টোকাবহী (অণু-প্ৰবন্ধ) : ৬১ – ৭০

(৬১)

বিদেশত নিজৰ কৰ্মক্ষেত্ৰত কেইবাজনো অসমীয়া চিকিৎসকে কৰ’না-আক্ৰান্তক সেৱা আগবঢ়াইছে। ‘অসম সন্তান’ বুলি সেই সম্পৰ্কে লিখা কেইবাটাও দীঘলীয়া সংবাদ আৰু প্ৰবন্ধ অসমীয়া কাকতত ওলাই গৈছে। সেইসমূহ ওলোৱাৰ মূল কাৰণটো হ’ল — সেই চিকিৎসক কেইজনৰ বিষয়ে তেওঁলোক এতিয়া থকা ঠাইখনৰ কোনো কোনো বাতৰি-কাকতত প্ৰকাশ হৈছে। সেইখিনি পঢ়িবলৈ পোৱাৰ পাছত আমাৰ লেখক-সম্পাদকেও তেওঁলোকৰ বিষয়ে লিখিছে। দেখাত এই প্ৰসংগটো বৰ প্ৰেৰণাদায়ক, কিন্তু আমাৰ ইয়াত যে প্ৰেৰণাহীন পৰিৱেশ এটাও বিৰাজমান সেই কথাটোও ই প্ৰকাশ কৰে। কাৰণ, অসমত বহু চিকিৎসকে একেদৰেই যুঁজ দি আছে। তাৰে অন্ততঃ দহজন চিকিৎসকৰ বিষয়ে দীঘল প্ৰবন্ধ লিখা হৈছে নে? তেনে বিস্তাৰিত সংবাদ ওলাইছেনে? বা তেওঁলোকৰ ঘণ্টাজোৰা সাক্ষাৎকাৰ লৈছে নে? এতিয়াও দেখা যোৱা নাই। বিদেশত বাস কৰা চিকিৎসকসকলৰ প্ৰতি সেই দেশৰ সম্পাদক বা বুদ্ধিজীৱীয়ে দায়িত্ব পালন কৰিছে, সেয়েহে ৰাইজক পৰিচিত কৰি বিস্তাৰিত সংবাদ দিছে, প্ৰবন্ধ লিখিছে, আৰু তাৰেই ফলত অসমৰ কাকতৰ পৃষ্ঠাতো তেওঁলোকে ঠাই পাইছে। কিন্তু আমাৰ ইয়াত অসাধাৰণ কাম কৰি থকা নিজৰ চিকিৎসকসকলক বা দুঃসাধ্য যেন কৰ্ম কৰি থকা চিকিৎসা-কৰ্মীসকলক তেনেকৈ পৰিচয় কৰি দিয়া হোৱা নাই। এটা মাথোঁ কল্পনা— বাতৰি-কাকতৰ দুটা পৃষ্ঠাত এদিনৰ বাবে পাঁছজন চিকিৎসক আৰু পাঁচজন চিকিৎসা-কৰ্মীৰ ফটোৰে ভৰি আছে! লগত আছে তেওঁলোকৰ অভিজ্ঞতা, পৰিচয়, মনোভংগী, কৰ্মৰাজীৰ কাহিনী। বা কাকত-চেনেলৰ অনলাইন সংস্কৰণৰ দহটা দীঘল পে’জো তেনেকৈ ভৰি আছে!

(৬২) ড৹ ভবেন্দ্ৰ নাথ শইকীয়া আৰু এক পদৱী

ড৹ ভবেন্দ্ৰ নাথ শইকীয়া আজিও আমাৰ মাজত জীয়াই থকাহ’লে ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ সভাপতি পদটোৰ বাবে আটাইতকৈ যোগ্য ব্যক্তি তেখেতেই হৈ থাকিলহেঁতেন।

