জুবিন গাৰ্গক মোৰ ভাল লগাৰ ১০টা কাৰণ

১) জুবিন গাৰ্গ আশাবাদৰ এটা প্ৰতীক৷ যি সময়ত জুবিন গাৰ্গ নামৰ গায়কজন সৃষ্টি হৈছিল, সেই সময়ত অসমত জুই, ধোঁৱা, মাৰণাস্ত্ৰ, বিভেদ আৰু চকুপানীৰে নৰক সদৃশ পৰিৱেশ৷ ধ্বংসৰ মুহূৰ্তত ধ্বংসৰ গান এটি, দুখৰ মুহূৰ্তত দুখৰ গান এটি বা নানা কথা সোঁৱৰাই দিয়া গান এটিয়ে মানুহক অধিক দুখীহে কৰি তোলে, দুৰ্বল কৰিহে তোলে৷ চিনেমাত তেনে মুহূৰ্তত তেনে গানবোৰে দৰ্শকক ভাৰাক্ৰান্ত কৰি তোলাত অৰিহণা যোগায়৷ কিন্তু ধ্বংস বা দুখৰ পৰিৱেশ এটাত নিজেই আবদ্ধ থকা মানুহক শান্তিৰ বাবে প্ৰয়োজন হয় আশাৰ গান, সুন্দৰৰ গান৷ সেইবাবে সেই সময়ত জুবিন গাৰ্গৰ গান হৈ পৰিছিল নৰকত আচৰিত হৈ শুনিবলৈ পোৱা কুলি-মাতৰ দৰে৷ মানুহে মূৰ দাঙি চাইছিল সেই কণ্ঠটোৰ পিনে৷ যি মাত শুনি মানুহে নতুনকৈ অনুভৱ কৰিব পাৰিছিল, পিশাছৰ তালফাল চলি থকা কেৱল এইখনেই আচল পৃথিৱী নহয়, ইয়াতেই আছে আশা আৰু সুন্দৰ৷ সেই বাবেও তেওঁক ইমান মানুহে আপোন কৰি লৈছিল সেই তেতিয়াৰ পৰা৷
“মোৰ গানত আছে অনামিকা মায়া
সপোনৰ সুৰৰ নুবুজা আশা
…….
মোৰ গানে দিব নতুন ভাষা
নতুনৰ জোনাক নতুন দিশা
ক্লান্ত বুকুযুৰি ব’ব
সৃষ্টিৰেই অমল বতাহ”

……. ইত্যাদিৰ দৰে গান সদায় প্ৰিয়৷

২) বহু বিতৰ্ক আৰু হেজাৰ গঞ্জনাৰ পাছতো জুবিন গাৰ্গ খটম হৈ যোৱা যোৱা নাই৷ কেইবাটাও বিতৰ্কত তেওঁ ক্ষমাও খুজিব লগা হৈছে, কিন্তু তেওঁ নিজকে বিতৰ্কতে লেটি লৈ ৰৈ নাথাকে৷ পিছ মুহূৰ্ততে তেওঁ কামত লাগি ধৰে৷ তেওঁৰ শত্ৰুবোৰে দিনজোৰা, সপ্তাহজোৰা বিতৰ্কত যেতিয়া ব্যস্ত থাকি নিজৰহে সময়-সামৰ্থ্য অত্যধিক নষ্ট কৰি থাকে, তেতিয়াও জুবিন গাৰ্গ ব্যস্ত থাকে শ্বুটিঙত, গানৰ ৰেকৰ্ডিঙত, ক’ৰবাত সামাজিক কামত৷ সাধাৰণ মানুহৰ লগত বিতৰ্ক হ’লে বিতৰ্কটোৱে তেওঁলোকক বহু অনিষ্ট কৰেই; কিন্তু তাৰ লগতে তেওঁলোকৰ বেছি অনিষ্ট কৰে নিজে সকলো বাদ দি দিয়াৰ বাবেহে৷ সকলো নাইকীয়া হৈ যোৱাৰ পাছতো পুনৰ আৰম্ভ কৰাটোৱেই জীৱনৰ নিয়ম৷ জুবিন গাৰ্গেও কৈছে,
“শেষ বুলিলেইতো শেষ নহয়
আকৌ আৰম্ভ হয়
শেষ নহয়”

