিগ্ৰীৰ প্ৰথম বৰ্ষত থাকোঁতে শিক্ষায়তনৰ...