এতিয়া কল্পনা কৰকচোন—
সেই পদটো পাবৰ বাবেই তেখেতে এটা ৰাজনৈতিক দলত যোগ দিছে। তাৰ পাছত ৰাইজৰ সোঁত দেখি সুযোগ বুজি দল এৰিছে। আকৌ সেই পদটোৰ বাবেই পুনৰ দলটোত যোগ দিছে। পুনৰ নতুন দলে চৰকাৰ গঠন কৰা বাবে তেখেতৰ পদটো নোহোৱা হৈছে। ফলত তেখেতে পদটো পাবলৈ নতুন ৰাজনৈতিক দলটোত যোগ দিছে। তাৰ পাছত আকৌ আন এটা দলে চৰকাৰ গঠন কৰাত তেখেতৰ পদটো গুচি গৈছে। ফলত পদটো পুনৰ পাবলৈ পূৰ্বৰ সকলো দল এৰি আকৌ এইটো দলত যোগদান কৰিছে……।

প্ৰকৃততে তেখেতৰ জীৱনলৈয়ো তেনে এক ঘটনা আহিছিল। এটা বিশেষ পদত নিযুক্ত হৈ তাৰ কামৰ বাবে তেখেতে গুৱাহাটী বিশ্ববিদ্যালয় এৰি দিছিল। কিন্তু পিছত নতুন চৰকাৰ গঠন হোৱাত আৰু দলটো সলনি হোৱাত তেখেতে পদটো হেৰুৱাব লগা হ’ল। তাৰ পাছত তেখেতৰ সমুখত দুটা পথ খোলা থাকিল— এটা হ’ল দালালি কৰা, তাৰ জৰিয়তে পদটো পুনৰ আহৰণ কৰা; আৰু আনটো পথ হ’ল মূৰ দাঙি ঠিয় দি থকা। তেখেতে দ্বিতীয় পথটো গ্ৰহণ কৰিলে। সেইবাবেই আজি কত প্ৰজন্ম পাৰ হৈ গ’ল, কিন্তু সকলোৰে বাবে তেখেত হৈ থাকিল “শ্ৰদ্ধাৰ শইকীয়া ছাৰ”।

(৬৩)

প্ৰশ্ন-১: ছাৰ, দ’ম দ’ম শাক-পাছলি নষ্ট হৈছে। কিবা ব্যৱস্থা ল’বনে?
উত্তৰ: মই খাই পেলালেহে হ’ব?

প্ৰশ্ন-২: ছাৰ ব্যৱহৃত পিপিই কীট দুদিন পৰি আছে, কাষৰ মানুহৰ হাহাকাৰ লাগিছে।
উত্তৰ: সেইবোৰ জ্বলাব। বাহিৰতেতো জ্বলাব লাগিব, ৰুমৰ ভিতৰত জ্বলাব পাৰি নেকি? পাৰি জানো?

প্ৰশ্ন-৩: ছাৰ খাদ্য যোগান দিয়া বহুতে টকা মাৰিছে। বহু বেয়া খাদ্য দিছে।
উত্তৰ: খাদ্যৰ কথা নক’ব, বিয়া নেকি?

প্ৰশ্ন-৪: ছাৰ মানুহৰ কিমান দুৰৱস্থা হৈছে দেখিছেনে? ইমান বেয়ালৈ পৰিস্থিতি গুচি গ’ল।
উত্তৰ: ৰাচিয়াটো জুই লাগে।

……….

প্ৰশ্ন: ছাৰ বানত ইমান হানি হৈছে, মানুহে জীয়াতু ভুগিছে।
উত্তৰ: বাদ দিয়া হে। আমেৰিকাটো বানপানী হয়।

তাহানিখন ৰাইজে কেৱল এজনহে পাইছিল। এতিয়া অধিক আগুৱাই গৈছে অসম। সেয়েহে, এতিয়া বিৰল প্ৰশ্নোত্তৰ দিওঁতা চাৰি-পাঁছজন লাভ কৰিছে।

(৬৪)

