গণিত জগতৰ ‘লেডী গগা’ আৰু ফ্ৰান্সৰ সৃষ্টিশীল পৰিৱেশ

“আপুনি জানিছিলনে যে পৃথিৱীৰ অন্য যিকোনো চহৰৰ তুলনাত পেৰিছতে সকলোতকৈ অধিক সংখ্যক গণিতজ্ঞ আছে? আৰু গণিতজ্ঞৰ নামেৰে বিশ্বৰ আন যিকোনো চহৰতকৈ অধিক সংখ্যক পথো আছে বুলি? আৰু যদি আপুনি ফিল্ডছ মেডেলৰ পৰিসংখ্যালৈ চায়— যিটোক প্ৰায়ে গণিতৰ ন’বেল বঁটা বুলিও কোৱা হয় আৰু সদায় চল্লিছ বছৰতকৈ কম বয়সৰ গণিতজ্ঞক প্ৰদান কৰা হয়— তেন্তে আপুনি পাব যে ফ্ৰান্সত অন্য যিকোনো দেশৰ নিৱাসীৰ তুলনাত অধিক সংখ্যক ফিল্ডছ মেডেল-ধাৰী আছে।” — এইয়া আছিল ২০১০ চনত ফিল্ডছ মেডেল বিজয়ী চিডৰিক ভিলানি নামৰ বিখ্যাত গণিতজ্ঞগৰাকীৰ বক্তব্য।

কেতিয়াবা ভুল তথ্য প্ৰচাৰ নকৰাৰ পাছতো কিছুমান তথ্যৰ অত্যাধিক প্ৰচাৰে আন কিছুমান গুৰুত্বপূৰ্ণ তথ্যক খুৱ অনিষ্টদায়কভাৱে ঢাক খুৱাই ৰাখে। আমাৰ অসমত গান-বাজানা, গল্প-পদ্য-চিত্ৰ-কথাছবি আদিলৈ মানুহৰ বেছি ৰাপ (সেই ৰাপ পঠনৰ অভ্যাসৰ দৰে দৰকাৰী ৰাপো নহয়) বাবে বিজ্ঞান তথা উদ্ভাৱণ সংক্ৰান্তীয় বৌদ্ধিক আলোড়ণৰ প্ৰতি আমাৰ সমাজখন খুৱ নিৰ্লিপ্ত বুলি প্ৰায়ে অভিযোগ শুনা যায়। সেই কাৰণেই ওপৰৰ কথাষাৰ পঢ়ি বহুতেই আচৰিতেই হ’ব, কাৰণ তেওঁলোকে পেৰিছক পুৰণি চিত্ৰ-ভাস্কৰ্য, যাদুগৃহ, ৰোমাঞ্চ আদিৰহে এখন ৰমণীয় চহৰ বুলি অত্যাধিক পৰিমাণে শুনি আহিছে।

আজি পৃথিৱীৰ যিকোনো কোণলৈকে যোগাযোগৰ উন্নত প্ৰযুক্তিৰ যুগত নতুন যুগৰ মহান গণিতজ্ঞ-বিজ্ঞানীসকলৰ বহুতে নিজৰ উদ্ভাৱনৰ লগতে আবদ্ধ নাথাকি বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰাৰ বাবে এনে কাৰ্য্যসমূহ খুৱ তৎপৰতাৰে কৰি থাকে। চিডৰিক ভিলানিও তেনে এজন গণিতজ্ঞ। বৰ্তমান ৪৩ বছৰীয়া এই গণিতজ্ঞগৰাকীয়ে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত ঘূৰি বক্তৃতানুষ্ঠান, চেমিনাৰ আদিত ভাগ লৈ ফুৰে। তাৰোপৰি তেওঁ গণিত-বিজ্ঞান জনপ্ৰিয়কৰণৰ ভিডিঅ’ প্ৰস্তুত কৰি প্ৰচাৰ কৰে, জনপ্ৰিয় গ্ৰন্থ লিখে, তথ্যচিত্ৰ নিৰ্মাণত জড়িত হয়। বৰ্তমান তেওঁ বিশ্ববিখ্যাত প্ৰতিষ্ঠান Institut Henri Poincare (IHP)ৰ পৰিচালকো। শেহতীয়াভাৱে তেওঁ ৰাজনীতিতো জড়িত হৈছে।

