ৰয়েল ছচাইটিৰ বৰ্তমানৰ সভাপতিজন আৰু ভাৰতবৰ্ষ

বিশ্বৰ আটাইতকৈ সন্মানীয় বৈজ্ঞানিক অনুষ্ঠান/সংস্থাসমূহৰ ভিতৰত এটা হ’ল ৰয়েল ছচাইটি (Royal Society)৷ সোতৰ শতিকাৰ মাজভাগত প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটিয়েই বিশ্বৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা-পত্ৰিকা (journal) প্ৰকাশ কৰিছিল৷ (তাৰ দুমাহ পূৰ্বে ফ্ৰান্সৰ পৰা ফৰাচী ভাষাত বিশ্বৰ প্ৰথমখন গৱেষণা-পত্ৰিকা প্ৰকাশ পাইছিল৷) ৰয়েল ছচাইটি প্ৰতিষ্ঠা নোহোৱা হ’লে আৰু তেওঁলোকে গৱেষণা-পত্ৰিকাখন প্ৰকাশ নকৰা হ’লে বহুতো বৈজ্ঞানিক আৱিষ্কাৰ আৰু উদ্ভাৱনে স্বীকৃতি পোৱাত বহু পলম হৈ গ’লহেঁতেন৷ সেই যুগৰ অজ্ঞ সমাজৰ জ্ঞান-চকু জাপ খাই থাকিলহেঁতেন আৰু বহু যুগলৈ৷ ধৰ্মান্ধ মানুহে বহু পিছুৱাই ৰাখিলেহেঁতেন মানৱ সভ্যতা৷ আইজাক নিউটন, ব্ৰেঞ্জামিন ফ্ৰেংকলিন, চাৰ্লছ ডাৰউইন, মাইকেল ফেৰাডে, এই যুগৰ ষ্টিফেন হকিং আদি কিংবদন্তী সদৃশ বিজ্ঞানীৰ গৱেষণা-পত্ৰও এই গৱেষণা-পত্ৰিকাখনত প্ৰকাশ হৈছিল৷ এতিয়াও এই গৱেষণা-পত্ৰিকাখন প্ৰকাশ হৈ আছে৷

ৰয়েল ছচাইটিলৈ কমনৱেলথ দেশসমূহৰ পৰা কেইবাজনো সদস্য (Fellow of the Royal Society, FRS) আৰু বাকী দেশসমূহৰ পৰা কেইবাজনো বিদেশী-সদস্য (Foreign Member of the Royal Society, ForMemRS) প্ৰতি বছৰে নিৰ্বাচন কৰা হয়৷ ইয়াৰ এটাত নিৰ্বাচিত হোৱাটো বিশ্বৰ ভিতৰতে অতিশয় সন্মানীয় স্বীকৃতি৷ নানা পুৰস্কাৰ প্ৰদান, আলোচনা চক্ৰ আদি আয়োজনৰ দ্বাৰা সন্মিলিত বৈজ্ঞানিক চিন্তা-চৰ্চাৰ পৰিৱেশ গঢ়া, অসামান্য বৈজ্ঞানিক কাম-কাজত আৰ্থিক সহযোগিতা প্ৰদান কৰা আদিকে ধৰি বহুতো কাম-কাজ অনুষ্ঠানটিয়ে চলায়৷ প্ৰতিটো কাম-কাজৰ বাবে নিৰ্বাচিত সদস্যসকলক জ্ঞান আৰু প্ৰতিভাৰ ভিত্তিত নিৰ্বাচন কৰা হয় বাবে প্ৰতিষ্ঠা হোৱা দিন ধৰি আজি পৰ্যন্ত ৰয়েল ছচাইটি অতি সন্মানীয় অনুষ্ঠানত পৰিণত হৈ আহিছে (ৰয়েল ছচাইটিৰ দৰে অনুষ্ঠানৰ এই কাহিনীবোৰ পঢ়িলে আমাৰ অসম সাহিত্য সভাৰ শেহতীয়া বছৰবোৰৰ অৱস্থাটোও মনলৈ আহে)৷

