ষ্টিভ জবছ

ষ্টিভ জবছৰ (২৪/০২/১৯৫৫ - ০৫/১০/২০১১) চিন্তাধাৰা তথা নেতৃত্ব, দক্ষতা আদি সম্পৰ্কীয় তেওঁৰ বক্তব্য, তেওঁৰ সম্পৰ্কে আন কেইজনমান বিশেষ ব্যক্তিৰ অভিব্যক্তি, কেইটামান প্ৰবন্ধ-সাক্ষাৎকাৰৰ অংশবিশেষ আদি ইয়াত সংগ্ৰহ কৰা হৈছে; যিখিনিয়ে কোনো এজন ব্যক্তিৰ মনোভংগীলৈ আনিব পাৰে অশেষ উদ্যম আৰু লগতে সৃষ্টিশীলতাৰ প্ৰতি আনিব অযুত কৌতুহল....।

“আমাৰ জীৱন চমু, অতি চমু। এই সময়কণত আমি নিজৰ নিজৰ জীৱন যাপন কৰোঁ আহা। এই সময়কণত আনৰ নীতি-নিয়ম, ৰুচি-খুচি বা বাধানিষেধৰ মতে জীয়াই থাকিবলৈ আমাৰ সময় নাই। আমাৰ অন্তৰাত্মাই, ৰুচি মনীষাই আৰু সচেতন কৰ্ম কৰিব লাগে। যদি জীৱনত সঁচাকৈয়ে উন্নতি কৰিবলৈ বিচাৰোঁ, আমি নিজৰ অন্তৰ্দৃষ্টিৰ মতে চলিবলৈ সমল আৰু সাহ গোটাবই লাগিব। নিজস্ব ধ্যান-ধাৰণা, প্ৰজ্ঞা আৰু আত্মবিশ্বাসে আমাক বহুদূৰ আগুৱাই লৈ যাব পাৰে। আপেক্ষিক পৰিপূৰ্ণতা আৰু আত্মতুষ্টিত যেন আমি নিমজ্জিত নহওঁ, কাৰণ ই আমাক প্ৰকৃত কৃতকাৰ্যতাৰ পিছে পিছে ধাবমান হোৱাৰ কষ্টখিনি কৰাৰ পৰা আঁতৰাই আনে।” - ষ্টিভ জবছ। [১]

 

“....জবছে আনকি ১৭-১৮ বছৰত, ১৯৭০ৰ দশকৰ আগভাগত, আটাৰি কোম্পানীত কাম কৰি থাকোঁতে বন্ধু ডান কট্টকেৰ লগত ভাৰতলৈ হনুমান ভক্ত নীম কাইৰোলি বাবাক লগ ধৰিবলৈও আহিছিল। কিন্তু মনৰ ভিতৰত সৃজনী শক্তিয়ে উকমুকাই থকা এই মানুহজনে সেই যাত্ৰাত বাবাৰ সৈতে আলাপ কৰিও বিশেষ সন্তুস্ত হ’ব পৰা নাছিল। পিছত বোলে তেওঁ লিখিছিল- ‘কাৰ্লমাক্স আৰু নীম কাইৰোলি বাবা দুয়োজনৰ সন্মিলিত কৰ্মৰাজিতকৈ মোৰ মতে টমাছ আলভা এডিছনৰ কামে মানৱ জাতিৰ অধিক উন্নতি সাধন কৰিছে।’”[১]

 

“১৯ বছৰ বয়সত হিন্দু আৰু জৈন-বৌদ্ধ (Zen Buddhism) ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ ষ্টিভে ডেকা বয়সৰ বেছ কিছু দিন ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। ‘মই আলোকিত জ্ঞানৰ অন্বেষণত ঘুৰি ফুৰিছিলো, জানিব বিচাৰিছিলো মই কোন আৰু এই বিশ্বৰ কোনখিনি স্থানত মোৰ স্থিতি’ ষ্টিভৰ ভাষাত ‘...who I was and how I fit into things in this universe.’ ষ্টিভে তেওঁৰ ভ্ৰমণত নৈনিতালৰ ওচৰৰ ভিতৰুৱা গাঁও অঞ্চলৰ সহজ সৰল মানুহখিনিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেওঁৰ মতে ভাৰতৰ শত-সহস্ৰ সাধাৰণ মানুহে তেওঁলোকৰ জ্ঞান-বুদ্ধিৰ ঠাইত সহজাত অনুভূতিৰে পৰিচালিত হৈছিল আৰু তেওঁলোকৰ এই বিকশিত অনুভূতি আছিল পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ অনুভূতি, Intuition is a very powerful thing, more powerful than intellect, in my opinion. That’s had a big impact on my worm.”[২]

