কেইখনমান ভাল জাৰ্নেল
গণিতৰ কেইটামান শাখাৰ লগত জড়িত কেইখনমান জাৰ্নেলৰ নাম তলত তালিকাভুক্ত কৰিছোঁ। নতুন ছাত্ৰ-ছাত্ৰীক এই তালিকাখনে সহায় কৰিব পাৰে। যদিহে এই বিষয়কেইটা তেওঁলোকৰ প্ৰিয়, তেন্তে এই জাৰ্নেলসমূহ চাব পাৰে আৰু নিজৰ পছন্দৰ গৱেষণা-পত্ৰ বিচাৰিব পাৰে। আৰু এইসমূহত তেওঁলোকে নিজৰ গৱেষণা-পত্ৰ প্ৰকাশ কৰাটো ন্যূনতম লক্ষ্য হিচাপে ল’ব পাৰে।
সংখ্যা-তত্ত্ব:
International Journal of Number Theory
Integers: Electronic Journal of Combinatorial Number Theory
বিন্যাস তত্ত্ব (Combinatorics):
European Journal of Combinatorics
Journal of Combinatorial Theory, Series A
The Electronic Journal of Combinatorics
Enumerative Combinatorics and Applications
বীজগণিত:
Journal of Algebraic Combinatorics
Finite Fields and Their Applications
ওপৰৰ তিনিওটা শাখাৰ লগতে অন্যান্য শাখা থকা কেইখনমান এনে জাৰ্নেল:
Pacific Journal of Mathematics
Transactions of the American Mathematical Society
Proceedings of the American Mathematical Society
Bulletin of the Australian Mathematical Society
The American Mathematical Monthly
Indian Journal of Pure and Applied Mathematics
ওপৰত উল্লেখ কৰা জাৰ্নেলসমূহক আমি প্ৰথম আৰু দ্বিতীয় হিচাপে দুটা ক্ৰমত ল’ব পাৰোঁ। দ্বিতীয় ভাগত ৰাখিব পৰা উদাহৰণ কেইটামান হ’ল: The Fibonacci Quarterly, Bulletin of the Australian Mathematical Society, Indian Journal of Pure and Applied Mathematics, International Journal of Number Theory, Integers, Journal of Integer Sequences. এইসমূহ ভাল জাৰ্নেল, কিন্তু এইসমূহত সাধাৰণ মানৰ ভাল কামবোৰ প্ৰকাশ কৰিব পাৰি। যেনে: The Fibonacci Quarterly ত ফিবোনাচ্চি অনুক্ৰমৰ দৰে অনুক্ৰমবোৰ জড়িত গৱেষণা-পত্ৰ প্ৰকাশ কৰিব পাৰি। এই অনুক্ৰমবোৰ বিভিন্ন শাখাৰ লগত জড়িত হৈ থাকে। এই অনুক্ৰমবোৰৰ লগত বিবিধ শাখা জড়িত কৰি লিখি উলিওৱা গৱেষণা-পত্ৰ এইখন জাৰ্নেলত নিদি আন উচ্চ জাৰ্নেলত দিব পাৰি। কিন্তু যদি গৱেষণা-পত্ৰখন কেৱল তেনে অনুক্ৰমৰ ভিতৰুৱা হয়, তেন্তে তাৰ বাবে এইখন পৰিচিত জাৰ্নেল। Integers খন পৰিচালনা কৰাসকল বিশ্বশ্ৰেষ্ঠ গণিতজ্ঞ। ফিল্ডছ মেডেলিষ্ট, শ্ৰেষ্ঠ জাৰ্নেল পৰিচালনা কৰা গণিতজ্ঞ আদি এইখনৰ লগত জড়িত। কিন্তু এই জাৰ্নেলখন সাধাৰণ মানুহেও লক্ষ্য কৰিব পাৰে। সেইদৰে Indian Journal of Pure and Applied Mathematics হ’ল ভাৰতীয় শ্ৰেষ্ঠ গণিতজ্ঞসকলে পৰিচালনা কৰা এখন সাধাৰণ মানৰ জাৰ্নেল।
আলোচনী-ধৰ্মী বিষয়-বস্তু:
The Mathematical Intelligencer
The College Mathematics Journal
~*~
যিসকল ছাত্ৰ-ছাত্ৰী ব্যতিক্ৰমী, তেওঁলোকে তলৰ জাৰ্নেলসমূহত প্ৰকাশৰ বাবে লক্ষ্য ল’ব পাৰে। যিকোনো গাণিতিক বিষয়ৰ অসাধাৰণ গৱেষণা-পত্ৰ এইকেইখনত প্ৰকাশ হয়। আমাৰ সমসাময়িক কেইবাজনো ছাত্ৰ-ছাত্ৰী ওলাইছে, যিসকল অনুপ্ৰাণিত আৰু কষ্টশীল। বিশ্বাস কৰোঁ যে আমাৰ প্ৰজন্মৰ কেইজনমানৰ এইসমূহ জাৰ্নেলত গৱেষণা-পত্ৰ ওলাব:
যদিহে তলৰ জাৰ্নেল কেইখনত গৱেষণা-পত্ৰ প্ৰকাশ পায়, তেন্তে লগে লগে সৰু-সুৰা কিংবদন্তিলৈ ৰূপান্তৰিত হয়েই। ইয়াৰ ঠিক ওপৰতে উল্লেখ কৰা জাৰ্নেল কেইখনতো তেনে গৱেষণা-পত্ৰ প্ৰায়ে প্ৰকাশ পাই থাকে।
Journal of the American Mathematical Society
Co-Founder: gonitsora.com | as.gonitsora.com
FIRDOUS EE JANNAT
Posted at 20:32h, 24 Julyইমানখিনি তথ্য জনোৱা বাবে ধন্যবাদ পংকজ দা।
অনামিকা বড়া
Posted at 22:17h, 24 Julyএইখিনি শ্বেয়াৰ কৰিম। এনে এখন তালিকা প্ৰকাশ কৰি আপুনি নৱ প্ৰজন্মৰ হকে এক গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰিলে। অশেষ ধন্যবাদ দাদা।