ৰয়েল ছটাইটিৰ প্ৰথমজন ভাৰতীয় সদস্য অভিযন্তা আৰ্দচিৰ কুৰ্চেৎজি (Ardaseer Cursetjee); তেওঁ নিৰ্বাচিত হৈছিল ১৮৪১ চনত৷ আৰু দ্বিতীয়জন হ’ল গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন; তেওঁ নিৰ্বাচিত হৈছিল ১৯১৮ চনত৷ কেইবাখনো কিতাপ-আলোচনীত প্ৰথমজন ভাৰতীয় সদস্য ৰামানুজন বুলি দিয়া পাইছোঁ; সম্ভৱতঃ দুয়োজনক নিৰ্বাচন কৰা বছৰ দুটাৰ মাজত এটা দীঘলীয়া বিৰতি ৰৈ যোৱা বাবেই, সৰহভাগ মানুহেই বৈজ্ঞানিক স্বীকৃতিৰ আওভাও নোপোৱা আমাৰ দেশত প্ৰথমজনৰ প্ৰচাৰ কমি যোৱাত এই ভুল তথ্যটো প্ৰচলন হ’ল৷ ২০০০ চনলৈকে মুঠ ৩৯ জন ভাৰতীয় বিজ্ঞানী ৰয়েল ছচাইটিলৈ নিৰ্বাচিত হৈছে৷ যোৱা ১৮ বছৰত কিমানজন নিৰ্বাচিত হ’ল সঠিক তথ্যটো পোৱা নাই৷ আৰু সম্ভৱতঃ এই গোটেইসকলৰ মাজত এজনো অসমীয়া নাই৷

হাইস্কুল উত্তীৰ্ণ হৈ বিজ্ঞান শাখাত পঢ়িলে ৰসায়ন বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম কেইদিনমানতে চিনিবলৈ পোৱা এজন বিজ্ঞানী হ’ল ৰবাৰ্ট বয়ল৷ তেওঁক আধুনিক ৰসায়ন বিজ্ঞানৰ জনক বুলিও কোৱা হয়৷ ৰয়েল ছচাইটিৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম আছিল ৰবাৰ্ট বয়ল৷ তেওঁৰ হেনো প্ৰশাসনিক মেধা আছিল বিৰল৷ এনে এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ ব্যক্তি এজনে বিজ্ঞানী হিচাপে যুগজয়ী কাম কৰাৰ লগতে তেওঁৰ থাকিব লাগিব – গোটেই বিশ্বৰ বিজ্ঞানজগতখনৰ সম্পৰ্কে গভীৰ জ্ঞান, বিজ্ঞানীসকলৰ কামকাজ সম্পৰ্কে অধ্যয়নপুষ্ট ধাৰণা, জগতৰ ভৱিষ্যতৰ প্ৰতি তীক্ষ্ণ দৃষ্টি, বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞান-পণ্ডিতসকলৰ মাজত যোগসূত্ৰ স্থাপনৰ দক্ষতা, পৰিচালনা কৰিব পৰা মেধা ইত্যাদি৷ আৰু এই একেখিনি দক্ষতা থাকিব লাগিব সভাপতিজনৰো৷ এনে গুণবোৰৰ বাবেই ৰয়েল ছচাইটিৰ সভাপতিজনৰ গুৰুত্ব অপৰিসীম৷ ৰয়েল ছচাইটিৰ প্ৰথম সভাপতিজন আছিল এজন গণিতজ্ঞ; আৰু প্ৰশাসনিক মেধাৰ বাবেই তেওঁ ৰয়েল নেভি (Royal Navy)ৰ আয়ুক্তও হ’ব পাৰিছিল৷ স্বয়ং নিউটন একেৰাহে ২৪ বছৰ সভাপতি আছিল৷ পিছলৈ, এজন ব্যক্তিয়ে মুঠ ৫ বছৰহে সভাপতি আসনত থাকিব পাৰিব বুলি নিয়ম কৰা হ’ল৷ এতিয়ালৈকে মুঠ ৬২জন বিজ্ঞানী ৰয়েল ছচাইটিৰ সভাপতি অসনত বহিছে৷

ৰয়েল ছচাইটিৰ বৰ্তমানৰ সভাপতিজন হ’ল জীৱবিজ্ঞানী ভেংকটৰামন ৰামকৃষ্ণণ (Venkatraman Ramakrishnan)৷ ভেংকি ৰামকৃষ্ণণ নামেৰেও তেওঁক জনা যায়৷ ২০১৫ চনত তেওঁ সভাপতি ৰূপে নিৰ্বাচিত হয়৷ তেওঁ আছিল ভাৰতীয় ব্যক্তি৷ ইতিমধ্যে ২০০৯ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে৷ ২০১০ চনত ভাৰত চৰকাৰে তেওঁক আমাৰ দেশৰ দ্বিতীয় সৰ্বোচ্ছ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰিছে৷