 

মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে হোৱা মতবিৰোধৰ পৰিণতিত ষ্টী্ভে এপলৰপৰা অব্যাহতি লৈছিল আৰু পাছত এই বিষয়ে তেওঁৰ মন্তব্য আছিল যে-

“I didn't see it then, but it turned out that getting fired from Apple was the best thing that could have ever happened to me. The heaviness of being successful was replaced by the lightness of being a beginner again, less sure about everything. It freed me to enter one of the most creative periods of my life.”[৩]

 

Rolling Stone: Nevertheless, you've often talked about how technology can empower people, how it can change their lives. Do you still have as much faith in technology today as you did when you started out 20 years ago?
Steve Jobs: Oh, sure. It's not a faith in technology. It's faith in people.

Rolling Stone: Explain that.
Steve Jobs: Technology is nothing. What's important is that you have a faith in people, that they're basically good and smart, and if you give them tools, they'll do wonderful things with them. It's not the tools that you have faith in - tools are just tools. They work, or they don't work. It's people you have faith in or not. Yeah, sure, I'm still optimistic I mean, I get pessimistic sometimes but not for long.[৪]

পঠনীয়:  শ্বাহৰুখ খানৰ আন এটা পৰিচয়

 

Question: And that was going to be my closing question before I gave you chance to sort of free associate on your own. That is to talk to young people who sort of look to you as a role model. Opportunities for innovation you think they're still possible. What are the factors of success for young people today? What should they avoid?

Steve Jobs: I get asked this a lot and I have a pretty standard answer which is, a lot of people come to me and say "I want to be an entrepreneur". And I go "Oh that's great, what's your idea?" And they say, "I don't have one yet". And I say "I think you should go get a job as a busboy or something until you find something you're really passionate about because it's a lot of work".

I'm convinced that about half of what separates the successful entrepreneurs from the non-successful ones is pure perseverance. It is so hard. You put so much of your life into this thing. There are such rough moments in time that I think most people give up. …………[৫]

 

“......তেওঁৰ ব্যক্তিগত দৃষ্টিভংগীৰ আধাৰতে তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ দলটোৱে তেওঁৰ পচন্দৰ সামগ্ৰী উৎপাদন কৰে। ষ্টিভ জবছৰ কৰ্তৃত্বসূলভ নেতৃত্ব অবিহনে এপল আন যিকোনো চিলিকন ভেলি কোম্পানীৰ দৰে এটা সাধাৰণ পৰ্য্যায়ৰ কোম্পানীয়েই হৈ ৰ’লহেঁতেন।” – এন্দ্ৰিউ কীনছ।

(আমেৰিকান লেখক, তেওঁৰ বেষ্ট চেলাৰ গ্রন্থ ‘দ্য কাল্ট অব দ্য এমেচাৰ’।)[৮]

“ষ্টিভ জবছ এনে এজন উদ্যোগী তথা প্ৰশাসক যি গৰাকী ব্যক্তিয়ে অতি নিয়াৰিকৈ প্ৰতিষ্ঠান এটা সঠিক ৰূপত পৰিচালনা কৰিব পাৰে।” – ৰিক ষ্টাৰ্ম।[৬]

 

“........। তাৰ পিছতে আমি জানিবলৈ পাওঁ প্ৰায় দুবছৰ ধৰি ষ্টিভ আৰু লেখকৰ মাজত হোৱা ৪০ টা সাক্ষাৎকাৰ, এশতকৈও বেছি পৰিয়ালৰ লোক, বন্ধু-বান্ধৱ, সহকৰ্মী, প্ৰতিদ্বন্দ্বী আৰু প্ৰতিযোগীৰ লগত হোৱা আলোচনাৰ মাজেৰে ‘This book chronicles the rollercoaster life and searingly intense personality of a creative entrepreneur whose passion for perfection and ferocious drive revolutionized six industries : personal computers, animated movies, music, phones, tablet computing and digital publishing.’

