বিজ্ঞান জগতত মহিলাৰ অভাৱ আৰু সাধনা

(১)

এই বছৰটো বিজ্ঞান জগতত এটা ডাঙৰ ইতিহাস ৰূপে ৰৈ যাব। কাৰণ এইবাৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা পাইছে দুগৰাকী মহিলাই। তেওঁলোক হ’ল ইমানুৱেল চাৰপেন্‌টিৰ আৰু জেনিফাৰ ডাউড্‌না। আনহাতে পদাৰ্থ বিজ্ঞানত এগৰাকী মহিলাইয়ো নোবেল পাইছে। তেওঁ হৈছে এণ্ড্ৰিয়া গেজ। নোবেল বঁটাৰ ১২০ বছৰৰ ইতিহাসত মাথোঁ ৬ শতাংশহে মহিলা বিজয়ী আছে। আচৰিত যেন লাগিলেও এয়াই সত্য। এই শতকৰা মানটোও ইমান হোৱাৰ কাৰণ কেৱল শান্তি আৰু সাহিত্যৰ নোবেলহে। বিজ্ঞানত মহিলাৰ সংখ্যা তেনেই সীমিত। এইবাৰৰলৈকে পদাৰ্থ বিজ্ঞানত মুঠতে কেৱল ৪ গৰাকী, আৰু ৰসায়ন বিজ্ঞানত মুঠতে ৭ গৰাকী মহিলা বিজ্ঞানী নোবেল বিজয়ী। লাহে লাহে এই সংখ্যাবোৰ বাঢ়িব বুলি ধাৰণা কৰিব পাৰি। ২০২২ চনত ফিল্ড্‌ছ্‌ মেডেল ঘোষণা কৰা হ’ব। সেইবাৰ ফিল্ড্‌ছ্‌ মেডেল বিজয়ী চাৰিজনৰ মাজত জেমছ মেয়নাৰ্ড (James Maynard) আৰু কোনোবা এগৰাকী হ’লেও মহিলা থাকিব বুলি ধাৰণা হয়।

বিজ্ঞানৰ জগতখন হ’ল একো একোজন মানুহৰ জীৱনৰ বহু বছৰীয়া নেৰা-নেপেৰা সাধনাৰ জগত। এই জগতখনত মহিলাসকল পিছ পৰি থকাৰ বিবিধ কাৰণ আছে। যিবোৰ এতিয়া মুকলিকৈ চৰ্চা হয়। তাৰে এটা কাৰণ হ’ল তেওঁলোকক সন্তান জন্ম দিয়া ফেক্টৰি বুলি বহুতে গণ্য কৰে আৰু সমাজে কামৰ পৰা আঁতৰাই ৰাখিবলৈ হেঁচা প্ৰয়োগ কৰে। তথাকঠিত “ল’ৰা-বোৱাৰীৰ ভাল খবৰটো” ল’ব বিচৰাসকলৰ বুবু-বাবাই গ্ৰাস কৰা আৰম্ভ কৰে। এইবাৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী এণ্ড্ৰিয়া গেজৰ কেৱল ভনীয়েক এগৰাকীহে আছে। এণ্ড্ৰিয়া গেজৰ বয়স এতিয়া ৫৫ বছৰ। গতিকে তেওঁৰ মাক-দেউতাক কিমান পুৰণি মানুহ গম পোৱা গৈছে। কিন্তু তেতিয়াই তেওঁলোকে দুগৰাকী জীয়েকত সন্তুষ্ট হ’ব পাৰিছিল। মাক-দেউতাকৰ বিৰল সহযোগীতাৰ কথা তেওঁ বিভিন্ন প্ৰসংগত পূৰ্বতে কৈছে। মোৰ এগৰাকী চিনাকি ভন্তীয়ে এবাৰ কৈছিল— তেওঁলোকৰ ঘৰত অকল দুজনী ছোৱালী আৰু সেইটোৰ বাবে কিমান কি কথা তেওঁলোকে শুনিব লগা হয় ঠিকনা নাই। IISER পুণেৰ কণিনীকা সিনহাক দুই-একে চিনি পাব; “গণিত চ’ৰা”ৰ ৱেবিনাৰত তেওঁ এগৰাকী বক্তা আছিল। কেইদিনমান পূৰ্বে তেওঁ এটা টুইট কৰিছিল। তেওঁ যেতিয়া স্নাতকোত্তৰ ডিগ্ৰী লৈছিল, সেই সময়ত মাকে কেন্সাৰৰ সৈতে যুঁজ দি আছিল। আৰু তেতিয়া ওচৰ-চুবুৰীয়াই মাকক কৈছিলহি “মিচেছ সিনহা, সময় থাকোঁতেই তুমি ছোৱালীক বিয়া দিয়াৰ চিন্তা কৰিছানে?” মাকে দৃঢ়তাৰে কৈছিল— “নহয়, মই মাথোঁ তাই ভাল গৱেষণা প্ৰগ্ৰেম এটাত যুক্ত হোৱালৈ ৰৈ আছোঁ।” ভাৰতৰ আন এগৰাকী বিজ্ঞানীয়ে বিজ্ঞানত মহিলা কিয় কম সেই সম্পৰ্কত দিয়া এটি টুইটৰ প্ৰসংগত কণিনীকা সিনহাই এইখিনি কথা কৈছিল। পূৰ্বতে এটা কথা পঢ়িছিলোঁ, চিকিৎসা বিজ্ঞানৰ এগৰাকী বিজয়ীয়ে যেতিয়া কাম আৰম্ভ কৰিছিল, তেতিয়া এজন শিক্ষকে তেওঁক কৈছিল — তুমিনো ছোৱালী হৈ এইবোৰত লাগি কি কৰিবা?

