কীৰ্তনঘৰ, পৰম্পৰাসক্ত মহিলা আৰু পিটন খোৱা মহিলা

বৰপেটা কীৰ্তনঘৰত মহিলা প্ৰৱেশৰ নিষেধ দূৰ কৰা সম্পৰ্কত বহুবছৰ ধৰি মন্দা পৰি থকা আলোচনা পুনৰ বহু সক্ৰিয় হৈ উঠিছে, ভাল কথা৷ ফেইচবুক পাৰ হৈ কাকত, চেনেল, আলোচনী সকলোতে সজোৰে আলোচনা আৰম্ভ হৈছে৷ আনহাতে, কিছুসংখ্যকে চ’ছিয়েল নেটৱৰ্কিং ছাইটত এনেধৰণৰ আপডেট দিয়া কেইবাদিনৰ পৰা দেখি আছোঁ যে - "আমি/মই বৰপেটাৰে জীয়ৰী আছিলোঁ, আমাক তাত প্ৰৱেশৰ নিষেধ কৰা বাবে কেতিয়াও হীনমন্যতাত ভোগা নাই৷" বা "আমি ইয়াৰে মহিলা/আইমাতৃ৷ তাত প্ৰৱেশ কৰিবলৈ নোপোৱা বাবে হেয় অনুভৱ কৰা নাই৷" এনে কথা ককততো দুই-এখন পত্ৰযোগে আলোচনা হোৱা দেখিছোঁ। সেই নিষেধ থাকিব লাগে বোলা এনে কথাবোৰ দেখি দেখি দুটামান ঘটনা মনলৈ আহিল—

এনে কিছুমান মহিলাও আছে যাক স্বামীয়ে ঘুগুলা-কোৱন দিলেও হীনমন্যতাত নোভোগে৷ ছাত্ৰ হিচাপে যথেষ্ট ভাল শিক্ষকো লগ পালোঁ আৰু সাংঘাটিক নিকৃষ্ট শিক্ষকো লগ পালোঁ৷ স্কুলত এগৰাকী খুৱ বেয়া শিক্ষয়িত্ৰী পাইছিলোঁ, তেওঁ একো পঢ়ুৱাব নাজানিছিল আৰু ছাত্ৰ-ছাত্ৰীক খুৱ বেয়াকৈ কোবাইছিল৷ সেইবাবে অভিভাৱকে ল'ৰা-ছোৱালীক তাৰ পৰা আঁতৰাই নাৱেৰে নৈ পাৰ কৰিও দূৰৰ স্কুললৈ লৈ গৈছিল৷ এবাৰ এজনী ছাত্ৰী কেইবাদিনো স্কুললৈ নহাৰ পিছত এদিন যেতিয়া আহিল, সেই শিক্ষয়িত্ৰীগৰাকীয়ে "কিয় স্কুল খটি কৰিছ" বুলি খুৱ পিটিবলৈ আৰম্ভ কৰিলে৷ পূৰ্বৰ অভিজ্ঞতাৰ পৰা ছাত্ৰীগৰাকীয়ে জানেই তেওঁ কিমান পিটিব৷ গতিকে সাংঘাটিক জোৰ জোৰ দোকোবমান খোৱাৰ পাছতে ছাত্ৰীগৰাকীয়ে চিঞৰি ক'লে - "বাইদেউ, মাক দেউতাই বহুত পিটিলে, মায়ে কান্দি আছিল, সেইবাবে স্কুললৈ অহা নাছিলোঁ৷" লগে লগে শিক্ষয়িত্ৰীগৰাকীৰ মুখখন সেমেকি গ'ল, আৰু তাইক পিটিবলৈ এৰি বেলেগ ছাত্ৰ-ছাত্ৰীৰ কৈফিয়ত লোৱা আৰম্ভ কৰিলে৷ কিন্তু, পূৰ্বতে কেতিয়াও নেদেখা সেই শান্ত ৰূপটো দেখি আৰু তেওঁক মাৰিবলৈ এৰি দিয়া বাবে খুৱ ফুৰ্টি পাই ছাত্ৰীজনীয়ে একেটা কথাকে কৈ থাকিবলৈ আৰম্ভ কৰিলে - "বাইদেউ, আমাৰ মাক দেউতাই মাৰিলে বাবে অহা নাছিলোঁ", "মাক দেউতাই মাৰিলে বাবে অহা নাছিলোঁ"...৷ তাই যিটো ফুৰ্টিৰে কথাটো ক'বলৈ আৰম্ভ কৰিলে সেই ভংগীটোৱে মোৰ মনত বহুত প্ৰভাৱ পেলাইছিল৷ তাই কেইবাবাৰো তেনেকৈ কোৱাৰ পিছত শিক্ষয়িত্ৰীগৰাকীয়ে খুৱ শান্ত আৰু মৰমসনা মাতেৰে ক'লে - তেনেকুৱা কথা ক'ব নাপায়, মনে মনে থাক৷ তেতিয়া ছাত্ৰীগৰাকী মনে মনে থাকিল৷

