(৭১) বৰগোহাঞিদেৱলৈ শ্ৰদ্ধাঞ্জলি হোমেন বৰগোহাঞিদেৱৰ নিজৰে ভাষা ধাৰ কৰি আমি ক’ব পাৰোঁ যে— ঘৰখনত হোমেন বৰগোহাঞিৰ এখনো কিতাপ নথকা বা হোমেন বৰগোহাঞিৰ এখনো কিতাপ পঢ়ি নোপোৱা কোনোবা শিক্ষিত অসমীয়া মানুহ আছেনে? নিশ্চিতভাবে নাই। তেখেতৰ সম্পৰ্কে আমি আন এক ধৰণেও চাব পাৰোঁ। আমাৰ মাজত এটা বস্তুৰ ডাঙৰ অভাৱ আছে।...

কেইবাবছৰ আগতে ক’ৰবাত পঢ়িছিলোঁ যে এণ্ট্ৰপিৰ বিষয়ে কোনোবা এজন বিজ্ঞানৰ ছাত্ৰক সুধিলে তেওঁ হয়তো ক’বলৈ অসুবিধা পাব, কিন্তু সেই সম্পৰ্কতো হোমেন বৰগোহাঞিয়ে ধুনীয়াকৈ বুজাই ক’ব পাৰে। ইয়াৰ দ্বাৰা এই কথাই জনাব বিচৰা হৈছিল যে তেওঁ বিজ্ঞানৰ নানা বিষয় পঢ়ে, আৰু সেইবোৰৰ কেৱল খা-খবৰ ৰখাই নহয়,...

হোমেন বৰগোহাঞি: কেইজনমান লেখকৰ নাম বা উপাধিকেইটাই তথা সেইসমূহ উচ্চাৰণ কৰোঁতে সৃষ্টি হোৱা ধ্বনিবোৰে সৰুকালত মোৰ মনত এটা বেলেগ প্ৰভাৱ পেলাইছিল৷ যেনেঃ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, নলিনীবালা দেৱী, ……৷ ডাঙৰ সাহিত্যিকসকলৰ নামবোৰ জন্মৰ পৰাই বেলেগ হয় বুলি ধাৰণা এটা মনত লাগি ধৰিছিল৷...

জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ   (নিন্দুক আৰু অনুৰাগীৰ প্ৰসংগক সামৰি)   নিন্দুক-প্ৰজন্মৰ বাবে নিশ্চয়কৈ এটা সুখৰ বতৰা যে ড° ভূপেন হাজৰিকাক থেকেচি আজৰি হ’বলৈ নাপাওঁতেই একেটা কামৰ বাবে অভাৱ অনুভৱ নকৰাকৈ তেওঁবিলাকে আন এজন মানুহ লাভ কৰিলে। আৰু সেই মানুহজনেই হ’ল— জুবিন...