এন্ধাৰ হ’ব নোৱাৰোঁ
সম্ভৱতঃ মোৰ আটাইতকৈ প্ৰিয় জুবিন গাৰ্গৰ কণ্ঠৰ গীত দুটা হৈছে— ‘জোনাক গলা জাৰৰ নিশা’ আৰু ‘এন্ধাৰ হ’ব নোৱাৰোঁ’। গীত দুটা সদায়েই গুণগুণাই নাথাকিলেও নিজে নিজে কেতিয়াবা মুখেৰে ওলাই আহে। আৰু কেতিয়াবা নিৰলে শুনি খুৱ ভাল লাগে। তেনেকৈ শুনিবলৈ কেতিয়াবা মনৰ পৰা নিজে নিজে আহি যায় আকুল আহ্বান। আৰু শুনাৰ লগে লগে মনৰ সকলো অৱসাদ বা কষ্ট আঁতৰি ন উদ্যম আহি যায়।
এই দুয়োটা গীত লাখ লাখ মানুহৰ প্ৰিয়। কিমানে কতবাৰ গীত দুটা গাইছে তাৰ হিচাপ নোলাব। কিন্তু গীত দুটা বিশ্লেষণ কৰিবলৈ ল’লে থ’মকি ৰ’ব লগা হয়। জুবিন গাৰ্গৰ গীতত এই এটা সমস্যা প্ৰায়েই থাকে। তেওঁৰ একেটা গীততে ভাবৰ ইমান সাল-সলনি ঘটে যে গোটেই গীতটো বিশ্লেষণ কৰিবলৈ মানুহে অসুবিধা পায়। আৰু জুবিন গাৰ্গৰ এটা মহত্বও এইটোৱেই যে, গোটেই গীতটোৱে কি বুজাইছে-নুবুজাইছে সেয়া প্ৰাসংগিক হৈ নপৰে, তাৰে মাজত থকা এটা এটা অংশৰে শত সহস্ৰ মানুহক তেওঁ উদ্বেলিত কৰি ৰাখে, অনুপ্ৰেৰণা যোগাই ৰাখে। ‘জোনাক গলা জাৰৰ নিশা’ গীতটো জুবিন গাৰ্গৰ দেউতাক কপিল ঠাকুৰে লিখা যদিও এইটোৰ ক্ষেত্ৰতো একেই কাহিনী দেখা যায়।
‘জোনাক গলা জাৰৰ নিশা’ গীতটোৰ এই অংশবোৰ যদি চাওঁ—
“গলি গলি প্ৰতি দিনে
পলে পলে জীৱন বলে
ক’তনো বিচাৰিবি কৰুণাৰ হাত
বিচাৰি ফুৰিম প্ৰতিদিন
প্ৰতিদিন
মই ভগৰা নাই
জীৱন হেৰোৱা নাই”
কৰুণাৰ হাতখন বিচাৰি নাপালেও আমি বিচাৰিয়েই ফুৰিম প্ৰতিদিন। তথাপি আমি ভাগৰা নাই। তথাপি আমি জীৱনৰ পৰা আঁতৰি নাযাওঁ। আমি অন্বেষণতে থাকিম। এই কৰুণাৰ হাতখন যিকোনো সুন্দৰৰ হ’ব পাৰে। ইয়াত সুন্দৰ মানে সেই ‘সুন্দৰৰ আৰাধনা জীৱনৰ খেল’ৰ সুন্দৰৰ দৰে। জীৱনৰ ইয়াতকৈ ডাঙৰ আশাবাদ আৰু কি থাকিব পাৰে!
ইয়াৰে আন এটি অংশ—
“মৰম-চেনেহ তেনেই তাকৰ
নীলিম তোমাৰ চকুৰ বাখৰ
পোহৰাবানে আহি খিৰিকীমুখৰ
সাঁজৰ তৰাটি হৈ”
ইয়াৰো ব্যাখ্যা বৰ এটা কঠিন নহ’ব। কিন্তু, বহু মানুহে প্ৰথমেই উজুটি খায় যে ‘জোনাক গলা জাৰৰ নিশা’ মানেনো কি? কিন্তু মোৰ দৰে শ্ৰোতাৰ বাবে এই চাৰিটা মাথোঁ শব্দৰ বাক্যটোৱেই এখন সুন্দৰ চিত্ৰ আঁকি দিয়ে। যেন এখন বিশাল আৰু নিখুঁত পেইণ্টিং আহি নিচেই সমুখতে উপস্থিত হয়হি, যাৰে এটা অংশ শ্ৰোতাগৰাকী নিজেও হৈ পৰে।
বাক্যটোৱে মোৰ মনলৈ কেতিয়াবা আনি দিয়ে— প্ৰাকৃতিক সৌন্দৰ্য আৰু মানৱিক কাৰুকাৰ্যৰ অপূৰ্ব সমাহাৰেৰে ভৰপুৰ এখন চহৰৰ কল্পনা। য’ত আমি সকলো নিঃসংগ। য’ত আমি সাধনা কৰোঁ। কিন্তু আমি কোনো সংগ নাপাওঁ। য’ত খিৰিকী মেলিলেই কুঁৱলীবোৰ হুৰমূৰকৈ সোমাই আহি দুগালত স্পৰ্শ কৰি মৰমৰ আতিশয্য চলোৱাত লাগে। আৰু বাহিৰত মায়াময় জোনাক। ডাৱৰৰ কোনো অস্তিত্ব