শেহতীয়া অলিম্পিকত ভাৰতৰ ৰেংক

লেখকদ্বয়:

পংকজ জ্যোতি মহন্ত

ঋতু দত্ত

সদ্য-সমাপ্ত অলিম্পিকত নীৰজ চোপ্ৰাই ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথমটো সোণৰ পদক লাভ কৰাৰ আগমুহূৰ্তত, অলিম্পিক পদকৰ তালিকাত ভাৰতৰ স্থান আছিল ৬৬ নম্বৰত। কিন্তু, নীৰজ চোপ্ৰাৰ সোণৰ পদক জয়ে ভাৰতৰ স্থান ৪৮ নম্বৰলৈ উন্নীত কৰিবলৈ সক্ষম হ’ল। অৰ্থাৎ, মাত্ৰ এটা সোণৰ পদক জয়লাভৰ ফলত ভাৰত ১৮ টা স্থান (৬৬-৪৮=১৮) আগলৈ আহিবলৈ সক্ষম হ’ল। সেইবাবে নীৰজ চোপ্ৰাৰ পদক লাভ ভাৰতৰ বাবে একপ্ৰকাৰৰ চমৎকাৰ! কিন্তু এয়াও ঠিক যে, ভাৰতৰ বাবে অন্য পদকসমূহ লাভ কৰাসকলৰ অৱদান কোনো গুণে কম নহয়। অলিম্পিকৰ পদকৰ তালিকাখন যিসকলে এইকেইদিনত লক্ষ্য কৰি আছিল, তেওঁলোকৰ বাবে এই কথা কিছু আমোদজনক হ’ব পাৰে। কাৰণ, এটা সোণৰ পদক জয়লাভ কৰাৰ লগে লগে ভাৰতৰ স্থান কিদৰে ১৮ টা স্থানৰ আগলৈ আগবাঢ়িল?

প্ৰথমে উল্লেখ কৰি লোৱা ভাল যে আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে (IOC) অলিম্পিকত ভাগ লোৱা দেশসমূহৰ মাজত কোনো ধৰণৰ স্থান (Ranking) তালিকা তেওঁলোকৰ ফালৰ পৰা প্ৰস্তুত নকৰে। বিভিন্ন আগশাৰীৰ সংবাদ-গোষ্ঠী তথা অন্য অনুষ্ঠানে অলিম্পিকত পদক লাভৰ কথাবোৰ বেছ গুৰুত্ব সহকাৰে বিশ্বৰ নাগৰিকসকলৰ সমুখত দাঙি ধৰে। এনেদৰে প্ৰস্তুত কৰা তালিকাসমূহত প্ৰধানকৈ দুই ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰাৰ কথা জানিবলৈ বা দেখিবলৈ পোৱা যায়। এক, একোখন দেশে লাভ কৰা সোণৰ পদকৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা স্থান। দুই, একোখন দেশে লাভ কৰা মুঠ পদকৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা স্থান।

আমাৰ আলোচনাৰ মাজলৈ যোৱাৰ আগতে সংলগ্ন ১ নং তালিকাৰ স্তম্ভ-১ ৰ পৰা স্তম্ভ-৬ লৈ চকু ফুৰাই চাওঁ আহক।