ভেংকটৰামনৰ জন্ম হৈছিল ১৯৫২ চনত তামিলনাডুত৷ তেওঁৰ তিনি বছৰ বয়সত তেওঁলোকৰ ঘৰখন গুজৰাটলৈ যায়৷ মাক আছিল মনোবিজ্ঞানৰ ডক্টৰেট আৰু তেওঁ জীৱৰসায়নবিদ ৰূপে বিশ্বপ্ৰসিদ্ধি অৰ্জন কৰিছিল৷ দেউতাকো আছিল এগৰাকী জীৱৰসায়নবিদ৷ ভেংকটৰামনৰ ভনীয়েক অণুজীৱ-বিজ্ঞানী আৰু তেঁৱো ৰয়েল ছচাইটিৰ সদস্য ৰূপে নিৰ্বাচিত হৈছে৷

ভেংকটৰামনে প্ৰথমে পঢ়িছিল পদাৰ্থবিজ্ঞান৷ কৈশোৰ কালত তেওঁ ভাল পাইছিল গণিত৷ কোনো এখন আইআইটিতে তেওঁ ছীট পোৱা নাছিল আৰু দেশৰ এখন নামী চিকিৎসা মহাবিদ্যালয়তো তেওঁ ছীট পোৱা নাছিল৷ এখন ৰাজ্যিক চিকিৎসা মহাবিদ্যালয়ত ছীট পাইছিল যদিও সাধাৰণ-বিজ্ঞান পঢ়িবলৈ এটা বৃত্তি পোৱাত তেওঁ পদাৰ্থবিজ্ঞান লয়৷ গুজৰাটত পদাৰ্থবিজ্ঞানৰ স্নাতক ডিগ্ৰী লৈ ১৯ বছৰ বয়সত তেওঁ আমেৰিকালৈ যায়৷ তাতে তেওঁ পদাৰ্থবিজ্ঞানৰ ডক্টৰেট ডিগ্ৰী লয়৷ সেই সময়ত তেওঁ জীৱবিজ্ঞানৰ কিছু কাম কৰিবলগীয়া হৈছিল, কিন্তু পূৰ্বতে বিষয়টো অধ্যয়ন নকৰা বাবে অসুবিধা পাইছিল৷ ইফালে তেওঁ পদাৰ্থবিজ্ঞানৰ প্ৰতি বিৰক্তি অনুভৱ কৰিবলৈ ধৰিছিল৷ ফলত তেওঁ ফুৰাচকা, গান শিকা, সাহিত্য পঢ়া, সংগীতানুষ্ঠান চাবলৈ যোৱা আদিত ব্যস্ত হৈ পৰিল৷ পাছত তেওঁ ৰসিকতা কৰি কয় যে তেওঁৰ দৰে ছাত্ৰ তেওঁ পোৱাহ’লে বহিষ্কাৰেই কৰিলেহেঁতেন৷ সেইসময়তে তেওঁ বিশ্ববিখ্যাত বিজ্ঞান আলোচনী চায়েণ্টিফিক আমেৰিকান (Scientific American)ত জীৱবিজ্ঞান সম্পৰ্কীয় প্ৰবন্ধবোৰ পঢ়ি পঢ়ি জীৱবিজ্ঞানৰ প্ৰতি তীব্ৰভাৱে আকৰ্ষিত হৈছিল৷ সেয়েহে ডক্টৰেট ডিগ্ৰী লৈয়েই জীৱবিজ্ঞানৰ গৱেষণাৰ বাবে তেওঁ পুনৰ স্নাতক ডিগ্ৰী ল’বলৈ মন মেলিলে – জীৱবিজ্ঞান/চিকিৎসাবিজ্ঞান মূল বিষয় হিচাপে লৈ, যাতে তেওঁ বিষয়টোৰ জ্ঞান আহৰণ কৰিব পাৰে৷ পদাৰ্থ বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰীধাৰীজনে পুনৰ মেডিকেল-প্ৰৱেশ-পৰীক্ষা দিলে; এইবাৰ আমেৰিকাতে দিলে৷ কিন্তু আমেৰিকাৰ নাগৰিক বা স্থায়ী বাসিন্দা নোহোৱা বাবে তেওঁ ৯৯ পাৰ্চেনটাইল পোৱা সত্বেও ক’তো নামভৰ্তি কৰিব নোৱাৰিলে৷ ইতিমধ্যে ডক্টৰেট ডিগ্ৰী থকা বাবে জীৱবিজ্ঞানৰ স্নাতক শ্ৰেণী পঢ়িবলৈও কেইবাটাও প্ৰতিষ্ঠানে তেওঁক সুযোগ নিদিলে৷ বিচাৰি বিচাৰি শেষত তেওঁ এটা প্ৰতিষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পালে৷ আৰু জীৱবিজ্ঞান সম্পৰ্কীয় যিমান পাৰে সিমান বিভিন্ন ক্লাছত বহা আৰম্ভ কৰিলে৷ তাৰ দ্বিতীয় বছৰত তেওঁ বুজিলে যে ইতিমধ্যে তেওঁ প্ৰয়োজনীয় জ্ঞানখিনি অৰ্জন কৰিছে, সেয়েহে সেয়া তাতেই সমাপ্ত কৰি পোষ্ট-ডক্টৰেট আৰম্ভ কৰিলে৷ ভেংকটৰামনে কয় যে তেওঁ পঢ়া কোনোতো প্ৰতিষ্ঠানেই বিৰাট নামী প্ৰতিষ্ঠান নাছিল, তেওঁ নিজৰ প্ৰিয় বিষয়টোৰ কাম কৰিবলৈ পুনৰ উভটি তলৰ পৰা অধ্যয়ন কৰিবলগীয়া হৈছিল, পোষ্ট-ডক্টৰেট কৰাৰ পাছতো প্ৰায় ৫০টা প্ৰতিষ্ঠানত আবেদন কৰিও চাকৰি নাপাইছিল, তাৰপাছত মনপচন্দৰ স্থান এটা পোৱালৈ তেওঁৰ প্ৰায় ডেৰ বছৰ পাৰ হৈ গুচি গৈছিল৷ তাৰ পাছতহে তেওঁ এটা ভাল পদ লাভ কৰিলে আৰু তাৰেই পৰা আৰম্ভ কৰি প্ৰায় দুটা দশক গৱেষণাৰ পাছত আজিৰ আমাৰ পৰিচিত ভেংকটৰামনজন সৃষ্টি হ’ল৷ সেই সময়ৰ পৰাই বহু সন্মান লাভ কৰিবলৈ আৰম্ভ কৰাৰ লগতে ২০০৩ চনত তেওঁ ৰয়েল ছচাইটিৰ সদস্য ৰূপে নিৰ্বাচিত হ’ল৷ ইতিমধ্যে তেওঁ ক্ৰমে আমেৰিকা আৰু গ্ৰেট ব্ৰিটেনৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল৷

