অনলাইন জগতত অসমীয়াই কৰিবলগীয়া কেইটামান কাম

ইণ্টাৰনেট তথা কম্পিউটাৰ-বিজ্ঞান জগতখন সাংঘাটিক তীব্ৰ গতিৰে সলনি হৈছে৷ নতুন নতুন বস্তু ওলাই আছে৷ বিশ্বৰ প্ৰথমটো ৱেবছাইট নিৰ্মাণ কৰা আজি ৩০ বছৰো হোৱা নাই৷ আচৰিত যেন লাগিলেও কথাটো সঁচা৷ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমটো কম্পিউটাৰ-বিজ্ঞান বিষয়ৰ ক’ৰ্চ যিটো বছৰত আৰম্ভ হৈছিল, সেইটো বছৰত অসম আন্দোলনৰ প্ৰাকক্ষণৰ উকমুকনি চলি আছিল৷ বস্তুবোৰ যে বেছিদিনীয়া নহয় আৰু কিমান দ্ৰুত গতিত সলনি হৈছে সেইটো ক’ব বিচাৰিছোঁ এই তুলনাটোৰ দ্বাৰা৷ ইউনিক’ড, অসমীয়া লিপি আৰু অসমীয়া ভাষা সম্পৰ্কীয় বিতৰ্কবোৰ যিমানে দীঘলীয়া হৈ গৈ থাকিব সিমানে সমস্যা বঢ়ি যাব৷ এইবাৰ এনেকৈয়ে পাৰ হৈ গ’ল৷ দুই-তিনি বছৰৰ ভিতৰত সমস্যাটো সমাধান কৰিব লাগে৷

আন এটা বিষয় হ’ল – ইণ্টাৰনেটত বা ৱেবত অসমীয়া ভাষাত লিখা লেখাৰ সংখ্যা বহুত কম৷ (মন কৰিব, ইণ্টাৰনেট মানে ফে’চবুক নহয়৷) এই সম্পৰ্কে কেইবাজনো ব্যক্তিয়ে কেইবাবছৰৰ আগৰ পৰা কিছু সজাগতা অনাৰ কাম চলাইছে৷ ধাৰণা হয় যে এতিয়াও অনুষ্ঠান-প্ৰতিষ্ঠানবোৰে এইটোৰ গুৰুত্ব বুজা নাই৷ ইণ্টাৰনেটত কেনেধৰণৰ লেখাৰ অভাৱ হৈ আছে সেইটো বুজিলেই সমস্যাটো সমাধানৰ ইচ্ছা জাগ্ৰত হ’ব৷ তলত কেইটামান দিশ আৰু কামৰ সম্পৰ্কে কিছু কথা আগবঢ়ালোঁ:

১) ধৰক হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থকা ছাত্ৰ এজনে আনন্দৰাম বৰুৱাৰ বিষয়ে অধিক জানিব বিচাৰিছে৷ তাৰবাবে তেওঁ কিতাপ বিচৰাৰ সলনি চিধাই নামটো গুগলত চাৰ্চ কৰি চাব৷ কিতাপ তেওঁৰ ঘৰত নাথাকিবও পাৰে, লগৰ কাকো বিচৰাৰ ইচ্ছা নাথাকিব পাৰে, পুথিভঁৰাললৈ যাবলৈ এদিন ৰ’ব লাগিব, দোকানলৈ গৈ নাপাব৷ কিন্তু হাততে থকা মোবাইলটোৰে ইণ্টাৰনেটত সেইটো বিচৰাটো কেই ছেকেণ্ডমানৰ কাম৷ কিন্তু আনন্দৰাম বৰুৱাৰ বিষয়ে ইণ্টাৰনেটত এটাও প্ৰবন্ধ নাই৷ (ৱিকিপিডিয়া বাদ৷) লক্ষ্মীধৰ শৰ্মাৰ বিষয়ে নাই, ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে নাই৷ এনে কাৰো বিষয়েই নাই৷ আনকি শংকৰদেৱৰ বিষয়েও নাই৷ এনে অসমীয়াসকলৰ বিষয়ে অসমীয়া ভাষাত লিখা শ্ৰেষ্ঠ প্ৰবন্ধবোৰৰ অন্ততঃ দুটা বা এটাও ইণ্টাৰনেটত বিচাৰিলে পোৱা নাযায়৷ এই কামটো এজন-দুজন মানুহে কৰাটো সম্ভৱ নহয়৷ এইটো কৰিব লাগিব অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানে৷ তাৰোপৰি বিশ্বকোষৰ অসমৰ লগত জড়িত খণ্ডকেইটা ৱেবত প্ৰকাশ কৰিব লাগিব৷ অসমৰ ইতিহাস, ঐতিহ্যৰ সম্পৰ্কে নিজ অসমীয়া মানুহেই ন্যূনতম জানিবলৈ পোৱাৰ এইটোৱেই আজিৰ যুগৰ উপায়৷ সাহিত্য সভাৰ পত্ৰিকাৰ বাছকবনীয়া লেখাৰে একোটা সংকলন ইণ্টাৰনেটত প্ৰকাশ কৰিব লাগিব৷ আৰু কথাটো হ’ল, এইবোৰ পিডিএফ ক’পি এটা কৰি দি থ’লে নহ’ব, ইউনিক’ডত কৰিব লাগিব, অনলাইন আলোচনীৰ দৰে৷