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ অসম ৰাজ্যিক অধিৱেশন চলি আছে। ইয়াৰ উদ্যোক্তাসকল বা পৰৱৰ্তী অধিৱেশনৰ উদ্যোক্তাসকললৈ এটি অনুৰোধ জনাব খোজো যে এই অনুষ্ঠানসমূহলৈ অয়ন নাথৰ দৰে কিশোৰ-কিশোৰীসকলক নিমন্ত্ৰণ কৰি নি সম্বৰ্ধনা জনাব লাগে। প্ৰকৃততে, কেৱল শিশুৰ লগত জড়িত অনুষ্ঠানেই নহয়, দুই-এক সাধাৰণ অনুষ্ঠানেও এই কাম কিছু পৰিমাণে কৰিব লাগে। এই কাম সম্বৰ্ধিতসকলৰ বাবে জৰুৰী বুলি নধৰিলেও বাকী সকলোৰে বাবে জৰুৰী।

অয়ন নাথ হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰ। কেইসপ্তাহমান পূৰ্বে তেওঁৰ এখন গৱেষণা-পত্ৰ American Mathematical Monthly নামৰ গৱেষণা-পত্ৰিকাখনে গ্ৰহণ কৰিছে। প্ৰতিষ্ঠাৰ প্ৰায় ডেৰশ বছৰৰ ওচৰা-ওচৰি এই পত্ৰিকাখনৰ বৰ্ণাঢ্য ইতিহাস আছে। বহু মহান গণিতজ্ঞৰ লেখা এইখনত প্ৰকাশ হৈছিল, আৰু এতিয়াও প্ৰায়সকল মহান গণিতজ্ঞই এইখন নিয়মীয়াকৈ পঢ়ে বা বহুতে ইয়াত লিখি থাকে। অয়নৰ কামটো গুৰুত্বপূৰ্ণ এই কাৰণেই যে এই পত্ৰিকাখনত বা এইধৰণৰ পত্ৰিকাত আমাৰ কলেজ-বিশ্ববিদ্যালয়ৰ হয়তো ৯০ শতাংশ অধ্যাপকৰে গৱেষণা-পত্ৰ নাই। (বাকী প্ৰায় ১০ শতাংশৰ অৱশ্যে নিজৰ বিষয়-বস্তুৰ লগত জড়িত ইয়াতকৈ উচ্চ পত্ৰিকাত আছে।) Mathematical Monthlyৰ এটা সুকীয়া ধাৰা আছে, সৰু ছাত্ৰ-ছাত্ৰী বা গণিত-বিজ্ঞানৰ যিকোনো শাখাৰ মানুহে এইখন প্ৰায় নিয়মীয়াকৈ পঢ়ি থাকিব পাৰে। আৰু ধৰক, আমাৰ প্ৰান্তিক আলোচনীখনত যদি এগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে এটা দীঘলীয়া মুখ্য প্ৰবন্ধ লিখিব পাৰে, তেন্তে সেই ছাত্ৰ-ছাত্ৰীগৰাকীক চবেই লক্ষ্য কৰিব।

অয়নৰ গৱেষণা-পত্ৰখনত দেখা গৈছে যে এটা সমস্যা সমাধান কৰিবলৈ তাত কেনেকৈ বিভিন্ন দিশৰ পৰা ধাৰণা খটুৱাব পাৰি তেনেকুৱা কিছু মোহনীয় প্ৰচেষ্টা তেওঁ চলাইছে। কেনেকৈ তাক বিশাল পৰিসৰ দিব পাৰি, কেনেকৈ এটা সমস্যাত নিহীত আন সমস্যাবোৰ খুঁচৰি উলিয়াব পাৰি, কেনেকৈ সমস্যা একোটাৰ পৰা নতুন সমস্যা সৃষ্টি কৰিব পাৰি, কেনেকৈ সাধাৰণীকৰণ কৰিব পাৰি — এইবোৰ ক্ষেত্ৰত তেওঁৰ ভালেখিনি দক্ষতা গঢ়ি উঠিছে। অন্বেষণৰ বাবে এইবোৰ অতি দৰকাৰী, এইবোৰ চবেই গঢ়াটো বৰ সহজ নহয়, ডাঙৰৰ বাবেও টান কাম।

