পূজাৰ বতৰত হঠাৎ মাছ বজাৰখনৰ নাম নিউয়ৰ্ক চহৰ বুলি ঘোষণা কৰি দিয়া হ’ল। হাফপেণ্ট আৰু হাৱাই চেণ্ডেল পিন্ধি সদায় গধূলি বজাৰলৈ যোৱা মানুহবোৰে কোট-টাই মাৰি বজাৰলৈ যোৱা আৰম্ভ কৰিলে। নিউয়ৰ্ক চহৰ চাবলৈ মহানগৰৰ পৰা টিভিৰ কেমেৰাসমূহ ঢপলিয়াই আহিল, “এইখনেই সেইখন, এইখনেই সেই নিউয়ৰ্ক চহৰ, আপোনাৰ...

বিহগী কবি, ধ্বনি কবি, অগ্নি কবি, গীতি কবি, বকুলবনৰ কবি, অতিন্দ্ৰীয়বাদী কবি, বনফুলৰ কবি, বিপ্লৱী কবি, নিজৰা কবি…… আগৰ দিনৰ কবিসকলৰ বহু সংখ্যকৰ এটা এটা এনেকুৱা পৰিচয় আছিল৷ তেওঁলোকে এটা বিশেষ ধাৰা সৃষ্টি কৰিছিল নতুবা এটা বিশেষ বিষয়বস্তুক প্ৰৱলভাৱে পৰিচিত কৰি তুলিছিল নতুবা আন কিবা...

দেউতাকে পুতেকক ক'লে - "ঐ তই অকণো পঢ়া-শুনা নকৰ, দিনৰ দিনটো এনেই বহি বহি কটাৱ, আগলৈ কি কৰি খাবি? কিবা এটা কৰাৰ কথা ভাব৷ যেনেতেনে এইবাৰ বিএ-টোকে ছিং৷" পুতেকে উত্তৰ দিলে - "মই আগলৈ চিনেমা বানাম৷ এনেই পঢ়িবলৈ মোৰ মন নাই, পৰীক্ষা-চৰীক্ষা নিদিওঁ৷" দেউতাক চক খাই উঠিল...

(১) মাজে মাজে মোৰ ধৰ্মগুৰু হ'বলৈ মন যায়৷ এটা সম্পূৰ্ণ নতুন ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ মন যায়, যি ধৰ্মত বিশ্বাসী মানুহে কেতিয়াও বগৰি নাখাব৷ আৰু আনে বগৰি খোৱা দেখিলে তেওঁলোকে অনুভূতিত আঘাত পাব৷ বগৰি গছবোৰ তেওঁলোকে ডাঙৰ আঠুৱা দি ঘেৰি ৰাখিব৷ বগৰি গছৰ গুৰিত তেওঁলোক দিনটোত তিনিবাৰ মূৰ লগাব৷...

ষ্টাফ ৰিপ’ৰ্টাৰ, অসম-সংবাদ, গুৱাহাটী, ৫ অক্টোৱৰ, গধূলি ৮ বজা : আজি দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ মাজ-মজিয়াত বৰপীৰা পাৰি বিশ্বৰ প্ৰথমখন পচলা ফেষ্টিভেল অনুষ্ঠিত কৰা হয়। ফেষ্টিভেলখন উদ্বোধন কৰে আমাৰ “অসম-সংবাদ” কাকতৰ নামত জ্যেষ্ঠ কিন্তু বয়সত কনিষ্ঠ তথা অনভিজ্ঞ সাংবাদিক বাতিৰাম বশিষ্টই। বাতিৰাম বশিষ্টৰ বিশেষ পৰিচয় হ’ল—...

প্ৰতিবাদ নামৰ ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছোঁ মইয়ো মাৰ্কেটিঙৰ বাবে চলন্ত ৰেলত এটা মল্লযুঁজেই যথেষ্ঠ আজিকালি গাহৰিবোৰে মূৰে মূৰে খুন্দিয়াই মৃত্যু বৰণ কৰিলেও এটাই আনটোক শ্বহীদ ঘোষণা কৰে "শ্বহীদ প্ৰণামো তোমাক শ্বহীদ প্ৰণামো তোমাক"। নাই নাই, গাহৰিবোৰে এনে নকৰে, কাৰণ সিহঁত গাহৰি৷ যি কি নহওক, প্ৰতিবাদৰ প্ৰথম আৰু দ্বিতীয় টপিক দুটা ফ'ল্ডাৰত মজুত...