‘অসম গণিত শিক্ষায়তন’ৰ ইটো-সিটো কথা

যোৱা ৩০ এপ্ৰিলত, ‘অসম গণিত শিক্ষায়তন’ৰ ৩৬ সংখ্যক অধিৱেশনত উপস্থিত থাকি বৰ ভাল লাগিল। এইবাৰ লক্ষীমপুৰত অধিৱেশন অনুষ্ঠিত হৈছে, আৰু আয়োজক সমিতিয়ে অতি সুন্দৰ এটা দিন ৰাইজক উপহাৰ দিছে। আচলতে, লক্ষীমপুৰত পূৰ্বেই এখন অধিৱেশন দুদিনীয়াকৈ হোৱাৰ কথা আছিল, কিন্তু সকলো পৰিকল্পনা হৈ যোৱাৰ পাছত অধিৱেশনলৈ তিনি সপ্তাহ নে কেইসপ্তাহমান থাকোঁতেই কোভিদৰ বাবে ৰাজ্য স্তব্ধ হৈ পৰিল। ইমানৰ পাছতো তেওঁলোকে পুনৰ পৰিকল্পনা কৰি অধিৱেশন এখন পতাটোৱে এক উদ্যমৰ কথাকে সূচায়।

এবাৰ পৰিয়াল এটা অধিৱেশন এখনলৈ গৈছিল। তেওঁলোকৰ সন্তানে অলিম্পিয়াডত উত্তীৰ্ণ হৈছিল, সেয়েহে আহিবলৈ বুলি শিক্ষায়তনৰ ফালৰ কৈছিল। তেওঁলোক যোৰহাটৰ পৰা গুৱাহাটীলৈ আহিছিল, দুয়ো অভিভাৱক বিশ্ববিদ্যালয়ৰ অধ্যাপক-গৱেষক, তেওঁলোকৰ মনতে সন্দেহো হৈছিল– ইমান দূৰ আহি সভাখননো কেনেকুৱা লাগিব, কষ্টও হৈছে। তেওঁলোক মোৰ চিনাকি, পাছত কথা প্ৰসংগত কৈছিল যে তেওঁলোকৰ বহুত ভাল লাগিল। শিক্ষায়তনৰ সভাবোৰলৈ গ’লে মোৰো সদায় সিমান ভাল লাগে।

এইবাৰ অধিৱেশনখনত দেখা আৰু অধিৱেশনলৈ গৈ থকা অৱস্থাত মনলৈ অহা কেইটামান কথা ইয়াত ব্যক্ত কৰিব খুজিছোঁ। এইখিনি ব্যক্তিগত অনুভৱ, কিন্তু অসম গণিত শিক্ষায়তন বা সমাজৰ হকে কামত আহিবলগীয়া।

১)

অধিৱেশনৰ স্মৰণিকাখন বৰ ভাল হৈছে। দুই-এটা খুঁত থাকিব পাৰে, কিন্তু ভাল লাগিছে। বিষয়-বস্তু আৰু লেখাসমূহ ভাল ভাল (সম্পূৰ্ণকৈ পঢ়িবলৈ বাকী আছে)। বেটুপাত অতিকে সুন্দৰ।

অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল বা গণিত বিভাগলৈ, লগতে বিভিন্ন মহাবিদ্যালয় আদিলৈ সেইখন প্ৰেৰণ কৰিলে পাঠক উপকৃত হ’ব।

এইখিনিতে এটা সৰু কথা মন কৰিব লাগে যে– আগলৈ যদি এনে স্মৰণিকা ওলায় বা বিভিন্ন শাখাৰ আলোচনী ওলায়, তেন্তে তাত ‘অসম গণিত শিক্ষায়তন’ৰ ৱেবছাইটৰ লিংকটো ভালদৰে চকুত পৰাকৈ দিব লাগে। তেতিয়া পাঠকে অধিক জানিবলৈ সুবিধা এটা থাকে, আৰু বহু বছৰ পাছতো কোনোবা নতুনৰ হাতত সেইখন পৰিলে তেওঁলোকে ৱেবছাইটলৈ গৈ শিক্ষায়তনৰ সম্পৰ্কে অধিক জনাৰ উপায় পাব।

ৱেবছাইটৰ লিংকটোৰ QR code এটাও লগতে দিব পাৰি।

২)

অসম গণিত শিক্ষায়তনৰ সৰ্বশ্ৰেষ্ঠ অৱদান হ’ল অলিম্পিয়াড আয়োজন। অসম গণিত শিক্ষায়তন বুলি ক’লে ইয়াৰ এফাল অলিম্পিয়াডে জুৰি আছে যেন অনুভৱ হয়। অলিম্পিয়াড সম্পৰ্কীয় এক অনুষ্ঠান অধিৱেশনত সদায় থকাটো অতি জৰুৰী।

