শিক্ষিতসকলৰ অজুহাত আৰু স্বীকৃতি

শিক্ষিতসকলৰ এটা অতি ডাঙৰ চাৰিত্ৰিক দুৰ্বলতা আছে। ধৰক, এজন শিক্ষিত ব্যক্তিয়ে সপ্তাহত পাঁচখন কিতাপ পঢ়ে, পাঁচখন আলোচনী পঢ়ে, আৰু দহখন চিনেমা চায়। এইয়া কোনো বেয়া কথা নহয়। কিন্তু সততে দেখা যায়, যদি সপ্তাহটোত তেওঁ কৰিব লগা অন্য কোনো এটা কাম কৰি উঠিব নোৱাৰে তেন্তে তেওঁ কয়— “সেই কিতাপকেইখন পঢ়িব লগা হৈছিল আচলতে। সেইকাৰণে একেবাৰে সময় নাপালোঁ, কামটো কৰা নহ’ল।” কিন্তু তেওঁ কেতিয়াও নকয়— “সপ্তাহটোত দহখন চিনেমা চোৱাৰ বাবেহে মোৰ কামটো কৰা নহ’ল।” তুলনাতো কেৱল এনে ক্ষেত্ৰতেই নহয়। আমি গভীৰ মনোযোগ দিলেহে বুজি পাব পৰা কেইখনমান কিতাপ যদি সপ্তাহটোত পঢ়ো আৰু সেই সপ্তাহটোত সম পৰিমাণেই যদি কিছুমান সাধাৰণ গল্প-গুজবো পঢ়ো, তেন্তে অজুহাত দিবলৈ আমি সেই গভীৰ মনোযোগ দিব লগা হোৱা গ্ৰন্থকেইখনৰ কথাহে উল্লেখ কৰোঁ, গল্প-গুজববোৰ পঢ়ি সময় পাৰ কৰাৰ কথাটো তেতিয়া উল্লেখ নকৰোঁ। বৈদ্যুতিন ব্যৱস্থাসমূহে সাংঘাটিক ত্বৰান্বিত গতিত নতুনত্ব আহৰণ কৰিবলৈ লোৱাৰ লগে লগে এই গল্প-গুজবৰ লগত আন এটা বস্তু যোগ হৈছে। সেইটো হৈছে— মন্তব্যৰ ভীৰ। এই ভীৰত সংবেদনশীল কলাবিদ বা কলা-ৰসিকৰ গভীৰতাপূৰ্ণ বক্তব্যতকৈ যাদুগৃহৰ অল্পমতি ৰখীয়াই কোনো বিৰক্তিত আক্ৰান্ত হৈ শিল্প সম্পৰ্কে, থাউনি পোৱা ঠাইতে গা হাওলাই ডুবি থাকি সাগৰ তলিত থকাৰ দৰে কৰিব বিচৰা নিনাদ ধৰণৰ মন্তব্যৰ প্ৰাচুৰ্য বেছি। ইয়াৰ স্বাদ অতিশয় নিচাযুক্ত আৰু ইয়াৰ ক্ৰিয়াবোৰ সংক্ৰামক। সেইবাবে আজি আমাৰ চাৰিওকাষে অলপমান গভীৰভাৱে মন কৰিলেই আমি দেখা পাওঁ, আমি লগ পোৱাসকলৰ প্ৰায় ৯৯ শতাংশৰে মুখবোৰ এনে অজুহাতেৰে ভৰপূৰ।

