এইবাৰৰ নিৰ্বাচনত C P আখৰে আৰম্ভ হোৱা দলৰ প্ৰাৰ্থীসকল আৰু আটাইতকৈ উচ্চ-শিক্ষিত প্ৰাৰ্থীজনে লাভ কৰা ভোটৰ পৰিমাণ

এইবাৰৰ নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কত বহুদিনৰ পৰা যি পাঁচটামান কৌতুহল প্ৰধানকৈ আছিল তাৰে মাজৰ অন্যতম দুটা হ’ল—

১) চি পি আখৰ দুটাৰে আৰম্ভ হোৱা দলবোৰে কিমান ভোট পাব?? আৰু

২) অসমৰ আটাইতকৈ অধিক উচ্চ-শিক্ষিত প্ৰাৰ্থী, সাংঘাটিক চোকা, এইবাৰৰ আটাইতকৈ চোকা বিধায়ক-প্ৰাৰ্থীজন বুলি ক’ব পৰা ব্যক্তিজনে কিমান ভোট পাব??

এই আটাইতকৈ চোকা বা ভাল প্ৰাৰ্থীজনৰ কথা প্ৰায় সকলোৰে দৰে মোৰো মনলৈ নাহিলহেঁতেন, যদিহে এটা লেখাত— কেৱল মাথোঁ এটা লেখাত তেওঁৰ বিষয়ে নিৰ্বাচনৰ পূৰ্বে পঢ়ি তেওঁৰ নামটো পুনৰ মনত সোমাই নগ’লহেঁতেন! সেই লেখাটোতো একেটা কথাই কোৱা হৈছিল— মানুহবিলাকে কৈ থাকে যে আমাৰ ৰাজনীতিত ভাল প্ৰাৰ্থী নাথাকে, কিন্তু ইমান ভাল প্ৰাৰ্থী এজনৰ বিষয়ে কোনেও আলোচনাই কৰা নাই, তেওঁৰ বিষয়ে কোনো বিশ্লেষণেই কোনেও লিখা নাই, কোনো নিউজ চেনেলটো তেওঁক একেবাৰে দেখা নাই আৰু সহজেই অনুমান কৰিব পাৰি তেওঁ সমুলি ভোট নাপায়। প্ৰাৰ্থীজন ছেইণ্ট ষ্টিফেনছ কলেজৰ ইংৰাজী বিভাগৰ স্নাতক, আইআইএম আহমেদাবাদৰ মেনেজমেণ্টৰ ডিগ্ৰীধাৰী, লণ্ডন স্কুল অৱ ইক’নমিকছৰ প্ৰাক্তণ ছাত্ৰ, য়েল বিশ্ববিদ্যালয়ে ২০১৩ চনত বিশ্বৰ মাত্ৰ ১৮জন ছাত্ৰক প্ৰদান কৰা কিবা এক Fellowship নে কিবা এটাত তেওঁ সমগ্ৰ ভাৰতৰ পৰা কেৱল এজন হিচাপে নিৰ্বাচিত। ইফালে তেওঁ এজন ভাল মানুহ; নাই কোনো বদনাম, কোনো গুণ্ডাগিৰি নাই, কেলেংকাৰীৰ কোনো চেকা নাই, কাকো অন্যায় কৰাৰ খবৰ নাই। আনহাতে, তেওঁ উঠিছে যোৰহাট সমষ্টিৰ পৰা। অসমৰ সাক্ষৰতাৰ হাৰ প্ৰায় ৮০ শতাংশ, আৰু গোটেই জিলাসমূহৰ ভিতৰত সম্ভৱতঃ যোৰহাটৰে সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি, প্ৰায় ৯০ শতাংশ। কেৰেলাৰ সাক্ষৰতাৰ হাৰতকৈ ই কেৱল দুই-তিনি শতাংশ কম। অৰ্থাৎ তেওঁৰ শিক্ষাৰ মূল কোনেও নুবুজাকৈ থকা নাই। কিন্তু তেওঁ ভোট পালে কিমান?? যদি কম পালে, কিয় পালে?? তেওঁক কোনেও ভোট নিদিলে কিয়?

সেই প্ৰাৰ্থীজন হ’ল প্ৰদ্যুৎ বৰা। তেওঁৰ কথালৈ যোৱাৰ আগতে চি পি আখৰেৰে আৰম্ভ হোৱা দলৰ কথা চাওঁ আহক। মাথোঁ কেইটামান সমষ্টিতহে এই প্ৰাৰ্থীসমূহে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু তৃতীয় স্থানত কেনেদৰে আছে সেইটো দেখি এটা কাহিনী মনত পৰিছে। সৰুতে মোতকৈ ডাঙৰ চিনাকী-সম্পৰ্কীয় নৱম-দশম শ্ৰেণীত থকা ছোৱালী এজনীয়ে এদিন খুৱ ফুৰ্টিৰে আৰু একদম গৰ্বৰে মোক কৈ আছিল— “আমাৰ, ৰোল নম্বৰ ১ত থকা ছোৱালীজনীয়ে ইমান বাহাদুৰি দেখুৱায়। তাইহে যেন সব জানে। আমি একো যেন নাজানোৱেই তেনেকুৱা দেখুৱায়। এতিয়া লাজটো পাইছে নহয় আজি। মই ইংৰাজীত হায়েষ্ট মাৰ্ক পাই দেখাই দিলোঁ! . . .”

