টোকাবহী (প্ৰজ্ঞা) : ১ – ১০

(১)

ন’বেল বঁটা বিজয়ী সাহিত্যিক টনি মৰিছনে ২০১৫ চনত এটা বিশেষ প্ৰবন্ধত লিখিছিল যে— ২০০৪ চনত জৰ্জ ডব্লিউ বুশ্ব ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্বাচিত হোৱাৰ ঠিক পিছৰে খ্ৰীষ্টমাছৰ পিছদিনা, পুৱা তেওঁ বিৰাট গোমা মন এটাৰে দগ্ধ হৈ খিৰিকীৰে দূৰলৈ চাই আছে, নিজকে সম্পূৰ্ণ অসহায় অনুভৱ কৰিছে। তেনেতে এজন শিল্পী-বন্ধুৱে বন্ধদিনৰ শুভেচ্ছা জনাবলৈ তেওঁলৈ ফ’ন কৰিলে। বন্ধুজনে সুধিলে— “কেনে আছা?” আৰু মৰিছনে “অ’, মোৰ ভালেই….; আৰু তোমাৰ?” —এনেধৰণৰ সাধাৰণ উত্তৰ এটা দি নথৈ আচল সত্যটোকেই প্ৰকাশ কৰি ক’লে – “নাই, ভাল নহয়। মই কেৱল হাতাশাতে ভুগি থকা নাই, মই একো কামেই কৰিব নোৱাৰিম যেন পাইছোঁ, একো লিখিব নোৱাৰিম যেন পাইছোঁ; মই যেন পক্ষাঘাতগ্ৰস্ত হৈ পৰিছোঁ, ইতিমধ্যে লিখিবলৈ আৰম্ভ কৰা উপন্যাসখনৰ আৰু একোৱেই আগবঢ়াবলৈ মই সক্ষম হোৱা নাই। আগতে মই কেতিয়াও এনে অনুভৱ কৰা নাছিলোঁ, কিন্তু নিৰ্বাচনটোৱে . . . .” মৰিছনে পিছৰ কথাখিনি ক’বলৈ লওঁতেই বন্ধুজনে তেওঁৰ আধৰুৱা কথাৰ মাজতে থাপ মাৰি ধৰি উচ্চ-কণ্ঠে কৈ উঠিল— “নাই, নাই, নাই নাই! শিল্পীসকলে একান্তৰে কামত লিপ্ত হোৱাৰ এয়াই প্ৰকৃত সময় – সকলোপিনে সুন্দৰ হৈ থাকোঁতে নহয়, বৰং শংকাপূৰ্ণ দিনবোৰহে তেওঁলোকৰ প্ৰকৃত সময়। সেইটোৱেই আমাৰ কাম!”

বন্ধুজনৰ সেই কথাষাৰ আৰু সেই উচ্চ-কণ্ঠ মৰিছনৰ সদায় মনত ৰৈ গৈছিল। মৰিছনে কৈছিল, সেইদিনা তাৰ পিছত গোটেই ৰাতিপুৱাটো তেওঁ নিজকে “মুৰ্খ” যেন অনুভৱ কৰিছিল। বিশেষকৈ, যেতিয়া তেওঁৰ মনলৈ আহিছিল সেইসকল শিল্পী যিসকলে গুলাগসমূহ(gulag)ত, কাৰাগাৰৰ বন্ধ কক্ষত বা চিকিৎসালয়ৰ শয্যাত পৰি তেওঁলোকৰ শ্ৰেষ্ঠ-কৰ্মবোৰ সম্পাদন কৰিছিল; যিসকলে তেওঁলোকৰ কামবোৰ কৰিছিল যেতিয়া তেওঁলোক আছিল হাৰাশাস্তিগ্ৰস্ত, জ্বালাগ্ৰস্ত, নিৰ্বাসিত, তিৰস্কৃত, সশ্ৰম কাৰাদণ্ডী। আৰু সেইসকল যাৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল।

প্ৰবন্ধটোত তেওঁ আৰু লিখিছিল— “There is no time for despair, no place for self-pity, no need for silence, no room for fear. We speak, we write, we do language. That is how civilizations heal.”

