জুবিন গাৰ্গ : হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ

জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি’ গীতটিৰ কোনো কোনো একোটা অংশই আমাক সোঁৱৰাই দিয়ে জোকাৰি ছেদেলি-ভেদেলি কৰি ভাঙি-ছিঙি পেলাই দিব খোজা পৰিস্থিতিতো বজ্ৰ কঠিন স্তম্ভৰ দৰে মূৰ দাঙি ৰ’ব পৰা প্ৰচণ্ড দৃঢ়তা আহৰণ কৰিবলৈ; আৰু সোঁৱৰাই দিয়ে ডাঠ তমসাৰ মাজেৰে সৰকিব লগা হৈও ভাগি নিৰুদিষ্ট নহৈ উদ্ভাসিত হৈ উঠিবলৈ। গীতটিত যেতিয়া গোৱা হয় “ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন”, ই ধুমুহা আৰু এন্ধাৰেৰে আবৰি থাকি ভাগি পৰাৰ কৰুণ বিননি হৈ নপৰে; বৰং ই গতি কৰে কঠোৰ পৰিস্থিতি বা দুৰ্দশাক অতিক্ৰমী সেই “নিজানৰ গান” “তোমাৰ বুকুত” শেষ হৈ যোৱাৰ স্বপ্নলৈ। আশাহত মানুহৰ প্ৰাণত আশা জগাই তুলিব পৰা জুবিন গাৰ্গৰ সাংঘাতিক প্ৰাচুৰ্যময় কণ্ঠস্বৰে সেই বিশেষ অংশকেইটিৰ সৈতে সমগ্ৰ গীতটিক এনে এটা পৰ্যায়লৈ লৈ গৈছে যে তেওঁৰ কণ্ঠৰ আন বহুকেইটি গীতৰ দৰে এই গীতটিও আনে গাই শুনালে তেওঁৰ দৰে অন্তঃকৰণ স্পৰ্শ কৰাবলৈ সক্ষম হৈছে বুলি শুনোতা পতিয়ন যাব নোৱাৰে৷ মৌকোষত উপচি তুলবুল হৈ থকা মৌজোলত সামান্য স্পৰ্শ এটা দিলেই সৰ সৰকৈ মৌ হাতলৈ বাগৰি অহাৰ দৰে তেওঁৰ কণ্ঠই সহস্ৰ সহস্ৰজনৰ মনলৈ হতাশাক নিলগাই বোৱাই আনে প্ৰাণ-প্ৰাচুৰ্য৷ আৰু এনে বহু কাৰণতেই তেওঁ ক্ৰমে ক্ৰমে এটাৰ পাছত আনটো প্ৰজন্মৰ হৃদস্পন্দনত পৰিণত হৈ আহিছে৷ গীতটি গাব পৰা কোনোবা এজন যদি নতুনকৈ পোৱা যায় তেন্তে তাৰ পৰাও হয়তো ক’ব পৰা যাব— এয়া আন এক প্ৰতিভা উদিত হৈছে৷

জুবিন গাৰ্গৰ কণ্ঠৰে নিগৰি ‘যদি জীৱনৰ ৰংবোৰে লুকাভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা’, ‘শত ৰজনীৰ এন্ধাৰ আঁতৰি গ’ল, সুন্দৰৰে ৰঙৰ ফাকুৰে জীৱন ৰাঙলী হ’ল’, ‘এন্ধাৰ হ’ব নোৱাৰোঁ’, ‘যদি পুৱা গুচি এন্ধাৰ নামে, যদি হাঁহি মচি চকুলো সৰে, যদি খোজে খোজে দুখে চিঞৰে, তেতিয়া কাষতে প্ৰেৰণা দিবলে থাকিব অকলে ৰৈ আমাৰ মৰম, বুকুৰ মৰম, সঁচা মৰম, শিকাব আমাক আকৌ যুঁজিবলে, আকৌ যুঁজিবলে’, ‘জোনাক গলা জাৰৰ নিশা মূৰ থৈ শেঁতা শেতেলীত মই ভাগৰা নাই, জীৱন হেৰোৱা নাই’, ‘কাঁইটৰ স’তে সমুখ যুঁজত নামিলা যেতিয়া, ফুল নফুলালে যুঁজ কৰি যোৱা, ফুল কেতিয়া ফুলিব সেই কথা এতিয়া নিয়ৰক সোধাৰ প্ৰয়োজন কি?’ আদি যিবোৰ বাক্য অলেখ মানুহৰ অন্তৰে অন্তৰে একোটা সম্বল হৈ পৰে আৰু বহুতৰ ওঁঠৰ ভাষাত পৰিণত হয় তাৰে মাজত এই ‘ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন’টিও এটা৷ ধুমুহাৰ সৈতে যিজনে নাচিব লাগে তেওঁ নিজতে গঢ়িব লগা হয় ধুমুহাৰ দৰে শকতি; যি শকতিৰে তেওঁ এদিন পৰিবৰ্তন কৰিব পাৰে বহু ব্যৱস্থা; যি দৃঢ়তাৰে তেওঁ নতুনকৈ সম্পাদন কৰিব পাৰে বহু কাৰ্যক্ৰম; আনি দিব পাৰে সংশোধনৰ এক নৱ সুযোগ৷ সেয়ে গানটোৰ সেই কথাখিনিয়ে আমাক বিশ্বকবি গ্যেটেৰ এষাৰ মহিমামন্দিত কথালৈও মনত পেলাই দিয়ে— “নিজৰ চকুত যদি সূৰ্য্যৰ জ্যোতি নাথাকে, তেন্তে সেই চকুৰে সূৰ্য্যক দেখা নাযায়। আমাৰ নিজৰ মাজতে যদি দেৱতাসুলভ শক্তি নাথাকে, তেন্তে দেৱতাসুলভ বাস্তৱে আমাক কেনেকৈ আনন্দ দিব পাৰিব?” কৰুণ সুৰেৰে দুৰ্দশাতে বিলীন নহৈ জাগি উঠা স্বপ্নৰ যি সুৰ গীতটোত শুনা যায় সি মনলৈ আনে আন এষাৰ কথাও। “আত্ম দীপো ভৱ।” নিজৰ পথ প্ৰদৰ্শক জ্যোতি হোৱা। বুদ্ধৰ এই দৰ্শন জুবিন গাৰ্গৰ নিজৰো অতি প্ৰিয়। এই কথা তেওঁ বহুবাৰ কৈছে।

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত লেখক অমৃতা প্ৰীতমে ‘সূৰ্য’ প্ৰতীকটো বিভিন্ন সময়ত বাৰে বাৰে কেনেকৈ তেওঁৰ বিভিন্ন কবিতাত ব্যৱহাৰ কৰিছে সেয়া তেওঁৰ আত্মজীৱনীত বিস্তৰ উদাহৰণেৰে লিখিছে। জুবিন গাৰ্গৰ গীতত বিবিধ প্ৰতীক, চিত্ৰকল্পৰ বিনন্দীয়া সমাহাৰ বিপুলভাৱে পোৱা যায়। ‘ধুমুহা’ বা ‘এন্ধাৰ’ আদিও তেনে এটা এটা বহু ব্যৱহৃত প্ৰতীক। একেটা প্ৰতীকেই বেলেগ বেলেগ গানত প্ৰৱেশ কৰি কেনে কেনে নতুন গানৰ সৃষ্টি হৈছে সেয়া বিস্তৰভাৱে আলোচনা কৰিব পৰা যায়।