(৬৫)

আধুনিক গণিতজ্ঞসকলৰ তিনিটা প্ৰধান সমস্যা আছে। পুৰণিকালত এইটো ইমান বেছি নাছিল।

ক) ধৰক, কিবা এটা নতুন সূত্ৰ বা সামাধান উলিয়াব পাৰিব বুলি গণিতজ্ঞ এজনৰ মনলৈ ধাৰণা আহিছে। তেওঁ মনতে গম পাইছে যে এসপ্তাহ বা এমাহৰ ভিতৰত তেওঁ এটা সিদ্ধান্ত উলিয়াব পাৰিব। লগে লগে তেওঁৰ সমস্যাটো আহিল এই যে— তেওঁ বহু বিচাৰ-খোচাৰ কৰি চাব লাগিব যে সেইটো সমাধান ৫ মাহ বা ৩ বছৰ বা ৪০ বছৰ বা ২৭৫ বছৰ আগতে কোনোবাই উলিয়াই থৈছে নেকি। নহ’লে তেওঁৰ কামটো অথলে যাব। [মানুহজনৰ অধ্যয়নৰ গভীৰতা আৰু বিষয়ৰ পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰি এই সম্ভেদখিনি তেওঁ সোনকালে পাব পাৰে।]

খ) ধৰক, কিবা অধ্যয়ন কৰি থাকোঁতে এটা নতুন গুৰুত্বপূৰ্ণ প্ৰশ্ন গণিতজ্ঞ এজনৰ মনলৈ আহিছে আৰু তাৰ সমাধান উলিয়াবলৈ তেওঁৰ মন ব্যাকুল হৈ পৰিছে। লগে লগে তেওঁৰ সমস্যাটো আহিল এই যে— তেওঁ সেইটোত লগা উচিত নে অনুচিত কোনে বিচাৰ কৰিব? কাৰণ তেওঁ যদি সেইটোত লাগি থাকে তেন্তে কেইবছৰমানৰ পাছত উত্তৰ ওলাইয়ো যাব পাৰে। নতুবা তেওঁৰ গোটেই জীৱনটো অথলে যাব পাৰে; কাৰণ সেইটোৰ সমাধান ২৫০ বছৰৰ ভৱিষ্যততহে ওলাব পাৰে বা ইমান বছৰৰ পাছতো নোলাব পাৰে।

গ) ধৰক, কিবা এটা নতুন গুৰুত্বপূৰ্ণ সামাধান গণিতজ্ঞ এজনে উলিয়াই আছে। কামটো তিনি মাহত হৈ গ’ল। বা ধৰি ল’লো এক বছৰত শেষ হ’ল। লগে লগে তেওঁৰ সমস্যাটো আহিল এই যে— কামটো সম্পূৰ্ণ কৰি বানান-চানান চাবলৈ মাথোঁ চাৰিদিন বাকী থাকোঁতেই তেওঁ দেখিলে যে ইতিমধ্যে সম্পূৰ্ণ একেটাই সমাধান সেইদিনাই কোনোবাই প্ৰকাশ কৰি দিছে। কাৰণ বিশ্বৰ কোনোবা প্ৰান্তৰ আন এজন গণিতজ্ঞৰ মনলৈ একেটা ধাৰণাই প্ৰায় একে সময়তে আহিছিল আৰু একে সময়তে তেৱোঁ একেটা কামতে লাগি আছিল।

এই তিনিওটা ক্ষেত্ৰতে বহুতো আমোদদায়ক কাহিনী আছে। কেৱল বিশুদ্ধ গণিততে নহয়, যিকোনো এনে তাত্ত্বিক বিষয়তে এইখিনি সঘনাই ঘটি থাকে।

(৬৬)