এইখিনিতে মৰিছনৰ আন এষাৰ বিখ্যাত উক্তিও মনলৈ আহিছে— “If there’s a book you want to read, but it hasn’t been written yet, then you must write it.”

(২)

দ্ৰুতগামী হ’বলৈ এহালী ভৰিতকৈয়ো অধিক বস্তু লগা হয়। ইয়াৰ বাবে লগা হয় আমাৰ গোটেই শৰীৰ, সম্পূৰ্ণ মন আৰু অপ্ৰতিৰোধ্য উদ্যম।

প্ৰত্যেক দৌৰৰে একোটা উদ্দেশ্য আছে। কেতিয়াবা আমি অগ্ৰমুখী প্ৰক্ষেপ অনুভৱ কৰিম, আৰু কেতিয়াবা পশ্চাদমুখী। আমাৰ যাত্ৰাৰ প্ৰতিটো কিলোমিটাৰেই অৰ্থপূৰ্ণ।

প্ৰতিটো ঘৰ্মাক্ত কৰ্মমুহূৰ্তক সন্মান কৰা। অকৰ্মন্যতাক ভয় কৰা। এইটো অতি কঠিন হ’ব। সেইবাবেই আমি ইয়াক ভাল পাওঁ। কৰ্ম-সম্পাদনেৰেহে সন্মান আৰ্জিব পাৰি। সেয়েহে বাহিৰ ওলোৱা আৰু ইয়াৰ পিছ লোৱা। তোমাৰ দুৰ্বলতাক অলিংগণ কৰা আৰু ইয়াক মশিমূৰ কৰি পেলোৱা। নিয়মীয়া আৰু কাৰ্যমুখী কৰ্মই আমাৰ দুৰ্বলতাক আমাৰ শক্তিলৈ ৰূপান্তৰিত কৰিব।

প্ৰতিটো দৌৰেই দূৰতম বা দ্ৰুততম নহ’ব, কিন্তু প্ৰতিটো দৌৰেই একোটা কৃতিত্ব, আমি এইদৰে চোৱা উচিত। তুমি তোমাত বিশ্বাস নাৰাখোঁতেও আমি তোমাত বিশ্বাস ৰাখোঁ।

আমাৰ শ্ৰেষ্ঠত্ব সদায়েই আমাৰ সামৰ্থ্যৰ পৰিসীমাৰ ভিতৰতে আছে।

(“নাইকী প্লাছ ৰান ক্লাব”ৰ অনুপ্ৰেৰণামূলক বাণীৰ অংশবিশেষৰ অনুবাদ।)

(৩)

“পুৰণিকালত মানুহে যেতিয়া একোটা ভালুক হত্যা কৰিব বিচাৰিছিল, তেতিয়া তেওঁলোকে এক গামলা মৌজোলৰ ওপৰত কাঠৰ গধুৰ কুণ্ডা এটা ওলোমাই বান্ধি থৈছিল৷ মৌখিনি খাবলৈ আহি ভালুকটোৱে কাঠৰ কুণ্ডাটো দূৰলৈ ঠেলা মাৰি দিছিল৷ কুণ্ডাটোৰ মূৰটো গামলাটোৰ পৰা আঁতৰি পুনৰ ঘূৰি আহিছিল আৰু ভালুকটোক এটা খুন্দা শোধাই দিছিল৷ যন্ত্ৰণাত ভালুকটো চটফটাই উঠিছিল আৰু খঙত সি কুণ্ডাটো আগতকৈ বেছি জোৰেৰে ঠেলা মাৰি দিছিল, আৰু ফলশ্ৰুতিত কুণ্ডাটোৱে ভালুকটোক পূৰ্বতকৈয়ো প্ৰচণ্ডভাৱে খুন্দিয়াই পেলাইছিল৷ কুণ্ডাটোৱে ভালুকটোক পুৰা মাৰি নেপেলোৱা পৰ্যন্ত সেয়া চলি আছিল৷ মানুহে যেতিয়া অপকাৰীক (অমঙ্গলক) অপকাৰেৰে প্ৰত্যুত্তৰ দিয়ে এই একে ধৰণেৰেই আচৰণ কৰে৷”