পঠনীয়:  উদ্ধৱ ভৰালী – নিজৰ উদ্ভাৱনেৰে আৰ্তজনক সহায় কৰিব বিচৰা এজন মানুহ

ভেংকটৰামনৰ এই কেৰিয়াৰটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ দিশ আছে৷ বহু ছাত্ৰ-ছাত্ৰীয়ে ডাঙৰ হৈ আৱিষ্কাৰ কৰা নিজৰ প্ৰিয় বিষয়টো তলৰ পৰা আৰম্ভ কৰিবলৈ লজ্জিত হয়৷ এই ক্ষেত্ৰত আমাৰ পৰিৱেশেও বাধা দিয়ে৷ নতুনকৈ পঢ়িব বিচাৰিলে বহুতো ডাঙৰেও ইতিকিং কৰে, আৰু পঢ়া আৰম্ভ কৰাৰ পাছত নতুন সৰু লগবোৰৰ বহুতেও সততে অসন্মান কৰে৷ সেইবোৰ উপেক্ষা কৰি লাগে; জ্ঞান-আকুলতাই সেইবোৰ উপেক্ষা কৰাত সহায় কৰে৷ আকৌ, আজিকালি বিষয়বোৰৰ পৰিসৰ বহুত বহল হৈ গৈছে৷ কিছুমান পৃথক পৃথক বিষয়ৰ অংশ পৰস্পৰ সংযোগ ঘটি নতুন বিষয় সৃষ্টি হৈছে৷ আনকি জীৱবিজ্ঞান আৰু গণিত দুটা সম্পূৰ্ণ পৃথক বিষয় যেন লাগিলেও উচ্চ পৰ্যায়ত বহুতক এই দুয়োটা বিষয়ৰে কিছুমান জ্ঞান দৰকাৰ হয়৷ তলৰ অৱস্থাত ছাত্ৰ-ছাত্ৰীয়ে পটকৈ বিষয়বোৰ উপেক্ষা নকৰিলে ওপৰত সেইবোৰেই বহুত সহায় কৰিবগৈ পাৰে৷

