
UPSC, APSC, কেম্ব্ৰিজ, আৰু চাৰিটা অনুপ্ৰেৰণাদায়ক কাহিনী
UPSC ৰ এইবাৰৰ ৰিজাল্টটোৱে অসমত বিভিন্ন খবৰৰ ভিৰত বৰ বেছি চৰ্চা লাভ নকৰিলে। সেয়া যি নহ’লেও, UPSC বা APSC ৰ প্ৰশাসনিক সেৱাৰ ৰিজাল্ট যেতিয়া ওলায়, তেতিয়া দুটা কাহিনী প্ৰায়ে মোৰ মনলৈ আহি থাকে। এটা কাহিনী এজনী ছোৱালীৰ আৰু আনটো কাহিনী এজন ল’ৰাৰ।
এবাৰ মই এঠাইত পঢ়ি থাকোঁতে, গোটেই প্ৰতিষ্ঠানটোৰ যি কেইজনমান ছাত্ৰ-ছাত্ৰী অসংখ্যজনৰ নানা গছিপৰ কেন্দ্ৰবিন্দু আছিল, তাৰে এজনী ছোৱালী সম্পৰ্কীয় গছিপবোৰ য’তে-ত’তে সঘনে শুনি শুনি মোৰ মনলৈ কৌতূহল আহিছিল যে তাইনো আচলতে কেনেকুৱা। তাইক লৈ গছিপ কৰাৰ মূল বিষয় আছিল— তাই পঢ়াৰ উপৰি খেলা-ধূলা, নাচ-বাগ আদি বিভিন্ন activity কৰে, তাৰে কিছুমানত সফলতা অৰ্জন কৰে, আৰু অহৰহ তাকে দেখি দেখি বহুতৰ অশান্তি লাগে। বা তাইক ডাঙৰ মানুহে প্ৰশংসা কৰিলে বহুতে শুনি বেয়া পায়। বিহুগীতত যে গায়— ‘দূৰৰ পাহাৰ চোৱানে? দেখি ভাল লাগেনে? কিন্তু ওচৰ পালে একোৱেই নাই।’ সঁচাকৈ একোৱেই নাই জানো? বহু মানুহে আনৰ যোগ্যতা কেৱল দূৰৰ বিভ্ৰম হিচাপেহে দেখা পায়। ওচৰতে পাই থকা পাহাৰত নিহিত বিশাল সৌন্দৰ্য বহুলোকে যেনেকৈ কল্পনা কৰিব নোৱৰাৰ দৰে হয়, তেনেকৈ কাষৰ মানুহক বহুলোকে নমাই আনে নিম্ন স্তৰলৈ বা নিজৰ স্তৰলৈ। কোনোবাই অকণমান সুকীয়া কাম সম্পাদন কৰিলেই তেওঁলোক উন্মত্ত হৈ পৰে যে— ইমান সাধাৰণ মানুহেও এইটো কৰাটো কেনেকৈ সম্ভৱ।
ক’ৰবাত এটা বাক্য পঢ়িছিলোঁ— ‘আমি এখন বেক্টেৰীয়াৰ সমুদ্ৰত বাস কৰোঁ।’ কোনোবা গায়িকাই ৰোমাণ্টিক গীতত গাইছে, ‘তোক এগৰাহ খুৱাই মই এগৰাহ খাম।’ কিন্তু এনেকৈ এগৰাহ খাওঁতে তাৰে লগতে হেজাৰ সংখ্যক বেক্টেৰীয়া পেটলৈ যাব পাৰে। এবাৰ দুচকু জপাই পুনৰ মেলোঁতেই শতাধিক বেক্টেৰীয়াই চকুৰ প্ৰতিটো মণিত পদাৰ্পণ কৰিব পাৰে। এনেদৰে আমাৰ কেউফালে বেক্টেৰীয়াৰ প্ৰৱল প্ৰতাপী সোঁত চলি থাকে। ঠিক সেই বাক্যটোৰ ভাষাৰেই আমি ক’ব পাৰোঁ যে— আমি এখন ঘৃণাৰ সমুদ্ৰতো বাস কৰোঁ। আমাক সকলোকে চাৰিওফালৰ পৰা ঘেৰি ৰাখে ঘৃণাৰ প্ৰচণ্ড হেঁচাই। কোনো অনিষ্ট নকৰাকৈয়ে বা কেতিয়াবা আপুনি