– তলষ্টয়৷

(৪)

“যেতিয়া আপুনি কিছুমান মহৎ উদ্দেশ্যৰে, কিছুমান অসাধাৰণ কাৰ্যক্ৰমৰ প্ৰতি অনুপ্ৰাণিত হয়, আপোনাৰ সমস্ত ভাৱনাই সিহঁতৰ বন্ধনবোৰ ছিঙি পেলায়: আপোনাৰ মনে সীমাবদ্ধতাক অতিক্ৰম কৰি গুচি যায়, আপোনাৰ চেতনা প্ৰতিদিশে প্ৰসাৰিত হৈ পৰে, আৰু আপুনি নিজকে আৱিষ্কাৰ কৰে এখন অভিনৱ, বিশাল আৰু অপৰূপ জগতত। আপোনাৰ সুপ্ত অন্তৰ্নিহিত শক্তিসমূহ, দক্ষতাসমূহ আৰু সহজাত বুদ্ধিমত্তাসমূহ পূৰ্ণ-জীৱন্ত হৈ উঠে, আৰু আপুনি নিজকে আৱিষ্কাৰ কৰে নিজে হ’ম বুলি কল্পনা কৰা ৰূপৰ তুলনাত বহু উচ্চতৰ দক্ষতাৰ ব্যক্তিৰ ৰূপত।”

– পতঞ্জলি (আনুমানিক খ্ৰীঃপূঃ ২য় শতিকা)।

(৫)

য়ুভাল ন’আ হেৰাৰিৰ ২০১১ চনত প্ৰকাশিত (ইংৰাজী সংস্কৰণ ২০১৪ চনত প্ৰকাশিত) “Sapiens: A Brief History of Humankind” নামৰ বিশ্ববিখ্যাত গ্ৰন্থখন ৩০টাৰো অধিক ভাষালৈ অনূদিত হৈছে। গ্ৰন্থখনৰ গুণগ্ৰাহী পাঠকৰ ভিতৰত আছে বাৰাক ওবামা, বিল গেটছ, মাৰ্ক জাকাৰবাৰ্গৰ দৰে ব্যক্তি। হেৰাৰিয়ে এটা প্ৰবন্ধত লিখিছিল—

“যদি আপুনি মোক আৰু এটা চিম্পাঞ্জীক একেলগে এটা নিৰ্জন দ্বীপত থৈ আহে, কোনে তাত বেছি ভালকৈ টিকি থাকিব পাৰে তাক জানিবলৈ, তেন্তে মই নিশ্চিতকৈ চিম্পাঞ্জীটোত মোৰ বাজি লগাম৷