এই সকলোখিনিৰ উপৰি চিডৰিক ভিলানিৰ আন এটা সম্পূৰ্ণ ব্যতিক্ৰমী পৰিচয় আছে। ভিলানিয়ে পৰিধান কৰে এক পৃথক ধৰণৰ পোচাক, আৰু মূৰত ৰাখে গলধনলৈকে পৰাকৈ ঢৌ-খেলা ষ্টাইলিছ চুলি। তেওঁ পৰিধান কৰে ওঠৰ-ঊনৈছ শতিকাৰ কিছুসংখ্যক চৌখিন চিত্ৰকৰ বা যাদুকৰৰ ফটোত আমি দেখাৰ দৰে ডাঙৰ ডাঙৰ বুটাম লগোৱা চাৰ্ট, তাৰ ওপৰত কোট, ডিঙিত মাফলাৰ বন্ধা ধৰণেৰে বন্ধা চিল্কৰ টাই, আৰু কোটৰ বাওঁকাষে সদায় থাকে বিশেষভাৱে ডিজাইন কৰা এটা ডাঙৰ মকৰাৰ ব্ৰোচ (brooch)। এই সাজসজ্জাৰে তেওঁ বিশ্বৰ গণিতজ্ঞসকলৰ মাজৰ পৰা এটা নতুন, ব্যতিক্ৰম আৰু স্বতন্ত পৰিচয় লাভ কৰিছে, আৰু বিখ্যাত ফেচন মেগাজিনেও তেওঁক বেটুপাতত স্থান দিছে।

বিশ্বৰ তাৰকাসকলৰ ভিতৰত যিসকলে খুৱ ব্যতিক্ৰমী সাজপাৰেৰে সততে পৃথক পৰিচয় দাঙি ধৰে তেওঁলোকৰ ভিতৰত অন্যতম হ’ল লেডী গগা। সেই বাবেই ভিলানিক কোৱা হয়— গণিত জগতৰ লেডী গগা

প্ৰসংগৰ বাহিৰৰ যদিও এইখিনিতে, ৬টা গ্ৰেমী লাভ কৰা ৩১ বছৰীয়া গায়িকাগৰাকীৰ এষাৰ কথা কৈ থওঁ। লেডী গগাই ইমান প্ৰসিদ্ধি লাভ কৰাটো তেওঁৰ সহজাত প্ৰতিভাৰ বাবে তেনেই সহজ কথা যেন দেখাত লাগিলেও সেয়া ইমান সহজ নাছিল। বহুতো চিনাকী মানুহে, আনকি তেওঁৰ প্ৰাক্তণ প্ৰেমিকেও তেওঁ এদিন সফল হ’ব বুলি ভবা নাছিল। কেইবছৰমান আগতে তেওঁ কৈছিল— মোৰ এজন প্ৰেমিক আছিল, যি মোক কৈছিল মই কেতিয়াও সফল হ’ব নোৱাৰিম, কেতিয়াও গ্ৰেমীৰ বাবে মনোনয়ন নাপাম, মোৰ কোনো গান হিট নহ’ব, আৰু সি আশা কৰিছিল যে মই বিফল হ’ম। মই তাক কৈছিলোঁ, “এদিন যেতিয়া আমি একেলগে নাথাকিম, তুমি সেই .... দোকানখনত একাপো কফি মোৰ কণ্ঠ নুশুনাকৈ বা মোক নেদেখাকৈ অৰ্ডাৰ দিবলৈ সক্ষম নহ’বা।”

গণিত চ’ৰাই (gonitsora.com) কেইমাহমান পূৰ্বে চিডৰিক ভিলানিৰ এটা সাক্ষাৎকাৰ লৈছিল। তেতিয়া তেওঁক সোধা হৈছিল যে তেওঁ কোৱাৰ দৰে পেৰিছত সেই গাণিতিক সৃষ্টিশীল পৰিৱেশ-পৰম্পৰা কেনেকৈ গঢ়ি উঠিছে। তাৰ উত্তৰত তেওঁ কোৱা কথাখিনিৰ সাৰাংশ ইয়াত আগবঢ়োৱা হ’ল। তেওঁ কৈছিল—

পঠনীয়:  শূন্য, বীজগণিত আৰু তিনিটা যুগান্তকাৰী ঘটনা

এইটো এটা বহু পূৰ্বৰে পৰা চলি অহা পৰম্পৰা। বিজ্ঞানৰ পৰম্পৰাসমূহ সংস্কৃতি বা কলাৰ দৰে সময়ৰ লগে লগে সুস্থিৰ হৈ থাকে, আৰু এই পৰ্যায়টো বা এই সময়টো বহু যুগ ধৰি বৰ্তি থাকে। পেৰিছ, দৰাচলতে ফ্ৰান্স, ইতিমধ্যেই ১৭ শতিকাতে গণিতত বলিষ্ঠ আছিল। ১৭ শতিকাৰ প্ৰথম অৰ্ধত বিশ্বৰ আটাইতকৈ গণ্যমান্য গণিতজ্ঞসকল আছিল ফাৰ্মা, পাস্কেল, ডেকাৰ্ট আৰু মাৰ্ছেন; তেওঁলোকৰ তিনিজনেই ফ্ৰান্সৰ আৰু আনসকল ফৰাচীসকলৰ পৰা বহু প্ৰভাবিত হৈছিল। গতিকে ফ্ৰান্স ইতিমধ্যেই গণিতত বহু মজবুত আছিল। আৰু তাৰ পিছত কেনেবাকৈ এটা বিৰতি আহিছিল, কিন্তু পিছৰ শতিকাটোত ডৰ্জন ডৰ্জন সংখ্যক মহান ফৰাচী গণিতজ্ঞ ওলাইছিল।