সহায়হে কৰা মানুহৰ দ্বাৰাও একপ্ৰকাৰৰ বিনা কাৰণতে আপুনি ঘৃণাৰ সন্মুখীন পাৰে। সমুদ্ৰৰ সমস্ত সোঁতৰ গাণিতিক আৰ্হি এতিয়াও নিৰ্ণয় কৰি সম্পূৰ্ণ হৈ নুঠাৰ দৰে, কোনে কাক কেতিয়া ক’ত কেনেকৈ ঘৃণা কৰে সেয়া অনিৰ্ণেয়। এটা সাধু কথা— এজন মানুহে আন এজন বিশেষ মানুহক তীব্ৰ ঘৃণা কৰে। সকলো আচৰিত হৈ প্ৰথম মানুহজনক যেতিয়া সোধে যে সেইজন মানুহকতো সকলোৱে ভাল পায়, কেৱল তেওঁহে কিয় ইমান ঘৃণা কৰে। তেতিয়া তেওঁ উত্তৰ দিয়ে যে— ‘কাৰোবাক কোনেও ঘৃণা নকৰাটো সহ্য কৰিব পাৰি নেকি? সেইবাবেই মই তেওঁক ঘৃণা কৰোঁ।’
সেয়ে, সেই ছোৱালীজনীক লৈ চৰ্চা হোৱা ধৰণৰ কত কথা এখন কাণেৰে শুনি এখন কাণেৰে ওলাই যায়। কিন্তু সেইবাৰ মোৰ কৌতূহল হোৱাৰ কাৰণ আছিল, তাইক প্ৰশংসা কৰা দুজনমান ডাঙৰ মানুহৰ প্ৰতি মোৰ মনত অপৰিসীম শ্ৰদ্ধা আছিল। ফলত মোৰ ধাৰণা হৈছিল যে গছিপবোৰ মিছা।
শিক্ষা প্ৰতিষ্ঠানটোত মই দুবছৰ আছিলোঁ আৰু সেই দুবছৰত মই তাইক মাথোঁ এদিনেই দেখিলোঁ। ভিৰৰ মাজত কোনোবাই মোক দেখুৱাই দিছিল, ‘অথনি সিহঁতে পাতি থকা ছোৱালীজনী সেইজনী।’ কিছুপৰ লক্ষ্য কৰি এনে লাগিল— দুচকুত সপোন আৰু সততাৰ সমাহাৰ, আৰু ভিৰৰ মাজত নাৰ্ভাচ কৰিব যেনহে ভাব, তথাপি আত্মবিশ্বাস বৰ্তাই ৰখাৰ অভ্যাস যেন কৰি আছে। বিভিন্ন অনুষ্ঠান মই সদায় উপভোগ কৰি ফুৰিছিলোঁ, কিন্তু তাৰ পাছত তাইক মই এদিনো দেখা নাপালোঁ। ইচ্ছা কৰা হ’লে দেখা পালোঁহেঁতেন, কিন্তু তেনে কোনো কথা নাছিল। তাই অনুষ্ঠান কৰাৰ সময়ত বা খেলাৰ সময়ত মোৰ কোনোদিন উপস্থিত থকা হোৱা নাছিল। অথচ, তাৰ পাছতো গছিপবোৰ কিমানবাৰ কাণত পৰিল সীমা সংখ্যা নাই। সেয়ে এদিন কৌতূহলবশতঃ ফেচবুকত ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাই দিলোঁ। তেতিয়া দেখিলোঁ, তাই কেতিয়াবা ইংৰাজীত সৰু সৰু আপডেট দিয়ে আৰু বাক্যবোৰ চাই প্ৰথমে কেতিয়াবা এনেকুৱা লাগে যেন ইংৰাজীবোৰ ভুল। কিন্তু ভালকৈ পুনৰ পঢ়াৰ পাছত দেখোঁ— একো একোটা উপযুক্ত শব্দ, জতুৱা-ঠাঁচ আদিৰ সৈতে প্ৰতিটো বাক্য একদম আটিল। সেইবোৰ বিশেষ কথাৰ আপডেটো নহয়, সাধাৰণ কিবা একোটা। প্ৰায়ভাগৰে আপডেট বা লেখাবোৰতো যেন-তেন ভাব প্ৰকাশ কৰিব পৰা ইংৰাজীহে দেখা যায়। শুৱলা বাক্য লিখিব পৰা মানুহ কমেই আছে। সেই সৰু সৰু আপডেটবোৰতে ছোৱালীজনীৰ ইংৰাজী ভাষা-সাহিত্যৰ দক্ষতা প্ৰকাশিত হৈ থাকে। সেই কথাটোৱেও মোৰ ধাৰণাটো প্ৰতিপন্ন কৰে যে কথাবোৰ মিছা।
