এখন গণিত অভিধানৰ অভাৱ দূৰ হ’ল

অসমত গণিত শিক্ষা আৰম্ভ হোৱাৰ কিমান যুগ হৈ গ’ল, কিন্তু এনে এখন গণিত অভিধান কেতিয়াও হৈ উঠা নাছিল। নিজৰ অসমীয়া ভাষাটো জড়িত কষ্টসাধ্য কাম এটা কৰিম ঠিক কৰাৰ পাছতো বহুতো মানুহে পুনৰ আগ্ৰহ হেৰুৱাই পেলায়। ইমানদিনতো নোহোৱাকৈয়ে চলি গ’ল, এতিয়া নহ’লেনো কি অনিষ্ট হ’ব? অসমীয়া ভাষানো আজি কিমানে ব্যৱহাৰ কৰে, গতিকে এইটো বস্তু কাৰনো প্ৰয়োজন আছে? বহু ক্ষেত্ৰত এই দুটা প্ৰশ্নই প্ৰধান নেতিবাচক প্ৰভাৱ পেলায়। কিন্তু আমি যদি অতীতলৈ চাওঁ, আধুনিক অসমীয়া ভাষাটোৰ আজি ইমান সমৃদ্ধি আৰু ইমানবোৰ সমল, যাৰ আৰম্ভণি ঘটিছিল সেই তেতিয়া— যেতিয়া নেকি শিক্ষা লাভ কৰা মানুহেই নাছিল, ভৱিষ্যতে কেতিয়াবা কিতাপ পঢ়িম বুলি ভবা মানুহো সিমান নাছিল। কিন্তু একো নাথাকোঁতেই কিছুমান মানুহে অভিধান উলিয়ালে, ব্যাকৰণ লিখিলে, কাকত-আলোচনী প্ৰকাশ কৰিলে, …। অতীতৰ এই উদাহৰণবোৰেই একোটা ডাঙৰ উত্তৰ, যদিহে সেই প্ৰশ্ন দুটাই কাৰোবাক নিজে কৰিম বুলি ভবা তেনে একোটা কৰ্মৰ পৰা আঁতৰিবলৈ প্ৰৰোচিত কৰে। একেদৰেই আজিৰ সময়তো ভাষাটোৰ বাকী ৰৈ যোৱা কৰ্মবোৰ সম্পন্ন হোৱা উচিত। পলমকৈ হ’লেও, ২০২০ চনৰ শেষভাগত প্ৰকাশ হৈ ওলোৱা “Anglo Assamese Dictionary of Mathematics”ও হ’ল তেনে এটা কৰ্ম, যি বহুতো সু-প্ৰভাৱ পেলাব।

এই গণিত অভিধানখন প্ৰস্তুত কৰিছে অধ্যাপক খনীন চন্দ্ৰ চৌধুৰীয়ে, তিনিজন সহযোগীৰ সৈতে। মুঠ পৃষ্ঠা ৫০০। সাধাৰণতে গণিত-অভিধান বা বিজ্ঞান-অভিধান বুলি ক’লে কেৱল শব্দাৰ্থৰ সংকলন বুলি বুজা নাযায়, সেইসমূহ হয় কিছু পৰিমাণে বিশ্বকোষ ধৰণৰ। এইখনো সেইধৰণৰ। ইয়াত শব্দ বা শব্দগুচ্ছসমূহৰ অৰ্থ আছে, সংজ্ঞাসমূহ ইংৰাজী আৰু অসমীয়া দুয়োটাতে দিয়া হৈছে, অসমীয়া ব্যাখ্যাৰ লগতে চিত্ৰৰ ব্যাখ্যাও আছে। ছাত্ৰ-ছাত্ৰী-পাঠক-লেখকৰ কামত অহাৰ লগতে এই অভিধানখনক অৱলম্বন কৰি আন কামো কৰিব পৰা যাব। উদাহৰণস্বৰূপে, ইণ্টাৰনেটৰ অনুবাদ সঁজুলীসমূহ বিকাশ কৰিবলৈ এইখনে সহায় কৰিব। গণিতৰ এখন পূৰ্ণাংগ বিশ্বকোষ প্ৰণয়ন কৰিব বিচাৰিলেও এইখনে সহায় কৰিব।