ভেংকটৰামনে আন দুজন বিজ্ঞানীৰ সৈতে নোবেল বঁটা পাইছিল ৰাইব’জ’ম (ribosome) নামৰ এবিধ বস্তুৰ গঠন আৰু কাৰ্যপদ্ধতি পুংখানুপুংখভাৱে নিৰ্ণয় কৰিবলৈ সক্ষম হোৱা বাবে৷ জীৱ-কোষত থকা এই বস্তুটি সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰেও দেখা নাযায়৷ তেন্তে এনে কামৰ সামাজিক অৱদান কি? আনৱিক জীৱবিজ্ঞানে আমাক কিনো সহায় কৰিব পাৰে? এনেধৰণৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ ব্যাখ্যা আগবঢ়াইছিল যে – হাজাৰ হাজাৰ বছৰ ধৰি মানুহ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আহিছিল৷ যক্ষ্মা ৰোগৰ প্ৰকৃত কাৰণ, যিটো বিজাণুৰ কাৰণে মানুহ যক্ষ্মা ৰোগত আক্ৰান্ত হয়, সেইটো আৱিষ্কাৰ কৰিবলৈ মানুহক কেইবা হাজাৰ বছৰ লাগিছিল৷ তাৰ বিপৰীতে, এইছআইভি(HIV)ৰ দ্বাৰা মানুহ আক্ৰান্ত হোৱাৰ প্ৰথম সম্ভেদ পোৱা গৈছিল যোৱা শতিকাৰ শেষৰপিনে, ১৯৮০ চনমানত৷ কিন্তু, তাৰ মাথোঁ এটা দশকৰ ভিতৰতে মানুহে বিজাণুটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল৷ আৰু কেৱল আৱিষ্কাৰ কৰাই নহয়, তাৰ জীৱন-পদ্ধতি আদি বহুখিনি কথাও তেতিয়াই নিৰ্ণয় কৰিব পাৰিছিল৷ তাৰ পাছৰ এটা দশকৰ ভিতৰতে বিজাণুটো প্ৰতিৰোধ কৰিব পৰা পদ্ধতি, চিকিৎসা আদি উদ্ভাৱন হৈছিল৷ সম্পূৰ্ণ চিকিৎসা-ব্যৱস্থা এতিয়াও ওলোৱা নাই, কিন্তু ইমান কম সময়ৰ ভিতৰতে তাক নিয়ন্ত্ৰণ কৰা উপায় মানুহে নিৰ্ণয় কৰিছিল৷ এনেকৈ বহুতো উদাহৰণ৷

এইখিনিতে ভাৰতবৰ্ষ সম্পৰ্কে দুটা প্ৰসংগ উত্থাপন হয়৷ সেই দুটা সততে উত্থাপন হৈ থাকে, আৰু ভেংকটৰামনেও সজোৰে উত্থাপন কৰিছে:- এইবোৰ ক্ষেত্ৰত ভাৰতৰ কৰণীয় কি হোৱা উচিত? আৰু এইধৰণৰ আৱিষ্কাৰ বা উদ্ভাৱনবোৰ সাৰ্বজনীন, এঠাইত এইবোৰ কাম সমাধা হোৱা মানেই গোটেই পৃথিৱীয়ে তাৰ ফল পোৱা, তেন্তে ইয়াত ভাৰতে পৃথককৈ কৰিবলগীয়া আছেনো কি? এইবোৰৰ সম্পৰ্কত বিভিন্ন সময়ত ভেংকটৰামনে কৰা প্ৰতিক্ৰিয়াবোৰৰ বাবে তেওঁ ভাৰতৰ কিছুমান মানুহৰ বিৰূপ মন্তব্যৰ মুখামুখি হৈ আহিছে৷ সেইবোৰ হ’ল ধৰ্মোন্মাদ, কুপৰম্পৰা আসক্ত, বিজ্ঞান সম্পৰ্কীয় পালমৰা কামেৰে বৈজ্ঞানিক পৰিৱেশ নষ্ট কৰা মানুহবোৰ৷ কেইবছৰমান আগতে ভেংকটৰামনে হোমিঅ’পেথিক জ্যোতিষৰ দৰে ভুৱা বিষয় বুলি অভিহিত কৰিছিল৷ তেতিয়াও তেওঁ তেনে মন্তব্যৰ মুখামুখি হৈছিল৷

