গুৱাহাটীৰ মাজমজিয়াত বৰপীৰা পাৰি অনুষ্ঠিত কৰা হ’ল বিশ্বৰ প্ৰথমখন পচলা ফেষ্টিভেল

ষ্টাফ ৰিপৰ্টাৰ, অসমসংবাদ, গুৱাহাটী, অক্টোৱৰ, গধূলি ৮ বজা : আজি দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ মাজ-মজিয়াত বৰপীৰা পাৰি বিশ্বৰ প্ৰথমখন পচলা ফেষ্টিভেল অনুষ্ঠিত কৰা হয়। ফেষ্টিভেলখন উদ্বোধন কৰে আমাৰ “অসম-সংবাদ” কাকতৰ নামত জ্যেষ্ঠ কিন্তু বয়সত কনিষ্ঠ তথা অনভিজ্ঞ সাংবাদিক বাতিৰাম বশিষ্টই। বাতিৰাম বশিষ্টৰ বিশেষ পৰিচয় হ’ল— “তেখেতৰ দেউতাকৰ নাম কাতিৰাম আৰু মাকৰ নাম দিহানাম। তেখেতৰ জন্ম কেতিয়া সেইটো তেখেতৰ মনত নাই, তথাপি কিন্তু তেখেত এতিয়াও বুঢ়া হোৱা নাই। পঢ়া-শুনাত তেখেত বৰ কেঁচা, কিন্তু সাংবাদিকতাই তেখেতৰ নিচা।” সুতীক্ষ্ণ বুদ্ধিমত্তাৰ বাবে তেখেতে Indian Civil Services পৰীক্ষাত এশ শতাংশ নম্বৰ পাই IAS বিষয়া হ’ব পাৰিলেহেঁতেন, কিন্তু তেখেতে এই পৰীক্ষাটো এবাৰো নিদিলে। তেখেত এজন বিশ্ববিখ্যাত বক্তা হ’ব পাৰিলেহেঁতেন, কিন্তু তেখেতে এদিনো মঞ্চত উঠি বক্তৃতা নিদিলে। এদিন তেখেত গছলৈ উঠি তললৈ সৰি পৰিলে আৰু সেই ঘটনাটোকে লিখি এদিন এখন আলোচনীলৈ পঠাই দিলে। তাৰ পাছত আৰু তেখেতে পাছলৈ উভটি নাচালে। তেখেতে গছত গৰু উঠা হোলোঙাই কাণ বিন্ধোৱা সংবাদ ৰাইজক দি যাবলৈ ধৰিলে।

পচলা ফেষ্টিভেলৰ উদ্দেশ্যে আজি পুৱা ভাগতেই মনোহৰ, জাহাজী, পূৰা, ভীম, জাতি, চেনী, সোন্দা, অমৃতসাগৰ, কেচুলেপা, দিগযোৱা, জবকাদৰীয়া, আঠীয়া, চেনিচম্পা, মালভোগ আদি সকলো প্ৰকাৰৰ কলৰ পচলা গুৱাহাটীৰ সমীপৱৰ্তী গাওঁবোৰৰ পৰা টেম্পুত তুলি গুৱাহাটীৰ ফেষ্টিভেলস্থলীলৈ অনা হয় আৰু সেইবোৰৰ বিভিন্ন প্ৰণালীৰে ৰন্ধাৰ ব্যৱস্থা কৰা হয়। ৰন্ধণ-কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত ৰাইজে পচলাৰ জুতি লোৱাৰ সময় হোৱাত ফেষ্টিভেলস্থলীলৈ প্ৰথমে অসমৰ ২৫ গৰাকী ডেকেৰী অভিনেত্ৰী, ২০ গৰাকী ডেকা “ডাণ্সাৰ” আৰু ৬৩ গৰাকী হেণ্ডচাম নিউজ এংকৰক নিমন্ত্ৰণ জনাই তেওঁলোকে সেইবোৰ কিমান পৰিমাণে খাব পাৰে তাৰে এক প্ৰতিযোগিতা পতা হয়৷ এইসকলে উদৰ পূৰাই খাই-বৈ হোৱাৰ পাছতে এটা ৰেম্প শ্ব’ত ভাগ ল’বলৈ দিয়া হয়৷ ৰেম্পত খোজ দিয়াৰ পাছত তেওঁলোকৰ বহুতৰে পেটবোৰ চিকুট মাৰি ধৰাত, বহা ঠাইতে মিঃ ৰাজকুমাৰৰ বিখ্যাত ত্ৰিল’জীৰ যিখন চিনেমাকে বিচাৰে সেইখন চিনেমাকে চাবলৈ সুবিধা কৰি দিয়া হয়৷ ইয়াৰ পাছতো যিসকল এই চুপাৰ ষ্টাৰৰ পেট চিকুটমাৰি ধৰা ভাল নহয়, তেওঁলোকক এটা পানীবেজী দি লগতে ১৫ টা পানীপুৰি খাবলৈ দিয়া হয়৷ ইয়াৰ পাছতে সকলোৰে পেট চিকুটমৰা ভাল হোৱাৰ লগে লগে ফেষ্টিভেলৰ সামৰণি ঘোষণা কৰা হয়।

ফেষ্টিভেলখনত ভালেকেইজন বিদেশী ব্যক্তিয়েও দৰ্শক হিচাপে অংশগ্ৰহণ কৰে। হীৰাৰ আঙুঠি প্ৰদৰ্শন অনুষ্ঠানেই হওক বা আজিৰ পচলা ফেষ্টিভেলেই হওক, এইবোৰৰ প্ৰচাৰ সেইসকলক উদ্দেশ্যিহে কৰা হয়— যিসকল অভিজাত বুলি এটা পৰিচয় থাকে। আৰু নিমন্ত্ৰণী-পত্ৰ সেইসকললৈহে যায় যিসকলে আভিজাত্যক অহৰহ প্ৰদৰ্শন কৰি থাকিব জানে। নহ’লে যদি দুখীয়া ৰাইজে এই ফেষ্টিভেলৰ খবৰ পালেহেঁতেন, তেন্তে বিদেশী অতিথিৰে ফেষ্টিভেলস্থলী ভৰপূৰ হৈ পৰিলহেঁতেন, কাৰণ তেতিয়া বাংলাদেশীৰো আগমণ বিপুল পৰিমাণে হ’লহেঁতেন। দুখীয়া-দৰিদ্ৰই এইবোৰৰ ভু-ভটং পাব পৰা নহয়গৈ বাবে কাজিৰঙালৈ অহা ধনী আমেৰিকান আৰু জাপানিজ পৰ্যটক কেইজনমানকে কাকুতি-মিনতি কৰি ধৰি-বান্ধি আনি ফেষ্টিভেলখনৰ বিদেশী শোভা বৰ্ধন কৰা হয়।

ইফালে ফেষ্টিভেল-স্থলীত খাবলৈ অনা কলপুলিবোৰৰ লগত বিভিন্ন যুৱক-যুৱতীয়ে চেলফী তুলি থাকোঁতে কেইজনমানে জোতপোত খোৱাত মাৰপিটৰ সূত্ৰপাত হয়। সেই অৰিয়াঅৰি চলি থকা সময়তে ফেষ্টিভেলৰ মঞ্চত দুজন নতুন গায়কে “হ’প কৰিছোঁ, আপোনালোকে আমাৰ গান উপভোগ কৰিছে”, “গানটো শুনি কেনে লাগিল বাৰু? যদি লাইক কৰিছে তেন্তে চিম্পলি হাততালি এটা মাৰিব”, “চ’ এভ্ৰিওৱান, নেকষ্ট কি গাম?” ইত্যাদি কথাৰে আপ্লুত কৰাত মাৰপিট কাৰ্যসূচী অতি সোনকালেই সামৰণি পৰে।

