সাধাৰণ পাঠকৰ উদ্দেশ্যে গাণিতিক গৱেষণা-গ্ৰন্থ

মই যেতিয়া ‘গণিত বিকাশ’ আলোচনীখনৰ সম্পাদক ৰূপে দায়িত্ব লৈছিলোঁ, তেতিয়া বহুকেইজন যুৱ-গৱেষকক নতুন আৰু যথেষ্ট গুৰুত্বপূৰ্ণ নিজৰ এখন গৱেষণা-পত্ৰৰ বিষয়ে সাধাৰণ পাঠকৰ বাবে লিখিবলৈ আহ্বান জনাইছিলোঁ। শিতানটোৰ নাম আছিল ‘মোৰ শেহতীয়া এখন গৱেষণা-পত্ৰ’। অসম গণিত শিক্ষায়তনে প্ৰকাশ কৰা আলোচনীখনৰ সম্পাদক হিচাপে মই নতুনকৈ কৰিবলৈ লোৱা কেইবাটাও কামৰ ভিতৰত সেইটোও আছিল এটা। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল, গণিতৰ ভাল ভাল কাম কৰা নতুন গৱেষকসকলক পাঠকৰ মাজত পৰিচয় কৰাই দিয়া, ভাল জাৰ্নেল কোনবিলাক সেই সম্পৰ্কে এক প্ৰচাৰ চলোৱা বা এটা ধাৰণা যাতে সকলোৱে পায় তাৰ চেষ্টা চলোৱা, কষ্টশীল গৱেষকসকলক নিজে লিখিবলৈ দি এটা সন্মান জনোৱা আৰু সকলোৰে মাজত এটা উৎসাহৰ পৰিৱেশ সৃষ্টি কৰা।

সেই শিতানত লিখাসকল হৈছেঃ

নিলুফাৰ মানা বেগম

প্ৰীতম জ্যোতি বৰা

অয়ন নাথ

দিশান্ত শইকীয়া

কুঞ্জকানন নাথ

দেৱাশীষ শৰ্মা

কুঁৱৰী মহন্ত

নৱল কিশোৰ হাজৰিকা

আৰু

হীৰকজ্যোতি দাস

এইসকলৰ উপৰি, মই লিখিবলৈ আহ্বান জনোৱা আন কেইবাজনো আছিল। প্ৰবন্ধ লিখাৰ অভ্যাস কম বাবে তেওঁলোকে লিখিবলৈ সংকোচ কৰিছিল। তথাপি তেওঁলোকে লিখা হ’লে বহুত ভাল হ’লহেঁতেন।

নিলুফাৰ মানা বেগমে লিখিছিল বিভাজন তত্ত্বৰ সম্পৰ্কে। তেওঁৰ গৱেষণা-পত্ৰখন আছিল ‘The Ramanujan Journal’ত প্ৰকাশিত। কেইবাটাও শব্দৰ অসমীয়াটো সঠিককৈ লিখিবলৈ অসুবিধা পোৱাৰ পাছতো তেওঁ কথাখিনি সুন্দৰকৈ অসমীয়াত লিখি পেলাইছিল।

প্ৰীতম জ্যোতি বৰা গণিতৰ নহয়। কিন্তু তেওঁৰ গৱেষণাৰ গাণিতিক দিশ এটাও আছে। বিশ্বশ্ৰেষ্ঠ তিনিখন বা পাঁচখন জাৰ্নেলৰ এখন বুলি সততে উল্লেখ হোৱা ‘Science’ত তেওঁৰ গৱেষণা-পত্ৰখন প্ৰকাশ পাইছিল। তেওঁ অসমীয়াত সুন্দৰকৈ গাণিতিক দিশটো লিখিছিল, আলোচনীখনৰ লগত মিলাকৈ।

বৰ্তমান এমআইটিৰ গৱেষক অয়ন নাথে লিখিছিল তেওঁ হায়াৰ ছেকেণ্ডাৰীত থাকোঁতেই ‘The American Mathematical Monthly’ত প্ৰকাশিত গৱেষণা-পত্ৰখনৰ বিষয়ে। সেই লেখাটো আন এক দিশেৰেও পৰিপক্ব আছিল। কেনেকৈ গাণিতিক সমস্যা একোটা এঢাপ এঢাপকৈ গঠন কৰিব পাৰি, তাত সেই কাহিনীও আছিল।

দিশান্ত শইকীয়াইও ছাত্ৰাৱস্থাতে এটা গোটৰ সৈতে কৰা এটা কামৰ বিষয়ে লিখিছিল। য’ত অন্তৰ্ভুক্ত আছিল প্ৰসিদ্ধ গণিতজ্ঞ, প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ গৱেষক ইত্যাদি।