কোনোবাই আনকি বিদ্ৰূপ কৰি এনেকৈয়ো কয় যে নোবেল বঁটা পোৱাৰ আগলৈকে এইজননো কোন বিজ্ঞানী কোনেও চিনিয়েই পোৱা নাছিল৷ কিন্তু তাতেই এটা হাস্যকৰ কথা সোমাই আছে৷ ভেংকটৰামন ভাৰতৰ কেইবাটাও প্ৰতিষ্ঠানৰ লগত জড়িত৷ বাংগালোৰত অৱস্থিত ‘ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান’ (IISc)ৰ তেওঁ অতিথি অধ্যাপকো (visiting professor) আছিল৷ আৰু বিভিন্ন অনুষ্ঠানত বক্তৃতা প্ৰদানৰ বাবে তেওঁ ভাৰতলৈ আহি থাকে৷ নোবেল বঁটা পোৱাৰ পাছত, ভেংকটৰামনে বক্তৃতা প্ৰদান কৰি থকা হলত মানুহ ভৰ্টি হৈ পৰাত বাহিৰত বহুতো মানুহে ভিৰ কৰি থাকিবলগা পৰিস্থিতিও হৈছে৷ নোবেল বঁটা পোৱাৰ ঠিক পাছতে তেওঁ ভাৰতত প্ৰথমটো বক্তৃতা দিওঁতে তিনি হাজাৰ ছীটৰ এটা হল ভৰ্তি হৈ পৰিছিল৷ কিন্তু তাৰ মাথোঁ আগৰ বছৰত সেই একেজন মানুহেই তিনিশ ছীটৰ এটা হলত যেতিয়া বক্তৃতা দিছিল, আধা ছীট খালি হৈ আছিল৷ তেওঁ মানুহ সেই একেজনেই, আৱিষ্কাৰ একেখিনিয়েই, তাৰ বৈজ্ঞানিক প্ৰভাৱ একেখিনিয়েই, অথচ নোবেল বঁটা পোৱাৰ লগে লগে সেই পাৰ্থক্য! এই পাৰ্থক্যই তেওঁক ক্ষন্তেক বিমূঢ় কৰি তুলিছিল৷ নোবেল বঁটাই নিঃসন্দেহে মানুহজনৰ গৰিমা বৃদ্ধি কৰে, তেওঁৰ কাহিনীয়ে অজস্ৰজনক অনুপ্ৰাণিত কৰে; কিন্তু ইমান ধৰণৰ পাৰ্থক্যই সৰহভাগ মানুহৰ বৈজ্ঞানিক জ্ঞানহীনতাৰ কথাকে প্ৰমাণ কৰে৷ তেওঁ সেয়েহে বুজাই কয়, বিজ্ঞান নোবেল বঁটা নিৰ্ভৰ নহয়৷ তেওঁ নোবেল বঁটা পোৱাৰ পাছত অভিনন্দন জনাই বা তেওঁৰ লগত মত বিনিময় কৰিবলৈ ভাৰতৰ পৰা ইমানেই ইমেইল গৈছিল যে তেওঁ দৰকাৰী ইমেইলবোৰ বিচাৰি পোৱাত অশান্তি হৈ হৈছিল৷ অদৰকাৰী ইমেইলবোৰ আঁতৰাওতেই ডেৰ-দুই ঘণ্টাকৈ সময় লাগিছিল৷ তেওঁ মুকলিকৈ বিৰক্তি প্ৰকাশ কৰিবলগা হৈছিল – কামৰ দ্বাৰা অনুপ্ৰাণিত হওক, সেয়া বেলেগ কথা; কিন্তু আনক অশান্তি দিছে কিয়! যদি তেওঁ নোবেল বঁটা পোৱাটোৱে মানুহক উৎসাহিত কৰিছে – তেওঁৰ কামবোৰৰ সম্পৰ্কে পঢ়িবলৈ, কিতাপ পঢ়িবলৈ, বিজ্ঞানৰ প্ৰতি ধাউটি আনিবলৈ – সেয়াহে দৰকাৰি কথা৷ বছৰ বছৰ ধৰি তেওঁৰ কামৰ সম্ভেদ নোপোৱা মানুহখিনিয়ে এইটো পৰ্যায়ত আগ্ৰহী হৈ উঠাটো আশ্বৰ্যজনক কথা বুলি তেওঁ অভিহিত কৰে৷

