তুমি

► পক্ষীয়ে কি উদ্দেশ্যেৰে মাতিছে বুজি নাপালেও শুনি ভাল লগাৰ দৰে, তুমি কি উদ্দেশ্যেৰে হাঁহিছা বুজি নাপালেও তোমাৰ মুখৰ হাঁহি দেখি বহুত ভাল লাগে।

 

► মানুহবোৰে কৈছিল, মোৰ জপৰা চুলিত এদিন কাউৰীয়ে বাহ সাজিব বুলি

কিন্তু কাউৰীয়ে চোন বাহ নাসাজিলে,

বাহ সাজিলে তোমাৰ হাতৰ লিহিৰি আঙুলিয়েহে৷

 

► যিদিনা তোমাৰ দুপাৰি দাঁতৰ অন্তিম দাঁতটো সৰিব, সেইদিনাও তোমাৰ অভিমানবোৰ আজিৰ দৰেই একেই থাকিবনে?

পঠনীয়:  জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ
No Comments

Post A Comment