এটা সময়ত সকলো অ’লৈ-ত’লৈ গুচি গ’ল, ময়ো ওলাই গ’লোঁ, কিন্তু প্ৰতিষ্ঠানটোলৈ কেতিয়াবা ফুৰিবলৈ গ’লে পুনৰ গছিপবোৰ শুনো। লাহে লাহে আনলাইন আদ্দাৰ সুবিধাবোৰ আহিল। তাতো ক’ৰবাত সেইবোৰ মাজে মাজে দেখা গ’ল। তেনেতে এবাৰ পুনৰ প্ৰতিষ্ঠানটোত ফুৰিবলৈ গৈ এঠাইত বহি থাকোঁতে হঠাতে সমুখতে তাইক দেখা পালোঁ। দ্বিতীয়বাৰ, তিনি মিনিটমান সময়। অনুজ ছাত্ৰ-ছাত্ৰী কিছুমানৰ সৈতে তাই বিশেষ কামত ব্যস্ত। মই বহাৰ পৰাই লক্ষ্য কৰিলোঁ। মেনেজমেণ্টৰ এজন লেখক আৰু বক্তাই এবাৰ লিখিছিল যে আপুনি সাক্ষাৎকাৰ দিবলৈ গৈ দুৱাৰমুখেৰে সোমাই সাক্ষাৎগ্ৰহণকাৰীৰ সমুখৰ চকীখনত বহেগৈ মানে সাক্ষাৎগ্ৰহণকাৰীয়ে ইতিমধ্যে আৱিষ্কাৰ কৰি পেলাবও পাৰে যে আপুনি কামৰ যোগ্য হয় নে নহয়। ইয়াত ব্যক্তিত্ব, attitude আদিৰ কথা কোৱা হৈছে, যিবোৰ গুণ কোনো কোনো কামত জ্ঞানতকৈও অধিক প্ৰয়োজন। অৰ্থাৎ, মানুহৰ কিছুমান দক্ষতা চিনি পাবলৈ বৰ বেছি সময়ো নালাগে। সেইকণ সময়তে মই দেখিলোঁ, ছোৱালীজনীৰ এটা লীডাৰশ্বিপ দক্ষতা আছে, তৎক্ষণাতে কিউপিনৰ কেইবাটাও কথালৈ মন দিয়াত পাকৈত, কাম অনুসৰি যোগ-সংযোগ স্থাপনত সিদ্ধহস্ত, আৰু তেনে কামবোৰৰ মাজতো মুখত এটা আনন্দময় ব্যক্তিত্ব প্ৰকাশিত হৈ থাকে।
তাৰ পাছৰ পৰা কিবা গছিপ শুনিলে মই অলপ মাত দিয়া হ’লোঁ। যে এইটো নহয়। ইমানখিনি দক্ষতা একেলগে কাৰ আছে? তাই যি কৰি আছে, তাৰ বাবে তাইহে যোগ্য। সেইটো কাম কৰিব পৰা বেলেগ পোৱাটো কঠিন। ইতিমধ্যে তাইৰ কামৰ দ্বাৰা উপকৃত হোৱা নতুনসকলেও মুকলিকৈ ভাল ভালকৈ ক’বলৈ লৈছিল। তথাপি আগৰ দৰে চৰ্চাও চলি আছিল। কাৰণ, লোকৰ মুখত অহৰহ শুনাটোকে ধাৰণা কৰি লোৱাটো মানুহৰ সহজ অভ্যাস। বহুলোকে শুনি লৈ বিশেষ ভাল ভাবো নাৰাখে বা বেয়া ভাবো নাৰাখে, মাথোঁ একেটা ধাৰণাতে বৰ্তি থাকে। কোৱাজনৰ নিজৰ দক্ষতাহীনতা জনিত ভ্ৰমৰ বাবে যে ডাঠ নীলাটোকো ক’লা বুলি কৈ দিব পাৰে, সেইটো বিশ্লেষণ নকৰাকৈয়ে থাকি যায় বা বিশ্লেষণ কৰাৰ প্ৰয়োজনো নহয়।