উৎকৰ্ষ সাধনৰ অসাধাৰণ কৌশল আৰু দুৰ্দান্ত চালিকা শক্তিৰ অধিকাৰী ষ্টিভে কেনেকৈ কম্পুটাৰ ইঞ্জিনিয়াৰিঙত বিপ্লৱ আনি বিংশ শতিকাৰ শেষৰ পিনে গোটেই বিশ্বৰ ভৱিষ্যৎ সলনি কৰি দিলে এয়া তাৰেই কাহিনী। তেওঁ জানিছিল সৃষ্টিশীলতা আৰু শিল্পবিজ্ঞানৰ সহযোগিতাৰেই একবিংশ শতাব্দীৰ কম্পুটাৰ ইঞ্জিনিয়াৰিঙৰ অসাধাৰণ সফলতা লাভ কৰিব পৰা যাব, সকলো দিশতে কম্পুটাৰেই মানুহক সহায় কৰিব। এই গ্ৰন্থখন যেন মানৱ সভ্যতাৰ প্ৰতি কম্পুটাৰ বিজ্ঞানৰ বিশাল অৱদানৰ ইতিহাস।

............

যদিও ষ্টিভ জোবচে ২০০৪ চনতে চি এন এনৰ প্ৰক্তন চেয়াৰমেন, টাইম মেগাজিনৰ প্ৰাক্তন ম্যেনেজিং এডিটৰ আৰু তেতিয়াৰ এচপেন ইনষ্টিটিউটৰ কৰ্ণধাৰ ওৱাল্টাৰ আইজাকছনক তেওঁৰ জীৱনী এখন লিখিবলৈ কৈছিল তেতিয়া আইজাকছনে একে আষাৰতে নাকচ কৰি কৈছিল- এতিয়া নহয় দহ-পোন্ধৰ বছৰ পিছত দেখা যাব।

আইজাকছনে ইতিমধ্যে বেঞ্জামিন ফ্ৰেংক্লিনৰ জীৱনী প্ৰকাশ কৰি উঠি আলবাৰ্ট আইনষ্টাইনৰ জীৱনী লিখি আছিল। ষ্টিভ জোবচৰ দৰে সফল ঐশ্বৰ্যশালী মানুহ এজনৰ পৰা এনে এটা প্ৰস্তাৱ সহজে এৰাই যাব নোৱাৰি। কিন্তু আইজাকছনে কেৱল ব্যক্তিপূজাৰ বাবে জীৱনী এখন লিখিব নোৱাৰে।

পঠনীয়:  টোকাবহী (গণিত) : ১ - ১০

সময় বাগৰি গৈ থাকিল। ‘Einstein : His life and universe, Benjamin Franklin : An American life, Kissinger : A Biography’ আদি গ্ৰন্থৰ লগতে ইভান থমাচৰ সৈতে লগ লাগি লিখা ‘The wise man : six friends and the world they made’ ওৱাল্টাৰ আইজাকছনৰ গ্ৰন্থসমূহ প্ৰকাশ পাইছে ইচিমধ্যে, পাঁচটা বছৰে পাৰ হৈ গৈছে। এনেতে ২০০৯ চনত ষ্টিভ জোবচৰ পৰিবাৰ ল’ৰিণ পাৱেলৰ পৰা আইজাকছনলৈ ফোন আহিল, ফোনত ল’ৰিণে খোলাখুলিকৈ ক’লে- ‘IIf you’re ever going to do a book on Steve, you’d better do it now.’ এয়া তেওঁ দ্বিতীয়বাৰৰ বাবে হস্পিতাললৈ যোৱাৰ বাবে ছুটী লৈছে।’ আইজাকছনে আগতে জনা নাছিল ষ্টিভ কেনচাৰত ভুগিছে, ল’ৰিণে ক’লে যে তেওঁ ঘৈণীয়েক হৈয়ো জনা নাছিল, ষ্টিভৰ বাহিৰে কোনেও জনা নাছিল। ল’ৰিণে পুনৰ ক’লে- ‘He had called me right before he has going to be operated on for cancer, and he was still keeping it a secret.’

