কলম্বাছৰ সাধু

কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল বুলি আমি পাঠ্যপুথি, কুইজৰ বিভিন্ন কিতাপ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ক-গ্ৰন্থ, কাকত-আলোচনী আদিত দেখি আহিছোঁ৷ আমি প্ৰায় সকলোৱে তেওঁক চিনি পাওঁ৷ কিন্তু আমেৰিকা আৱিষ্কাৰ কৰি জন্মভূমিলৈ ঘূৰি অহাৰ পাছত যেতিয়া ১৫ শতিকাৰ এই নাবিকজন খ্যাতিমান হৈ উঠিল, ৰজাঘৰীয়াই পুৰস্কৃত কৰিলে, তেওঁ এজন সন্মানীয় বৌদ্ধিক সত্ত্বালৈ ৰূপান্তৰিত হ'ল, তেতিয়া দেশখনৰ বহুজন বুদ্ধিজীৱী গৰজি উঠিল৷ তেওঁলোকৰ মতে, সেইটোনো কি ডাঙৰ কথা? তাৰ বাবে একো জ্ঞান, একো প্ৰতিভাৰ প্ৰয়োজন নাই, যিকোনো এজন কাম-বন নথকা যদু-মধুৱেই ডাঙৰ নাও এখন লৈ ওলাই গৈ থাকিলে এটুকুৰা ঠাই দেখিবগৈ পাৰে৷ ইমান সন্মান কৰিব লগাকৈ কলম্বাছৰ একো বৌদ্ধিক গুণ নাই!

এখন তেনেকুৱা বৌদ্ধিক সমাজত কথাবোৰ শুনি কলম্বাছে একো উত্তৰ নিদি চবকে এটা কাম কৰিবলৈ দিলে৷ মিচিকীয়া হাঁহি মাৰি তেওঁ ক'লে যে তেওঁলোকৰ কোনোবা এজনে মুৰ্গীৰ কণী এটা মসৃণ মেজ এখনত ঠিয়কৈ ৰাখি দেখুৱাব লাগে৷ পণ্ডিতসকল পুনৰ গৰজি উঠিল৷ তেওঁলোকৰ মতে, কলম্বাছে তেনে এখন সমাজক ফুচুঙালি পৰ্য্যায়লৈ লৈ গৈছে৷ তথাপি শেষত এজন এজনকৈ চবেই পৰীক্ষা কৰি চালে, আৰু কোনো সফল নহ'ল৷ অৱশেষত কামটো কলম্বাছে নিজেই কৰি দেখুৱাব লগা হ'ল৷ তেওঁ কণীটো মেজখনৰ ওপৰত খুৱ লাহেকৈ ঠেকেচা এটা মাৰি থৈ দিলে আৰু ঠেকেছাটোৰ বাবে তলৰ অংশটি সমান হৈ পৰাত কণীটো বাগৰি নপৰাকৈ ঠিয়কৈ ৰৈ থাকিল, আৰু ভাগিও নপৰিল৷ কিন্তু সেইটোনো কি কথা হ'ল? তেনেকৈতো চবেই পাৰে! তেতিয়া কলম্বাছে ক'লে, হয় চবেই পাৰে, কিন্তু তেওঁৰ পূৰ্বে তেওঁলোকে নোৱাৰিলে, তেওঁ কৰাৰ পাছতহে পাৰিব বুলি ভাবিলে৷

এই কাহিনীটো কলম্বাছৰ লগত জড়িত হয় নে নহয় তাৰ বাস্তৱ ভিত্তিক লৈ কিছু কিছু উৎসত সন্দেহো প্ৰকাশ কৰা হৈছে; কিন্তু মানুহৰ সৃষ্টিশীলতা, অন্বেষণ, প্ৰয়োগ আদি সম্পৰ্কীয় বিবিধ আলোচনাত বহু দাৰ্শনিক, বক্তা, বুৰঞ্জীবিদ, কৰ্মমুখী ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষক আদিয়ে কাহিনীটো অগণন বাৰ চৰ্চা কৰিছে৷ কাহিনীটোক লৈ অঁকা হৈছে কেইবাখনো পেইণ্টিং৷

নিজৰ মতে সেই পণ্ডিতকেইজন আছিল যুক্তিবাদী, সৰ্বজ্ঞানী; কিন্তু বাস্তৱিকতে তেওঁলোক হ'ল মূঢ়৷ আনে কিবা এটা কৰি উঠাৰ পাছত সেইটো যেতিয়া যিকোনো এজনে নিজেও কৰিব পৰা ধৰণৰ সহজ হৈ পৰে, তেতিয়া ইতিমধ্যে সম্পন্ন হোৱা সেই কাৰ্যটোৰ মূল্য উপলব্ধি কৰাৰ যোগ্যতা তেওঁলোকৰ নাই৷ মানসিক আৰু শাৰিৰীক ক্লান্তি, উদ্দাম সমুদ্ৰ, বিবিধ আক্ৰমণ - সকলো জয় কৰি গৈ গৈ কলম্বাছে সেই ভূখণ্ড প্ৰকৃততে কি সেয়া প্ৰচুৰ অন্বেষণ কৰিছিল৷ তাৰ প্ৰাচুৰ্য্যই মানুহক কেনেকৈ সহায় কৰিব, আৰু বসতি স্থাপনৰ বাবে যে ঠাইখন কিমান উপযুক্ত তেওঁ বিবেচনা কৰি সম্ভেদ দিব পাৰিছিল৷ তেওঁৰ বাহিৰে সেইখিনি কথা কোনেও পূৰ্বতে জনা নাছিল৷

পঠনীয়:  মহাত্মা গান্ধী

কলম্বাছৰ বহু শতিকাৰ পূৰ্বেও আন এজন নাবিকে উত্তৰ-আমেৰিকা আৱিস্কাৰ কৰাৰ পৰিপেক্ষিতত কলম্বাছক লৈ বিতৰ্কও আছে। কিন্তু তাৰ পাছতো কোৱা হয় যে— বহিৰ্ৰাষ্ট্ৰৰ মানুহে কেতিয়াও নজনা আমেৰিকাৰ সম্ভেদ পোৱাত কলম্বাছৰ অৱদানেই সৰ্বাধিক।

No Comments

Post A Comment