অধিৱেশনত এই কথা চৰ্চিত হৈছিল যে অলিম্পিয়াড কি বা ইয়াৰ গুৰুত্ব কি সেই কথা এতিয়াও বহু সংখ্যক শিক্ষক-শিক্ষয়িত্ৰীয়েও নাজানে। আৰু জনাসকলৰো বহুতে ছাত্ৰ-ছাত্ৰীক এই সম্পৰ্কে অৱগত কৰিবলৈ ইচ্ছাকৃতভাবেই নিবিচাৰে। এনে শিক্ষকসকলে অলিম্পিয়াড পৰ্যায়ৰ গণিত টান পোৱাটোৱো ইয়াৰ এটা কাৰণ হ’ব পাৰে, হয়তো ছাত্ৰ-ছাত্ৰীৰ ওচৰত লাজ কৰে। অধিৱেশনত আন আন কাৰণো চৰ্চা হৈছিল। হয়তো আগলৈ এই সম্পৰ্কে চিন্তা-চৰ্চা চলিব।

৩)

অধিৱেশনত এই কথাও ক্ষন্তেক চৰ্চা হৈছিল যে মহিলা কাৰ্যকৰ্তা কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰি। কিন্তু দেখা গৈছিল যে নতুন প্ৰজন্মৰ মাজত মহিলা উদ্যমী কৰ্মীৰ অতি অভাৱ। (এই প্ৰসংগটোত আগ্ৰহীসকলে সময় পালে, আগতে লিখা এই লেখাটোও পঢ়িব পাৰে– ‘বিজ্ঞান জগতত মহিলাৰ অভাৱ আৰু সাধনা’। এইখিনিতে উল্লেখ কৰিব পাৰি যে এইখিনি কথা দুটা পোষ্ট হিচাপে ফেচবুকত দিয়া হৈছিল, এখন কাকতৰ বিভাগীয় সম্পাদক এগৰাকীয়ে সেই দুটা লগ লগাই এটা প্ৰবন্ধ হিচাপে প্ৰকাশ কৰিছিল, আৰু তেঁৱো এগৰাকী মহিলা।)

৪)

চৰ্চা হোৱা আন এটা কথা আছিল যে নতুন শিক্ষানীতিৰ ফলত বিদ্যালয়বোৰত গণিত-বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে চৰকাৰে ধন দিছে, কিন্তু এই কথা প্ৰধান শিক্ষকে জনায় নে নজনায়? ধনখিনি প্ৰধান শিক্ষকৰ হাততেই থাকি যায় বা শিক্ষককেইজনে ভগাই পেলায় বা অনুষ্ঠানৰ নাম লৈ একো নকৰে বা তেনেকুৱা কিবা হয় নেকি? সেই ধনৰ সহায় লৈ স্কুলৰ সহযোগত শিক্ষায়তনৰ কোনো শাখাই ভাল অনুষ্ঠান পতা বুলি কৈছে। আন কোনোবাই তেনে সুবিধা আছে বুলি গম পোৱা নাই বা প্ৰধান শিক্ষকে জনোৱা নাই। এই সম্পৰ্কীয় সঠিক কথাবোৰ কি, আৰু সেই মতে কাম হয় নে নহয় সেয়া স্থানীয় ৰাইজে বা স্থানীয় সাংবাদিকসকলেও চাবলগীয়া কথা।

এতিয়া দুটা আন কথালৈ যাওঁ। এইখিনি কাৰ্যকৰী কৰিবলৈ নিশ্চয়কৈ সময় লাগিব। যাৰ বাবে ভাল পৰিকল্পনা আৰু বিশেষ মানুহৰো প্ৰয়োজন হ’ব। যি নহওক, এইখিনি যিমান পাৰি কম দিনৰ ভিতৰত হোৱাটো কামনা কৰোঁ–

I)

অসম গণিত শিক্ষায়তনৰ উদ্দেশ্য হৈছে, গণিত জগতত অসমৰ স্থান কিমান উচ্চলৈ নিব পাৰি তাৰ হকে কাম কৰা। অলিম্পিয়াড আয়োজন কৰাটো ইয়াৰ অন্যতম গুৰুত্বপূৰ্ণ কাম, এইটো যথেষ্ট উন্নত মানৰ। তাৰোপৰি ‘গণিত বিকাশ’ আলোচনী, বিভিন্ন বক্তৃতানুষ্ঠান, প্ৰশিক্ষণ কাৰ্যসূচী আদি বিবিধ ধৰণে শিক্ষায়তনে কেইবাটাও প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