আমি অলপ খবৰ লৈ গম পাইছিলোঁ যে সেইধৰণৰ মাৰ খোৱাৰ পিছতো সেই মাকগৰাকীয়ে একো যেন ঘটাই নাই, তেনেকৈ আছিল৷ তেওঁ প্ৰায়েই মাৰ খায়েই থাকে, সেইবাৰ মাথোঁ অকণমান বেছি পৰিছিল৷ সেই শিক্ষয়িত্ৰীগৰাকীৰ ঘৰতো কাজিয়া খুৱ হয় বুলি খ্যাতি আছিল, মাৰপিটৰ পৰ্যায় নাছিল বাৰু, কিন্তু নিজৰ ঘৰৰ সেই খংবোৰেই ছাত্ৰ-ছাত্ৰীৰ ওপৰত উঠায় বুলি ছাত্ৰ-ছাত্ৰীৰ মাজত চৰ্চিত আছিল৷ আমাৰ ওচৰৰ তিনিখনমান গাঁৱত আৰু কেইঘৰমানৰ ঘৰত পত্নীৰ পিঠিত পৰা এনে পিটন-কাৰ্য প্ৰকাশ্য আছিল৷ অপ্ৰকাশ্যে আৰু অধিক আছিল যদিও জনা নাযায়। এই মাৰ খোৱা মহিলাসকলৰ প্ৰতিক্ৰিয়া কেনে আছিল বাৰু? জানিবলৈ পাই আজি কিছুসংখ্যক হয়তো সুখীও হ'ব - তেনে এগৰাকী মহিলাৰ এবাৰ প্ৰতিক্ৰিয়া শুনিছিলোঁ যে- "মতাটো হৈ মানুহজনীক দুই-এপিটন দিবই দেচোন!"

পঠনীয়:  বাওঁপন্থী আৰু হাৰামী

এনে ঘটনা অলেখ ওলাব৷ ডাঙৰ হোৱা পিছত পাইছিলোঁ, এঘৰৰ মানুহগৰাকীক গতা মাৰি মাটিত পেলাই মানুহটোৱে ডিঙিত গছকি থাকে, হুলষ্ঠুল শুনি সদায় ভৰাঘৰৰ মানুহ গৈ মালিকনীক উঠাই মানুহটোক আঁতৰাই দিবগৈ লাগে৷ দুয়ো চাকৰীয়াল৷ তিনি মহলীয়া ঘৰ-দুৱাৰ, গাড়ী-চাৰিওসীমা নদন-বদন৷ কিন্তু মানুহগাৰকীৰ প্ৰতিক্ৰিয়া কেনেকুৱা? - নিৰ্লিপ্ত, কোনো হীনমন্যতা নাই, যেন এইবোৰ ঘৰুৱা পৰম্পৰা— থাকিবই! অশান্তিত ভাৰাঘৰ এৰি কোনোবা গুচি গ'লেও, আকৌ তুলি দিবলৈ নতুন ভৰাতীয়া আহিবই! এই ঘটনাবোৰ দেখি দেখি ভাৱ হয়, কোনোবা মহিলা বা ওপৰত কোৱা ধৰণৰ সেই “আইমাতৃ” ওলাব এতিয়াও, যি ক'ব - "আমাৰ একো হীনমন্যতা নাই৷ মতাটো হৈ মানুহজনীক দুই-এপিটন দিবই দেচোন!"

 

No Comments

Post A Comment