স্তম্ভ-১স্তম্ভ-২স্তম্ভ-৩স্তম্ভ-৪স্তম্ভ-৫স্তম্ভ-৬স্তম্ভ-৭
ৰেংক      দেশ / দলসোণৰূপ  ব্ৰঞ্জমুঠ পদক অনুসৰি ৰেংক(৩, ২, ১) স্ক’ৰ ভেক্টৰ অনুসৰি ৰেংক
১আমেৰিকা যুক্তৰাষ্ট্ৰ৩৯৪১৩৩১১
২চীনা গণ প্ৰজাতন্ত্ৰ৩৮৩২১৮২২
৩জাপান২৭১৪১৭৫৫
৪গ্ৰেট ব্ৰিটেইন২২২১২২৪৪
৫আৰ.অ’.চি.২০২৮২৩৩৩
৬অষ্ট্ৰেলিয়া১৭৭২২৬৬
৭নেদাৰলেণ্ড১০১২১৪৯৮
৮ফ্ৰান্স১০১২১১১০৯
৯জাৰ্মানি১০১১১৬৮৮
১০ইটালী১০১০২০৭৭
১১কানাডা৭৬১১১১১০
১২ব্ৰাজিল৭৬৮১২১১
১৩নিউজিলেণ্ড৭৬৭১৩১২
১৪কিউবা৭৩৫১৮১৫
১৫হাঙ্গেৰি৬৭৭১৩১৩
১৬কোৰিয়া গণৰাজ্য৬৪১০১৩১৪
১৭প’লেণ্ড৪৫৫১৯১৭
১৮চেক গণৰাজ্য৪৪৩২৩১৮
১৯কেনিয়া৪৪২২৫১৯
২০নৰৱে৪২২২৯২৩
……………………………
৪৬ৰোমানিয়া১৩০৪৭৩২
৪৬ভেনিজুৱেলা১৩০৪৭৩২
৪৮ভাৰত১২৪৩৩৩০
৪৯হংকং, চীন১২৩৩৯৩১
৫০ফিলিপিন১২১৪৭৩৩
তালিকা-১

১ নং তালিকাখনৰ স্তম্ভ-১ ত, দেশসমূহে লাভ কৰা সোণৰ পদকৰ ওপৰত ভিত্তি কৰি স্থান নিৰ্ণয় কৰা হৈছে। আনহাতে স্তম্ভ-৬ ত, দেশসমূহে লাভ কৰা মুঠ পদকৰ ওপৰত ভিত্তি কৰি স্থান নিৰ্ণয় কৰা হৈছে।

ইয়াৰে প্ৰথম পদ্ধতিটো বেছিভাগ অনুষ্ঠানে ব্যৱহাৰ কৰে। যদিহে দুখন দেশে লাভ কৰা সোণৰ পদকৰ সংখ্যা সমান, তেতিয়া যিখন দেশে অধিক ৰূপৰ পদক লাভ কৰে সেইখন দেশ ওপৰত থাকে। সেইদৰে, সোণ-ৰূপ দুয়োবিধ পদকৰ সংখ্যা সমান হ’লে, ব্ৰঞ্জৰ পদক অধিক লাভ কৰা দেশখন ওপৰত থাকে। আৰু যদি সেই পদকৰ সংখ্যাও সমান হয়, তেতিয়া আন্তৰ্জাতিক অলিম্পিক সমিতিত থকা দেশসমূহৰ নামৰ ক্ৰমসমূহৰ ওপৰত ভিত্তি কৰি স্থান ঠিক কৰা হয়।

অন্যহাতে, দ্বিতীয় পদ্ধতিটোত সোণ, ৰূপ বা ব্ৰঞ্জৰ পদকৰ মাজত কোনো পাৰ্থক্য নাই।

ওপৰত উল্লেখ কৰা দুয়োটা ৰেংকিং পদ্ধতিয়েই বৰ সন্তোষজনক নহয়। কিয়নো, দুয়োটা ৰেংকিং পদ্ধতিতে একোটা নিদিষ্ট তথ্যৰ ওপৰতে ভিত্তি কৰি, বাকী বহুতো তথ্য সম্পূৰ্ণভাবে এৰাই চলে। উদাহৰণস্বৰূপে, প্ৰথম পদ্ধতিটোত এখন দেশে কিমান সংখ্যক ৰূপৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে তাৰ ওপৰত ৰেংকিংটো বৰ বেছি নিৰ্ভৰ নকৰে। এই ক্ষেত্ৰত, এখন দেশে যিমানেই ৰূপ বা ব্ৰঞ্জৰ পদক লাভ নকৰক কিয় সেই সংখ্যা এটা সোণৰ পদকৰ সমান হ’ব নোৱাৰে। কিন্তু, এখন দেশৰ খেলুৱৈসকলে ৰূপ বা ব্ৰঞ্জৰ পদক পাবলৈয়ো যথেষ্ট কষ্ট কৰিব লগা হয়। যি কথা পদকৰ তালিকাখনত প্ৰতিফলিত নহয়। এই পদ্ধতিত সোণৰ পদকক (১), ৰূপৰ পদকক (০), আৰু ব্ৰঞ্জৰ পদকক (০) ৰে বুজাব পাৰি। অৰ্থাৎ, এই পদ্ধতিক (১, ০, ০) স্ক’ৰ ভেক্টৰে বুজাব পাৰি।