(২)

বৰ্তমান অসমত গল্পকাৰ, ঔপন্যাসিক বুলি কোৱা লগে লগে পুৰুষৰ সমানেই বহুকেইগৰাকী মহিলাৰ নাম মনলৈ আহি যায়। এই ক্ষেত্ৰত পুৰুষ-নাৰীৰ পাৰ্থক্য হয়তো একেবাৰে নাই। সেইদৰে সাধাৰণ প্ৰবন্ধৰ ক্ষেত্ৰতো মহিলাৰ স্থান আছে।

কিন্তু বৰ্তমান বিজ্ঞান-প্ৰবন্ধৰ ক্ষেত্ৰত মহিলাৰ সংখ্যা একেবাৰে নায়েই বুলিব পাৰি। পুৰণি কেইগৰাকীমান আছে; কিন্তু আমি যদি একবিংশ শতিকালৈ চাওঁ তেন্তে দেখিম যে নতুন বিশেষ নাই। ইণ্টাৰনেট জগতখনলৈকে চালে, যোৱা দহ বছৰত আপুনি কোনো মহিলা বিজ্ঞান-লেখক পাইছেনে— যাৰ পৰা নতুন বিষয়বস্তু সমৃদ্ধ, গভীৰ অধ্যয়ন পুষ্ট, সুন্দৰ প্ৰকাশ ভংগীৰ, দুহেজাৰ শব্দৰ কেৱল এটা লেখা আপুনি পঢ়িবলৈ পাইছে?

নিশ্চয় পোৱা নাই। বাতৰি-কাকত, ছপা আলোচনীতো সিমান দেখা পোৱা নাই।

ভৱিষ্যতৰ প্ৰিয় বিজ্ঞান-লেখক বুলি ক’লে—  নিয়মীয়াকৈ বা মাজে-মধ্যে কঠিন, গভীৰ প্ৰবন্ধ লিখা ছয়-সাতজন নতুন লেখকৰ নাম আমি একেষাৰে ল’ব পাৰোঁ। কিন্তু তেনেদৰে ক’ব পৰা জীয়াৰী-বোৱাৰী এতিয়াও কোনো নাই।

এইটো একবিংশ শতিকা, ইয়াততো তাহানিৰ দৰে কোনো দমন নীতি নাই। তেন্তে ইয়াৰ কাৰণবোৰ কি কি হ’ব পাৰে?