বাৰ্ট্ৰাণ্ড ৰাছেলে কৈ গৈছিল— “চলিত বিতৰ্ক একোটাৰ উষ্মা প্ৰশমন কৰাটোৱেই শিক্ষকৰ একমাত্ৰ কৰ্তব্য নহয়। ইয়াতকৈও অধিক ইতিবাচক কৰ্ম তেওঁৰ কৰিব লগা থাকে, আৰু সেইবোৰ সম্পাদন কৰাৰ বাবে অন্তৰত প্ৰবৃত্তি নাথাকিলে তেওঁ এগৰাকী মহৎ শিক্ষক হ’ব নোৱাৰে।” যদিও ৰাছেলে ইয়াত শিক্ষকৰ কথাহে কৈছে, তথাপি প্ৰতিজন শিক্ষিত ব্যক্তিয়েই— তেওঁ লাগিলে বৰ্তমান কেৱল উচ্চ মাধ্যমিক উত্তীৰ্ণই হওক বা পোষ্ট-ডক্টৰেট ডিগ্ৰীধাৰীয়েই হওক বা ইতিমধ্যে বহু কৃতিত্বৰ অধিকাৰী বিজ্ঞানী-সাহিত্যিক-অভিযন্তা-চিকিৎসক-খেলুৱৈ-সমাজ বিজ্ঞানীয়েই হওক, প্ৰত্যেকেই এই কথাষাৰত নিজক অন্তৰ্ভুক্ত কৰি লোৱা উচিত। কাৰণ, সৰুতে যেনেকৈ আমি সমাজলৈ চাইছিলোঁ, এতিয়া সমাজে তেনেকৈয়ে আমালৈ চাই; কৌতূহলেৰে, আগ্ৰহেৰে, শিক্ষক হিচাপে। এই কথাতো আমাৰ শিক্ষিত সমাজে ইমানেই উপেক্ষা কৰে যে, উষ্মা প্ৰশমন কৰি ইতিবাচক কৰ্মত জড়িত হোৱাটো বাদেই, প্ৰায় সংখ্যকে উষ্মা প্ৰশমনতকৈ উষ্মা প্ৰদৰ্শনতহে হাত উজান দিয়ে। আমাৰ জাতিটো পিছ পৰি থকাৰ মূল কাৰণ এইটোৱেই। এই প্ৰদৰ্শনৰ পৰা যিমান অধিক সংখ্যক ব্যক্তি মুক্ত হ’ব পাৰে সিমানেই আমাৰ জাতিটোৰ মঙ্গল। আৰু যিসকল ইয়াৰ পৰা মুক্ত হৈ আছে, তেওঁলোকে এইসকলকো মুক্ত কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাব লাগে; আৰু সেই প্ৰচেষ্টাই হোৱা উচিত তেওঁলোকৰ প্ৰেৰণা। এইখিনিতে আন এক শ্ৰেণী শিক্ষিত মানুহ দেখা পোৱা যায়, যিসকল সম্পূৰ্ণৰূপে নিমাত, শীতল। তেওঁলোকে আৰ্জিত জ্ঞান বিয়পাই দিয়াত আৰু অন্তঃস্থ সৃষ্টিশীল আৱেগক প্ৰকাশ কৰাত সামান্যও গুৰুত্ব নিদিয়ে। তেওঁলোকে অজুহাত দিয়ে— আমাৰ সেই যোগ্যতা নাই। তেওঁলোকৰ শীতলতাই আচলতে পৰোক্ষভাৱে নহয়, প্ৰত্যক্ষভাৱেই হুলস্থূলবাদী আৰু মন্তব্যৰ ভীৰত উন্মাদ হৈ থকাসকলক উৎসাহ যোগায় থাকে।

ডাঙৰক দেখি দেখি বা ঢুকি নোপোৱা স্থানত থকা হেঁপাহৰ বস্তুটো সংগ্ৰহ কৰিবলৈ বহা-চোঁচৰা অৱস্থাত থকা শিশুটিয়ে যেতিয়া থিয়দঙা দিবলৈ বা খোজ কাঢ়িবলৈ বাৰে বাৰে চেষ্টা কৰি সৰি সৰি পৰে, সেই অৱস্থাৰ পৰাই এজন মানুহক প্ৰশংসা কৰাৰ আৰু আত্মবিশ্বাস জগাই তোলাৰ প্ৰয়োজন হৈ পৰে। আৰু সেই অৱস্থাৰ পৰাই লাহে লাহে, আনৰ দৰে বা আনতকৈ নিজকে ভাল বুলি জনাৰ আৰু আনক দেখুওৱাৰ আগ্ৰহ মানুহৰ মনত গঢ় লৈ উঠে। শিশুৰ পৰা বুঢ়াৰ লৈকে সকলো পৰ্যায়ৰ ব্যক্তিৰেই প্ৰশংসা শুনাৰ হাবিয়াস থাকে। যেতিয়া এটা জাতিৰ অধিক সংখ্যক মানুহৰ মূল্যবোধ কম হয় আৰু তেওঁলোকে আনৰ বিবেচনাৰে সততে চলিবলৈ লয়, তেতিয়া নিজকে আনতকৈ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ সেইসকল ব্যক্তিয়ে লোৱা পদ্ধতিবোৰ হাস্যকৰ হৈ পৰে। এনে এটা দিশ দেখা পোৱা যায় ছাত্ৰ সংগঠনবোৰত। এটা অঞ্চলৰ ছাত্ৰ এজনে যেতিয়া কৃতকাৰ্যতা অৰ্জন কৰিব নোৱাৰে, আৰু কোনো কামত জড়িত হ’বলৈয়ো এলাহ কৰে তেতিয়া তেনে বহুতে ছাত্ৰ সংগঠনত ভৰ্তি হ’বলৈ আগবাঢ়ি যায়, আৰু সংগঠনৰ বিষয়ববীয়াইয়ো জন-বল বঢ়াবলৈ তেওঁলোকক দলভুক্ত কৰি লয়। একো কাম নকৰাকৈয়ে, সমাজেও ভাবে যে তেওঁলোকে কিবা কৰি আছে। তেওঁলোকে ঘূৰিব পৰা, মিটিং কৰিব পৰা সকলো কাম কৰিবলৈ আগ্ৰহী, মাথোঁ পঢ়া-শুনাৰ লগত জড়িত কাম কৰিবলৈহে আগ্ৰহী নহয়। অথচ সংগঠনটোৰ সদস্য হোৱাৰ বাবেই, ‘মোৰো কিবা এটা আছে’ এই ভাবেৰে তেওঁলোক গৰ্বিত হৈ ৰৈ যায়। এইদৰে ধ্বংস হয় বহু মানৱ-সম্পদৰ, লগতে ইয়াৰ প্ৰভাৱ বহু স্তৰলৈকে বিয়পি যায়। সংগঠনবোৰৰ যিসকল উচ্চ শিক্ষিত, বিবেচনা আৰু মূল্যবোধ সম্পন্ন সদস্য বা বিষয়ববীয়া আছে, তেওঁলোকে তেওঁলোকৰ সংগঠনৰ এইধৰণৰ সদস্যসকলক শিক্ষা দিয়াৰ দৰকাৰ।