ফিল্মফেয়াৰৰ অনুষ্ঠানৰ সমান্তৰালকৈ আজি এগৰাকী ন-বোৱাৰীৰ অস্বাভাৱিক মৃত্যুৰ বাতৰিয়েও ব্যাপক চৰ্চা লাভ কৰি আছে। সেই কাহিনীৰ ৰহস্য কোনেও হয়তো জানিবলৈ নাপাব। ঘটনাটো বাতৰিত শুনাৰ পৰা আন কিছুমান কাহিনী মনলৈ আহি আছে। বহুতো ক্ষেত্ৰত দেখা যায়, বোৱাৰীবোৰক মানুহে কোনেও হত্যা নকৰে। তেওঁলোকক হত্যা কৰে আমাৰ “সংস্কৃতি”য়ে। মুকলি মনেৰে আনন্দময় জীৱন এটা পাম বুলি ভবা বোৱাৰীবোৰক যি সংস্কৃতিৰ বাবে শাহুৱেক-শহুৱেক-সমাজে একেদিনাই গৰালত ভৰাই থৈ দিয়ে। ছোৱালীজনী বিয়া হয় ল’ৰাটোৰ লগত, সুখী হ’ব বুলি ভাবে ল’ৰাটোৰ কাষত। কিন্তু, সাধুকথাত ঘণ হাবিৰ মাজনিশাত এটা মাথোঁ কিৰিলিতে গোটেই অৰণ্যভৰা পিশাছে ঘেৰি ধৰা দৰে তেওঁলোকক লগেই লগেই ঘেৰি ধৰে আন অনুসৰ্গবোৰে। অথচ সেইবোৰৰ কথা তেওঁলোকে পূৰ্বতে কল্পনাই কৰা নাছিল! তেওঁৰ জীৱন-কাহিনীত ল’ৰাটো হৈ পৰে এটা গৌণ চৰিত্ৰ। ইয়াত দোষ দিবলৈ কাৰোৱে ওচৰত একো নাথাকে — দোষ দিবও নোৱৰা হয়, দোষ ল’বও নোৱৰা হয়, আৰু শেষত উভয়-সংকটত অসহ্য হৈ চৰম সিদ্ধান্ত ল’ব লগা হয়। এবাৰ প্ৰান্তিকত এটা গল্পত লিখিছিল — বিয়াৰ পিছদিনাই বোৱাৰীজনীক চমজাই দিয়া হ’ল ঘৰৰ চব অধিকাৰ, যেন তেওঁক দিয়া হ’ল এটা উচ্চ আসন। ঘৰৰ পৰম্পৰা অনুসৰি এতিয়াৰ পৰা তেওঁৰ হাততেই থাকিব ঘৰৰ মূল চন্দুকটোৰো চাবি-কাঠি। কিন্তু, বৰ সন্মানীয় বা উত্তম কথা বুলি ভবা হোৱা সেই কথাটোৱে বোৱাৰীজনীক হেঁচা মাৰি ধৰিবলৈ ধৰিলে, বাকী সকলো হৈ পৰিল মুক্ত পখী, কিন্তু প্ৰথমে সেই সন্মানীয় যেন লগা কথাটোৰ দ্বাৰা তেওঁৰ হৈ পৰিল দাসী। নিজৰ আকাংক্ষাক শিকলি লগাই দিয়া হ’ল তেওঁৰ।

(৬৭)

১৯৯২ চনত বিখ্যাত নে’চাৰ (Nature) পত্ৰিকাই এখন গৱেষণা-পত্ৰ প্ৰত্যাখ্যান কৰিছিল৷ তাকো প্ৰকাশ নকৰে বুলি জনাইছিল বহুদিন পলম কৰি৷ এজন ৰিভিউৱাৰে সেইখন প্ৰকাশৰ অযোগ্য বুলি মন্তব্য কৰিছিল৷ ২৭ বছৰৰ পাছত, ২০১৯ চনত, সেই গৱেষণা-পত্ৰখনৰ লগত জড়িত কামখিনিৰ বাবেই তিনিজন ব্যক্তিয়ে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিলে৷

(৬৮)
(৬৯)
(৭০)

No Comments

Post A Comment