জুবিন গাৰ্গৰ নিজৰ জীৱনো ‘ধুমুহাৰ স’তে বহু যুগৰে নাচোন’ৰ এটা নিদৰ্শন আছিল। সেয়া কেৱল তেওঁক ঢাঁহি-মুহি পেলাব বিচৰা মানুহবোৰে কঢ়িওৱা এন্ধাৰেই নহয় বা তেওঁৰ ব্যক্তিগত জীৱনৰ ঘটনা-দুৰ্ঘটনাই কঢ়িওৱা ধুমুহাই নহয়; জুবিন গাৰ্গৰ ধুমুহাৰ স’তে নাচোনৰ কাহিনী আশৈষৱৰ। তেওঁৰ সৃষ্টিয়ে মূৰ্ত ৰূপ পাবলৈ তেতিয়াও বাকী থকা সময়বোৰত, কত সুৰে তেওঁৰ মন দোলা দি থকা সময়বোৰত, ভাৱনাৰ ৰাগিত মাতালৰ দৰে হৈ যেতিয়া তেওঁ নিজৰেই নিজে শ্ৰোতা হৈ অকলে অকলে গাই ফুৰিছিল গান, সেই তেতিয়াৰ পৰাই তেওঁ সহ্য কৰিবলগা হৈছিল বহু ধুমুহা। সেয়া তেওঁৰ স্কুলীয়া দিনৰে সময়। প্ৰায়বোৰেই তেওঁক পাগল বুলি কৈছিল। তেনে বহু কাহিনী আছে। কৈশোৰ-যৌৱনত তেওঁ, বিভিন্ন প্ৰতিযোগিতাবোৰত গান গোৱা কিছুসংখ্যক প্ৰতিযোগীক বাদ্যযন্ত্ৰ বজাই দিছিল, আৰু কম-বেছি পৰিমাণে নাম কৰা কেইবাজনো গায়ক-গায়িকাই বিভিন্ন স্থানত কৰা অনুষ্ঠানবিলাকতো তেওঁ বাদ্যযন্ত্ৰী আছিল। সমনীয়া বাদ্যযন্ত্ৰী এজনৰ ঘৰত তেওঁলোক প্ৰায়ে মিলিত হৈছিল। বন্ধুজনৰ ঘৰলৈ গৈ তেওঁ তাতে গান গাই থাকিছিল, আৰু সেই সহ-বাদ্যযন্ত্ৰীজনৰ মাকৰ প্ৰায়েই খং উঠি কৈছিল— “সিনো দুপৰীয়া সময় নাই অসময় নাই এনেদৰে কিয় চিঞৰি থাকে অ’।” সময় বাগৰি গ’ল, মানুহগৰাকীয়ে সেই “চিঞৰ” সদায়েই শুনি থাকিল, কিন্তু কিছু বছৰ পাছতেই সেই “চিঞৰ”টো কাণলৈ পোনপটীয়াকৈ নহিল; আহিল কোনোবা শ্ৰাব্যযন্ত্ৰ সৰকি…। কেইবাবছৰৰ পাছত যেতিয়া জুবিন গাৰ্গ তেওঁলোকৰ ঘৰলৈ গ’ল মানুহগৰাকীয়ে ক’লে— “মোৰ গালি তোমাৰ বাবে আশীৰ্বাদ হ’ল জুবিন।” আৰু জুবিন গাৰ্গে হাঁহি হাঁহি মানুহগৰাকীক সাবটি ধৰিলে। জুবিন গাৰ্গৰ এনে সৰল মনোবৃত্তি, ব্যক্তিত্ব, আৰু মহানুভৱতাৰ কাহিনীবোৰ জীৱন কালতে বহু চৰ্চিত হৈছিল। আকৌ, গায়ক-গায়িকাৰ ৰিহাৰ্ছেলৰ সময়বোৰত সকলোৱে যেতিয়া সঘনে কথাৰ মহলা মাৰি থাকে তেতিয়া তেওঁ সেইবোৰত ভাগ নলৈ নিজৰ সুৰ গুণ গুণাই থাকে। তেওঁ কেৱল দৰকাৰী কথাটোহে কয়, কথাৰ মহলাত ভাগ নলয়; আৰু তাৰেই মাজে মাজে আপোনমনা হৈ তেওঁ নিজৰ সুৰবোৰ, গানবোৰ চিঞৰি চিঞৰি গাই উঠে। গায়ক-গায়িকাসকলে অনুশীলন কৰা গানবোৰো তেওঁ প্ৰায়ে গানটোৰ মতে নিজৰ ধৰণে বাদ্যযন্ত্ৰ বজাইছিল। ফলত