মই সুধিলোঁ— “তুমি কিমান পালা? আৰু সিজনী ছোৱালীয়ে কিমান পালে?” ছোৱালীজনীয়ে ক’লে— তাই ১৬ পাইছে, আৰু ১নম্বৰৰ জনীয়ে ১৫ পাইছে। গতিকে তাইৰ ফুৰ্টি। নম্বৰটো কিমানৰ ভিতৰত আছিল? উত্তৰটো আপোনালোকে অনুমান কৰিছে নিশ্চয়? মুঠ নম্বৰ আছিল ১০০।

সেই তৃতীয় স্থান যিকেইজনে পাবলৈ সক্ষম হৈছে তেওঁলোকে বাকী ওপৰৰ দুজনৰ তুলনাত পোৱা মুঠ ভোটৰ পৰিমাণ মোটামুটিভাৱে এনেধৰণৰ—

শিলচৰত প্ৰথম স্থানত থকাজনে পাইছে প্ৰায় ৯৫০০০, দ্বিতীয়জনে পাইছে প্ৰায় ৫৫,০০০, আৰু তৃতীয়জনে পাইছে ১৯০০তকৈ কিছু অধিক। ১৯ হাজাৰ নহয়, ১৯ শ। প্ৰায় দুহাজাৰ।

তেনেদৰে, চতিয়াত ক্ৰমে প্ৰায় ৬০০০০, ৫৯০০০ আৰু ৫০০০।

খুমটাইত ৫৮ হাজাৰ, ৪১ হাজাৰ, ২ হাজাৰ।

তিতাবৰত ৬১ হাজাৰ, ৪৩ হাজাৰ, ২ হাজাৰ।

খাওলাত ৪২ হাজাৰ, ৪০ হাজাৰ, ২ হাজাৰ।

বিহালীত ৫২ হাজাৰ, ২৯ হাজাৰ, ৮ হাজাৰ।

নাজিৰাত ৫৩ হাজাৰ, ৩৮ হাজাৰ, ৫ হাজাৰ।

ঢকুৱাখানাত ৮২ হাজাৰ, ৫৭ হাজাৰ, ২ হাজাৰ।

মৰাণত ৫৫ হাজাৰ, ৩৮ হাজাৰ, ২ হাজাৰ।

ডিব্ৰুগড়ত ৬৪ হাজাৰ, ৩৭ হাজাৰ, ১ হাজাৰ।

লাহোৱাত ৫৯ হাজাৰ, ৩৯ হাজাৰ, ৩ হাজাৰ।

নাহৰকটীয়াত ৪৬ হাজাৰ, ৪৩ হাজাৰ, ৪ হাজাৰ।

চাবুৱাত ৬৯ হাজাৰ, ৩৯ হাজাৰ, ৩ হাজাৰ।

মৰিগাওঁত ৮১ হাজাৰ, ৫১ হাজাৰ, ৫ হাজাৰ।

যোৰহাটত ৬৯ হাজাৰ, ৫৬ হাজাৰ, ২ হাজাৰ।

আৰু এটা সমষ্টি বাকী ৰৈ গৈছে। সেইটো আমি একেবাৰে শেষত চাম।

এতিয়া, যোৰহাটৰ ২ হাজাৰ বুলি কোৱা পৰিমাণটো আচলতে ১৫৪৯হে। আৰু প্ৰদ্যুত বৰা সেই তিনিটা স্থানত নাই। অৰ্থাৎ তেওঁ লাভ কৰা ভোটৰ পৰিমাণ দেখাতেই ১৫৪৯তকৈ কম!! লাখৰো অধিক ভোটদাতা থকা সমষ্টিটোত, ইফালে শিক্ষিত হাৰ আটাইতকৈ বেছি জিলাখনত তেওঁৰ দৰে এজন প্ৰাৰ্থীয়ে মাথোঁ ১৫০০ বা তাতকৈ কম ভোট পোৱাটো উচিত আছিল নে??