সদৌ শেষত একো একোডোখৰ পচলা ৰঙিণ গিফ্ট-পেপাৰত মেৰিয়াই আমাৰ অভিনেত্ৰী, নৰ্তক আৰু এংকৰসকলক হাতত দি পঠোৱা হয়। পচলাডোখৰ নি ঘৰতনো কি কৰিব বুলি তেওঁলোকে নিজৰ “কাৰ”বোৰৰ খিড়িকীৰে সেইকেইডোখৰ বাটতে পেলাই থৈ গুচি যায়। সেই পচলাবোৰ চিটিবাছৰ চকাৰ তলত পৰি চিৰা-চিৰ হৈ পৰা বাবে আজি সন্ধিয়াৰ আগে আগে গুৱাহাটীৰ পথে পথে অ’ত ত’ত চেপেটাখোৱা পটুৱাবোৰ অধিক পৰিমাণে দেখিবলৈ পোৱা যায়।

আনহাতে, তল-ওপৰ একো নোচোৱাকৈ সদায় মাথোঁ পিছলৈ উভটি উভটি চাই খোজকঢ়া আৰু পাইভ ষ্টাৰ হোটেলত খাই খাই পেটুৱা হোৱা বুদ্ধিজীৱি এজনে পেট কমাবলৈ সচৰাচৰ যোৱা দৰে আজিও সান্ধ্য-ভ্ৰমণত যাওঁতে অকস্মাতে পটুৱা এচটাত ভৰি পৰি পিছলি ঠাইতে ঠেকেছা খাই পৰে। ফলত খঙতে তেওঁ অসম-বন্ধ এটা হোৱাটো কামনা কৰে। তাৰ বাবে তেওঁ নিজৰ হলিগলি থকা নিষিদ্ধঘোষিত সংগঠন এটাৰ মুৰব্বীজনৰ লগত যোগাযোগ কৰিবলৈ মন মেলে। কিন্তু চৰকাৰে অসম বন্ধ দিয়া কাৰ্যটোৱো নিষিদ্ধ কৰি থৈছে। গতিকে কামটো কৰিবলৈ তেওঁ সেই সংগঠনটোৰ মুৰব্বীক দিলে নিষিদ্ধ+নিষিদ্ধ = “তেওঁতকৈ প্ৰসিদ্ধ” হৈ পৰে বুলি সেইটো নকৰি এটা অখ্যাত সংগঠনৰ মুৰব্বীলৈ বন্ধ এটা ঘোষণা কৰিব লাগে বুলি ফ’ন লগালে।

এই প্ৰতিবেদন লিখি থকা পৰলৈকে সেই সংগঠনটিৰ অসম-বন্ধৰ প্ৰচাৰ-পোষ্টাৰখিনি ছপা কৰা কাৰ্য সম্পূৰ্ণ হৈ গৈছে। কিন্তু পোষ্টাৰখিনি ছপা কৰিবলৈ প্ৰয়োজনীয় ধনখিনি চান্দা তুলিবলৈ গৈ বাটতে তাৰে দুটকামান এজনে নিজৰ জেপত ভৰাই ধৰা পৰাত সংগঠনটোৰ বিষয়ববীয়াসকলৰ নিজৰ মাজতে অলপ লপাথপা কাৰ্যসূচী চলিল। ফলত সেইখিনি ৰাস্তাই-ঘাতে অঁৰা কাৰ্যসূচীত অলপ পলম হোৱা দেখা যায়। তথাপি দহটা লালমোহনৰ বিনিময়ত এটা শিশুৱে ততাতৈয়াকৈ সেইখিনি অঁত-তঁত আঁৰি দিবলৈ গাত লৈছে বুলি এজন বিষয়ববীয়াই আমাক জানিবলৈ দিয়ে।

[ফটো উৎস: অজ্ঞাত]

No Comments

Post A Comment