উদ্ধৱ ভৰালী – নিজৰ উদ্ভাৱনেৰে আৰ্তজনক সহায় কৰিব বিচৰা এজন মানুহ

প্ৰায় ৫০-৭০ বছৰৰ পূৰ্বৰ পুৰণা-আৰ্হিৰ এটা অতি সাধাৰণ ধৰণৰ ইঞ্জিনৰ উৎকৰ্ষ সাধন কৰিবলৈ চেষ্টা কৰি জেমছ ৱাট নামৰ অভিযন্তাজনে এটা সম্পূৰ্ণ নতুন ভাপ-ইঞ্জিন গঢ়ি তুলিছিল। সেইদিনা তেওঁ নিজেও অনুমান কৰিব পৰা নাছিল যে এই এটা ইঞ্জিনে গোটেই ইংলেণ্ডতে প্ৰায় শতিকাজোৰা “শিল্প বিপ্লৱ”ৰ সূচনা কৰিব আৰু ইয়াৰ প্ৰেৰণা পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সেই সময়তে বিয়পি পৰিব। তেতিয়া ৱাটৰ বয়স হৈছিল প্ৰায় ৪০ বছৰ। যন্ত্ৰটো নিৰ্মাণ কৰিবলৈ তেওঁ অৰ্থৰ নাটনি হৈছিল। সেই যন্ত্ৰটো সৃষ্টি হ’লে মানুহৰ জীৱনধাৰালৈ এটা যে সাংঘাটিক পৰিৱৰ্তন আহিব সেইকথা কেইজনমান মানুহে ধুনীয়াকৈ উপলব্ধি কৰিছিল। তেওঁলোকে ৱাটক মেথ্যু বুলটন নামৰ এজন বিশেষ উদ্যোগীৰ লগ হোৱাত সহায় কৰি দিছিল; কাৰণ, বুলটনৰ লক্ষ্য কেৱল ব্যক্তিগত উপাৰ্জনেই নাছিল। বুলটনে বিচাৰি আছিল দুখীয়া আৰু সাধাৰণ মানুহক উপকাৰ কৰাৰ তথা জগতখনলৈ কিবা অৱদান দি যোৱাৰ উপায়।