গ্ৰন্থখন আইজাকছনে লিখাৰ সন্মতি জনালে। ষ্টিভে আইজাকছনৰ লগত হোৱা আলোচনাবোৰত তেওঁৰ জীৱনৰ ভাল-বেয়া সকলো কথাই, কোনো কথাই নুলুকুৱাকৈ ব্যক্ত কৰিলে। জীৱনত কৰা ভাল কাৰ্যবোৰৰ বিপৰীতে ষ্টিভে বহু বেয়া কামো কৰিছিল বা কৰিবলৈ বাধ্য হৈছিল। ষ্টিভে আইজাকছনক তেওঁৰ জীৱনীখনত সেই কথাবোৰ প্ৰকাশ কৰাৰ বাবে সম্পূৰ্ণ স্বাধীনতা দিলে, আনকি তেওঁৰ বন্ধু নাইবা শত্ৰুসকলে তেওঁৰ বিষয়ে যিহকেই কয়, সেইবোৰো কোনো সালসলনি নকৰাকৈ ব্যৱহাৰৰ অনুমতি দিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল ষ্টিভৰ তেওঁৰ জীৱনী লেখক আইজাকছনৰ প্ৰতি ইমানেই বিশ্বাস আছিল যে জীৱনী গ্ৰন্থখন প্ৰকাশ হোৱাৰ আগতে তেওঁ পঢ়ি নাচায় বুলিও প্ৰতিশ্ৰুতি দিলে। ‘It’s your book, I won’t even read it.’ আইজাকছনে ষ্টিভৰ পৰা কথাবোৰ শুনাৰ পিছত তেওঁৰ বন্ধু-বন্ধৱ, সহকৰ্মী, শত্ৰু-মিত্ৰ সকলোৰে লগত কথাবোৰৰ সঁচা মিছা আৰু স্মৃতি ভ্ৰম ৰহিত কৰাৰ বাবে আলোচনা কৰিছিল। ষ্টিভ আৰু অন্যান্যসকলৰ সহযোগিতাৰ বাবেই আইজাকছনে এনে এখনি ব্যতিক্ৰমধৰ্মী জীৱনী নিৰপেক্ষ স্থানত থাকি প্ৰকাশ কৰিব পাৰিছে।

জীৱনী গ্ৰন্থখন লিখাৰ আগতে লেখক আৰু ষ্টিভৰ মাজত যি আলাপ হৈছিল সেইবোৰ এনে নিৰপেক্ষ আৰু সত্যনিষ্ঠভাৱে আইজাকছনে আমাক জানিবলৈ দিছে যে ষ্টিভৰ অনুৰোধতেই যে জীৱনীখন লিখা হৈছে ভাবিলে আচৰিত হ’ব লাগে।

‘- জীৱনৰ বহুক্ষেত্ৰতে তেওঁ বৰ উশৃংখল আছিল আৰু সেয়াই সত্য। আপুনি সেইবোৰ বাদ দিয়া উচিত নহ’ব। you shouldn’t whitewash it.’ ষ্টিভৰ পৰিবাৰ ল’ৰিণ পাৱেলৰ কথাখিনিৰ পৰা আমি ইয়াকেই বুজিম যে অকল ষ্টিভেই নহয় তেওঁৰ পৰিয়ালৰ লোকেও সত্যনিষ্ঠ জীৱনীগ্ৰন্থ এখন ৰচিত হোৱাটো বিচাৰিছিল।

.............

ওৱাল্টাৰ আইজাকছনৰ জীৱনী গ্ৰন্থখন পঢ়ি এনে লাগিছে যে বিশ্বৰ বৃহৎ জনগোষ্ঠীৰ বাবে উৎসৰ্গিত জীৱনৰ গৰকীজনো কিন্তু মানুহেই, দোষ-গুণৰ গৰাকী তেওঁক আমি মহামানৱৰ শাৰীতহে থ’ব পাৰো, ভগৱান নহয়। আইজাকছন ৰচিত ষ্টিভ জোবচৰ এই জীৱনী গ্ৰন্থখনৰ দৰে এখন জীৱনী গ্ৰন্থই হয়তো আমাৰ শ্ৰদ্ধেয় হোমেন বৰগোহাঞি ডাঙৰীয়াই লিখাৰ কথা ভাবিছিল ভূপেনদা, ড° ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত। কিন্তু সেই গ্ৰন্থখনৰ পৰা আমি বঞ্চিত হ’লো স্বয়ং ভূপেনদাই সন্মতি নিদিয়া বাবে।” – গৌৰী বৰ্মন।[২]

 

উৎস:

১) “মহাজীৱনত মৰণৰ সঁহাৰি”, মহম্মদ তাহেৰ। “আমাৰ অসম”, ৪ ডিচেম্বৰ, ২০১১।

২) “ওৱাল্টাৰ আইজাকছন ৰচিত ষ্টিভ জোৱচ আৰু ড° ভূপেন হাজৰিকাৰ জীৱনী”, গৌৰী বৰ্মন, প্ৰকাশ, ছেপ্টেম্বৰ, ২০১২।

৩) 'You've got to find what you love,' Jobs says. Stanford Report, June 14, 2005.

৪) Steve Jobs in 1994: The Rolling Stone Interview.

৫) http://www.cwheroes.org/archives/histories/jobs.pdf

৬) “কর্তৃত্বসুলভ নেতৃত্ব, ষ্টিভ জব৲ছৰ সফলতাৰ আঁৰৰ ৰহস্য!”, অৰিন্দম চৌধুৰী। দ্য চানডে ইণ্ডিয়ান, ১ মে’, ২০১২।

No Comments

Post A Comment