আনহাতে, কিছুমান মানুহে নিজৰ বিষয়ে মিছাকৈয়ে যিমান বেয়া শুনিলেও বা আনে সমুখতে বেয়া মত দিলেও সমূলি তৰ্ক নকৰে, আৰু তাৰ বাবে আনক ওলোটাই অনিষ্টও নকৰে। তেওঁলোক আত্মবিশ্বাসী হয়, নিজৰ মাজত ব্যস্ত থাকে, বা বাকীবোৰ কথা আৰু বাকীবোৰ মানুহ তেওঁলোকৰ নিজা নিভৃত জগতখনৰ matter-এই নহয়। তেওঁলোকে নিজৰ মতে আনন্দ-উল্লাসেৰে জীৱন উপভোগ কৰি থাকে। আনৰ ওচৰত প্ৰমাণ কৰিবলৈ বা সেই আনবিলাকৰ বিষয়ে ভাবিবলৈ তেওঁলোকৰ একো প্ৰয়োজন নাই। ময়ো অলপ তেনে স্বভাৱৰ। সেয়ে ছোৱালীজনীৰ কাহিনীৰে মই আনন্দিত হৈছিলোঁ। লগতে দেখিছিলোঁ, বহুতো নতুনেই তাইৰ দ্বাৰা মটিভেট হয়। মোক মটিভেচনৰ প্ৰয়োজন নাই, কাৰণ মটিভেচনেল বহুতো কাহিনী পঢ়িছোঁ। নানা বৈজ্ঞানিক বা শিল্প-কলা সাধনাৰে মানৱ উৎকৰ্ষ সাধন কৰা যুগান্তকাৰী কৰ্মবোৰ মোৰ কৌতূহলৰ বিষয় হোৱাৰ বাবেই হয়তো নিজৰ ভিতৰৰ পৰা মটিভেচন এটা অহৰহ থাকেই। কিন্তু, সমুখতে দেখা এটা কাহিনীৰ দৰে তাইৰ কাহিনীয়ে আৰু সহ্য-শক্তিয়ে এটা পজিটিভিটি যোগান ধৰিছিল।
এদিন ছোৱালীজনী সকলো ছ’চিয়েল নেটৱৰ্কিং চাইটৰ পৰা নিৰুদ্দেশ হ’ল। আৰু ডেৰ বছৰমানৰ পাছত খবৰ ওলাল, তাই এচিএছ ক্লিয়াৰ কৰিলে। যেতিয়া কেলেংকাৰিবোৰৰ বহু খলনায়ক জেললৈ গৈছিল, তাৰ পাছত যেতিয়া বহুতো চোকা চোকা ল’ৰা-ছোৱালী নতুনকৈ আকৰ্ষিত হৈছিল প্ৰশাসনিক সেৱাৰ প্ৰতি, তেনেতেই তায়ো এচিএছ ক্লিয়াৰ কৰিলে। মোৰ সৈতে বিশেষ একো চিনাকি নাছিল যদিও, খবৰটো দেখি এনে লাগিছিল যেন এইটো এটা সুকীয়া বিজয়। নিজে কাকো একো প্ৰমাণ কৰিবলৈ নাথাকিলেও কেতিয়াবা কিছুমান কথা প্ৰমাণিত হ’বলৈ একোটা সিদ্ধি লাভ কৰিব লগাও হয়। যিটো সিদ্ধি সহজ উপায়বোৰেৰে কেতিয়াও নাহে। সেই সিদ্ধি নিজে নিজেই এটা উত্তৰ হৈ পৰে। তাৰ পাছত সেই মানুহবোৰ স্পৰ্শৰ পৰা বহু দূৰলৈ গুচি যায়, গছিপবোৰ বিলুপ্ত হৈ পৰে, কাহিনী এইবাৰ ওলোটাকৈ আৰম্ভ হয়, কালিৰ নিন্দুকজনো আজি ফেন হৈ পৰে। কিন্তু ভুক্তভোগীজন তেতিয়াও একেই হৈ থাকে, সেই সিদ্ধিৰ পাছতো হৈ থাকে humble.
