এতিয়াও দেখিবলৈ কাৰোৱে সাধ্য নথকা এটা “আচৰিত” সপোন

বেদান্ত শইকীয়া আজি প্ৰথমবাৰ বিপ্লৱ মহন্তৰ ঘৰলৈ আহিছে। তেওঁলোকৰ চিনাকী হোৱা পাঁচ বছৰ হ’ল। এটা প্ৰসংগত তেওঁলোকৰ প্ৰায়ে যোগাযোগ হয়, টেলিফ’ন, ম’বাইল, ইমেইল আৰু ফেচবুকত মেছেজেৰে। কামৰ কথাতেই তেওঁলোকৰ হাঁহি-ধেমালীবোৰো সদায় সীমাবদ্ধ আছিল, ঘৰুৱা কথা বা ব্যক্তিগত প্ৰসংগ কোনো দিন ওলোৱাই নাছিল। আজি প্ৰথম তেওঁ মহন্তৰ ঘৰলৈ আহি খুৱ আনন্দিত হ’ল। মহন্তৰ দুবছৰীয়া ল’ৰাটোও বৰ টক-টকীয়া। তাৰ লগতে ধেমালী কৰি কথা পাতি পাতি তেওঁ বহুত সময় কটালে। “তোমাৰ মামাৰ নাম কি?”, এবাৰ তেওঁ এনেই সুধিলে তাক। “ধ্ৰুৱ দাস”, সি উত্তৰ দিলে। হঠাতে কিবা চিন্তা কৰি বেদান্ত শইকীয়াই তাক পুনৰ সুধিলে – “তোমাৰ মাৰ নাম কি?” “বৰ্ণালী দাস।”

এইবাৰ বেদান্ত শইকীয়া উৎসাহিত হৈ পৰিল, তেওঁৰ মুখলৈ এটা উৎসাহৰ হাঁহি ওলাই আহিল, মহন্তলৈ চাই তেওঁ ক’লে – “মহন্ত!! মই জানিছিলোৱেই, আপুনি সাংঘাটিক ৰোমাণ্টিক মানুহ বুলি। আপোনাৰটো প্ৰেম-বিবাহেই হ’ব। ঠিক ঠিক, আপুনি ঠিক মানুহ আছে কিন্তু।”

“কোনে কৈছে মোৰ প্ৰেম বিবাহ বুলি!?” - বিপ্লৱ মহন্তই আচৰিত হৈ ক’লে, “নাই, মোৰ প্ৰেম-বিবাহ হোৱা নাই। কিবা ব্যৱসায় সংক্ৰান্তত এওঁৰ খুড়াক এজন মোৰ দেউতাৰ চিনাকী আছিল। মোৰ বিয়া পতাৰ বয়সত এদিন আমাৰ ঘৰতে তেওঁৰ লগতে ছোৱালীৰ কথা ওলাল। তেওঁ ক’লে, তেওঁৰ ককায়েকৰ ছোৱালী এজনী আছে, বিয়াৰ বয়স হৈছে তাইৰ, তাইৰ বাবেও ল’ৰা চোৱাৰ কথা ওলাই আছে। তেওঁ তাইৰ কথা ক’লে যে অমুক তুমক, তুমক অমুক...., আপোনালোকে চাই আহিব পাৰে ছোৱালীক এবাৰ। তাৰ পাছত আমি গ’লো, চাই-চিটি বিয়া ঠিক কৰিলোঁ....।”

মহন্তৰ কথা শুনি বেদান্ত শইকীয়াই তেওঁৰ মুখলৈ চাই ভেবা লাগি থাকিল। কথাটো তেওঁৰ সপোন সপোন লাগিল। অসীমা পায়েঙলৈ তেওঁৰ মনত পৰিল। বিয়া পাতিব নোৱাৰিব বুলি তেওঁ যে তিনি বছৰীয়া প্ৰেমৰ দিনবোৰ পাৰ কৰি এদিন তাইক এৰি দিছিল!

পঠনীয়:  অসমত বিজ্ঞান আৰু শান্তিৰ বঁটা
No Comments

Post A Comment