বিশ্বকোষীয় বৈশিষ্ট এটা থাকে বাবেই গণিত-বিজ্ঞান অভিধানসমূহ সাধাৰণ কিতাপ পঢ়াৰ দৰেই ছাত্ৰ-ছাত্ৰীয়ে সৰুতে পঢ়ি পেলালে, বহুতো প্ৰয়োজনীয় কথা শিকাৰ লগতে কিছুমান ধাৰণা আয়ত্ব কৰিব পাৰে। যিবোৰ পিছলৈ বহু কামত আহে। সেয়েহে ভৱিষ্যতে গণিত অধ্যয়ন কৰিবলীয়া ছাত্ৰ-ছাত্ৰীৰ পুষ্টিৰ বাবে এই অভিধানখনে এটা ডাঙৰ অভাৱ দূৰ কৰিলে। হঠাতে প্ৰয়োজন হোৱা কিছুমান সূত্ৰ, যেনে: গোলকৰ আয়তন, শংকুৰ আয়তন আদি চাই ল’বলৈয়ো ই সুবিধাজনক। গণিত-বিজ্ঞানৰ কুইজ প্ৰতিযোগীসকলৰ বাবেও ই এক সমল। আমি সৰুতে ইংৰাজীৰ দুখন সৰু গণিত অভিধানেৰে এইখন অভিধানৰ অভাৱ দূৰ কৰিব লগা হৈছিল। আৰু ইংৰাজী বাক্যবোৰ আয়ত্ব কৰিবলৈ বহু বেছি সময় লগা হৈ থকা অৱস্থাত তৃষ্ণাতুৰ হৈ ৰ’ব লগা হৈছিল।

অভিধানখনত থকা ব্যাখ্যাসমূহ সকলো ছাত্ৰ-ছাত্ৰীয়ে বুজিব পৰাকৈ যথেষ্ট সৰল। তুলনামূলকভাৱে কিছু কঠিন বস্তু, যেনে: hypergeometric series, monotone convergence theorem, permutation group আদি শব্দ-শব্দগুচ্ছবোৰৰ বাবে খুৱ ভালকৈ মিলা অসমীয়া শব্দাৰ্থ একোটা বাছি লোৱা হৈছে। অভিধানখন প্ৰস্তুত কৰোঁতাকেইজনে নিজৰ শিক্ষকতা বা অধ্যয়নত এইবোৰ প্ৰায়ে ব্যৱহাৰ কৰি অভিজ্ঞ বাবে, সঠিক অসমীয়াটো বাছি লোৱাত সহায়ক হৈছে।

পৰৱৰ্তী সংস্কৰণত শুধৰাব পৰা সৰু-সুৰা দুই-এটা খুঁত আছে। যেনে: Riemann surface আৰু Riemann zeta function শব্দগুচ্ছ দুটা Ring আৰু Rodrigue’s formula ৰ তলত আহিছে; ক্ৰম অনুসৰি যিখিনি ওপৰত হ’ব লাগিছিল। আনহাতে, Rodrigue’s formula নহয়, Rodrigues’ formula হে হ’ব লাগে, যিটো আগবঢ়াইছিল Olinde Rodrigues নামৰ গণিতজ্ঞজনে। একেদৰেই Ramanujan-Roger’s identityত Roger’s নহৈ Rogers হ’ব লাগে, যিটো প্ৰথমে আৱিষ্কাৰ কৰিছিল Leonard James Rogers নামৰ গণিতজ্ঞজনে। ইয়াৰ বৰ্ণনাখিনিতো সামান্য খুঁত ৰৈছে। ইয়াত কেৱল এটা অভেদ নাই, আৰু ইহঁতক Rogers-Ramanujan identities বুলি সততে কোৱা হয়।