গায়ক-গায়িকাসকলে অসুবিধাও পাইছিল। বহুতে তেওঁক পাগল বুলি কৈছিল। আৰু কোনো কোনো চিন্তিতও হৈছিল, মঞ্চত খেলিমেলি হ’ব বুলি। পঢ়াৰ জীৱনত, ক্লাছ নথকা সময়বোৰত লগৰবোৰে যেতিয়া কথাৰ মহলা মাৰি থাকে তেতিয়াও তেওঁ নিলগে ৰৈ গান গাই আছিল। সেয়েহে তেওঁক সবেই খুৱ ইতিকিং কৰিছিল। কিন্তু তেনে কোনো কথালৈ ভ্ৰুক্ষেপ নকৰি তেওঁ অহৰহ গান গাইছিল, ব্ৰতী আছিল নিজৰ সাধনাত। ইফালে পঢ়া-শুনাতো তেওঁ ভাল আছিল। সেই তাহানি, তেওঁৰ কৰ্ম উপেক্ষিত হোৱাৰো কাহিনী আছে। তেওঁৰ সাধনাৰ কাহিনীবিলাক বিতৰ্কৰ ধূলিময় বতাহত প্ৰায়ে তল পৰি থাকিছিল, যিবোৰে সকলো শ্ৰেণীৰ মানুহকে প্ৰত্যেকৰে নিজৰ নিজৰ কৰ্মত সম্পূৰ্ণ নিবিষ্ট হৈ সূচাৰুৰূপে একোটা কাম সম্পাদন কৰাৰ মনোবৃত্তি আহৰণৰ শিক্ষা দিব। ধুমুহা জয় কৰি যি একাগ্ৰতা, উৎসৰ্গ মনোবৃত্তি, উন্মেষ হ’ব খোজা সৃষ্টিৰ পূৰ্ণ প্ৰকাশ নোহোৱালৈকে মগ্ন থকাৰ অসীম ধৈৰ্য, অদম্য স্পৃহাই তেওঁক গঢ়িছে তাৰ উদাহৰণ এনে বহুত। হাজাৰ হাজাৰ গান গাবলৈ এজন মানুহে সমুখলৈ অহা গানটো তৎক্ষণাত শিকিব পৰা হ’ব লাগিব। তাৰ বাবে সহজাত প্ৰতিভাৰ উপৰি লাগে কৰ্মত লিপ্ত থকাৰ অসীম ধৈৰ্য। সেইখিনি সাধনাৰে অৰ্জন কৰা বাবেই তেওঁ একেদিনাই কুৰিৰো অধিক গান ৰেক’ৰ্ড কৰিব পাৰিছিল। আৰু এনেদৰেই গৈ গৈ তেওঁৰ অভিমুখে আহিল অনুৰাগৰো ধুমুহা। নিজা গীতসমূহ বাদেই, যি লোকগীত মানুহে শুনিবলৈ এৰি দিছিল তেওঁৰ কণ্ঠত প্ৰাণ পাই উঠি লাখৰ ঘৰত লোকগীতৰ কেছেট বিক্ৰী হ’লগৈ।

প্ৰাকৃতিক দুৰ্যোগ, সামাজিক খাম-খেয়ালি, উচ্চ-নিচ ভেদাভেদ, শৈক্ষিক অৱক্ষয়, উগ্ৰবাদীৰ অত্যাচাৰ, নিকট সম্পৰ্কীয় অগ্ৰজৰ চূড়ান্ত ভণ্ডামী আৰু ঘোৰ অন্যায়, বহু নিৰ্যাতন, অসহায় অভিভাৱক, অপসংস্কৃতিৰ উপদ্ৰপ, ইত্যাদিৰ চাকনৈয়াত মই মোৰ মেট্ৰিক পৰীক্ষাৰ সময়ৰ পৰা অহৰহ হতাশাত ভুগিবলৈ আৰম্ভ কৰিছিলোঁ। সেই সময়ৰ প্ৰেক্ষাপটত বহুলোকে উল্লাস কৰিব পৰা মোটামুটি এটা ভাল ৰিজাল্টেই হৈছিল, আৰু সেই উলাহৰ মাজত মা-দেউতাই সেই অৱস্থাটোৰ কথা গমেই নল’লে। অকণো শান্তি নাপাই অৱশেষত মোৰ মনলৈ আত্মহত্যাৰ চিন্তা প্ৰৱলভাৱে আহিবলৈ ধৰিছিল। প্ৰায় আঠ-দহ মাহ জুৰি আত্মহত্যাৰ চিন্তা! নিজক বহু বুজাই বাৰে বাৰে ধৰি ৰাখিছিলোঁ কেৱল এটা কথাকে ভাবি— “কাইলৈ মোৰ অস্তিত্ব শেষ হৈ যাব, মইতো তেতিয়া দেখা নাপাম মোৰ বাবে আনে কি কৰিছে। আৰু মানুহবোৰে যদি মই বিচৰাটোৰ পৰিবৰ্তে ভূত বুলি মিছাতে বদনামহে উলিয়াই দিয়ে তেন্তে মোৰ ভাববোৰ কোনোদিন আনে নাজানিবই বা মোৰ কথা কোনেও কেতিয়াও একো নাভাবিবই!” মনৰ এনেকুৱা যুঁজ-বাগৰবোৰৰ মাজতে দিন পাৰ হৈ গৈ আছিল। তেনেতে এদিন বাটেৰে চাইকেল চলাই আহি থাকোঁতে হঠাৎ এটা গান শুনিলোঁ। দুদিনমানৰ পাছত তেনেকৈয়ে ষ্টপেজ এটা পাৰ হৈ আহি থাকোঁতে আকৌ শুনিলোঁ একেটা গান। মই একপ্ৰকাৰে চক খালোঁ— এনেধৰণৰ গান পূৰ্বতে কেতিয়াওতো শুনা নাই! মোৰ দৰেই হাহাকাৰ কৰি থকা ৰূপ এটাৰ প্ৰকাশ আৰু সদায় শুনি অহা সমস্ত গানতকৈ কিবা বেলেগ ধৰণৰ এটি গান! আৰু এই মাত! কাৰ মাত এয়া? মূৰটো ঘূৰাই চাইকেলৰ পৰা নামি ৰৈ দিলোঁ। এনে লাগিল যেন— ঘোৰ অন্ধকাৰত মই অহৰহ অস্ফুট আৰ্তনাদ কৰি ছটফটাই বাগৰি আছোঁ আৰু মোৰেই সেই হাহাকাৰ দূৰৰ পৰাই অনুভৱ কৰি এই অচিন সদাশয় পথিকে এন্ধাৰ ফালি জোনাকী হৈ দৌৰি আহিছে। এনে লাগিল— শেষৰজন মানুহ আজিও হেৰাই যোৱা নাই, বৰং তেওঁ আহিছে এক সহানুভূতি লৈ, আপোন মানুহ হৈ, যি আমাক কেতিয়াও আৰু অকলশৰীয়া হ’বলৈ নিদিয়ে। সেই তেতিয়াই ড° ভূপেন হাজৰিকাৰ কণ্ঠ কোনো কোনো সময়ত আমাৰ বাবে আছিল বজ্ৰৰ নিনাদ; জয়ন্ত হাজৰিকাৰ কণ্ঠ আছিল অতি মৰমৰ; আৰু কোনো উপমা নভবাকৈয়ে খগেন মহন্ত, দ্বীপেন বৰুৱা বা জিতুল সোনোৱালৰলৈকে সকলোৰে কণ্ঠ আছিল অতি আপোন; কিন্তু এই কণ্ঠ এটাও ওপৰঞ্চি শব্দ নথকা মাজুলীৰ চাপৰিৰ ডাঠ ঝাওবন সৰকি শোঁ-শোঁ শব্দেৰে অহা আটাইতকৈ প্ৰিয় বতাহ ছাটিৰ দৰে অতি আপোন এছাটি বতাহ হৈ পৰিল— যাৰ প্ৰভাৱত গোটেই ষ্টপেজটোৰ সমস্ত গান-বাজানা, হাই-উৰুমি মোৰ কাণৰ সমুখলৈ আহি সম্পূৰ্ণ নিশ্চুপ মাৰিলে। গৈ গৈ, যিখন কেছেটৰ দোকানত গানটো বাজি আছিল তাত পালোগৈ আৰু সুধিলোঁ— “গানটো কোনে গাইছে? গায়কজনৰ নাম কি?”