সেই বিপ্লৱৰ সময় আছিল ১৮ শতিকাৰ শেষৰ ভাগৰ পৰা ১৯ শতিকাৰ আগভাগ। জেমছ ৱাটৰ জন্ম হৈছিল ১৭৩৬ চনত, মৃত্যু হৈছিল ১৮১৯ চনত। আৰু এতিয়া হ’ল একবিংশ শতিকা। আজি মানুহৰ প্ৰয়োজনীয় বস্তু ব্যাপক হাৰত বৃদ্ধি পোৱা দিনত, কেৱল এটা ইঞ্জিনে এখন দেশত বা এখন ৰাজ্যতো অকলেই বিপ্লৱ অনাতো সম্ভৱ নহয়। কিন্তু নতুন ইঞ্জিনক বা নতুন সঁজুলিক আমি কেনেদৰে গ্ৰহণ কৰিছোঁ, কেনেদৰে ব্যৱহাৰ কৰিছোঁ, কাৰ হাতত তুলি দিবলৈ চেষ্টা কৰিছোঁ…. এইসমূহ কথাৰ ভিত্তিত একোটা জাগৰণ সদায় সম্ভৱ। তেনে এটা জাগৰণ অসমৰ উদ্ধৱ ভৰালীৰ মাজেৰেও দেখা গৈছে।
আমাৰ সমাজ-চিন্তকসকলে দেশখনত এটা বৌদ্ধিক বিপ্লৱ, এটা বৌদ্ধিক আন্দোলনৰ প্ৰয়োজনীয়তাৰ কথা সততে প্ৰকাশ কৰে। যি বিপ্লৱে মানুহবোৰক নিজৰ কৰ্তব্যৰ প্ৰতি সচেতন কৰি তুলিব, ৰাজনৈতিক বাতাৱৰণ সুস্থ কৰি তুলিব, অন্বেষণৰ স্পৃহা প্ৰৱল কৰি তুলিব, জ্ঞান চৰ্চাৰ ন ন দুৱাৰ মুকলি কৰিব, আৰু সমানে সমানে মানুহৰ জীৱনধাৰাও সলনি হৈ পৰিব….। এনে বিপ্লৱৰ বুনিয়াদ গঢ় লওঁতে বহু দশক লাগি যায়। আৰু সেই বুনিয়াদ গঢ়ি উঠে কিছুমান মানুহে নিজ কৰ্মেৰে তেনে এক আদৰ্শৰ দেখুৱাবলৈ লোৱাৰ মাজেৰে। তেনে আদৰ্শ দেখুওৱা উপাদানবোৰৰ মাজৰ এটা অতি উজ্জ্বল উপাদান হ’ল উদ্ধৱ ভৰালী।
উদ্ধৱ ভৰালীৰ জন্ম ১৯৬২ চনৰ ৭ এপ্ৰিলত, উত্তৰ লখিমপুৰ চহৰত। সৰুৰে পৰা তেওঁৰ মনত যন্ত্ৰ-পাতিৰ প্ৰতি এক আকৰ্ষণ গঢ়ি উঠিছিল। আৰু পিছত তেওঁ, অভিযান্ত্ৰিক ডিগ্ৰী লোৱাৰ উদ্দেশ্যে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ভৰ্তি হৈছিল। কিন্তু সেই সময়ত “অসম আন্দোলন” চলি থকা বাবে তেওঁ শিক্ষা বাদ দিব লগা হ’ল। সেয়েহে, অভিযন্তা হোৱাৰ আশা লৈ তেওঁ এইবাৰ অসম এৰি চেন্নাইলৈ (তেতিয়াৰ মাদ্ৰাজলৈ) ঢাপলি মেলে। কিন্তু তেনেতে দেউতাক ঢুকুওৱা বাবে চেন্নাইতো পঢ়া আধৰুৱা কৰি তেওঁ পুনৰ ঘৰলৈ উভটিব লগা হয়। দেউতাক আছিল এজন সাধাৰণ ব্যৱসায়ী। সেই সময়ত তেওঁলোকৰ ঘৰখন ধাৰত পোত গৈছিল। তেওঁৰ ডিগ্ৰী লোৱাও নহ’ল, আৰু ধাৰৰ বোজাইয়ো হেঁচা মাৰি ধৰিলে। আৰ্থিক দুৰৱস্থাৰ পৰা মুক্ত হোৱাৰ চিন্তাই ভৰালীক পৰিণত কৰিলে এজন উদ্ভাৱনকাৰীলৈ। তেওঁ দেখিছিল যে চাহ-বাগানবোৰত পলিথিন খুৱ দৰকাৰ হয়, আৰু সেই পলিথিন নিৰ্মাণ কৰা যন্ত্ৰটোৰ খৰচ প্ৰায় ৪ লাখ টকা। তেওঁ এটা কম দামৰ যন্ত্ৰ নিৰ্মাণ কৰাৰ মন মলিলে। সেই সময়ত বহুতে তেওঁক “পাগল” বুলি কৈছিল। কিন্তু, ১৯৮৮ চনত, মাথোঁ ৬৭ হাজাৰ টকা দামৰ যন্ত্ৰটো তেওঁ নিৰ্মাণ কৰিলে। আৰু আশা কৰা মতেই ই তেওঁক অলপ সকাহ দিলে। তাৰ দুবছৰৰ পিছত পলিথিনৰ বজাৰ সলনি হোৱাত সেই যন্ত্ৰটো ভাঙি প্লাষ্টিকৰ আইডেনটিটি কাৰ্ড নিৰ্মাণ কৰা যন্ত্ৰ এটা তেওঁ গঢ়ি তুলিলে। ইয়াৰ পিছতো তেওঁ কেইবাটাও সঁজুলি নিৰ্মাণ কৰে যদিও সেইবোৰৰ গ্ৰহণযোগ্যতা বা প্ৰয়োজনীয়তা সম্পৰ্কে অজ্ঞ মানুহৰ পৰা বিশেষ আদৰ নাপাইছিল। চিনাকি মানুহে তেওঁক বিদ্ৰুপো কৰিছিল, নিৰ্দয়ভাৱে উপেক্ষাও কৰিছিল। অভাৱৰ সেই দিনবোৰত এবাৰ তেওঁ আইআইটি গুৱাহাটীলৈ এটা সঁজুলি বিক্ৰী কৰিবলৈ গৈ নিশা ৰেলৱে-প্লেটফৰ্মত পাৰ কৰিব লগা হৈছিল।

