এখনি সৰু দেশ হিচাপে হাংগেৰিৰ জনসংখ্যাৰ লগত ভাৰতৰ জনসংখ্যাৰ তুলনা নহয়, কাৰণ ইয়াৰ জনসংখ্যা আমাৰ ৰাজ্য অসমৰ তিনিভাগৰ এভাগতকৈয়ো কম। বৰ্তমান দেশখনৰ জনসংখ্যা ১ কোটিতকৈ কম। কিন্তু হাংগেৰিয়ে বিজ্ঞানৰ ১২ জন নোবেল বিজয়ীকে আদি কৰি, বিশ্বৰ বিজ্ঞান-প্ৰযুক্তি ক্ষেত্ৰখনত বিৰল প্ৰভাব পেলোৱা বহুজন অসামান্য ব্যক্তি জন্ম...

হাইস্কুলত ছাত্ৰ-ছাত্ৰীয়ে logarithm বা log ৰ বিষয়ে অলপ শিকিবলৈ পায়। আমি উচ্চ গণিতত পাইছিলো, আৰু পাঠটো আৰম্ভ কৰা দিনা প্ৰথমেই ছাৰে এটা উদাহৰণ দি লৈছিল যে [latex]\text{২}^\text{৩}=\text{৮}[/latex], আৰু ইয়াৰ বিপৰীতে এই কথাটোকে log ত বুজোৱা হ'ব এনেদৰে: [latex]\log_\text{২}\text{৮}=\text{৩}[/latex]। ইয়াত ২ টোক ভূমি বা আধাৰ বুলি...

কেইবাবছৰ আগতে ক’ৰবাত পঢ়িছিলোঁ যে এণ্ট্ৰপিৰ বিষয়ে কোনোবা এজন বিজ্ঞানৰ ছাত্ৰক সুধিলে তেওঁ হয়তো ক’বলৈ অসুবিধা পাব, কিন্তু সেই সম্পৰ্কতো হোমেন বৰগোহাঞিয়ে ধুনীয়াকৈ বুজাই ক’ব পাৰে। ইয়াৰ দ্বাৰা এই কথাই জনাব বিচৰা হৈছিল যে তেওঁ বিজ্ঞানৰ নানা বিষয় পঢ়ে, আৰু সেইবোৰৰ কেৱল খা-খবৰ ৰখাই নহয়,...

ওঠৰ শতিকাত তেতিয়াৰ কামৰূপত কায়স্থ বুলি পৰিচিত লোকসকলে সংখ্যা জড়িত সাঁথৰ কিছুমান চৰ্চা কৰিছিল। এইসমূহ প্ৰধানকৈ মুখে মুখে প্ৰচলন আছিল। কায়স্থসকলে চৰ্চা কৰা বুলি এইসমূহ “কাইথেলী অংক” নামে পৰিচিত হয়। সেই লোকসকলে কোনো কোনো ক্ষেত্ৰত সংখ্যা বুজাবলৈ চিহ্নৰ পৰিৱৰ্তে কিছুমান শব্দ ব্যৱহাৰ কৰিছিল। যেনে: ১...

ডিচেম্বৰ মাহৰ ২২ তাৰিখে ৰাষ্ট্রীয় গণিত দিৱস। ৰামানুজনৰ জন্মদিনটোত আমাৰ দেশত এই দিৱস পালন কৰা হয়। যোৱা কেইবছৰমান আগতে এই দিৱস প্ৰতিষ্ঠা কৰা হৈছে। ১৯২০ চনত, ৩২ বছৰ বয়স হওঁতেই ৰামানুজনৰ মৃত্যু হৈছিল। তেতিয়া তেওঁৰ পত্নী জানকীৰ বয়স হৈছিল ২১ বছৰ। সেই সময়ৰ সামাজিক অৱস্থা, আৰু...

হায়াৰ ছেকেণ্ডাৰী দুঠাইত পঢ়িছিলোঁ৷ এখন হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু আনখন কলেজ৷ দুয়োখনৰে গণিতৰ শিক্ষককেইজন কিছু ভালেই আছিল৷ বেলেগ দুখন কলেজৰ দুজন গণিতৰ শিক্ষকৰ ওচৰত কেইমাহমান/কিছুদিন টিউচন কৰিছিলোঁ৷ তেওঁলোকো কিছু ভালেই আছিল৷ কিন্তু তেওঁলোক আটাইকেইজনৰ লগত একেধৰণৰ এটা "কিন্তু" লাগি আছিল৷ তেওঁলোকে পাঠ একোটা আৰম্ভ কৰে, তাত...