২) কেৱল ৱেবছাইট সাজিলেই নহ’ব, তাৰ নতুন কাৰিকৰী দিশবোৰ আৰু অলংকৰণত ভালকৈ মন দিব লাগিব৷ গুগল আদিত চাৰ্চ কৰিলে ৱেবছাইটোত থকা বস্তু ওলাইছেনে নাই? ৱেবছাইটটোৰ ভিতৰতো কিবা শব্দ চাৰ্চ কৰিলে উপযুক্ত লেখাটো ওলাইছে নে নাই? এইবিলাক ঠিক কৰিব লাগিব৷ আৰু mobile-friendly হ’ব লাগিব৷ আমাৰ প্ৰায়ভাগ ৱেবছাইট mobile-friendly নহয়৷ যোৱা পাঁচ-ছবছৰৰ আগৰ কথা বেলেগ৷ এতিয়া সৰহভাগেই কম্পিউটাৰৰ সলনি মোবাইলতে সকলো পঢ়ে৷ বহুতে অনলাইন কিনা-বেচাও মোবাইলেৰেই কৰে৷ এতিয়া ইমান সলনি হৈছে যে, যোৱা প্ৰায় ছমাহ ধৰি ৱেবছাইটত লেখা আপলোডৰ কামো মই মোবাইলতে কৰিছোঁ৷ যেতিয়া ৱেবছাইট এটাৰ হোমপেজটো মানুহে মোবাইলত চাব, তেতিয়া কম্পিউটাৰত দেখাৰ দৰে ৫০টামান লেখা যদি মোবাইলতো ওলাই তেন্তে পাঠকজনৰ অশান্তি হয়৷ আকৌ লেখা এটা পঢ়িবলৈ যেতিয়া খুলি ল’ব, তেতিয়া লেখাটোৰ লগতে তাৰ চাৰিগুণমান দীঘল কিবাকিবি মোবাইলত লোড হৈ থাকিলেও অশান্তি পাব৷ আখৰৰ আকৃতি জোখৰ হ’ব লাগিব যাতে মোবাইলত জুপি জুপি চাব লগা নহয়৷ বা জুম নকৰাকৈ বহলটো একেটা স্ক্ৰীণতে মনিব পৰাকৈ আহিব লাগিব৷ এনেকুৱা কথাবোৰ মন কৰিব লাগিব৷

পঠনীয়:  যাদৱ পায়েং – অকলেই এখন অৰণ্য সৃষ্টি কৰা মানুহজন

৩) কেৱল সাহিত্য সভাই নহয়, অসম বিজ্ঞান সমিতিৰো এই ক্ষেত্ৰত কাম আছে৷ বিজ্ঞান জেউতিৰ পুৰণা লেখাবোৰ, যিবোৰৰ সদায় প্ৰাসংগিকতা আছে সেইবোৰ নিৰ্বাচন কৰি তেওঁলোকে এটা অনলাইন সংকলন উলিয়াব লাগে৷ এইটো কিতাপ প্ৰকাশতকৈয়ো এটা সহজ কাম; ইয়াত বিপণনৰ কষ্টও নাথাকে৷

৪) ইউনিক’ড সম্পৰ্কত অখিল গগৈয়েও সিদিনা সজোৰে মাত মাতিছে৷ অখিল গগৈয়ে সম্পাদনা কৰা এখন কিতাপ পঢ়িছিলোঁ৷ এখন অতি গুৰুত্বপূৰ্ণ কিতাপ৷ সম্ভৱতঃ বহু বছৰ আগতে তেওঁ নতুন পদাতিকৰ সম্পাদকো আছিল৷ আৰু ২০১০ চনত CNN-IBNএ দিয়া এটা বঁটাৰ কিছু ধন তেওঁ আলোচনীখনক দান দিছিল বুলি পঢ়া মনত পৰে৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয়, এতিয়া অনলাইন জগততো তেওঁ এনে কামত নেতৃত্ব দিব পাৰিব৷ ওপৰত অসম সাহিত্য সভাৰ ক্ষেত্ৰত কোৱাৰ দৰে তেওঁৰ নেতৃত্বত থকা সংগঠনকেইটাইয়ো এনে কিছু কাম কৰিব পাৰে৷ এটা সংগঠনৰ বাবে এনে কাম কৰাটো বেছি কঠিন নহয়, পৰ্যাপ্ত সময়৷ মাথোঁ তেওঁ সামান্য নেতৃত্ব দিলেই হৈ যায়৷ বিশেষকৈ নিজৰ অধীনৰ ছাত্ৰ সংগঠনক৷ এইটো কথা সকলো দলৰ সংগঠনৰ ক্ষেত্ৰতে খাটে৷