পঠনীয়:  হিউ হাৰ্ৰে নিজেই সাজি লোৱা নিজৰ ভৰি দুখন

২০০৫ চনত, ভৰালীৰ উদ্ভাৱনসমূহৰ সম্ভেদ পাই, আহমেদাবাদস্থিত ৰাষ্ট্ৰীয় উদ্ভাৱন সংস্থাই (National Innovation Foundation) তেওঁক মতাই নিয়ে। ইয়াৰ পিছতে, তেওঁ নিৰ্মাণ কৰা ডালিমৰ গুটি গুচোৱা এটা যন্ত্ৰই তেওঁলৈ আনিলে প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০০৭ চনত তেওঁৰ কাষ চাপিল ডিস্ক’ভাৰী চেনেল। ২০০৯ চনত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা “ৰাষ্ট্ৰীয় তৃণমূল উদ্ভাৱন বঁটা” (National Grassroots Innovation Award), ২০১০ চনত অসম সাহিত্য সভাই প্ৰদান কৰা “প্ৰযুক্তি-ৰত্ন” উপাধিকে ধৰি বহু বঁটা আৰু সন্মান তেওঁ লাভ কৰিছে। শেহতীয়াভাৱে, আন এটা আন্তঃৰাষ্ট্ৰীয় চেনেল “হিষ্ট্ৰী”য়েও তেওঁৰ কৰ্মৰ সম্পৰ্কে প্ৰচাৰ কৰিছে; আৰু বিবিচি ৱৰ্ল্ডে তেওঁ কৰ্ম, জীৱন আৰু কৰ্মস্থলী আধাৰত এখনি তথ্যচিত্ৰ নিৰ্মাণৰ কাম হাতত লৈছে।
বৰ্তমানলৈকে ভৰালীয়ে উদ্ভাৱন কৰিছে প্ৰায় ১৫০টা সঁজুলি, আৰু তেওঁৰ নামত আছে প্ৰায় ৪০টা পেটেণ্ট। এই সঁজুলিসমূহৰ বিশেষত্ব কি? ইয়াৰ কোনোটো সঁজুলি নিৰ্মাণৰ স্বত্ব কোনো বৃহৎ বাণিজ্য প্ৰতিষ্ঠানে বহু লক্ষ টকাৰ বিনিময়ত কিনাৰ প্ৰস্তাৱ দিয়াৰ পিছতো ভৰালীয়ে সেয়া কিয় প্ৰত্যাখ্যান কৰিছে? তেওঁলৈ আগবঢ়োৱা লোভনীয় চাকৰিৰ প্ৰস্তাৱো কিয় তেওঁ গ্ৰহণ নকৰিলে? নিজৰ জন্মভূমি উত্তৰ লখিমপুৰৰ দৰে সৰু চহৰখনকে তেওঁ কিয় এতিয়াও নিজৰ কৰ্মস্থলীৰূপে বাচি লৈছে? আৰু সদায় ইয়াৰ পৰাই কাম কৰি যোৱাৰ সিদ্ধান্ত তেওঁ কিয় ল’লে?

ডালিমৰ গুটি গুচোৱা যন্ত্ৰটো তেওঁ নিৰ্মাণ কৰাৰ আঁৰত কিছু কাহিনী আছে। মানুহৰ মুখত তেওঁ শুনিছিল যে— চিকিৎসকে তেওঁলোকক ডালিমৰ ৰস খাবলৈ উপদেশ দিছে। কিন্তু ডালিমৰ গুটি হাতেৰে গুচাই ৰস উলিয়াই খোৱা প্ৰক্ৰিয়াটো অসুবিধাজনক বাবে মানুহবোৰে চিকিৎসকৰ পৰামৰ্শ আওকান কৰি ডালিমৰ ৰস নোখোৱাকৈ থাকে। সেয়েহে, তেওঁ চিন্তা কৰিলে যে যদি এনেকুৱা এটা যন্ত্ৰ নিৰ্মাণ কৰিব পৰা যায় যিটোৰে কামটো অনায়াসে কৰাৰ লগতে সাধাৰণ মানুহবোৰে সেইটো কম দামতে ক্ৰয় কৰিব পাৰে। আৰু সেই ভবামতেই তেওঁ এদিন যন্ত্ৰটো নিৰ্মাণ কৰিবলৈ সক্ষম হ’ল। এনেদৰেই তেওঁৰ গোটেই উদ্ভাৱনবোৰেই খাটিখোৱা মানুহ, দৰিদ্ৰ গ্ৰাম্য লোক, শাৰীৰিক-মানসিক অক্ষমতা থকা লোক আদিৰ জীৱনধাৰা সুচল কৰা আৰু তেওঁলোকৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা। পদপথত টেকেলি-পিঠা বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা মহিলাৰ বাবে পিঠা সজা কামটো সহজ হ’বলৈ তেওঁ এটা সঁজুলি নিৰ্মাণ কৰিছিল। সেইটো সঁজুলি এনে বৃত্তিৰ মহিলাৰ উপৰি আন বহু গৃহিনীৰো কামত আহিছে। দুখীয়া কৃষক তথা সাধাৰণ ব্যৱসায়ীৰ বাবে কঠীয়া ৰোৱা যন্ত্ৰ, মৰণা মৰা যন্ত্ৰ, “গ্ৰীণ টী” তৈয়াৰী যন্ত্ৰ, ভীমকলৰ গুটি গুচোৱা যন্ত্ৰ, খৰি লুৰি খোৱা মানুহৰ বাবে কম ইন্ধন খৰচী চৌকা, মাছৰ বাকলি গুচোৱা যন্ত্ৰ আদি তেওঁ গঢ়ি তুলিছে। দুখীয়া মহিলাৰ বাবে নিৰ্মাণ কৰিছে পুনৰ ব্যৱহাৰযোগ্য নেপকিন।