সাম্ভাব্য ৯ টা কাৰণ মনলৈ আহিছিল, তাৰে ৫ টা সাম্ভাব্য কাৰণ:

১) যি দুই-একৰ লিখাৰ আগ্ৰহ আছে তেওঁলোকৰ ঘৰুৱা মানুহবোৰৰ পৰা কোনো প্ৰেৰণা নাই। তেওঁলোকৰ প্ৰেমিক, স্বামী, পিতৃ-মাতৃ, শহুৰ-শাহুৰ, সহোদৰৰ পৰা উৎসাহ নাপায়। বিশেষকৈ তেওঁলোকৰ প্ৰেৰণা নাহে নিজৰ অন্তৰৰ ভিতৰৰ পৰা। যাৰ বাবে তেওঁলোকে দীঘলীয়া সময় জুৰি লিখি তেনে লেখা এটা সৃষ্টি কৰাৰ আগ্ৰহ অনুভৱ নকৰে বা কোনো কালে লেখাটো শেষ কৰিবগৈ নোৱাৰে।

২) লিখিবৰ বাবে মানুহে অকলশৰীয়া সময় কটাব লগা হয়। নিজৰ বৃত্তিৰ বাবে পঢ়া-শুনাখিনি কৰা সময়খিনিৰ পাছত দিনটোত পুনৰ অকলশৰে সময়ো কটোৱাৰ প্ৰৱণতা তেওঁলোকৰ মনলৈ বৰকৈ নাহে। ফলত বিজ্ঞান লিখাৰ হেঁপাহ জগা মানুহ তেওঁলোকৰ মাজত কমি যায়। বা আত্মবিশ্বাসো কমি যায়।

৩) আমাৰ মাজত সাধাৰণতেই বজাৰ কৰা, ফুৰা, শ্বপিং মল যোৱা, বিনোদন কৰা, বা ক্ষমতাশালীবোৰৰ ক্ষমতা উপভোগ কৰা — এইবোৰ বেছি। আনহাতে আমাৰ ইয়াত বিজ্ঞান-প্ৰবন্ধ লিখিলে জনপ্ৰিয়তা পোৱাটো অতি কঠিন। আপুনি তাহানি লুথুৰিপিঠা খোৱা কাহিনী এটা লিখক, নখত জেতুকা লগোৱা নিয়মৰ কথা লিখক, বাজানাৰ কথা লিখক, আবেলিৰ অলস মহূৰ্তত কাৰোবালৈ মনত পেলোৱাৰ নষ্টালজিক কাহিনী লিখক, আনকি হস্তৰেখা চোৱাৰ কথা লিখক — লগে লগে জনপ্ৰিয়তা পাব। বিজ্ঞান-লেখাত সেইটো নহয়, বা কম হয়। গতিকে জনপ্ৰিয়তা নাপাম বুলি বিজ্ঞান-প্ৰবন্ধ লেখা কামটোৰ কথা নভবা মানুহৰ সংখ্যা তেওঁলোকৰ মাজত অধিক হোৱাৰ বাবে সম্ভৱতঃ এই সংখ্যাৰ পাৰ্থক্যটো দেখা গৈছে।

৪) আনৰ পৰা কোনো তাগিদা পোৱা নাই বাবে লিখাৰ কথা ভবা নহয়। আৰু ফলত লিখাৰ সামৰ্থ্য থকাসকলেও গমেই নাপায় যে তেওঁলোকৰো লিখাৰ সামৰ্থ্য আছে।

৫) লিখাৰ এটা ঢৌ অহা নাই। যদিহে এটা ঢৌ আহে তেতিয়া লিখাৰ কথাটো ভাবি চোৱাৰ সংখ্যা তেওঁলোকৰ মাজত বঢ়িব নেকি? যদিহে কেনেবাকৈ তিনিগৰাকীও মহিলা বিজ্ঞান-লেখক ওলাই যায়, তেন্তে সেই ঢৌত লগে লগে পোন্ধৰগৰাকী ওলাব পাৰে।

অসমত এটা সুখবৰ এই যে আমাৰ অসংখ্য চিকিৎসক-লেখক আছে। এইধৰণৰ লেখা লিখা সাধাৰণ মানুহো বহুত আছে। দৈহিক স্বাস্থ্য, মানসিক স্বাস্থ্য, স্বাস্থ্যৰ লগত যি দৰ্শন জড়িত হৈ আছে — এই সকলো বিষয়তে নানা লেখা ওলাই থাকে। কিন্তু আন বিষয়ত তেনেকৈ নাই। বিজ্ঞান-লেখা বুলি কওঁতে কেইটামান সাধাৰণ ভাগ ধৰিব পৰা যায়—