আমাৰ আৰু আন জন্তুবিলাকৰ মাজৰ প্ৰকৃত পাৰ্থক্যটো আছে সামুহিক পৰ্যায়ত৷ মানুহে বিশ্বখন নিয়ন্ত্ৰণ কৰিছে এইকাৰণেই যে আমিয়েই মাথোঁ এনে জন্তু যি বহুল সংখ্যকেৰে সৈতে পৰিস্থিতিৰ অনুকূলে সহযোগিতা কৰিব পাৰোঁ৷ পৰুৱা আৰু মৌবোৰেও বহু সংখ্যক একেলগ হৈ কাম কৰিব পাৰে, কিন্তু সিহঁতে সেইটো কৰে এটা খুৱ থিৰ (অনমনীয়, ধৰাবন্ধা) ধৰণে। যদি এটা মৌচাকে এটা নতুন ভাবুকিৰ মুখামুখি হৈ থাকে বা এটা নতুন সুযোগ পায়, তেন্তে মৌবোৰে পৰিস্থিতিত ভালকৈ মোকাবিলা কৰিবলৈ একেনিশাই সিহঁতৰ এটা নতুন সমাজ প্ৰাণালী পুনৰোদ্ভাৱণ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, সিহঁতে ৰাণীজনীক মৃত্যুদণ্ড দিব নোৱাৰে আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব নোৱাৰে। কুকুৰনেচীয়া বাঘবোৰে আৰু চিম্পাঞ্জীবোৰে পৰুৱাতকৈ বহু অধিক নমনীয়তাৰে সহযোগিতা কৰে, কিন্তু সিহঁতে সেইটো কৰিব পাৰে মাথোঁ সিমিত সংখ্যক খুৱ নিবিড়ভাৱে জনা সংগীৰ সৈতেহে। কুকুৰনেচীয়া বাঘবোৰ আৰু চিম্পাঞ্জীবোৰৰ সহযোগিতা ব্যক্তিগত পৰিচয় নিৰ্ভৰ। যদি মই এটা চিম্পাঞ্জী হওঁ আৰু মই আপোনাৰ লগত সহযোগিতা কৰিব বিচাৰোঁ, তেন্তে মই আপোনাক ব্যক্তিগতভাৱে জানিবই লাগিব: আপুনি কেনেকুৱা ধৰণৰ চিম্পাঞ্জী? আপুনি ভাল চিম্পাঞ্জী হয়নে? আপুনি এটা দানৱীয় চিম্পাঞ্জী নেকি? মই আপোনাৰ লগত কেনেকৈ সহযোগ কৰিম যদিহে মই আপোনাক নাজানো?

মাথোঁ হ’ম’চেপিয়েঞ্চ বিলাকেহে অগণন অচিনাকীৰ লগত অত্যন্ত নমনীয়তাৰে সহযোগ কৰিব পাৰে। আমাৰ এজনৰ ঠাইত এটা বা দহজনৰ ঠাইত দহটা চিম্পাঞ্জী ৰাখক; চিম্পাঞ্জীবোৰে আমাতকৈ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি দিব পাৰে। কিন্তু ১০০০ চেপিয়েঞ্চৰ বিপৰীতে ১০০০ চিম্পাঞ্জী ৰাখি দিয়ক, আৰু চেপিয়েঞ্চবিলাক সহজেই জয়ী হৈ যাব। কাৰণটো সৰল যে ১০০০ চিম্পাঞ্জীয়ে কেতিয়াও কাৰ্যকৰীভাৱে সহযোগিতা কৰিব নোৱাৰে। ১০০,০০০ চিম্পাঞ্জী ৱাল ষ্ট্ৰীট বা য়াংকী ষ্টেডিয়ামত ভৰাই দিয়ক, আৰু আপুনি পাব চৰম বিশৃংখলতা। তাৰ পৰিৱৰ্তে তাত ১০০,০০০ মানুহ ভৰাই দিয়ক, আৰু আপুনি পাব বানিজ্য নেটৱৰ্কবিলাক আৰু ক্ৰীড়া প্ৰতিযোগিতাসমূহ।

সহযোগিতা সদায় যে সুন্দৰ এনে নহয়, অৱশ্যেই। গোটেই ইতিহাস জুৰি মানুহে কৰি থকা সমস্ত ভয়ংকৰ কামবোৰো জন সহযোগিতাৰে ফল। কাৰাগাৰবোৰ, কচাইখানাবোৰ আৰু বন্দী নিৰ্যাতন শিবিৰবোৰ (কনচেনট্ৰেছন কেম্পবোৰ) সকলো গণ সহযোগে দিয়া ব্যৱস্থা। চিম্পাঞ্জীৰ কাৰাগাৰ, কচাইখানা বা বন্দী নিৰ্যাতন শিবিৰ নাই।