আনহাতে, দ্বিতীয় পদ্ধতিত সোণ, ৰূপ আৰু ব্ৰঞ্জ সকলো পদকক সমান মান বা গুৰুত্ব দিয়া হয়। এই পদ্ধতিত পদকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। অৰ্থাৎ, এই পদ্ধতিক (১, ১, ১) স্ক’ৰ ভেক্টৰে বুজাব পাৰি। কিন্তু সকলো পদকক সমান মান দিয়াটো বৰ যুক্তিকৰ কথা নহয়। কাৰণ, সোণৰ পদক লাভ কৰিবলৈ এজন খেলুৱৈয়ে যিমান কষ্ট কৰিব লগা হয় সেই অনুপাতে ব্ৰঞ্জ পদকত নহয়। অৰ্থাৎ এই পদকসমূহৰ মাজত এটা পাৰ্থক্য থাকিব লাগে। যিটো কথা দ্বিতীয় পদ্ধতিটোত দেখিবলৈ পোৱা নাযায়। চমুকৈ এই কথা উল্লেখ কৰিব পাৰি যে দুয়োটা পদ্ধতিয়েই একেবাৰে চূড়ান্ত ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা পদ্ধতি।

তালিকাখনৰ পৰা দেখা যায় যে প্ৰথম ৰেংকিং পদ্ধতি মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান প্ৰথম, কাৰণ ই আটাইতকৈ বেছি সোণৰ পদক লাভ কৰিছে। সেইদৰে দ্বিতীয় পদ্ধতি মতেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান প্ৰথম, কাৰণ ই আটাইতকৈ বেছি সংখ্যক পদক লাভ কৰিছে। আনহাতে, দ্বিতীয় পদ্ধতি মতে ভাৰতৰ স্থান ৩৩। কিন্তু প্ৰথম পদ্ধতি মতে ভাৰতৰ স্থান ৪৮। অৰ্থাৎ দুয়োটা পদ্ধতিত ভাৰতৰ স্থানৰ মাজত যথেষ্ট পাৰ্থক্য দেখা পোৱা যায়। আকৌ,  স্তম্ভ-১ ত দেখিবলৈ পোৱা যায় যে ৰোমানিয়া, ভেনিজুৱেলাৰ মুঠ পদকৰ সংখ্যা ৪ টা হোৱাৰ পাছতো ভাৰততকৈ আগত আছে, কাৰণ ৰোমানীয়া আৰু ভেনিজুৱেলাই ভাৰতৰ সৈতে সমান সোণৰ পদক লাভ কৰাৰ লগতে ৰূপৰ পদকত ভাৰততকৈ আগবঢ়া। 

এনেবোৰ কাৰণতে বহুতো অনুষ্ঠান বা ব্যক্তিয়ে অন্য স্ক’ৰ ভেক্টৰৰ পোষকতা কৰে। তেনেকুৱা তিনিটা উদাহৰণ হ’ল— (৩,২,১);  (৪,২,১); (৫,৩,১)। যদি আমি (৩, ২, ১) স্ক’ৰ ভেক্টৰ ব্যৱহাৰ কৰো, তেতিয়া দেশসমূহৰ স্থান তালিকাখনৰ স্তম্ভ-৭ ত দেখুওৱা দৰে হ’ব। এইক্ষেত্ৰত ভাৰতৰ স্থান হ’ব ৩০। এই তৃতীয় পদ্ধতিটোত সোণৰ পদকক অসীম পৰিমাণৰ গুৰুত্ব দিয়াৰ সলনি ৰূপ বা ব্ৰঞ্জৰ পদকতকৈ কিছু বেছি মান দিয়া হৈছে। লগতে দ্বিতীয় পদ্ধতিৰ দৰে সোণ, ৰূপ আৰু ব্ৰঞ্জ সকলোকে একে মান দিয়া কাৰ্য্যও আঁতৰ কৰা হৈছে। এইদৰে পদকসমূহৰ মাজত এটা পাৰ্থক্য অনিবলৈ চেষ্টা কৰা হৈছে। স্বাভাৱিকতে এই তৃতীয় শ্ৰেণীৰ পদ্ধতিটো প্ৰথম দুটা পদ্ধতিতকৈ ভাল।

