নতুন যুগৰ গুটেনবাৰ্গ, ইণ্টাৰনেট আৰু হিটলাৰ

পঞ্চদশ শতিকাত গুটেনবাৰ্গে (১৩৯৮-১৪৬৮) বিকাশ সাধন কৰা ছপাশালে দূৰ প্ৰান্তৰ মানুহৰ মাজতো মত বা চিন্তাধাৰা ভাগ-বটোৱাৰা কৰাটো সহজসাধ্য কৰি তুলিলে। কোনো স্থানত চৰ্চিত হোৱা বিষয়বস্তু বা কোনো মানুহৰ সাধনালব্ধ জ্ঞান তেনেই কম কষ্টেৰে কম সময়তে বহু অধিক পৰিমাণে ছপা কৰি বহু মানুহৰ মাজলৈ লৈ যাব পৰা গ’ল। পূৰ্বৰ এজনৰ চিন্তাক ভেটি কৰি নতুন আন এজনৰ চিন্তা গঢ়ি উঠাৰ পথ সুচল হৈ পৰাত সভ্যতাৰ বিকাশ ত্বৰান্বিত হ’বলৈ ধৰিলে। পূৰ্বৰ হেজাৰ বছৰত যিমান কথা প্ৰকাশ পাইছিল তাতকৈ হেজাৰ গুণ বেছি লেখা প্ৰকাশ পাবলৈ ধৰিলে মাথোঁ একোটা শতিকাতে। তাৰোপৰি ছপাশালক ভিত্তি কৰি বহু মানুহৰ জীৱিকাৰ পথো মুকলি হ’ল। গুটেনবাৰ্গৰ সেই কামটোক গোটেই দ্বিতীয় সহস্ৰাব্দটোৰ শ্ৰেষ্ঠতম উদ্ভাৱন বুলি বিবেচনা কৰা হয়।

ছপাশালে বোৱাই আনি থকা ধাৰাটোত এটা বিশাল মাত্ৰা সংযোগ ঘটিল প্ৰায় পাঁছটা শতিকাৰ পাছত, সৌ সিদিনা, ১৯৮৯ চনত। সেইটো সম্ভৱ হ’ল ৱৰ্ল্ড ৱাইড ৱেব উদ্ভাৱনৰ লগে লগে। আৰু ইয়াৰ উদ্ভাৱকজন হ’ল টিম বাৰ্ণাৰ্ছ-লী (১৯৫৫-)। আজিও তেওঁ ইয়াৰ উৎকৰ্ষ সাধনৰ বাবে অহৰহ কাম কৰি আছে। ছপাশালে যিখিনি কাম কৰিলে সেইখিনি কামেই এই নতুন বস্তুটিয়ে কৰিবলৈ ধৰিলে; কিন্তু দুৰন্ত গতিত আৰু বহু বিশাল পৰিসৰত। সেইবাবে টিম বাৰ্ণাৰ্ছ-লীক কোৱা হয়— নতুন যুগৰ গুটেনবাৰ্গ। কণিকা পদাৰ্থবিজ্ঞানৰ বিশ্বৰ সৰ্ববৃহৎ গৱেষণাগাৰ চাৰ্ন(CERN)ত তেতিয়া কৰ্মৰত বিজ্ঞানীগৰাকীয়ে তেওঁৰ উদ্ভাৱনটিৰ দ্বাৰা কোনো উপাৰ্জন কৰিব নিবিচাৰিলে। আজি তেওঁ বিশ্বৰ আটাইতকৈ ধনী মানুহজন হোৱাটো অসম্ভৱ নাছিল, কিন্তু তাৰ জৰিয়তে ধন ঘটিবলৈ বহুতে তেওঁক খাটনি ধৰাৰ পাছতো তেওঁ কোনোদিন মান্তি নহ’ল। ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্ন কৰ্তৃপক্ষই ৱৰ্ল্ড ৱাইড ৱেবৰ লগত জড়িত সকলো প্ৰযুক্তি বিনামূলীয়া বুলি ঘোষণা কৰিলে।