কিন্তু এনে এটা সংস্থাৰ, জাৰ্নেলখন উন্নত নহয় বুলি বহু চৰ্চিত। জাৰ্নেলখনে প্ৰতিষ্ঠানটোৰ উদ্দেশ্যক প্ৰতিনিধিত্ব নকৰে। এবাৰ এখন বিশ্ববিদ্যালয়ৰ অধ্যাপক এজনে কৈছিল যে পৃথিৱীৰ ক’তো প্ৰকাশ নাপালে তাতে প্ৰকাশ কৰি পিএইছডিটো দিবলৈ আমি এইখন পাইছোঁ। তেওঁ অকপটে কোৱা বা ৰসিকতা কৰি কোৱা কথাটোৱেই শুদ্ধ হৈ থাকিবলৈ দিব নালাগে। ইয়াত এটা ল’জিকেল কথাও আহি যায়– যদি ভাল কাম কৰিছে তেন্তে নামী জাৰ্নেলত প্ৰকাশ কৰিবলৈকে চবেই দিব; বিশেষ কোনেও নপঢ়া, আজিও অনলাইন নথকা জাৰ্নেলখনত নিজৰ ভাল কামটো কিয় দিব? তাৰমানে দেখা-দেখিকৈ এটা প্ৰশ্নবোধক চিন আহি যায়। অনলাইন নকৰাটোৱেও ইয়াক সন্দেহৰ আৱৰ্তলৈ লৈ যায়। শিক্ষায়তনৰ কাৰণেই ভাল কাম একোটা প্ৰকাশৰ বাবে দিলেও, সেইখিনিয়েও জাৰ্নেলখনক ভাল বুলি সমুলি প্ৰতিষ্ঠা কৰা নাই। শিক্ষায়তন আৰু অসম বুলিয়েই এই জাৰ্নেলখনত, অৰ্থাৎ ‘Journal of the Assam Academy of Mathematics’ত (JAAM) মোৰো এখন গৱেষণা-পত্ৰ প্ৰকাশিত কৰিবলৈ মন আছে। যেনেদৰে, ‘Indian Journal of Pure and Applied Mathematics’তো মন আছে এজন ভাৰতীয় বুলিয়েই। JAAM খন কোনো ডিগ্ৰী প্ৰতিষ্ঠানৰ বিভাগীয় জাৰ্নেল নহয়, ই হৈছে ৰাজ্যখনৰ এটা জাতীয় সংস্থাৰ জাৰ্নেল। গতিকে জাৰ্নেলখনৰ মান উন্নত কৰাটো ডাঙৰ দায়িত্ব। ইয়াৰ বাবে অতি জৰুৰী কেইটামান কাম–

ক) নতুন সম্পাদনা সমিতিখনৰ আৰ্হি শক্তিশালী কৰিব লাগে। যিহেতু এইখন এটা বিষয়-বস্তুৰ জাৰ্নেল নহয়, সাধাৰণ জাৰ্নেল, গতিকে সম্পাদকৰ সংখ্যা দহ-বাৰজনলৈ বঢ়াব লাগে। আৰু সকলোৱেই যেন সৃষ্টিশীল কাম প্ৰকাশৰ ক্ষেত্ৰত কঠোৰ হয়।

খ) তাৰ পাছত এনেকুৱা এটা ব্যৱস্থা হ’ব লাগে যাতে কি গৱেষণা-পত্ৰ আহিছে, কি ৰিভিউলৈ গৈছে, কি প্ৰকাশ পাব, সেইবোৰ কথা বৃহৎ সম্পদনা সমিতিৰ প্ৰতিজনে চকু দিব পাৰে। নামটো কেৱল লিপিবদ্ধ ৰূপতে থকা দৰে হ’ব নালাগে।

গ) খুৱ ভাল আৰু ধুনীয়াকৈ লেটেক্স টেমপ্লেট এটা তৈয়াৰ কৰিব লাগে। যাতে প্ৰতিজন লেখকে সেইমতে দিব পাৰে আৰু তাৰ পাছত সুন্দৰকৈ প্ৰকাশ কৰিব পাৰি।

ঘ) শীঘ্ৰে অনলাইনৰ ব্যৱস্থা কৰিব লাগে। শিক্ষায়তনৰ বেৱছাইটটোত চাব-ডমেইন হিচাপে জাৰ্নেলখন থাকিব লাগে। লিংকটো হ’ব: https://aamonline.org.in/jaam