৩) বিবেকৰ দায়ত পৰিয়েই হওক বা বতাহত উটি গৈয়ে হওক বা মৃত্যুৰ ভয়তে হওক – এসময়ত গায়ক-গায়ীকাই প্ৰগতিশীলতা আৰু বিপ্লৱৰ নামত উগ্ৰবাদৰ সমৰ্থনত গীত গাইছিল৷ তেওঁলোকে তথাকঠিত সংগ্ৰাম কৰিছিল অস্তিত্ব নাইকীয়া শত্ৰুৰ বিৰোদ্ধে৷ সেই সময়ত জুবিন গাৰ্গে ভাবুকিৰ পিছতো সেইবোৰ কাৰ্য্যক প্ৰশ্ৰয় দিয়া নাছিল৷ তেতিয়াৰ এটা সৰু ল’ৰাই অকলে ঠিয় দিয়াতো কম সাহসৰ কাম নাছিল৷ জুবিন গাৰ্গৰ এই আদৰ্শই নতুন প্ৰজন্মক নিজ সামৰ্থ্যৰে ঠিয় দি নিজ হাতেৰে নতুন অসম গঢ়িবলৈ উদ্বুদ্ধ কৰিছিল৷ তেওঁলোকে বুজিছিল, নিজক শুধৰাই নল’লে সকলো অৰ্থহীন৷

পঠনীয়:  মেধাৱী শিক্ষক

৪) জুবিন গাৰ্গৰ খোলা, ভংভঙীয়া কথা, আৰু য’তে ত’তে যিকোনো ধৰণে চলিব পৰা স্বভাৱ৷ কান্ধত লাখুটি এডাল লৈ এফালে মোনা এটা ওলোমাই আপুনি বিমানৰ পৰা নামি আহিব নোৱাৰে৷ ইচ্ছা গ’লেও নোৱাৰে, ভাৱমূৰ্তিত আঘাত লাগিব বুলি৷ বজাৰলৈ খালি চেন্দেল এযোৰ পিন্ধি গ’লেও কিছুমান সম্ভ্ৰান্ত মানুহে আমাক মুখ বেঁকা কৰি চায়৷ সৰুতে কোনোবা গাঁৱত থাকোঁতে লগৰ স্কুলীয়া ল’ৰাবোৰে মৰাপাতৰ ৰচিৰে বেল্ট সাজি ককালত মাৰি গৈছিল, কিনি দিবলৈ দেউতাকৰ ধন নাই বাবে৷ কিন্তু আমাক দিয়া হোৱা নাছিল তেনেকৈ যাবলৈ৷ আমি নোৱাৰোঁ, আমি বাধ্য হওঁ৷ কিন্তু এইদৰে আমাৰ বহুতৰ মনত সোমাই থকা নিজৰ ৰূপটোৰ সৈতে একাত্ম হ’বলৈ আমি সুযোগ পাওঁ জুবিন গাৰ্গৰ জৰিয়তে৷