তথাপি সকলো জীৱৰ মাজত কেনেকৈ কেৱল মানুহেহে বৃহৎ সংখ্যকেৰে নমনীয়তাৰে সহযোগিতা কৰিবলৈ সক্ষম, খেলিবৰ বাবেই হওক, বানিজ্যৰ বাবেই হওক বা বধকাৰ্য্যৰ বাবেই হওক? উত্তৰটো হ’ল আমাৰ কল্পনাশক্তি। আমি অনেক সংখ্যক অচিনাকীৰ লগত সহযোগিতা কৰিব পাৰো কাৰণ আমি কল্পকাহিনী উদ্ভাৱন কৰিব পাৰোঁ, সেইবোৰ কেউপিনে বিয়পাই দিব পাৰোঁ, আৰু নিযুত সংখ্যক অচিনাকীয়েও সেইবোৰ বিশ্বাস কৰিবলৈ পতিয়ন নিয়াব পাৰোঁ। যেতিয়ালৈকে সকলোৱে একেখিনি কল্পকাহিনীকে বিশ্বাস কৰে, আমি সকলোৱে একেই নীতি পালন কৰোঁ, আৰু তাৰ ফলত আমি কাৰ্যকৰীভাৱে সহযোগিতা কৰিব পাৰোঁ।”

(৬)

আমি বিজ্ঞানলৈ কাণ দিব লাগিব, কুসংস্কাৰ-অন্ধবিশ্বাসলৈ নহয়

— ষ্টিভেন জনছন

১৮৫০ চনত, ২৫ লাখ জনবসতিৰ সৈতে লণ্ডন আছিল সেই পৰ্যন্ত বিশ্বই দেখা পোৱা সৰ্ববৃহৎ চহৰখন। তেনে এক মাত্ৰাৰ এখন চহৰ পূৰ্বতে কোনেও কেতিয়াও নিৰ্মাণ কৰা নাছিল, আৰু সেই চহৰখনক বেহু সদৃশ দৃঢ় প্ৰাবল্যতাৰে ঘেৰি ধৰিছিল মহামাৰী ব্যাধিবোৰৰ পাদুৰ্ভাবে। ব্যাধি বহুকেইটা আছিল, কিন্তু আটাইতকৈ চৰ্চিত ব্যাধিটো আছিল কলেৰা। লণ্ডনৰ অৱস্থা সেই তেনেকুৱাই হৈছিল, যেনেকুৱা অৱস্থা এতিয়া নিউয়ৰ্কৰ হৈ আছে। বছৰৰ পাছত বছৰ কলেৰাৰ পাদুৰ্ভাব ঘটিছিল আৰু হেজাৰ হেজাৰ মানুহৰ মৃত্যু হৈছিল। সেই সময়ত সকলোৱে ভাবিছিল যে ই বতাহত বিয়পি আহিছে— তেওঁলোকে ভাবিছিল যে কিবা গোন্ধই হৈছে কাৰক যিটোৱে মানুহবোৰক আক্ৰান্ত কৰিছে। তেওঁলোকে যেনেকৈয়ে ভাবিছিল তেনেকৈয়ে বায়ুবাহিত ৰোগ এটাৰ বিৰুদ্ধে যুঁজি আছিল; য’ত নেকি কলেৰাৰ কাৰক আছিল দুষিত খোৱা পানীহে।
সেই ব্যাধিৰ প্ৰকোপৰ মাজতেই জন শ্ন’ নামৰ এজন চিকিৎসক ওলাই গৈছিল আৰু সম্পন্ন কৰিছিল এক মহানায়কীয় অন্বেষণ। ক’ত ক’ত মানুহ মৰিছিল তাক তেওঁ চিহ্নিত কৰিছিল, আৰু তেওঁ প্ৰস্তুত কৰা নক্সাখনে প্ৰকাশ কৰিছিল যে চ’হ’ অঞ্চলৰ কুঁৱা/পাম্প এটাৰ চুবুৰীটোত মৃত্যুৰ হাৰ আছিল প্ৰৱল।
সেই নক্সাখনৰ সহায়েৰে তেওঁ ধীৰে ধীৰে শাসকবৰ্গক পতিয়ন নিয়াইছিল যে সকলো অসুষ্ঠ হোৱাৰ কাৰণ হ’ল— সেই কুঁৱাটোৰ তলিভাগ দুষিত হৈ আছে, আৰু সেয়াই হৈছে কলেৰা, যিটো আচলতে জলজনিত ৰোগহে, বায়ুজনিত ৰোগ নহয়।