যেতিয়া মই বিজ্ঞান-বুৰঞ্জী পঢ়িছিলোঁ তাত মই পাইছিলোঁ, কি কাৰণত ১৮ শতিকাটোত ইমান সংখ্যক গণিতজ্ঞ পোৱা গৈছিল। মই মূল কাৰণখিনি ক’ম। ইয়াৰ কাৰণ আছিল, ই সংস্কৃতিৰেই অংশ আছিল, ই যেন বায়ুতে মিহলি হৈ আছিল। এইটো আলোকপ্ৰাপ্তি অধ্যায়ৰ অংশ আছিল আৰু মানুহে জ্ঞানাৰ্জনৰ প্ৰতি বহু অনুপ্ৰাণিত হৈছিল; সত্য উপলব্ধিৰ বাবে, বিশ্বজনীন সত্য জনাৰ বাবে অত্যন্ত আগ্ৰহান্বিত হৈ উঠিছিল। এয়া সাহিত্যত আছিল, সমাজ অধ্যয়নত আছিল, মনুষ্য-প্ৰকৃতি অধ্যয়নত আছিল। এয়া আছিল দৰ্শনত। আৰু সেইগতিকে গণিতো ইয়াত সোমাই পৰিছিল। জ্যোতিৰ্বিদ্যা ফ্ৰান্সত বহু জনপ্ৰিয় আছিল, Observatoire de Paris দৰে মহাকাশ পৰ্যবেক্ষণাগাত অতিশয় গুৰুত্বপূৰ্ণ চৰ্চা গঢ়ি উঠিছিল। আৰু এনেধৰণে এখন বৃহৎ সমাজ আছিল।

আকৌ, সেইসকল ৰাজনীতিতো প্ৰভাৱশালী হৈ পৰিছিল, আৰু গণিতজ্ঞকে ধৰি কিছুসংখ্যক প্ৰমুখ্য বিজ্ঞানীৰ ৰাজনৈতিক প্ৰতিপত্তি আছিল, তেওঁলোকৰ কিছুসংখ্যক ফৰাচী বিপ্লৱৰ পৰিনামত কাৰ্যনিৰ্বাহকত পৰিণত হৈছিল। মহান মাৰ্কুৱেছ ডে কণডুৰ্চেটে আত্মহত্যা কৰিলে, নহ’লে তেওঁ কাৰ্যনিৰ্বাহকত পৰিণত হ’লহেঁতেন। আৰু সেই সময়তেই কিছুমান প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল, যিসমূহ এতিয়াও আছে আৰু সেইসমূহ সদায়েই গণিতৰ একোটা মহৎ অনুষ্ঠানৰূপে ব্যপ্ত হৈ আছে। উদাহৰণস্বৰূপে, সেই সময়তে ইক’ল নৰ্মাল চুপেৰিয়ৰৰ উন্নতিসাধন হৈছিল। স্বয়ং নেপোলিয়ন ফ্ৰেন্স অকাডেমী অব চায়েঞ্চেছৰ সদস্য আছিল। কাৰ্য্যবশতঃ ই বতাহত বিয়পি আছিল, আৰু ই দৃঢ় পৰ্যবেক্ষিত আৰু প্ৰবল আছিল, আৰু সেই সময়ৰ পৰাই এই ধাৰা নিৰবচ্ছিন্নে বৈ আছে।

ইয়াৰ শিপাসমূহ আছিল বিশ্বজনীনতাৰ, সাৰ্বজনীনতাৰ স্বাদত আৰু দাৰ্শনিক ধাৰণাত, আৰু ইয়াৰ কাৰক এইটোও আছিল যে ফৰাচী মানুহে সদায়েই বিমূৰ্ততা আৰু পৰম চিন্তাৰ সোৱাদ ল’ব বিচাৰিছিল। এইটো অৱশ্যে ফ্ৰান্সৰ এটা দুৰ্বলতাও— ব্যৱহাৰিক আৰু বাস্তৱধৰ্মীতাৰ পৰিৱৰ্তে পৰম শ্ৰেষ্ঠটোৰ সন্ধান কৰাটো। কিছু ক্ষেত্ৰত ই খুৱ ভাল ফল দিছিল আৰু কিছুমান ক্ষেত্ৰত ভাল ফল দিয়া নাছিল।