এনে আন এটা দিশ দেখা পোৱা যায় সংবাদ মাধ্যমত। যদি কোনোবাই এটা ভাল কাম কৰি থাকে, সেইটো তেওঁলোকৰ বাবে ভাল খবৰ নহ’বও পাৰে। কিন্তু একেটা কামেই যদি অ’ৰ-ত’ৰ কিবা পুৰস্কাৰ এটা সংগ্ৰহ কৰিব পাৰে তেন্তে সেই পুৰস্কাৰ পোৱাটো তেওঁলোকৰ বাবে হৈ পৰে দৰকাৰী খবৰ। আনৰ বিবেচনাৰে চলাৰ ই এক উদাহৰণ। এই মূল্যবোধহীনতা বিয়পি যায় সমাজলৈ। এনে কাৰণতে আজিকালি নিজেই পুৰস্কাৰৰ বাবে আৱেদন কৰিবলগীয়া ব্যৱস্থা একোটা প্ৰচলন হ’বলৈ ধৰিলে, য’ত নেকি পুৰস্কাৰ প্ৰদান সমিতিৰ সদস্যসকল নিজৰ জীৱিকাৰ ক্ষেত্ৰতখনত বিজ্ঞ হ’লেও সামগ্ৰিকভাৱে সেই পুৰস্কাৰটোৰ বাবে কাৰোবাক নিৰ্বাচন কৰিব আনিবলৈ তেওঁলোক সম্পূৰ্ণৰূপে মূঢ় বা তেওঁলোকৰ উপযুক্ত অধ্যয়নৰ অভাৱ। চৰকাৰী, বেচৰকাৰী দুয়োটাতে ইয়াৰ উদাহৰণ ওলাব। তাৰে এটা হ’ল কৃতী শিক্ষকৰ বঁটা। এনে এটা বঁটা পোৱা এজন শিক্ষকে কৈছিল, “চাৰে মোক ক’লে, এই চাৰ্টিফিকেট দুখনৰ কাৰণেই মোক বঁটাটো তেওঁলোকে দিবলৈ বাধ্য হ’ল। (কৌতুকৰ হাঁহি এটা মাৰি) পিচে এই দুখননো কি চাৰ্টিফিকেট হ’ল! সবেই ল’ব পাৰে!” সেই “চাৰ্টিফিকেট” দুখন আছিল— এখন ‘অসম সাহিত্য সভাৰ আজীৱন সদস্য’ৰ প্ৰমাণ-পত্ৰ আৰু আনখন ‘অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্য’ৰ প্ৰমাণ-পত্ৰ। তাৰ বাবে একো কৰিব নালাগে, ১০০০-৫০০ মানৰ এটা নিৰ্দিষ্ট পৰিমাণৰ ধন এবাৰ জমা দি সদস্যভুক্ত হৈ ল’লেই হ’ল। তাৰ পাছত আৰু একো কৰিবলগীয়া নাথাকে। সেই কথাটো সেই বিষয়াসকলে নাজানে, গতিকে সেই দুখনৰ মূল্য বহুত। আৰু নিষ্ঠাৱান শিক্ষকসকলৰ প্ৰায়ভাগেই নিজে বঁটাৰ বাবে আৱেদন কৰি কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফুৰিবলৈ ভাল নাপায়। সেইবাবে কৃতী শিক্ষকৰ বঁটা পোৱা শিক্ষকসকলৰ মাজত নিষ্ঠাৱান শিক্ষক কমেই থাকে বুলি অনুমান কৰিব পাৰি, আনকি কেতিয়াবা দুষ্কৃতিকাৰীও থকাহে দেখা পোৱা যায়। অসম সাহিত্য সভা আৰু অসম বিজ্ঞান সমিতিৰ দৰে অনুষ্ঠানেও এনেদৰে আওপকীয়াকৈ দুষ্কৃতিয়েই কৰি আছে বুলি ক’ব লাগিব, যদিও এই ক্ষেত্ৰত তেওঁলোকৰ উদ্দেশ্য তেনে নহ’ব পাৰে! কিন্তু কথাবোৰ ইমানতেই সীমাবদ্ধ নহয়।