নাই৷ বলি থকা মৃদু বতাহজাকে কুঁৱলীজাকক যেন আলফুলে ইফাল-সিফাল কৰি নিচুকাই ৰাখে৷ দুটামান দালান সৰকি কুঁৱলীত কম্পমান হৈ জোনটো শ্ৰোতাৰ সমুখতে পৰেহি, যেন সদ্য প্ৰসৱিত শিশু এটাই কাৰোবাৰ পৰা উম বিচাৰি ইমান যে আবেদন জনাইছে! তাৰে ওচৰতে তিৰবিৰাই থকা তৰা দুটা যেন এগৰাকী ধাইৰ দুচকু৷ এনেকুৱা লাগে যেন জোনটোৰ পৰাই থোপা-থোপে তললৈ বিয়পি পৰিছে কুঁৱলীবোৰ৷ কুঁৱলী নহয় যেন জোনাকৰহে থোপা, শীত সহ্য কৰিব নোৱাৰি গলি গলি বিয়পি আহিছে, আৰু সৰকি গৈছে অন্তৰ ভেদি৷
এনে দৃশ্যৰ আমি প্ৰায়ে মুখামুখি হওঁ বাস্তৱতো। আৰু তেতিয়া মোৰ মুখেৰে আপোনা-আপুনি ওলাই আহে— ‘জোনাক গলা জাৰৰ নিশা…’
‘এন্ধাৰ হ’ব নোৱাৰোঁ’ গীতটোৰো এই অংশবোৰ কিমান শক্তিশালী চাবচোন—
“পাখি মেলি সপোনে
আগচিলে’ জীৱনক
কোনোবা দৰদী
আকাশৰ নীলিমাতে”
আৰু
“সঁচা-মিছাৰ সোঁমাজত
সাঁতুৰিছোঁ যদিও
খেদি খেদি সপোনে
মিঠা চুমা যাচে”
আমি সচেতনে নাভাবিলেও কেতিয়াবা আমাৰ মনলৈ নিজে নিজে সপোন আহে। বহুলোকক সপোনে খেদি ফুৰে। ই সচৰাচৰ চৰ্চিত কথা এটাৰ সম্পূৰ্ণ ওলোটা দিশটো বুজাইছে। “আমি সপোন দেখোঁ”, “আমি সপোন দেখিব লাগে” — ই সেই কথা বুজোৱা নাই। ইয়াত সপোনে নিজেই আহি থিতাপি লোৱাৰ কথা কৈছে। নতুন কিবা ভাৱনা বা পৰিকল্পনা সময়ে সময়ে স্বতঃফূৰ্তভাৱে আহে আমাৰ মনলৈ। স্বতঃপ্ৰবৃত্তভাৱে আহে। প্ৰাণপ্ৰাচুৰ্য লৈ সেইখিনি আমি কিমান উদযাপন কৰিব পাৰিছোঁ বা সম্পাদন কৰিব পাৰিছোঁ! ই ইতিবাচক এক দৃষ্টিভংগী। সেইবাবেই গীতটোৱে বিমল আনন্দ আৰু স্বপ্ন দিব পাৰে শ্ৰোতাৰ মনত।
কিন্তু,
“এন্ধাৰ হ’ব নোৱাৰোঁ
মচি দিব নোখোজোঁ
পাখি মেলা অতীতক
কিদৰে পাহৰোঁ”
মানে কি? ইয়াৰ অৰ্থ কি? এইখিনিত আমি পুনৰ উজুটি খাব লগা হয়। “এন্ধাৰ হ’ব নোৱাৰোঁ” — ইমান এষাৰ শক্তিশালী বাক্য! কিন্তু “পাখি মেলা অতীতক কিদৰে পাহৰোঁ” কথাষাৰে ইমান শক্তিশালী বাক্যটোক যেন সীমাবদ্ধ কৰি পেলালে। মোৰ নিজৰ কোনো স্মৃতি নাই, অতীতৰ কোনো কথাক লৈ মোৰ সমূলি আকুলতা নাই। কিবা এটা অতীতক লৈ হে মই “এন্ধাৰ হ’ব নুখুজিম” নেকি? নহয়। মই এন্ধাৰ হ’ব নুখুজিম বা মই “এন্ধাৰ হ’ব নোৱাৰোঁ”, কাৰণ মই এন্ধাৰৰ সৈতে যুঁজ কৰিব বিচাৰোঁ, এন্ধাৰ মই খেদি পঠাব বিচাৰোঁ। আমি “এন্ধাৰ হ’ব নোৱাৰোঁ” বুলি কোৱাৰ অৰ্থ বহু বিশাল। গীতটোৰ প্ৰথম শাৰীটো শুনা মাত্ৰেই সেই বিশালতাৰ কথাই প্ৰথমে মনলৈ আহি যায় নিজে নিজে। এয়া সকলো মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব পাৰে। সেয়েহে গীতটোৰ সেই কিছু সীমাবদ্ধতায়েই জানো তাৰ বিশাল আৱেদনক বাধা দি ৰাখিব পাৰে! সেই আৱেদনেই গীতটোক ইমানবোৰ মানুহৰ এটা প্ৰিয় গীতত পৰিণত কৰিলে!
No Comments