৫) অনলাইন আলোচনীৰ কৰ্মী আৰু লেখকসকলে এটা কথাত সচেতন হোৱা দৰকাৰ যাতে একেটা লেখা দুটা ছাইটত নিদিয়ে৷ কাৰিকৰী দিশতো এইটো অনিষ্টকাৰক৷ নতুন মানুহ, নতুন লেখা, নতুন বা পৃথক বিষয় বিচাৰি উলিয়াব লাগিব৷ কিছুসংখ্যকে জানে এইটো কথা, কিন্তু বহুতে নাজানে৷

৬) অনলাইন জগতখনৰ জৰিয়তে অসমৰ চিন্তাজগতত প্ৰভাৱশালী প্ৰবন্ধকাৰ বহুত আছে৷ কিন্তু গল্পকাৰ আৰু কবি এজনো নাই৷ নিৰ্বাচনৰ ক্ষেত্ৰতেই হওক, যিকোনো বিতৰ্কতেই হওক, বা জ্ঞানদায়ক কথাতেই হওক — কোনো কাকত-আলোচনীলৈ নপঠিওৱাকৈ কেৱল অনলাইন মাধ্যমতে লিখি বহুত সংখ্যক মানুহক প্ৰভাৱিত কৰিব পৰা প্ৰবন্ধ ওলাইয়েই থাকে৷ কাকত-আলোচনীলৈ পঠিওৱাটো বহুতৰ বাবে গৌণ কাম হৈ পৰে৷ “আমাৰ অসম”ৰ দৰে কাকতে আজিকালি বাৰে বাৰে ঘোষণা কৰি থাকে যে লেখাবোৰ কাকতত ওলোৱা আগতে অনলাইনত নিদিব৷ কিন্তু এনে এটাও গল্প নাই আৰু এটাও কবিতা নাই, যিটো নেকি কেৱল অনলাইন মাধ্যমত প্ৰকাশ হৈছে আৰু অসমৰ সাহিত্য জগতত সি গুৰুত্বপূৰ্ণ সৃষ্টি বুলি বিবেচিত হৈছে৷ ইয়াৰ বাবে আপুনি এতিয়াও গৰিয়সী-সাতসৰী-প্ৰকাশ-প্ৰান্তিকলৈ মুখ মেলি চাবই লাগিব৷ ইয়াৰ কাৰণ হ’ল, গল্প আৰু কবিতাৰ ক্ষেত্ৰত এখন অতি তীক্ষ্ণধী সম্পাদনা সমিতিৰে গঠিত এখনো অনলাইন আলোচনী নাই৷ অসমীয়া আনলাইন আলোচনীৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰিব পৰা অৱস্থা এতিয়াও হোৱা নাই; কৰিলেও তেনেই সামান্যহে উপাৰ্জন হ’ব৷ গতিকে এনে এখন আলোচনীৰ বাবে সম্পাদক হ’ব লাগিব স্বেচ্ছাসেৱী৷ কিন্তু কামখিনি তেওঁ বৃত্তিধাৰী সম্পাদক এজনৰ সমানেই কৰিব লাগিব৷ সেয়েহে ভাবোঁ, চাকৰি জীৱনৰ পৰা অৱসৰ প্ৰাপ্ত যিসকল স্বনামধন্য সাহিত্যিক আছে, তেওঁলোকৰ দুজনমানক লৈ এখন এনে অনলাইন আলোচনী প্ৰতিষ্ঠা কৰিব পাৰি৷ যেনে ফণীন্দ্ৰকুমাৰ দেৱ চৌধুৰীৰ দৰে সাহিত্যিকক লৈ৷ আৰু তেওঁৰ দৰে আনকেইজনমান লগত লৈ৷ এনে এখন আলোচনী য’ত গল্প আৰু কবিতা প্ৰকাশ হোৱাটো সন্মানীয় কথা হৈ পৰিব, কোনেও প্ৰান্তিক-সাতসৰীলৈ ৰৈ থাকিবই লাগিব বুলি কথা নাথাকে৷ “ৰামধেনু”ত প্ৰকাশিত সৌৰভ কুমাৰ চলিহাৰ গল্পই যেনেকৈ অসমৰ সাহিত্য জগতক প্ৰতিনিধিত্ব কৰিছিল, সাতসৰীত প্ৰকাশিত নতুন গল্পকাৰৰ গল্পই যেনেকৈ ভৱিষ্যতৰ গল্পকাৰসকলক চিনাকি কৰি দিছিল, তেনেকুৱা অনলাইন আলোচনী এখন হ’লে ইণ্টাৰনেট জগতখনৰ আন এটা অভাৱ দূৰ হ’ব৷

No Comments

Post A Comment