ক) নতুন কিবা এটা ওলাইছে বা ঘটিছে, সেই বিষয়ক সৰু এটা লেখা। যিটোক সংবাদ-ধৰ্মী লেখা বুলিব পাৰি।

খ) তথ্য-মূলক লেখা।

গ) চন-তাৰিখপূৰ্ণ সাধাৰণ জীৱনী বা ইতিহাস।

ঘ) বিষয়-বস্তুৰ বিদ্যায়তনিক-ধৰ্মী লেখা।

ঙ) আৰু এইটো ভাগত ওপৰৰ যিকোনো এটা ভাগ জড়িত থাকিব পাৰে বা একেটা লেখাতে ওপৰৰ আটাইকেইটা ভাগ সোমাই থাকিব পাৰে। মূল কথাটো হ’ল— সেই লেখাটো এই সকলোতকৈ বিশাল এটা পৰিসৰলৈ গুচি যায়। তাত এটা এটা বাক্যত লেখকজনৰ জ্ঞান, উপলব্ধি, ভাষা, কল্পনা-শক্তি আৰু লিখাৰ কষ্টখিনি প্ৰৰিস্ফূত হৈ থাকে।

এই প্ৰথম চাৰিটা ভাগত মাজে-সময়ে লিখা দুই এগৰাকী চকুত পৰে। তেওঁলোক আটায়েই জ্ঞানী; তেওঁলোকে ঙ স্তৰটোত বিচৰণ কৰিব পৰাৰ সম্ভাৱনা দেখা যায়। তেওঁলোকে সেই চেষ্টা কৰিলে বৰ ভাল হ’ব। আৰু যিসকল এতিয়াও ওলাই অহা নাই, তেওঁলোকৰ মাজত অধিক সম্ভাৱনাও লুকাই থাকিব পাৰে।

~~***~~

This year is going to stay as a landmark in the scientific world. This is because two women have received the 2020 Nobel Prize in Chemistry today.  They are Emmanuelle Charpentier and Jennifer Doudna. Also, another woman received the Nobel Prize in Physics yesterday. She is Andrea Ghez. In the 120 year history of the Nobel Prize, only 5% are women. Even if this seems surprising, this is the truth. Also, the prizes which contribute to this percentage are only peace and literature. The number of women in science is limited. So far, only 4 female scientists in physics and 7 female scientists in chemistry, have won the Nobel prize. We hope that these numbers will increase slowly. The Fields medal will be announced in 2022. It is expected that the 4 winners will include James Maynard and also a female mathematician.

The world of science is made up of people who spend many years of their lives in ceaseless devotion. There are various reasons why this world is unfavourable to women today. These reasons are discussed openly today. One of the reasons is that they are considered as children producing factories and the society pressurises them to keep them out of other work. Those wanting to know the “good news of the daughter in law” begin their obsession with it. Andrea Ghez, the physics Nobel laureate has a sister as her only sibling. Her age is 55. So it is clear that her parents are from much older times. But even in those times, they were satisfied with two daughters. Ghez has mentioned her parents’ support on various occasions.  Somebody I consider as a younger sister once told me she is one of the only two children, both daughters, in their house and because of that they get to hear a lot. A few of you may know Kaneenika Sinha of IISER Pune; she was the speaker in the last Gonit Sora webinar. A few days back in one of her tweets she mentioned that during her MSc, her mother was battling cancer. One of the neighbours asked her mother, “Mrs Sinha, you must be worried about your daughter’s marriage.” She replied back saying, “No, just waiting for her to get into a good PhD programme.” This tweet was in response to another tweet by an Indian scientist mentioning why there were less women in science. I planned on writing a long essay involving these percentages and issues involved therein related to the Nobel prize about a year back, that is still half done. I had read this in the past, when one of the Nobel laureates in physiology or medicine started working, a teacher asked her — you are just a woman, what will you do getting involved in these?

— Translated by Bishal Deb.

No Comments

Post A Comment