ইয়াৰ দ্বাৰা গোটেই ধাৰণাটোৱেই সলনি হৈ পৰিল যে কিহৰ দ্বাৰা মানুহবোৰ সংক্ৰমিত হৈছে, আৰু ফলশ্ৰুতিত লণ্ডন-নৰ্দমা নিৰ্মাণ কাৰ্য্যই গতি লাভ কৰিলে। ১৮৬৬ চনলৈ কলেৰা মহামাৰীয়ে লণ্ডনৰ পৰা চিৰদিনৰ বাবে বিদায় ল’লে। গতিকে, জন শ্ন’ৰ অন্বেষণৰ প্ৰতি অযুত কৃতজ্ঞতাৰে আৰু সামুহিকভাৱে গোটেই নিয়ন্ত্ৰণকৰ্তাসকলৰ কাৰ্যকৰী কৰ্ম-সম্পাদনসমূহলৈ ধন্যবাদৰে কওঁ যে মাথোঁ ১২ বছৰত সেই মাৰাত্মক বিপদ সম্পূৰ্ণৰূপে দূৰ হৈ গ’ল। ই প্ৰকৃততে চহৰবোৰৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটোকে সলনি কৰি পেলালে। ই আছিল জনজীৱনৰ স্বাস্থ্যৰ ইতিহাসৰ এক প্ৰকৃত মাইলৰ খুঁটি।

শেহতীয়া কেইটামান শতিকাই সমাজ ৰূপে আমাৰ জীৱনৰ প্ৰত্যাশা দুগুণ কৰি তুলিছে, যিটো হ’ল এক অসাধাৰণ কৃতকাৰ্যতা। আৰু এই অবিশ্বাস্য উৎকৰ্ষ লাভত অদৃশ্য ঢাল ৰূপে কৰ্ম কৰি আছে জনসাধাৰণৰ স্বাস্থ্য, চিকিৎসা বিজ্ঞান, বিশুদ্ধ খোৱাপানী, আৰু সৰ্বব্যাপ্ত এনে আন বহু বস্তু যিবোৰৰ কথা আমি ভাবিয়েই নাচাও। এই সমস্ত উদ্ভাৱনৰ বাবে সাধনা কৰিবলগা হয়; আৰু এনেকুৱা এটা মহামাৰীয়ে বিশেষকৈ কৰে কি— আমাৰ সমুখত সেই অদৃশ্য ঢালখন দৃশ্যমান কৰি তোলে আৰু আমি দেখা পাওঁ সেই ঢালখনত ৰৈ যোৱা ছিদ্ৰবোৰ। আমি দেখা পাওঁ নতুনকৈ পকট হোৱা অপ্ৰত্যাশিত শংকাৰ পৰা আমাক ৰক্ষা কৰিবলৈ ঢালখন কেনেদৰে পৰ্যাপ্ত শক্তিশালী নহয়, আৰু বিচাৰিব লগা হয় তাক অধিক শক্তিশালী ৰূপত। লগে লগে দেখা পাওঁ সেই উদ্ভাৱক মহানায়কসকলৰ দূৰদৃষ্টি। যিসকলে পাৰ হৈ যোৱা শতিকাবোৰত আমাক আন শ শ মানুহ দিলে। আহক আমি সেই নায়কসকলৰ কথা শুনো, তেওঁলোকৰ মূল্য বুজি উঠোঁ। ভাবি চাওক কেনেদৰে বসন্ত ৰোগ দূৰ হৈ গ’ল। সেয়া এক বিশাল কৃতিত্ব। সি এটা দুৰ্জয় ঘাটক আছিল, সিয়ো খটম হৈ পৰিল। ইয়াক আমি চন্দ্ৰত পদাৰ্পনক উদযাপন কৰাৰ দৰেই উদযাপন কৰা উচিত।

[ষ্টিভেন জনছন এজন বিশ্বপ্ৰসিদ্ধ অতি জনপ্ৰিয় বিজ্ঞান লেখক, ইতিহাসবিদ, বক্তা। এয়া তেওঁৰ শেহতীয়া কিছু বক্তব্যৰ মূল অংশ।]

No Comments

Post A Comment