পঠনীয়:  ভৱিষ্যতৰ মানুহৰ বিবৰ্তন কেৱল জৈৱিক নহ'বও পাৰে

২০১৫ চনৰ ভাৰতীয় বিজ্ঞান কংগ্ৰেছ (Indian Science Congress Association)ৰ অধিৱেশনত নিমন্ত্ৰিত অতিথি তথা বক্তা ৰূপে তেওঁ এদিন উপস্থিত আছিল৷ তাত এজন অংশগ্ৰহণকাৰীয়ে ঘোষণা কৰিছিল যে ভাৰতত বৈদিক যুগতে এজন ঋষিয়ে বিমান উদ্ভাৱন কৰিছিল৷ ২০১৬ৰ অধিৱেশনত তেওঁ অংশ লোৱা নাছিল৷ এই সম্পৰ্কে তেওঁ কৈছিল যে সেইখন এখন চাৰ্কাছ, তাত বিজ্ঞান সম্পৰ্কীয় আলোচনা হয় তেনেই সামান্য, জীৱনত কেতিয়াও আৰু তাত ভাগ নলওঁ৷ ২০১৬ৰ অধিৱেশনতো তেনে কাণ্ড ঘটিছিল৷ উদ্ভিদবিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী এজন অসামৰিক বিষয়াই, দৈনিক শংখ বজালে তেজত সৃষ্টি হোৱা ঢৌৱে বগা চুলি ক’লা কৰে আদি ধৰণৰ নানা ব্যাখ্যা আগবঢ়াইছিল৷ আন এজনে ব্যাখ্যা আগবঢ়াবলৈ লৈছিল যে সদাশিৱ হৈছে বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ পৰিৱেশবিদজন৷ পূৰ্বৰ অধিৱেশনতো তেনে কাণ্ড ঘটি গৈছিল৷

ভাৰতে মাংগলযান উৎক্ষেপনৰ বাবে শুভদিন বুলি মংগলবাৰটো বাছি লোৱা; ইচৰো(ISRO)ৰ সঞ্চালকে তাৰবাবে চৰকাৰি খৰচত মন্দিৰ ভ্ৰমণ কৰা আদি কথা শুনি ভেকটৰামনে আশ্বৰ্য প্ৰকাশ কৰে৷ ভাৰতত বিজ্ঞানক প্ৰায়ে ৰাজনীতি আৰু ধৰ্মীয় মতাদৰ্শৰ দ্বাৰা চালিত কৰিবলৈ চেষ্টা কৰা হয়; অন্ধবিশ্বাসে ভাৰতৰ সমাজক গ্ৰাস কৰি আছে; আৰু ফলত সমাজৰ বিভিন্ন স্তৰত সিদ্ধান্ত নিৰ্ণয়ো ত্ৰুতিপূৰ্ণ হৈ থাকে৷ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীয়ে বৈজ্ঞানিক মনোবৃত্তি সমাজত ৰোপণ কৰাৰ বাবে তেওঁ আহ্বান জনায়৷ সময়ে সময়ে তেওঁ এইবোৰ কথা সকীয়াই আহিছে:-

* কোনে কি মঙহ খাব লাগে বা নালাগে সেই লৈ সাম্প্ৰদায়িক কন্দলবোৰ আৰু বিভিন্ন গোটৰ মাজত ধৰ্মীয় বিভেদবোৰ দেশখনৰ বাবে অতি ক্ষতিকৰ৷ যিসকলে এইবোৰ কৰি থাকে তেওঁলোকে ভাবিব পাৰে যে তেওঁলোক খুৱ দেশপ্ৰেমীক, কিন্তু তেওঁলোকে প্ৰকৃততে দেশখনক আঘাতহে কৰি আছে৷ …. ভাৰতে উদ্ভাৱনী নৱচিন্তা, বিজ্ঞান আৰু প্ৰযুক্তিত মনোনিবেশ নকৰিলে বিশ্বমানদণ্ডৰে টিকি থকাত ব্যৰ্থ হ’ব৷

* এশ কোটি জনসংখ্যাৰ এখন দেশত বহুত অধিক সংখ্যক উচ্চ পৰ্যায়ৰ শিক্ষা-প্ৰতিষ্ঠান প্ৰয়োজন৷ ৰাজ্যিক বিশ্ববিদ্যালয়বোৰত শ্ৰেষ্ঠ অধ্যাপক প্ৰয়োজন, যিসকলে নেকি ভাল গৱেষণা কি বস্তু জানে৷ নহ’লে প্ৰাক-স্নাতকসকলে উচ্চ মানদণ্ডৰ বিজ্ঞান উদ্ভাসিত কৰিবলৈ অগ্ৰসৰ নহয়৷