আৰু সেইবাবে, ফৰাচীসকলে গোটেই জগতে কি কৰা উচিত তাক ক’ব বিচাৰে বাবে তেওঁলোকক সকলোৱে হাঁহেও। কিন্তু গণিত হ’ল কি কৰা উচিত তাৰ ভালটো বিচাৰি উলিওৱাৰ এটা মাধ্যমো। ফৰাচী বিপ্লৱৰ পিছত ফৰাচীসকলে ক’বলৈ ধৰিলে যে সকলোবিলাক পুনৰ্নিৰ্মাণ কৰা যাওক, আনকি আমাৰ জোখ-মাখৰ ধৰণবিলাকো সলনি কৰা যাওক...। তাৰেই ফলত তেওঁলোকে মিটাৰ (metre) উদ্ভাৱণ কৰিলে। মিটাৰ আছিল ফৰাচী বিপ্লৱে দিয়া এটা উদ্ভাৱণ। তেওঁলোকে কৈছিল, “ই সকলো মানুহৰ উদ্দেশ্যে বিশ্বজনীন হ’ব লাগিব। গতিকে আমি ইয়াৰ সংজ্ঞা সমগ্ৰ পৃথিৱীক ধৰি দিব লাগিব। আৰু ‘মিটাৰ’ৰ সংজ্ঞাটো ঠিক এনেকুৱা ধৰণৰ হ’ব যে পৃথিৱীৰ পৰিধিৰ এক চতুৰ্থাংশৰ এক কোটি ভাগৰ এভাগ।” তেওঁলোকে কৈছিল, “এইয়া সকলোৰে বাবে”, আৰু তেওঁলোকে সেয়া নিজে কৰি দেখুৱাব বিচাৰিছিল— “অন্য দেশলৈ চাই অপেক্ষা কৰিবলৈ নাই, আমি নিজেই আৰম্ভ কৰোঁ। এইটো কৰাটো আমাৰ অভিযান হিচাপে লওঁ...।” আৰু তেওঁলোকে সেইটো নিজে কৰি দেখুৱাই প্ৰতিষ্ঠা কৰিছিল। ইংৰাজসকল সিমান সন্তুষ্ট হোৱা নাছিল, আমেৰিকানসকল হোৱা নাছিল, কিন্তু শেষত মিটাৰে প্ৰতিষ্ঠা লাভ কৰিছিল, সকলোৱে তাক গ্ৰহণ কৰিবলৈ লৈছিল আৰু আনুষ্ঠানিকভাৱে অৱলম্বন কৰা হৈছিল; তেতিয়া মাথোঁ আমেৰিকা আৰু দুই-এখন দেশ ৰৈ গৈছিল।

পঠনীয়:  প্ৰেক্টিকেল, চেমিনাৰ, Assignment আদিৰ নম্বৰবোৰ শিক্ষক-অধ্যাপকৰ পৈতৃক সম্পত্তি নেকি?

কিন্তু ফৰাচীসকলে কিছুমান উন্মাদসদৃশ কামো কৰিছিল। দেশখনক বিভিন্ন অঞ্চলত ভাগ কৰাৰ ক্ষেত্ৰত বৰ্গাকৃতি কৰি সকলো ভাগ কৰিব বিচাৰিছিল। এইটো কিন্তু একদম চূড়ান্ত পৰ্যায় পাইছিলগৈ আচলতে। কিছুক্ষেত্ৰত আমি আনকি সময়ৰ জোখো সলাব বিচাৰিছিলোঁ। তেওঁলোকে কৈছিল, “এটা সপ্তাহ দহ দিনীয়া কৰা যাওক।” ফ্ৰান্সত এইটো কেইবাবছৰ কিছু ক্ষেত্ৰত কৰাও হৈছিল। আৰু আমি আনকি এটা দিন চৌব্বিছ ঘণ্টীয়া পৰিৱৰ্তে দহ ঘণ্টীয়া হিচাপতো লৈছিলোঁ। এইটো একদম কামত খটুৱাব পৰা নগৈছিল, অকণো জনপ্ৰিয় হোৱা নাছিল, আমি পুৰণি পদ্ধতিলৈ ঘূৰি যাব লগা হৈছিলোঁ। কিন্তু, আচল কথাটো হ’ল, আমাৰ এই সমস্ত প্ৰতিবন্ধকতা আৰু ভাল দিশেৰে সৈতে এইটো হ’ল ফ্ৰান্সৰ আদৰ্শ— যে চূড়ান্ত আৰু বিমূৰ্ত পৰ্যায়টোলৈকে আগবাঢ়ি যোৱা। ই গাণিতিক স্বাদৰ সৈতে খুৱ সুন্দৰকৈ চালিত হয়।

 

No Comments

Post A Comment