মই যেতিয়া ‘গণিত বিকাশ’ আলোচনীখনৰ সম্পাদক ৰূপে দায়িত্ব লৈছিলোঁ, তেতিয়া বহুকেইজন যুৱ-গৱেষকক নতুন আৰু যথেষ্ট গুৰুত্বপূৰ্ণ নিজৰ এখন গৱেষণা-পত্ৰৰ বিষয়ে সাধাৰণ পাঠকৰ বাবে লিখিবলৈ আহ্বান জনাইছিলোঁ। শিতানটোৰ নাম আছিল ‘মোৰ শেহতীয়া এখন গৱেষণা-পত্ৰ’। অসম গণিত শিক্ষায়তনে প্ৰকাশ কৰা আলোচনীখনৰ সম্পাদক হিচাপে মই নতুনকৈ কৰিবলৈ লোৱা...

এবাৰ এজন গণিতজ্ঞই টুইটাৰত কাৰোবাক কৈছিল যে তেওঁ যিমান কাম কৰে তাৰে ৯০ শতাংশই বিফল হয়, বাকী দহ শতাংশহে প্ৰকাশ কৰিব পৰা যায়। সেয়া দেখা পাই টিমোথি গাৱাৰ্ছ নামৰ গণিতজ্ঞজন আচৰিত হৈছিল আৰু তেওঁ উত্তৰ দিছিল যে— আপোনাৰ কেৱল ৯০ শতাংশহে বিফল হয় নেকি, মোৰচোন...

ৰাষ্ট্ৰীয় জ্ঞান আয়োগ (National Knowledge Commission) নামৰ এখন আয়োগ আছিল। এই আয়োগখনে এবাৰ এই শতিকাটোৰ আৰম্ভণি সময়ৰ এটা তথ্য প্ৰকাশ কৰিছিল যে— প্ৰতি নিযুত জনতাৰ বিপৰীতে আমাৰ দেশত গৱেষকৰ সংখ্যা ১১২ জন; আৰু তাৰ বিপৰীতে চীনৰ ৬৩৩ জন আৰু আমেৰিকাৰ ৪৩৭৪ জন৷ ইয়াকে অৱলম্বন কৰি...

ড° ৰুবুল মাউত এজন প্ৰসিদ্ধ বিজ্ঞানী আৰু ‘মোৰো এটা সপোন আছে’ নামৰ বহুপঠিত গ্ৰন্থখনৰ লেখক। খুৱ কম সংখ্যকেহে গম পোৱা তেওঁৰ আন এটা বৈশিষ্ট্য হৈছে তেওঁ বহুতো ‘বাহিৰা কিতাপ’ পঢ়ে। দুবাৰমান বিভিন্ন কিতাপ সম্পৰ্কীয় তেওঁৰ বক্তব্য শুনি মোৰ এনেকুৱাও ধাৰণা হয় যে তেওঁৰ সমান কিতাপ...

ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে স্বীকৃতি দিয়া বিশ্বৰ দুই শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী বুলি একো তালিকা নাই। প্ৰকৃততে সেয়া হৈছে পাৰ হৈ যোৱা বৰ্ষত পোৱা সৰ্বাধিক চাইটেচনৰ ভিত্তিত কৰা দুই শতাংশৰ তালিকাহে। ইয়াত শ্ৰেষ্ঠত্বৰ কথা নাহে। ইয়াত নাম থকা মাত্ৰেই সন্মানীয় নহয়, তাৰে বহুতৰ কাম ঘৃণনীয় বা সম্পূৰ্ণ নিন্দনীয়হে।...

(১) ৰাজ্যৰ ৭০ জন অধ্যাপকৰ পিএইচডি আদি ডিগ্ৰীধাৰীসমূহ ভুৱা নেকি তাৰ পৰীক্ষাৰ বাবে জাননি ওলাইছে। আন এক বাতৰি মতে ১২৫ জন। তাৰে মাজৰ কোনোবাজন দায়ৰ পৰা মুক্ত হ’বও পাৰে। সেয়া যি নহওক, ইয়াৰ উপৰি কিন্তু যেনেতেনে ভুৱা নোহোৱাকৈ থকা হেজাৰ-বিজাৰ মনুষ্য লুইতৰ দুয়োপাৰ ভৰি থাকিবও পাৰে।...