শোচনীয় পৰাজয়ৰ মুখামুখি হোৱা প্ৰাৰ্থীসকললৈ চালে দেখা যায়, সকলো কামতেই নিজৰ কিছুমান বিশেষ গুণৰ ওপৰত জনসাধাৰণৰ ওচৰত বিশ্বাস জন্মাব পাৰিব লাগিব, কেৱল শৈক্ষিক উচ্চতম স্থানেই ৰাইজৰ কামত একমাত্ৰ গুৰুত্ব হৈ নুঠে। সাধাৰণতে ৰাজ্যখনৰ বিপদ একোটা পটককৈ নাহে, কিন্তু এজন ৰাজনৈতিক নেতা হিচাপে জনসাধাৰণৰ মাজত এটা বিশ্বাস জন্মাব পাৰিব লাগিব যে অকস্মাতে যিকোনো এটা বিপদ হ’লে সেই ব্যক্তিজনে ৰিস্ক ল’ব পাৰিব, তেতিয়াহে নেতা হিচাপে মানিবলৈ জনসাধাৰণৰ মন প্ৰস্তুত হ’ব। ৰাজনীতি হ’ল এটা টীমৱৰ্ক, পৰস্পৰৰ জেদ-ঈৰ্ষাৰ মাজত থাকিও দলে-বলে আগবাঢ়িব লাগিব কামত। তেওঁলোকে উচাত মাৰি বাহিৰ হৈ নীতিবান দেখুৱালেই নহ’ব, তেওঁলোকে এটা গ্ৰুপত কাম কৰি দেখুৱাব পৰাৰ বিশ্বাসটো ৰাইজক দেখুৱাব পাৰিব লাগিব। কেতিয়াবা আদৰ্শৰ সংঘাত হ’লেও নিজৰ উদ্যম, সৌজন্য, কৰ্মতৎপৰতা আদি গুণৰ জৰিয়তে নিজৰ পৰ্যাপ্ত অনুৰাগী থকাটো বাকী ৰাইজকো দেখুৱাব পৰাৰ গুণ থাকিব লাগিব, যাতে সেই গুণে তেওঁৰ প্ৰতি আৰু অধিক মানুহক চুম্বকৰ দৰে আকৰ্ষণ কৰি লৈ যায়।

আনহাতে, নিজৰ দলটো বেয়াকৈ হাৰণ খালে ৰাইজক অজ্ঞানী, মুৰ্খ, নিজেই কি কৰিছে নাজানে আদি ধৰণে ক’ব বিচৰাসকলে— আচলতে এইটো কৰে প্ৰধানকৈ দলীয় কৰ্মী কিছুমানে বা দলত নাথাকি বাহিৰৰ পৰা আকুল হৈ থকা “বৌদ্ধিক” বিশ্লেষকখিনিয়ে— তেওঁলোকে তেনে কথা কোৱাৰ পৰিৱৰ্তে নিজক নায়ক হিচাপে আনে ভাবিবলৈ আগ্ৰহ জন্মাব পাৰিব লাগিব। মতগৰ্বী, অজীনপাতকী হৈ দেখুৱাই ক্ষন্তেক মুহূৰ্তৰ বাবে নিজক ডাঙৰ বুলি অনুভৱ কৰিব আপুনি পাৰিব, কিন্তু আপুনি আনৰ ওচৰত ক্ৰমে এলাগিয়েই হৈ পৰিব; কাৰণ ৰাইজক যিমানেই অজ্ঞানী বা মুৰ্খ বুলি ক’ব নিবিচাৰক কিয় কোনোবা এজন মনিষীয়ে কোৱা এষাৰ কথা খুৱ সঠিক যে— আমি ডাঙৰ ডাঙৰ পণ্ডিতৰ কিতাপ বা কথাত যিমান জ্ঞানগৰ্ভ কথা শুনিবলৈ পাওঁ তাতকৈ জীৱনত ঠেকি শিকি খাই-বৈ থকা সেই অজ্ঞানী-মুৰ্খ বুলি আপুনি ভবা মানুহখিনিয়েই বহু জ্ঞানগৰ্ভ কথা নিজৰ উপলব্ধিৰে কৈ দিব পাৰে কেতিয়াবা, যিখিনি আপোনাৰ মগজে ঢুকিয়েই পোৱা নাছিল তাৰ পূৰ্বে।

এতিয়া আহোঁ বাকী ৰৈ যোৱা সেই সমষ্টিটোলৈ। সৰভোগত প্ৰথম, দ্বিতীয়, তৃতীয় স্থানৰ ভোটৰ পৰিমাণ ক্ৰমে— ৫৬ হাজাৰ, ৩৭ হাজাৰ, ৩০ হাজাৰ। মাথোঁ এটা সমষ্টিতেই চি পি আখৰেৰে আৰম্ভ হোৱা দলৰ প্ৰাৰ্থীয়ে ইমান ভোট, ৩০ হাজাৰ, পাবলৈ সক্ষম হৈছে। প্ৰাৰ্থীজনৰ নিশ্চয় কিবা বিশেষ গুণ আছে। নাজানোঁ। ৰাইজে আলোচনা কৰিব পাৰে . . .।

No Comments

Post A Comment