ল’ৰাজনৰ কাহিনীটো এটা স্পন্দনৰ দৰে! হঠাতে ঘটিল, হঠাতে অন্ত পৰিল। ইও মানুহৰ মাজলৈ পজিটিভিটি প্ৰেৰণৰ আন এক ধৰণ। যিটো ময়ো বিশ্বাস কৰোঁ। সেইবাবেই কত কাহিনীৰ মাজত এইটো কাহিনীও বিশেষভাৱে মনত লাগি থাকিল।
তেতিয়া মই ইটো-সিটো কাম কৰিবলৈ আৰম্ভ কৰিছোঁ মাথোঁ। বিভিন্নজনে ভালকৈ মন্তব্য দিয়ে। তাৰে মাজত এজন ল’ৰাই কেইবাবাৰো বহুত ভাল ভালকৈ কৈছিল। মোৰ লগতে বিভিন্ন ক্ষেত্ৰৰ কেইবাজনকো ফেচবুকত টেগ কৰি তেওঁ ইটো-সিটো মন্তব্যৰে উৎসাহিত কৰি ফুৰিছিল। মই তেওঁক ভালকৈ চিনি পোৱা নাছিলোঁ আৰু বহু লোকৰ কামবোৰ যে তেওঁ নিৰীক্ষণ কৰি থাকে, তাৰ বাবে নিজৰো এটা ভাল বিচাৰ-বুদ্ধি বা অধ্যয়ন থাকিব লাগিব, ইমানখিনি তেওঁৰ কেনেকৈ আছে সেইটোত আচৰিত হৈছিলোঁ। আগতে এনে ক্ষেত্ৰত মই বেছি সন্দেহপৰায়ণো আছিলোঁ। কিন্তু তেওঁৰ ক্ষেত্ৰত একো সন্দেহ কৰিবও পৰা নাছিলোঁ, কাৰণ তেওঁ সঘনে অতি চিৰিয়াছ বিষয় কিছুমান ফেচবুকতে লিখি আছিল। যিবোৰ লিখাটো যাৰে-তাৰে বাবে একেবাৰেই সম্ভৱ নহয়। তথাপি, মই এটা দোমোজাত থকা যেনো সদায় হৈ আছিল। তেওঁ দ্যা হিন্দু কাকতখন পঢ়িছিল, আৰু তাৰে আলমত নানা পোষ্ট লিখিছিল, নানা জটিল ইচ্যুবোৰত লাগি আছিল। মাজে মাজে মোৰ ভাব আহিছিল, ল’ৰাজনে কৰি আছে কি, এইবোৰ ইমানকৈ কিয় লিখে, কোনোবাই তেওঁক নক’বনে এইটো উপযুক্ত মাধ্যম নহয়, যেনেকৈ বহুতে বহুতক কয়! আকৌ দুদিনমানৰ পাছত দেখোঁ, ভাল ভাল কাম কৰি থকা আন আন মানুহৰ সৈতে তেওঁৰ উৎসাহ ভৰা কথা-বাৰ্তা।
ডেৰ বছৰমান সম্পূৰ্ণ এনেকৈয়ে যোৱাৰ পাছত খবৰ ওলাল— ল’ৰাজনে এপিএছচি আৰু ইউপিএছচি দুয়োটা একেলগে ক্লিয়াৰ কৰিছে। ঢপকৈ ঘটাৰ দৰে, তাৰ পাছতে তেওঁ অনলাইন জগতখনৰ পৰা নিৰুদ্দেশ হ’ল। তেতিয়াহে আনে বুজিলে, তেওঁ আচলতে ফেচবুকতে সেইবোৰ পঢ়া-শুনাৰ কামেই কৰি আছিল। গোটেই ব্যৱস্থাটো তেওঁ এটা আনন্দদায়ক ধৰণে লৈ লৈছিল। তেওঁৰ আচৰণবোৰৰ বাবে তেওঁৰ সেই সিদ্ধি নিজৰ কোনোবাই কৰা যেন অনুভৱ হৈছিল।
তাৰ পাছৰ পৰা অনলাইন জগতত এতিয়াও তেওঁৰ আৰু দেখা-দেখি নাই। কিন্তু মোৰ দৰে ভালেকেইজনৰ মনত এটা প্ৰভাৱ ৰাখি থৈ গ’ল। মাজতে মাথোঁ এবাৰ গুৱাহাটীত অনুষ্ঠান এটাত হঠাতে তেওঁক লগ পাইছিলোঁ। তেতিয়াও তেওঁৰ সেই ভাববোৰে মোহিত কৰিছিল, উৎসাহিত কৰিছিল।
যিহেতু প্ৰথম কাহিনীটোত গছিপ শব্দটো উল্লেখ কৰিছোঁ, সেয়ে ছোৱালীজনীৰ (বা মানুহগৰাকীৰ) নামটো ক’ব খোজা নাই। দ্বিতীয় কাহিনীটোৰ ল’ৰাজন (বা মানুহজন) আছিল ইবু সঞ্জীৱ গাৰ্গ।