ক’লে— “জুবিন গাৰ্গ।”
— “কোন? মানুহজন অসমীয়া নে?” অসমীয়া মানুহৰ এনেকুৱা নাম আগতে শুনা নাছিলোঁ। আৰু উদিত নাৰায়ণ, কুমাৰ চানু, লতা মংগেছকাৰ, ঊষা মংগেছকাৰ আদিয়ে গোৱা অসমীয়া গানো শুনিছিলোঁ। গতিকে তেনেকৈ এটামান অসমীয়া গান কোনোবাই গাই থ’ব পাৰে বুলি সুধিলোঁ।

সেই গানটো আছিল— ‘ৰ’দ, ৰ’দ আজি কেনি পাওঁ…’। সেই সময়ত তেওঁৰ ‘তুমি মোৰ মাথোঁ মোৰ’ চিনেমাখন ওলাইছিল, আৰু সেইটো আছিল তাৰে গান। সেইদিনা শুনাৰ পাছৰে পৰা গানটোৱে সময়বোৰ যথেষ্ট সহজ কৰি তুলিলে। মনত ৰৈ যোৱাকৈ বা হদয়ত অনুৰণন কৰি থকাকৈ বহু গান পূৰ্বতেও শুনিছিলোঁ— ভূপেন হাজৰিকাৰ ‘বুকু হম হম কৰে’, ‘৮৩ ৰ নিৰ্বাচনীৰ বতৰ… ভাইটো নোহোৱা হ’ল’ বা জয়ন্ত হাজৰিকাৰ কণ্ঠত ‘মৰ আউসীৰ ৰাতি ফেঁচাই কুৰুলিয়াই… আল্লাক সাৰথি কৰা হে বান্ধৱ…’ আদি বহুতো। কিন্তু তেতিয়া আমি দেশৰ বাবে যুদ্ধ কৰিবলৈ ভাবিব লগা নাছিল; সেই নোহোৱা হোৱা “ভাই”বোৰক লৈ আক্ষেপ, খেদ বা ক্ৰোধ প্ৰকাশ কৰাৰ পৰিৱেশো সমাজৰ প্ৰায়বোৰ স্তৰতে তেতিয়ালৈ নোহোৱা হৈছিল; কাউৰী-ফেঁচা-হুদুৰ কা-কুৰুলি বা গুম-গুমনিয়ে চেনেহীৰ বাৰ্তা বা অমংগল অনাৰ চিন্তাৰ পৰিৱৰ্তে সেইবোৰৰ প্ৰতিটোৱেই আমাক দিব পৰা হৈছিল কেৱল প্ৰাকৃতিক মাত বা সম্পদ হিচাপে আনন্দ আৰু আৱেশ; ঈশ্বৰক সাৰথি কৰি বহাটো মূল্যহীন বুলি অভিজ্ঞতাই বাৰে বাৰে আমাক কৈছিল; বিপ্লৱী কথা বা বিপ্লৱৰ গান ভাল পোৱাসকলক কোনোবাই বিপ্লৱলৈ ওলা বুলিলে টুপাই বুৰ মৰা দৃষ্টিত পৰিছিল। গতিকে বেলেগ দেশ, বেলেগ জাতি বা বেলেগ সমাজে দিয়া সমস্যাৰ বিৰুদ্ধে যুদ্ধৰ চিন্তাৰ পৰিৱৰ্তে আমাক লগা হৈছিল নিজৰ সমাজখনকে নিজৰ মানুহখিনিয়ে অন্ধকাৰময় কৰি তোলা পৰিৱেশত স্বস্তিৰে নিশ্বাস পেলাবলৈ কিছু সকাহ তথা