একোটা অনুষ্ঠান তেতিয়াই ক্ষমতাশালী হৈ পৰে যেতিয়াই তেওঁলোকে আনক স্বীকৃতি দিব পাৰে আৰু আনে কি কৰিব তাৰ নিৰ্দেশনা দিব পাৰে। আনক স্বীকৃতি দিয়াৰ ক্ষমতা— ই এটা অতি ডাঙৰ ক্ষমতা! আজি অসম সাহিত্য সভাত দেখা যোৱা ক্ষমতাকেন্দ্ৰীক অৰিয়াঅৰি আৰু নেতৃত্বৰ বৌদ্ধিক অৱক্ষয়ৰ মূল কাৰণ, সভালৈ বৰঙণি হিচাপে আহি থকা পৰ্যাপ্ত ধন বুলি সকলোৱে ক’ব বিচাৰে। কিন্তু মূল কাৰণ সেইটো নহয়। মূল কাৰণটো হ’ল— এই স্বীকৃতি দিব পৰা, বঁটা, সন্মান দিব পৰাৰ ক্ষমতা আৰু কোনো কোনো অনুষ্ঠানে কোনো কোনো ক্ষেত্ৰত কি কৰিব লাগিব তাৰ নিৰ্দেশনা দিব পৰাৰ ক্ষমতা। ধনৰো আগমন ঘটে এনে ক্ষমতা থকাৰ কাৰণেই। আৰু এনে ক্ষমতাশালী অনুষ্ঠানত কোনো নেতৃত্ব প্ৰদানকাৰীয়ে অনুষ্ঠানটোক তেতিয়াই বিপথে পৰিচালিত কৰিব পাৰে যেতিয়াই তেওঁৰ লগত থাকে মূল্যবোধহীন এদল মানুহ। অসম সাহিত্য সভাৰ ক্ষেত্ৰতেই— এনেকুৱা শাখা সভাও দেখা পোৱা যায়, য’ত প্ৰায়বোৰ সদস্যই আন একো কৰিব নোৱাৰি বা কৰিব নিবিচাৰি, কিবা এটা ভাল কৰি আছোঁ যেন ৰূপ এটা প্ৰকাশ হোৱাৰ বাবে শাখা সভাটিত জড়িত হৈ লয়। ইয়াৰ জৰিয়তে বহুতো সুবিধা আৰু সন্মানো পায়। এওঁলোকেও সকলো কৰিবলৈ আগ্ৰহী, কিন্তু সকলো আগ্ৰহৰ স্তৰতেই থাকি যায় আৰু বছৰত অসমীয়া সাহিত্যৰ পাঁচখনো কিতাপ এওঁলোকে মোকোলাই নাচায়।

গতিকে মূল্যবোধ সম্পন্ন সমাজ এখন গঢ়ি তুলিবলৈ এনেধৰণৰ স্বীকৃতিবোৰক উপেক্ষা কৰা প্ৰয়োজন, আৰু এনে কোনো স্বীকৃতিৰ অবিহনেই মানুহৰ গুণ, কৰ্ম আৰু শিল্পসমূহৰ মূল্য উপলব্ধি কৰিবৰ বাবে যোগ্য হ’বলৈ সকলোৱে যত্ন কৰা প্ৰয়োজন। এইসমূহ কথা বিবেচনা কৰোঁতেই আমাৰ মনলৈ আহিব লগা গভীৰ আত্মবিশ্লেষণে কৈ উঠিব শিক্ষিতসকলৰ নিজৰ প্ৰকৃত সামৰ্থ্যৰ কথা। সেই সামৰ্থ্য কথা তেওঁলোকৰ অন্তৰতেই বৈ আছে অন্তঃসলিলাৰ দৰে।

No Comments

Post A Comment