কিন্তু, ওপৰত উল্লেখ কৰা এই তিনিও ধৰণৰ ৰেংকিং পদ্ধতিত অলিম্পিকত ভাগ লোৱা আটাইবোৰ দেশক একে বুলি ধৰা হয়। কিন্তু বাস্তৱত সেয়া নহয়। দেশসমূহৰ মাজত যথেষ্ট ভিন্নতা থাকে। উদাহৰণস্বৰূপে এখন উন্নত দেশে এজন খেলুৱৈক দিব পৰা সুবিধা, এখন উন্নয়নশীল দেশ বা অনুন্নত দেশে যোগান ধৰিব নোৱাৰে। সেইবাবে বহুতে এই ধৰণৰ তালিকা দেশৰ সম্পদৰাজি, জিডিপি আদিৰ ভিত্তিত নিৰ্ণয় কৰাৰ মত প্ৰকাশ কৰে। অন্য এটা গুৰুত্বপূৰ্ণ কাৰক হ’ল দেশসমূহৰ জনসংখ্যা। ভাৰত, চীন, ব্ৰাজিল আদি দেশৰ লগত ইউৰোপৰ কিছুমান সৰু দেশ বা অন্য সৰু দেশসমূহৰ মাজত যথেষ্ট পাৰ্থক্য আছে। সেয়েহে বহুতে কিমানজন মানুহৰ বিপৰীতে এটা পদক লাভ কৰিছে তাৰ ওপৰত ভিত্তি কৰি ৰেংকিং কৰাৰ মত প্ৰকাশ কৰে। জনসংখ্যাৰ ওপৰত ভিত্তি কৰি স্থান নিৰ্ণয় কৰাৰ প্ৰধান যুক্তি হ’ল— এখন ডাঙৰ দেশে তেওঁলোকৰ এক বৃহৎ সংখ্যক ব্যক্তিৰ মাজৰ পৰা খেলুৱৈ বাচিবলৈ সক্ষম হয়। অৰ্থাৎ ভাল খেলুৱৈ লাভ কৰা সম্ভাৱনা বেছি থাকে। আৰু ই পদক লাভ কৰাৰ সম্ভাৱনাও বঢ়ায়।

দেশ / দলৰেংকমুঠ পদকপ্ৰতিটো পদকৰ বিপৰীতে জনসংখ্যা
চান মাৰিনো১৩১১,৩১০
বাৰ্মুডা২১৬৩,৯১৮
গ্ৰেনাডা৩১১,১২,৫২৩
বাহামা৪২১,৯৬,৬২২
নিউজিলেণ্ড৫২০২,৪১,১১১
জামাইকা৬৯৩,২৯,০১৮
শ্লোভেনিয়া৭৫৪,১৫,৭৮৭
ফিজি৮২৪,৪৮,২২২
নেদাৰলেণ্ড৯৩৬৪,৭৫,৯৬৮
হাঙ্গেৰি১০২০৪,৮৩,০১৭
জৰ্জিয়া১১৮৪,৯৮,৬৪৫
ক্ৰ’য়েছিয়া১২৮৫,১৩,১৫৮
ডেনমাৰ্ক১৩১১৫,২৬,৫৬৩
অষ্ট্ৰেলিয়া১৪৪৬৫,৫৪,৩৪৫
এষ্ট’নিয়া১৫২৬,৬৩,২৬৭
ছুইজাৰলেণ্ড১৬১৩৬,৬৫,৭৪০
নৰৱে১৭৪৬,৭৭,৬৫৫
আৰ্মেনিয়া১৮৪৭,৪০,৮১০
কিউবা১৯১৫৭,৫৫,১০৭
কছোভো২০২৯,২৯,৬০১
…………………………………………….….……..………………………..
আমেৰিকা যুক্তৰাষ্ট্ৰ৫৫১১৩২৯,২৯,২২৭
চীনা গণ প্ৰজাতন্ত্ৰ৭৩৮৮১,৬৩,৫৫,৯৫২
ভাৰত৮৮৭১৯,৭১,৪৩,৪৮৪
তালিকা-২