পৰস্পৰে পৰস্পৰক চেপি ধৰা নিজৰ সমাজৰে মানুহখিনিৰ মাজতে নিজক বৰ্তাই ৰখাৰ অৱলম্বন। সেইবাবেই যদিও সেই গানটো কিছু প্ৰণয়-বিৰহৰ লগত জড়িত কিন্তু “ৰ’দ আজি কেনি পাওঁ/ ৰ’দ আজি কেনি চাওঁ/ খিৰিকী মেলি সমুখত এন্ধাৰহে পাওঁ/ কোঠালী এৰি বাহিৰত পথ হেৰাও (হেৰুৱাও)” আদি অংশ অন্ধকাৰ সমাজত বাট বিচৰাৰ যন্ত্ৰণাৰ লগত মিলি গৈছিল আৰু “অমানিশাৰ গান যিয়ে এবাৰ গায়/ সৃষ্টি গুচি তাতে হ’ব প্ৰলয়/ অগ্নি-বীণাৰ তান উঠিবই/ ত্ৰস্ত হ’ব সেই দিগবলয়” আদি অংশই দৃঢ়তা জগাই তুলিছিল…।

তাৰ পাছতে ইজন-সিজনক তেওঁৰ গানৰ কথা সুধি জানিবলৈ পালোঁ— বহুজনে তেওঁৰ কণ্ঠৰ একো একোটা গান সহযাত্ৰীৰ দৰে লৈ বিচৰণ কৰে— ‘এন্ধাৰ হ’ব নোৱাৰোঁ’, ‘জোনাক গলা জাৰৰ নিশা/ মূৰ থৈ শেঁতা শেঁতেলীত/ মই ভাগৰা নাই’, ‘আজি এই গান যেন/ এটি উশাহৰ/ জীৱনৰ গান যেন/ এটি উশাহৰ’, ‘প্ৰীতিৰ সুৱাসে ধুৱাই দিলেহি/ মোৰ এই উদাসী মন’, ইত্যাদি। সকলোৰে অভিজ্ঞতা এনে চূড়ান্ত পৰ্যায়ৰ নহ’লেও, সকলোৱেই জটিলভাৱে ভুক্তভোগী নহ’লেও, আমাৰ এই সমাজখন কিন্তু কাৰোৱেই অপৰিচিত নহয়। সেইবাবে অনুৰাগ গঢ়ি উঠে ঠিক এনেদৰেই। আৰু যেতিয়াই কোনোবাই বা কাৰোবাৰ সৃষ্টিয়ে মনত হেঁপাহ, আস্থা বা প্ৰেৰণা যোগাই তুলিব পাৰে তেতিয়া তেওঁৰ প্ৰতি অনুৰাগ কেতিয়াও শেষ হৈ নাযায়।

কিন্তু, এয়া জুবিন গাৰ্গৰ বহুমাত্ৰীক অৱদানৰ এটা মাত্ৰাহে মাথোঁ, কেৱল এটা দিশহে। সৃষ্টিশীলতাৰে ভৰপুৰ হৈ থকা অৱস্থাতে, মাথোঁ ৫২ বছৰ বয়সতে, এটা ৰহস্যময় দুৰ্ঘটনাত যোৱা ১৯ চেপ্টেম্বৰত তেওঁৰ মৃত্যু ঘটিল। মধুৰতম শব্দ, সুৰ আৰু মহানুভৱতাৰ আদৰ্শৰে প্লাৱিত হৈ থকা তেওঁৰ বিশাল অৱদানে আহি থকা বহু প্ৰজন্মক প্ৰেৰণা যোগাব বুলি অনুভৱ হয়।

No Comments

Post A Comment