কুঞ্জকানন নাথ আদি কিছুমান অসমীয়া লোক কেৱল গণিতৰে নহয়, যিকোনো বিষয়ৰে অসমৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ এজন। ফিল্ড্‌ছ মেডেলিষ্ট জেমছ মেয়নাৰ্ডৰ দৰে অসাধাৰণ গণিতজ্ঞই তেওঁৰ ৰিকমেণ্ডেছন-লেটাৰ লিখে। তেওঁৰ কেইবাটাও কাহিনী মোৰ অতিকে প্ৰিয়। বিভিন্ন গণিতজ্ঞ জড়িত কেইটামান কাহিনী তেওঁ মোক লিখিবলৈ কৈছিল, সেইখিনি মই পাছতহে লিখিম। তেওঁৰ নিজৰ এটা কাহিনী— তেওঁ এবাৰ কিবা এটা ৰিজাল্ট পাইছিল, যিটো ‘Journal of Number Theory’ শীৰ্ষক জাৰ্নেলখনত প্ৰকাশৰ যোগ্য আছিল। এই জাৰ্নেলখনত প্ৰকাশৰ বাবে সংখ্যাতত্ত্বৰ সকলো সাধাৰণ গৱেষকৰ এটা সপোনো থাকে। তেওঁ ৰিজাল্টটো প্ৰকাশ কৰাৰ ইচ্ছাৰ সম্পৰ্কে তেওঁৰ গাইড গণিতজ্ঞ ডিমিট্ৰিছ ক’ক’ল’প’ল’চক জনালে। গণিতজ্ঞজনে ক’লে যে নালাগে পঠাব, আৰু কাম কৰা। পাছত কুঞ্জকানন নাথে একাধিক বছৰ জোৰা কামেৰে প্ৰায় ৬০ পৃষ্ঠা দৈৰ্ঘ্যৰ এখন গৱেষণা-পত্ৰ সম্পূৰ্ণ কৰিছিল আৰু সেই গৱেষণা-পত্ৰখনৰ বিষয়েই ‘গণিত বিকাশ’ত লিখিছিল।

দেৱাশীষ শৰ্মা সমগ্ৰ অসমত গণিত শিক্ষা প্ৰসাৰৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি। এটা জৰুৰী সময়ত তেওঁ খুৱ কম দিনৰ ভিতৰতে মোক লেখাটো প্ৰদান কৰিছিল। ছমাহ-বছৰ পৰ্যন্ত এটা দিশত কাম কৰি থকাৰ পাছত একো গুৰুত্বপূৰ্ণ ফল নাপাই পুনৰ সেই দিশ সলনি কৰি নতুন দিশত গৱেষণা কৰিব লগাও কেতিয়াবা হয়। তেওঁ নিজৰ অভিজ্ঞতাৰে সেই সম্পৰ্কেও উল্লেখ কৰিছে।

কুঁৱৰী মহন্তই টপ’ল’জীৰ কাম কৰে। গণিতৰ কিছুমান বিষয়ৰ কাম কৰিবলৈ প্ৰথমেই গভীৰ স্তৰলৈ গৈ ল’ব লগা হয়। গৱেষণাৰ প্ৰাথমিক স্তৰতে তেওঁলোকে বহু কথা, বহু গাণিতিক ভাষা, বহু শব্দ, বহু গাণিতিক নীতি জানিব লগা হয়। তাৰ পাছতহে আচল কাম আৰম্ভ হয়। তেওঁ তেনেকুৱা এটা স্তৰত কাম কৰে। টপ’ল’জী বা সংস্থিতি বিদ্যা প্ৰায়ভাগেই শুনা বিষয়। কিন্তু তেওঁৰ গৱেষণা-পত্ৰখন আয়ত্ব কৰিবলৈ স্নাতকোত্তৰসকলেও হয়তো পুনৰ এটা-দুটা বৰ্ষৰ অধ্যয়ন কৰি ল’ব লাগিব।

নৱল কিশোৰ হাজৰিকাই লিখিছিল আন এজন অসমীয়া ছাত্ৰৰ সৈতে ছাত্ৰাৱস্থাতে কৰা এটা কামৰ বিষয়ে, যিটো প্ৰকাশ পাইছিল ‘The American Mathematical Monthly’ত। গণিতৰ মানুহে জানে যে এই জাৰ্নেলখন এখন ব্যতিক্ৰমী জাৰ্নেল।