৫) নিজে শুদ্ধ বুলি ভবাটো কোৱাৰ সাহস আৰু আত্মবিশ্বাস৷
মনোবিজ্ঞানীয়ে কয়, সৃষ্টিৰ লগত আত্মবিশ্বাসো জড়িত হৈ থাকে৷ আপোনাৰ সৃষ্টিটো মানুহে কেনেদৰে লয়, সেইটো আপুনি বহুত পিছতহে জানিবলৈ পাব৷ কিন্তু সেইটো মানুহৰ মাজলৈ উলিয়াই দিবলৈ প্ৰথমে আত্মবিশ্বাস লাগিব৷
মত বা চিন্তা এটা প্ৰকাশৰ ক্ষেত্ৰতো এইটো প্ৰয়োজন৷ “মতটো কি বা হ’ব, কি বা নহ’ব” বুলি ভাবি থাকোঁতেই বহুতৰ সময় গুচি যায়৷ সেইটো সাহসেৰে ক’ব পৰাটো দৰকাৰ৷ সেইটো পৰ্যালোচনাৰ বাবে ৰাইজৰ মাজলৈ এৰি দিব পৰাটো দৰকাৰ৷ তেওঁৰ এইটো আত্মবিশ্বাস আছে বাবেই শুভাকাংক্ষী সমালোচকে তেওঁৰ চিন্তাৰ পৰিসৰ বৃদ্ধি কৰি আন আন বিষয়তো মাত দিবলৈ আহ্বান জনায়৷

৬) দুই একে নিন্দা কৰি কয় যে জুবিন গাৰ্গৰ জন্মগত মাতটো বা ঈশ্বৰ প্ৰদত্ত কণ্ঠটোৰ বাহিৰে একো নাই৷ কিন্তু মাজে মাজে জুবিন গাৰ্গৰ সৈতে একে মাতৰ গায়ক একোজন ওলায়৷ তেওঁলোক ওলোৱাৰ পৰা এটা কথা ভাল হ’ল৷ তেওঁলোকে যেতিয়া জুবিন গাৰ্গৰ গান একোটা গায়, তেতিয়া সম্পূৰ্ণ একে একে যেন লাগে৷ কিন্তু তেওঁলোকে যেতিয়া বেলেগ এটা গান গায় বা নিজা সৃষ্টি এটা গায়, তেতিয়া ওলাই পৰে যে তেওঁলোক জুবিন গাৰ্গ নহয়৷ জুবিন গাৰ্গে দি থোৱা আৰ্হিটোত তেওঁলোকে ঠিকে গায়, কিন্তু নিজে তেনে এটা পৰ্যায় দিব নোৱাৰে৷ তেওঁলোক সাধাৰণ হৈ পৰে বা অসাধাৰণ হ’বলৈ তেওঁলোকক বহু সাধনা লাগিব৷ শব্দ প্ৰক্ষেপত জুবিন গাৰ্গৰ স্বচ্ছতা, তাত তেওঁ বিয়পাই দিয়া শক্তি – এইটোৱে তেওঁক কৰি তোলে অনন্য৷ সেই শক্তিটোৰ বাবেই, মঞ্চৰ পৰা ধেমালি কৰি “কোনে হুলষ্ঠুল কৰিছে অ’….” বুলি মৰা চিঞৰটোৱেই হওক, বা “ঘেণ্টা মই কাকো….” বুলি কোৱাটোৱেই হওক, সেইবোৰ ভাইৰেল হৈ পৰে৷ প্ৰসংগটো বা কথাটো বাদ, শব্দখিনিও শুনি ভাল লাগে৷ গানৰ মাজৰ শব্দবোৰ বাকী থাকিলেই৷ শব্দ প্ৰক্ষেপৰ এই শক্তি বা ধৰণ সম্পৰ্কে আগতেও লিখিছোঁ, “প্ৰতিভাৰ উৎস“ত৷