ইতিমধ্যে ১৯৯১ চনৰ ৬ আগষ্টত বাৰ্ণাৰ্ছ-লীয়ে সাজি উলিয়াইছিল বিশ্বৰ প্ৰথমটো ৱেবছাইট। আজি এই মুহূৰ্তত বিশ্বৰ মুঠ ৱেবছাইটৰ সংখ্যা ১৭৩ কোটিৰো অধিক। সেই সময়তে বিভিন্ন ব্ৰাউজাৰ নিৰ্মাণ আৰু সেইসমূহৰ উন্নত সংস্কৰণ নিৰ্মাণৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল। পূৰ্বতে বেৱছাইটত কেৱল আখৰ থকাৰ পৰিৱৰ্তে, এই প্ৰতিযোগিতাই ৱেবছাইটসমূহত ছবি, অডিঅ’, ভিডিঅ’, পৰিসংখ্যা আদিৰ মনোগ্ৰাহী উপস্থাপন, পোনপটীয়া সম্প্ৰচাৰ, বিবিধ সম্পাদনাৰ ব্যৱস্থা ইত্যাদি সম্ভৱ কৰিলে আৰু সেইবোৰ ক্ৰমে ক্ৰমে উন্নত কৰি তুলিলে। নতুন প্ৰযুক্তিয়ে ৱেবৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা ল’লে। এনেদৰেই গৱেষণা, তাৎক্ষণিক ভাৱ বিনিময় ব্যৱস্থা, সামুহিক আলোচনা, ধনৰ লেনদেন, ৰাজনীতি, মানৱসেৱা, নজনা ভাষাৰ লেখাৰ অনুবাদ পঢ়া, বিনোদন, মগজুকৰ্ষিত ক্ৰীড়া, ষ্ট্ৰীট ভিউ ইত্যাদি বিবিধ ক্ষেত্ৰত অবিশ্বাস্য পৰিৱৰ্তন আৰু সুচলতাৰে ৱৰ্ল্ড ৱাইড ৱেবে মানৱ সভ্যতাৰ ধাৰাই সলনি কৰি পেলালে। হাতৰ মুঠিত থকা সৰু এটা সঁজুলীৰ সহায়তে পৃথিৱীজুৰি সংযোগ স্থাপন কৰি তথ্যৰ সন্ধান কৰিব পৰাৰ ব্যৱস্থা হ’ল। আৰু আজি কাগজৰ পুথি, বাতৰি-কাকত আদি সহজে গৈ নোপোৱা দুৰ্গম স্থানৰ বহু বাসিন্দাইয়ো ৱেব ব্ৰাউজ কৰাৰ সুবিধা হ’ল।

ছপাশালে বোৱাই অনা সভ্যতাৰ ধাৰাটো ধ্বংস কৰিবলৈ ওলাইছিল হিটলাৰে। বহুতো মূল্যবান কিতাপেৰে ভৰপুৰ বহুতো পুথিভঁৰাল ধ্বংস কৰি পেলাইছিল হিটলাৰে। আন নালাগে আইনষ্টাইন, ফ্ৰয়েড আদিৰ দৰে শ শ মনিষীৰ কষ্টসাধ্য সংগ্ৰহবোৰ জ্বলাই দিয়া হৈছিল। ইতিহাসত ক’লা ছামনি ৰূপে ৰৈ যোৱা সেই অধ্যায়ৰ এটা কাহিনী লিপিবদ্ধ হৈছে মাৰ্কাছ জুচাক নামৰ লেখকজনৰ “The Book Thief” নামৰ উপন্যাসখনত। ১০ নিযুতৰো অধিক ক’পি বিক্ৰী হোৱা, ৪০টাৰো অধিক ভাষালৈ অনুবাদ হোৱা কিতাপখনৰ আলমত ২০১৩ চনত হলিউডৰ পৰা একে নামেৰে এখনি ছবিও নিৰ্মাণ হৈছে। আতংকময় পৰিবেশৰ মাজত দ’ম কৰি দাউ দাউকৈ জ্বলাই থোৱা কিতাপৰ মাজৰ পৰাও পঢ়িবলৈ কিতাপ চুৰ কৰি অনা এজনী কণমানিৰ কাহিনী সেয়া। সভ্যতাৰ ন্যূনতম জ্ঞানহীন আৰু বিবেকবৰ্জিত হিটলাৰৰ বাবে সেইবোৰ আছিল কেৱল কাগজৰ টুকুৰা আৰু চিঞাহীৰ অপ্ৰয়োজনীয় দাগ। মানৱীয় শিক্ষাৰে উচ্চ শিক্ষিত হোৱা হ’লে হিটলাৰে এনে কাম নকৰিলেহেঁতেন। বা তেওঁৰ তলতীয়া কৰ্মী আৰু বিষয়াবৰ্গৰ বিবেক জাগ্ৰত হোৱা হ’লে বাৰে বাৰে থমকি ৰ’লহেঁতেন। তেওঁ এজন মুৰ্খ শাসক নোহোৱা হ’লে তেওঁ বুজি পালেহেঁতেন সাধনাৰ মূল্য। গুটেনবাৰ্গৰ সৃষ্টিক মজ্জা ৰূপে লৈ বিকাশ হোৱা মানৱ সভ্যতা হিটলাৰে স্থবীৰ কৰি পেলাইছিল। সেই দিনত টিম বাৰ্ণাৰ্ছ-লীৰ জন্ম হোৱা নাছিল। এইটো সহজেই অনুমেয় যে স্বেচ্ছাচাৰী হিটলাৰে একেটা নিৰ্দেশতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিলেহেঁতেন। নতুন যুগৰ গুটেনবাৰ্গৰ সৃষ্টিটো আৰু সভ্যতা বিকাশৰ নতুন ধাৰাটোক হিটলাৰে ক্ৰূৰ হাতোৰা লগাবলৈ নাপালে। অৱশ্যে ইতিহাসৰ পুনৰাবৃত্তিও হয়, হিটলাৰে পুনৰ্জনম লয়।

No Comments

Post A Comment