পৰিশ্ৰম অনুসৰি অধিক কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হ’বৰ বাবে প্ৰয়োজনীয় সঁজুলি নিৰ্মাণ কৰি দিবলৈ ভৰালীক বহুতো মানুহে খাটনি ধৰেহি। এনেদৰেই কৰ্ণাটকৰ কেইবাটাও কাজু উদ্যোগৰ শ্ৰমিকে ভৰালীৰ সঁজুলি ব্যৱহাৰ কৰি আছে।
এইবোৰৰ উপৰি তেওঁ নিৰ্মাণ কৰিছে— শাৰীৰিক বাধাপ্ৰাপ্ত মানুহৰ বাবে প্ৰয়োজনীয় কেইবাটাও সঁজুলি। শাৰীৰিক বাধাপ্ৰাপ্ত মানুহৰ প্ৰত্যেকৰে প্ৰয়োজনীয়তা ভিন ভিন হয়। সেয়েহে সঁজুলি একোটা প্ৰত্যেককে পৃথককৈ পুনৰ্নিৰ্মাণ কৰি দিব লগা হয়। হস্তহীন মানুহে নিজে আহাৰ গ্ৰহণ কৰা, বাধাপ্ৰাপ্ত মানুহে আনৰ সহায় নোলোৱাকৈ শৌচাগাৰৰ কৰ্মসমূহ সম্পাদন কৰিব পৰা হোৱা…. ইত্যাদি ক্ষেত্ৰত তেওঁ বহু লোকক সহায় আগবঢ়াইছে।