৭) কাকো খাতিৰ নকৰা মনোবৃত্তি৷ কাৰোৰে আঙুলিত খামুচি ধৰি জুবিন গাৰ্গ পৰিচিত হোৱা নাই৷ যি কৰিছে নিজেই কৰিছে৷ তেওঁৰ চিনেমাৰ প্ৰচাৰ কৰি থকা সময়ত, অসমীয়া ৰাইজ চিনেমা চাবলৈ ওলাই আহক বুলি আহ্বান জনোৱা সময়ত, কিছুমানে কৈছিল যে কাকো খাতিৰ নকৰোঁ বুলি দম্ভালি মৰা মানুহটোৱে আজি অসমীয়া ৰাইজক খাতিৰ কৰি আছে চা৷ তাৰমানে তেওঁলোকে ৰাইজক আহ্বান জনোৱাটোৱো বা ৰাইজৰ কাষলৈ যোৱাটোৱো খাতিৰ বুলি ক’ব বিচাৰে! কিন্তু খাতিৰৰ অৰ্থ বেলেগ৷ এই যে ঠিকা এটা বিচাৰি মন্ত্ৰী বা বিষয়াৰ ঘৰলৈ গৈ গাখীৰৰ কলহ এটা, মিঠাই অলপ দি আহে; “তেখেতক কিবা এষাৰ ক’বচোন” বুলি বিধায়কৰ পত্নীক নেৰানেপেৰাকৈ ধৰে; প্ৰমোচন দিব বুলি ওপৰৱালা ভৰিত পৰি থাকে; চাকৰি দিব বুলি কাৰোবাৰ সমস্ত ঘৰুৱা কাম কৰি দিয়ে; সেইবোৰ হ’ল খাতিৰ কৰা কাৰ্য৷ সেইসকলে হয়তো তেনেকৈ জীৱন নিৰ্বাহ কৰি কৰি “কাকো খাতিৰ নকৰোঁ” কথাষাৰ শুনি দাপোনত নিজৰ ৰূপ দেখি লজ্জিত বা আতংকিত হৈ উঠিছিল৷

পঠনীয়:  জুবিন দাৰ গান আৰু কিছু অনুভূতি — মঞ্জিল পি. শইকীয়া

৮) এডমাণ্ড হিলাৰীক এভাৰেষ্ট বিজয়ী প্ৰথমজন মানুহ বুলি জনা হয়, অধিক পৰিমাণে৷ কিন্তু তেওঁ আন বহুতো অসামান্য অভিযান চলাইছিল৷ সেইবোৰৰ উপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল – তেওঁ স্কুল, হস্পিটেল, পৰিৱেশ ৰক্ষা কাৰ্য, সহায়-কেন্দ্ৰ আদিৰ জৰিয়তে হিমাচল অঞ্চলৰ মানুহৰ জীৱনধাৰা সলাই পেলাইছিল৷ জুবিন গাৰ্গো এই ধৰণৰ মানুহ৷ এডমাণ্ড হিলাৰীৰ মূল পৰিচয় বেলেগ এটা; সেইটো হ’ল – তেওঁ এভাৰেষ্ট বিজয়ী৷ কিন্তু তেওঁ কেৱল মুখৰ মানুহ নাছিল, হাতেকামে সমাজত অৱদান আগবঢ়াইছিল৷ যিখিনি কামক এডমাণ্ড হিলাৰীয়ে নিজৰ শ্ৰেষ্ঠ কামখিনি বুলি ভাবে৷ একেদৰেই জুবিন গাৰ্গৰ মূল পৰিচয় বেলেগ এটা৷ তেওঁ গায়ক৷ কিন্তু সমাজৰ বাবে হাতেকামে কৰি তেওঁ বহুতো মানুহক সহায় কৰিছে৷

৯) জুবিন গাৰ্গৰ ওপৰত ভিত্তি কৰি বহুত মানুহ চলি আছে আৰু বহুতে তেওঁৰ বাহুত ভৰ দিয়েই পৰিচিতি আৰু প্ৰতিষ্ঠা লাভ কৰিছে৷ কোনোবাই কৈছিল, তেওঁ নিজেই এটা উদ্যোগ হৈ আছে৷

১০) অসমীয়া শব্দৰ চহকী ভণ্ডাৰ৷ বহুতো শব্দ তেওঁ জানে৷ অনুভৱবোৰ ধুনীয়াকৈ সজাবলৈ সেইবাবেই তেওঁ সক্ষম হৈছে৷

No Comments

Post A Comment