২ নং তালিকাত জনসংখ্যাৰ ভিত্তিত এটি সৰল ৰেংকিং দেখুওৱা হৈছে। ইয়াত চান মাৰিনো প্ৰথম স্থানত থকা কাৰণ হ’ল ই প্ৰতি ১১,৩১০ জন মানুহৰ বিপৰীতে এটা পদক লাভ কৰিছে। ঠিক সেইদৰে ভাৰতৰ স্থান ৮৮। ভাৰতে ১৯,৭১,৪৩,৪৮৪ জন মানুহৰ বিপৰীতে এটা পদক লাভ কৰিছে। ইয়াত আমি লগতে অন্যান্য স্ক’ৰ ভেক্টৰো প্ৰয়োগ কৰিব পাৰোঁ, যি নেকি স্থানৰ আৰু তাৰতম্য ঘটাব।

এই ৰেংকিং পদ্ধতিসমূহৰ লগত ভোটিং পদ্ধতিৰো সদৃশ্য আছে। ভোটিং পদ্ধতি বুলিলে সাধাৰণতে নিৰ্বাচনৰ কথা মনলৈ আহে যদিও, ভোটিং পদ্ধতিসমূহ অন্য বহু ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। আমাৰ নিৰ্বাচনত ব্যৱহাৰ কৰা পদ্ধতিটো হ’ল প্লুৰালিটি ভোটিং পদ্ধতি। য’ত ভোটাৰে মাত্ৰ এজন প্ৰাৰ্থীকে ভোট দিব পাৰে। ভোটাৰে বাকী প্ৰাৰ্থীৰ সমন্ধে একো কথা উল্লেখ কৰিব নোৱাৰে। এই পদ্ধতিক ওপৰত উল্লেখ কৰা প্ৰথম ৰেংকিং পদ্ধতিৰ সৈতে একে বুলিব পাৰি। কাৰণ ইয়াক (১, ০, ০) স্ক’ৰ ভেক্টৰে বুজাব পাৰি। ঠিক সেইদৰে অন্য এটা ভোটিং পদ্ধতি হ’ল বৰডা স্ক’ৰ পদ্ধতি। এই পদ্ধতিত ভোটাৰে প্ৰাৰ্থীসকলক ৰেংকৰ সহায়ত উপস্থাপন কৰিব পাৰে। অৰ্থাৎ, প্ৰথম প্ৰিয় প্ৰাৰ্থী, দ্বিতীয় প্ৰিয় প্ৰাৰ্থী, তৃতীয় প্ৰিয় প্ৰাৰ্থী, ইত্যাদি। বৰডা পদ্ধতিত ব্যৱহাৰ কৰা স্ক’ৰ ভেক্টৰ হ’ল (২, ১, ০), তিনিজন প্ৰাৰ্থীৰ বাবে। বহু ক্ষেত্ৰত এই স্ক’ৰ (৩, ২, ১)ও লোৱা হয়। অৰ্থাৎ বৰডা ভোটিং পদ্ধতি ওপৰত উল্লেখ কৰা তৃতীয় শ্ৰেণীৰ ৰেংকিং পদ্ধতিৰ সৈতে একে।

No Comments

Post A Comment