পঠনীয়:  ভুল সপোনৰ গ্ৰাসত আমাৰ সমাজ

আমাৰ কৃষি-পদ্ধতি অতি পুৰণি। ধান খেতি কৰাৰ অতি কষ্টকৰ পুৰণি পদ্ধতি সলাই কম কষ্টত অধিক উৎপাদনক্ষম পদ্ধতি উলিওৱা সম্পৰ্কীয় বহু সপোন আছে তেওঁৰ। সাধাৰণজনৰ অভাৱ আৰু সমস্যা দূৰ কৰাটোৱেই তেওঁৰ নিৰ্মিত সঁজুলিসমূহৰ বিশেষত্ব। সমস্যাজৰ্জৰ আমাৰ ৰাজ্যখনৰ সাধাৰণ মানুহখিনিৰ জীৱনধাৰা নিজৰ উদ্ভাৱনেৰে উন্নত কৰাৰ সপোনেই তেওঁক ধৰি ৰাখিছে উত্তৰ লখিমপুৰ চহৰত নিজে গঢ়ি তোলা উদ্ভাৱন প্ৰতিষ্ঠানটোত (U K B Agrotech Research Center)। যদি তেওঁ উদ্ভাৱন কৰা আৰ্হিৰে সঁজুলি একোটা নিৰ্মাণ কৰাৰ স্বৰ্ত তেওঁ বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠান একোটাক গটাই দিয়ে, তেন্তে সেইটো আজিৰ দৰে কম মূল্যত সাধাৰণ মানুহৰ হাতত পৰাটো সম্ভৱ নহ’বও পাৰে। আৰু যদি তেওঁ তেনে প্ৰতিষ্ঠানতে নিজক আবদ্ধ কৰি পেলায়, তেন্তে ৰাজ্যৰ সাধাৰণ মানুহিখিনক তেওঁ আজিৰ দৰে সহায় কৰিব নোৱাৰিব। তাৰবাবেই তেওঁ প্ৰত্যাখ্যান কৰিছে সেই লোভনীয় প্ৰস্তাৱ। ইয়াতেই তেওঁ পায় সৃষ্টিশীল পৰিৱেশ। নতুন সৃষ্টিৰ বাবে তেওঁ নিজৰ চহৰখন এৰি যোৱাৰ কোনো প্ৰয়োজন নহয়। ইয়াৰ পৰাই নিজৰ উদ্ভাৱনেৰে তেওঁ বিশ্বত নাম ৰাখিবলৈয়ো সক্ষম হৈছে। তেওঁ কয় যে— “গ্লেমাৰ হৈ গাড়ীত উঠি ঘূৰি ফুৰিলে পথৰ কাষত টেকেলি-পিঠা বিক্ৰী কৰা তিৰোতাজনীৰ কষ্টখিনি নিশ্চয় অনুধাৱন কৰিব নোৱাৰিলোহেঁতেন, আৰু তেতিয়া মোৰ ১ টা সৃষ্টি কমি গ’লহেঁতেন।”
ভৰালীয়ে নিজা উপাৰ্জনৰ এটা অংশ বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমত খৰচ কৰে। তাৰোপৰি, বহু দুখীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ খৰচ দিয়া, কেইবাটাও দুখীয়া পৰিয়াল পোহপাল দিয়া, শাৰীৰিক অক্ষম লোকৰ স্বনিৰ্ভৰশীলতাৰ বাবে সঁজুলি নিৰ্মাণ কৰি দিয়া লগতে তেওঁলোকক প্ৰয়োজন মতে আৰ্থিকভাৱে সহায় কৰা আদি কামো তেওঁ কৰি আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি উদ্ভাৱন প্ৰশিক্ষণ কেন্দ্ৰত অতিথি পৰিচালক ৰূপে কাৰ্যনিবাহ কৰা উপৰি কেইবাখনো ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই.আই.টি.), আই.আই.ই. গুৱাহাটী আদি আন বহু প্ৰতিষ্ঠানতো তেওঁ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিছে। অসম কৃষি বিশ্ববিদ্যালয়ে ২০১৪ চনত তেওঁক সন্মানীয় ডক্টৰ অৱ চায়েঞ্চ (DSc) ডিগ্ৰী প্ৰদান কৰিছে।

দুৰ্নীতি, মূল্যবোধৰ শিক্ষাহীনতা, মাহ মাহ জোৰা উৎসৱমুখৰ পৰিৱেশ, আন্দোলনমুখী অকৰ্মণ্য মানুহৰ আধিক্য আদিয়ে ভৰালীক উদ্বিগ্ন কৰে। যিবোৰে নেকি প্ৰগতিত বাধা দি আহিছে। তেওঁ কয়— “ৰাস্তাত বহি ঘণ্টাৰ পিছত ঘণ্টা, দিনৰ পিছত দিন সময় পাৰ কৰিবলৈ মানুহবোৰে সময়বোৰ পায় ক’ত! আচলতে ক’বলৈ গ’লে এই আন্দোলন-অনশনবোৰৰ বাবে চৰকাৰেই জগৰীয়া। আজিকালি আন্দোলন-অনশন নকৰিলে কোনো ইচ্ছ্যুৱেই পাত্তা নাপায়। চৰকাৰে জনসাধাৰণৰ মাজত এনেকুৱা এটি ভাৱৰ সঞ্চাৰ কৰা বাবেহে দিনক দিনে আন্দোলন-অনশন ইত্যাদি বাঢ়ি গৈ আছে, আৰু যাৰ বাবে অসমৰ উন্নয়নৰ গতি দিনক-দিনে যথেষ্ট মন্থৰ হৈ গৈ আছে।”

এইজন কৰ্মনিষ্ঠ মানুহৰ প্ৰতি, তেওঁৰ জীৱন, কৰ্ম আৰু লক্ষ্যসমূহৰ প্ৰতি যিমানে অধিক মানুহ আকৰ্ষিত হয়, সিমানে ৰাজ্যখন তথা দেশখনৰ ভৱিষ্যতৰ মানুহৰ সমাজ-জীৱন উন্নত বুলি আশা কৰিব পাৰি।

No Comments

Post A Comment