হীৰকজ্যোতি দাসৰ সম্পৰ্কে মই ভাবোঁ যে, বিভাজন তত্ত্বত তেওঁৰ কিছু নিজস্ব ধাৰণা আছে। আৰু তেওঁ ধুনীয়াকৈ অসমীয়াত লিখিবও জানে। তেওঁ যেতিয়া গৱেষণা-পত্ৰখনৰ বিষয়ে লিখিছিল, তেতিয়া সেই লেখাটোৱে এখন গৱেষণা-পত্ৰ বিষয়ক কেৱল এটা বিশেষ লেখা নহৈ এটা সুন্দৰ সাধাৰণ প্ৰবন্ধৰ ৰূপ পাইছিল।

বিজ্ঞানীসকলে নিজৰ গৱেষণাৰ বিষয়ে লিখা কাৰ্যটোৱে কেৱল সাধাৰণ মানুহকে যে বিষয়টোৰ ফালে আকৰ্ষিত কৰে এনে নহয়। ই নিশ্চয়কৈ নিজৰ মগজু কৰ্ষণৰো এক সুবিধা প্ৰদান কৰে। শৃংখলাপূৰ্ণভাৱে স্তৰ কিছুমান জুকিয়াই ল’বলৈ এই কাৰ্যই সহায় কৰে। নিজৰ বৈজ্ঞানিক কৰ্মৰ বিষয়ে বেলেগ বেলেগ শাখাৰ মানুহক আকৰ্ষিত কৰিব পৰাকৈ লিখাটো বা তাতকৈও অধিক আগবাঢ়ি যিকোনো সাধাৰণ পাঠকে বুজিব পৰাকৈ লিখাটো হৈছে এটা দক্ষতা। আমি মাজে মাজে দেখি থাকোঁ, ৰুবুল মাউতেও নিজৰ গৱেষণাৰ বিষয়ে সকলোৱে বুজিব পৰাকৈ ফেচবুকত বা কাকত-পত্ৰই লিখি থাকে।

আমাক কিছুমান গৱেষক লেখক লাগে, যি নিজৰ গৱেষণাৰ ক্ষেত্ৰখনৰ বিষয়ে সাধাৰণ পাঠকৰ বাবে নিজে লিখে। যিটো বৈজ্ঞানিক কৰ্মৰ ভিতৰতে পৰে। বিজ্ঞানৰ বিকাশত ইয়াৰ অৰিহণা আছে। ডাঙৰ ডাঙৰ বিজ্ঞানীসকলেও এই কাম কৰি থাকে। আজিৰ যুগতো কৰি থাকে। তেওঁলোকৰ দেশৰ, তেওঁলোকৰ বিজ্ঞানৰ বা সামগ্ৰিক তথ্য-প্ৰযুক্তিৰ ইমান উন্নতিৰ পাছতো তেওঁলোকে এইটো কৰে। এই কথাবোৰ মই আগতেও বেলেগ ঠাইত লিখিছোঁ। কথাখিনি পুনৰ মনলৈ আহি আছে, কিছুদিন পূৰ্বে তেনেকুৱা এটা লেখা লিখাৰ পাছত।

অসম সাহিত্য সভাৰ বিশেষ অধিৱেশন এখন এই ৩১ জানুৱাৰীৰ পৰা গুৱাহাটীত হোৱাৰ কথা, চাৰিদিনীয়াকৈ। তাতে বিজ্ঞান-সাহিত্য উপ-সমিতিয়ে অসমীয়াত এখন গৱেষণামূলক গ্ৰন্থ প্ৰকাশৰ দিহা কৰিছে। তাৰ বাবে লেখা বিচাৰি দুজনমান বিষয়ববীয়া তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিছিল, কোনো কোনো অধ্যাপক আদিক লগ কৰিবলৈ।

যি কি নহওক, মোক মোৰ ছাৰে পৰামৰ্শ দিলে যে— আমি শেহতীয়াকৈ প্ৰকাশ কৰা এখন গৱেষণা-পত্ৰ লৈ যুটীয়াভাৱে এটা লেখা লিখিব পাৰোঁ, সেই কিতাপখনৰ বাবে। আমাৰ লেখাটো বাৰু হ’ল। এতিয়া দেশ-বিদেশৰ বিভিন্ন স্থানত ভালেকেইজন অসমীয়া গৱেষকে গণিতৰ যথেষ্ট গুৰুত্বপূৰ্ণ কাম কৰি আছে, আৰু এনেকুৱা ধৰণৰ লেখা বিচাৰি তেওঁলোকক তাগিদা দিবলৈ পুনৰ মোৰ মন গৈছে।

এই ৩১ জানুৱাৰীৰ পৰা অসম গণিত শিক্ষায়তনৰো দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। এনেকুৱা লেখাসমূহ লৈ অসম গণিত শিক্ষায়তনেও ভৱিষ্যতে হয়তো এখন কিতাপ উলিয়াব পাৰিব।

No Comments

Post A Comment