* মই ভাবো, প্ৰতিখন দেশৰ নিজস্ব বিজ্ঞান পৰিকাঠামো থকাটো অতি দৰকাৰ৷ আৰু মই ভাবো ভাৰতীয় বিজ্ঞানে নিজস্ব যথোপযুক্ত ধাৰা সূচনা কৰিবলৈ সক্ষম হোৱা উচিত, যাৰ দ্বাৰা বিশেষকৈ ভাৰতৰ লগত জড়িত সমস্যাবোৰ সমাধানৰ বাবে কাম কৰিব পাৰে৷ এইদৰে বহু কৌতুহলোদ্দীপক কাম কৰি পাৰি৷ এইটো নহয় যে ই দ্বিতীয় শ্ৰেণীৰ বিজ্ঞান; কেৱল ভাৰতৰ লগত জড়িত সমস্যাত দৃষ্টি নিক্ষেপ কৰিও উচ্চমানৰ বিজ্ঞান কাৰ্য কৰিব পাৰি৷ আৰু তেতিয়া ভাৰতীয়সকলে তাৰ বাবে বৌদ্ধিক চৰ্ত আহৰণ কৰিব পাৰিব৷

* মই নাভাবো যে বিজ্ঞান আৰু প্ৰযুক্তি অবিহনে উন্নতি সম্ভৱ হ’ব; কিন্তু মই নাভাবো যে কেৱল বিজ্ঞান আৰু প্ৰযুক্তিয়ে নিজেই উন্নতি সূচনা কৰিব পাৰে৷ কাৰণ, বিজ্ঞান আৰু প্ৰযুক্তি মহাশূন্যত বৰ্তি নাথাকে; ইহঁত এক বিশাল সামাজিক-সংস্কৃতিত বিদ্যমান হৈ থাকে৷ মই ক’ব লাগিব যে কেইবছৰমান আগতে মই যুক্তিসংগত চিন্তাধাৰা আৰু প্ৰমাণ আধাৰিত জ্ঞান কি সেই সম্পৰ্কে এটা বক্তৃতা দিছিলোঁ; যিটোৱেই নেকি হৈছে বিজ্ঞান৷ আৰু মই জ্যোতিষ আৰু হোমিঅ’পেথি আদিৰ দৰে বস্তুবোৰৰ বিৰোদ্ধে যুক্তি দিছিলোঁ আৰু তাৰবাবে মই বহু নিন্দাৰ মুখামুখি হৈছিলোঁ৷ আৰু আমি মনত ৰাখিব লাগিব যে এইখন এনে এখন দেশ য’ত ৰাজনৈতিক নেতাবোৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল’বলৈ জ্যোতিষীৰ পৰামৰ্শ লয়, ধৰ্মানুষ্ঠানলৈ যায়৷ সমস্যাবোৰৰ সম্পৰ্কে চিন্তাচৰ্চা কৰাৰ পৰিৱৰ্তে তেওঁলোকে সেইবোৰহে কৰে৷ আন এটা কথা হ’ল, জাপান আৰু আমেৰিকাৰৰ দৰে দেশবোৰ বিজ্ঞানত আগশাৰীৰ দেশত পৰিণত হোৱাৰ পূৰ্বে তেওঁলোক অৰ্থনৈতিকভাৱে উন্নত হৈছিল৷ দুয়োটা ক্ষেত্ৰত সমানে যাব লাগিব৷ এইটো নহয় যে বিজ্ঞানে অপৰিহায্যভাৱে নেতৃত্ব ল’ব পাৰে৷

‘ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান’ (IISc), টিআইএফআৰ (TIFR) আদিৰ দৰে প্ৰতিষ্ঠানত বিশ্বমানদণ্ডৰ কাম হৈ আছে৷ কিন্তু ইমান বৃহৎ এখন দেশৰ বাবে এয়াই যথেষ্ট নহয়৷ তথাপি তেওঁ আশা কৰে, বৈজ্ঞানিক কামৰ বাবে ভাৰতলৈ আহিবলৈ ভিজা বিচাৰি মানুহে দীঘলীয়া শাৰী পতা দেখিবলৈ পোৱাটো তেওঁৰ জীৱনকালতে সম্ভৱ হ’ব৷

No Comments

Post A Comment