যিহেতু এইখন বাৰ্ষিক আৰু গৱেষণা-পত্ৰৰ সংখ্যা তেনেই কম, গতিকে বহু জটিল প্ৰযুক্তি নলগালেও হয়। পিডিএফ ৰূপে সুন্দৰ আৰ্হিত দিলেই হয়।

এই কামখিনিত সিদ্ধহস্ত এজন মানুহ হৈছে মঞ্জিল পি. শইকীয়া। এইখিনি কেইঘণ্টামানৰ কাম।

আমি কেইবাবছৰ আগতে এগৰাকী ব্যক্তিৰ লগত এই সম্পৰ্কে যোগাযোগো কৰিছিলোঁ, আন এবাৰ তেখেতৰ ফালৰ পৰাও আমাক কৈছিল, কিন্তু ধাৰণা হয় যে তেখেতৰ অন্য ব্যক্তিগত অত্যন্ত অসুবিধাত থাকি গ’ল।

ৱেবছাইটত আপলোড বা সজোৱাৰ কামত লগা হ’লে মইয়ো সহযোগ কৰিব পাৰিম। এইখিনি ক্ষন্তেক সময়ৰ কাম। এই কাম কৰিব পৰা আন এজন হ’ল দেৱাশিস শৰ্মা। আন ব্যক্তিও নিশ্চয় আছে।

ঙ) বেটুপাত উন্নত কৰিব লাগে।

চ) জাৰ্নেলখন জীয়াই ৰখাৰ উদ্দেশ্যতে গৱেষণা-পত্ৰৰ সংখ্যালৈ চাব নালাগে। লাগিলে কোনো সংখ্যাত দুখন গৱেষণা-পত্ৰই প্ৰকাশ পাওক।

এখন সন্মানীয় জাৰ্নেললৈ ৰূপান্তৰিত হ’বলৈ এইখিনি কৰাটো অতি দৰকাৰ বুলি ভাবোঁ। আগলৈ তাত প্ৰকাশ পোৱাটো গৌৰৱৰ কথা হ’বগৈ পাৰে। ইয়াৰ পাছতে জাৰ্নেল সম্পৰ্কীয় আনুষংগিক ব্যৱস্থাবোৰ কৰিব লাগে।

II)

এবছৰ বা দুবছৰৰ মূৰে মূৰে এখন অতি ভাল কৰ্মশালা তথা চেমিনাৰ পাতিব লাগে, যিখন গৱেষণাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্য হ’ব লাগে। য’ত স্নাতক, স্নাতকোত্তৰ, গৱেষক ছাত্ৰ-ছাত্ৰী সকলোৱে অংশ ল’ব পৰে। ইচ্ছা কৰিলে অন্য ব্যক্তি বা অধ্যাপক কিছু সংখ্যকেও অংশ ল’ব পাৰিব। এইখন কোনো প্ৰতিষ্ঠানৰ নিয়ম মাফিক ধৰণৰ হ’ব নালাগে, এটা দূৰদৃষ্টি ৰাখিব লাগে। ৰাজ্যৰ প্ৰতিখন প্ৰতিষ্ঠানৰ গণিত বিভাগৰ পৰা এজন বা দুজনকৈ অংশ ল’বলৈ দিব লাগে। আৰু যাতে কোনো প্ৰতিষ্ঠান বাদ পৰি নাযায়, সেয়া চাব লাগে। বাহিৰৰ পৰাও অতি ভাল ভাল সমল ব্যক্তি নিমন্ত্ৰণ কৰি আনিব লাগে। এনেকুৱা হ’ব লাগে যাতে এইখনত অংশ ল’বলৈ পোৱাটো সন্মানবোধৰ কথা হৈ পৰে, আৰু তাৰ ডাঙৰ প্ৰভাৱ পৰে।

অসমত বিশুদ্ধ গণিতৰ কাম কৰা মানুহ অতি কম। সেয়েহে বিশুদ্ধ গণিতৰ কেইবাটাও বিষয় সামৰি প্ৰথমখন আয়োজন কৰিব লাগে।

ইয়াৰ এটা বিশেষ নামো দিব পাৰি। সেয়া জ্যোতিপ্ৰসাদ মেধি বা শিৱেন্দ্ৰ নাৰায়ণ বৰুৱাৰ দৰে ব্যক্তিৰ নামত দিব পাৰি।

1 Comment
  • Prabin Das
    Posted at 20:44h, 04 May Reply

    আটাইকেইটা প্ৰস্তাৱেই মূল্যবান আৰু অসম গণিত শিক্ষায়তনৰ বাবে প্ৰাসংগিকেই নহয় জৰুৰীও। ‘অগশি’ৰ মঞ্চত সঠিকভাৱে চৰ্চা হ’ব বুলি আশা ৰাখিলোঁ।

Post A Comment