এতিয়া আমি আন এক প্ৰসংগলৈ যাব বিচাৰিছোঁ। গণিত-বিজ্ঞানত প্ৰতি দিনে নতুন নতুন সংজ্ঞাৰে নতুন শব্দ-শব্দগুচ্ছ সৃষ্টি হৈ আছে। আৰু তাৰে কিছুমান অত্যন্ত প্ৰভাৱী বস্তুৰ লগে লগেই ব্যাপক প্ৰয়োগ ঘটিছে। ফলত, অতি কম সময়ৰ ভিতৰতে সেইবোৰ শব্দ বহু মানুহে জানিব লগা শব্দত পৰিণত হৈছে। তেনে এক শব্দগুচ্ছ হৈছে perfectoid space; যিটো জনাজাত হোৱা চাৰি বছৰো হোৱা নাই। সেয়েহে স্বাভাৱিকভাৱেই এখন গণিত-বিজ্ঞান অভিধানত সকলো শব্দ সন্নিৱিষ্ট কৰাটো সম্ভৱ নহয়। কিন্তু ৫০০ পৃষ্ঠাৰ অভিধান এখন নিজেই এটা ডাঙৰ উপায়। ইয়াৰ আলমতে বা ইয়াৰ পৰা পুৰণি শব্দবোৰৰ আৰ্হি শিকি লৈ নতুন বহুতো শব্দক অসমীয়া ৰূপ দিয়াটো সহজ হ’ব।

আনহাতে, গণিত বিষয়টো কিমান বিশাল তাক বুজাবলৈ ক’ব পাৰি, আজি পৰ্যন্ত গণিতৰ যিমানখিনি শাখা সৃষ্টি হ’ল, তাৰ মাথোঁ আধা সংখ্যক শাখাৰ ছাত্ৰ হোৱাটোও একেজন মানুহৰ বাবে সম্ভৱ নহয়। তাৰোপৰি, কেৱল সংখ্যাতত্ত্ব আৰু বীজগণিতক লৈয়েই এখন ৫০০ পৃষ্ঠাৰ অভিধান উলিয়াব পৰা যায়। এনেদৰেও এই অভিধানখনত স্বাভাৱিকভাৱে কিছুমান শব্দ নোসোমোৱাকৈ ৰৈ গৈছে। যেনে: modular form, perfect number, twin prime, partition function, ইত্যাদি। এইখিনি কথা আমি খুঁত বুলি ক’বলৈ উল্লেখ কৰা নাই, অন্য প্ৰসংগটোলৈহে যাব খুজিছোঁ।

পুনৰাবৃত্তি বা আনক দেখি কৰা কামৰ বাবে অসমীয়াসকলক প্ৰায়ে অসমীয়াসকলেই সমালোচনা কৰি থকা দেখা যায়। ই ব্যৱসায়, সৃষ্টিশীল কাম, আদি প্ৰায়বোৰতে ঘটি থাকে। আইনষ্টাইনৰ জীৱনী এখন বিক্ৰী হোৱা দেখিলে দহজনে একেদৰেই আইনষ্টাইনৰ দহখন জীৱনী উলিওৱাৰ কথা চিন্তা কৰিব। কিন্তু সাধাৰণ মানুহে আগতে নজনা বেলেগ মহান বিজ্ঞানী এজনক পৰিচয় কৰাই দি তেওঁৰ কৰ্মৰ গুৰুত্ব সাধাৰণ লোকৰ মাজত প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা অতি কম। বা আইষ্টাইনৰে এখন ব্যতিক্ৰমী বিশেষত্বপূৰ্ণ জীৱনী লিখাৰ প্ৰচেষ্টা কম। এই অভিধানখনৰ জৰিয়তে এতিয়া গতানুগতিক বহুকেইখন অভিধান উলিয়াই পেলাব পৰা যাব। এইটো তেনেই সহজ কাম। কিন্তু যদি প্ৰকৃততেই এই ক্ষেত্ৰত কামত অহা কাম কোনোবাই কৰিব বিচাৰে, তেন্তে কৰিবলগীয়া এটা কাম হ’ল— ইয়াত নথকা অধিক প্ৰয়োজনীয় শব্দবোৰক লৈ আন এখন একেধৰণৰ বৃহৎ অভিধান প্ৰস্তুত কৰা। তেতিয়া এইখনৰ দৰেই সেইখনো গুৰুত্বপূৰ্ণ বা প্ৰভাৱশালী হ’ব। যিটো কাম হ’ব কষ্টসাধ্য, স্বকীয়, আৰু অনুকৰণীয়।

শেষত আমি অভিধানখনৰ প্ৰস্তুতকৰ্তাকেইজনক অভিনন্দন জনালোঁ।

No Comments

Post A Comment