ইয়াত এইটো ক’ব খোজা নাই যে, সিদ্ধি পোৱা মানে এপিএছচি আৰু ইউপিএছচিয়েই ক্লিয়াৰ কৰিব লাগিব। সেয়া কৰি উঠাৰ পাছতো নতুন যাত্ৰা এটাৰ আৰম্ভহে হয়, তাতো থাকে কামৰ ভাল-বেয়া নতুবা সফলতা-বিফলতা। এনেকুৱা একেই কাহিনী ঘটে আন আন ক্ষেত্ৰতো।
এবাৰ ল’ৰা এজনে মেছেজ দিলে যে তেওঁ বিএছচিত বহুত ভাল নম্বৰ লাভ কৰিছে, কিন্তু কিবা এখন পেপাৰত বেক লগাত বিএছচি উত্তীৰ্ণই হ’ব নোৱাৰিলে, ফলত তেওঁ ঠাট্টা-মস্কৰাৰ বাবে ঘৰত থাকিব নোৱৰা হৈছে, ঘৰৰ বাহিৰলৈ বা গাঁৱলৈ ওলাই যাব নোৱৰা হৈ পৰিছে, আৰু তেওঁ অতিকে হতাশাত ভুগিছে। সেয়ে, মই এনেকুৱা কাহিনীবোৰ কেতিয়াবা লিখোঁ বাবেই, তেওঁ মোক সুধিলে যে এতিয়া তেওঁ কি কৰা উচিত। ভৱিষ্যতটো আৰু অধিক কঠোৰ হৈ পৰিব বুলি ভাবি তেওঁ ভয় খাবলৈ ধৰিছে। ইতিমধ্যে ছমাহ পাৰ হৈছে, আৰু তেওঁ ভাবি আছে যে বাকী ছমাহৰ বাবে গুৱাহাটীলৈ গুচি যাব, তাতে ক’ৰবাত শান্তিৰে থাকিব আৰু তাৰ পাছত তেওঁ পৰীক্ষাতো দিব। তেওঁৰ কথা-বতৰাৰ পৰা বুজিলোঁ যে সৰুৰে পৰা তেওঁ চোকা ছাত্ৰ, নহ’লে তেওঁ বিএছচিত ভাল নম্বৰ পাব নোৱাৰে। কিন্তু কিবাকৈ এখন পেপাৰত বেয়া হৈ গ’ল, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু কেৱল সেইবাবেই গাঁৱলৈ ওলাব নোৱৰাকৈ তেওঁক চেপি ধৰা মানুহবোৰকো বুজিবলৈ বাকী নাথাকিল। তেনে মানুহৰ প্ৰতি মোৰ মনত আগতে খুৱ খং উঠিছিল, কিন্তু লাহে লাহে তেওঁলোকৰ প্ৰতি একো খং নুঠা হ’ল। মই কেইবাজনকো কৈছোঁ যে, তেনে মানুহবোৰৰ জীয়াই থাকিবলৈ একো নাথাকে। তেওঁলোকে ভাবিবলৈও কথা নাথাকে। ভিতৰটো ভেকুৱাম সম্পূৰ্ণ। কাৰণ তেওঁলোকে নপঢ়েও। আগৰ দিনৰ মানুহে শাস্ত্ৰকে চৰ্চা কৰিছিল, লাহে লাহে সেইবোৰো কমি আহিল। কিন্তু মানুহেতো কথা ভাবিব লাগিব, কিবা অলপ ৰোমাঞ্চকৰ বিষয় পাব লাগিব, সেইবোৰ ভাবি জীয়াই থাকিব লাগিব। সেয়ে তেওঁলোকে আনক আক্ৰমণ কৰিব পৰা এনে কিছুমান বিষয় উলিয়াই লয়, আৰু জীয়াই থাকে, নিজক সুখী কৰি ৰাখে। গতিকে তেওঁলোকক বেয়া পাই লাভ নাই। ল’ৰাজনৰ পৰা গম পালোঁ যে তেওঁ গুৱাহাটীত থকাকৈ আগতে কেতিয়াও যোৱা নাই। সেয়ে মই লগে লগে ক’লোঁ যে তুমি গুৱাহাটীলৈ বা ঘৰৰ বাহিৰত ৰূম লৈ থাকিবলৈ এতিয়া নিষ্পতি নাযাবা। ছমাহটো পাৰ হ’ল, বাকী ছমাহ যেনে-তেনে হ’লেও সহ্য কৰা। কোনো প্ৰতিক্ৰিয়া নেদেখুৱাবা, মাথোঁ সহ্য কৰা। ছমাহ পাৰিলা যেতিয়া বাকী ছমাহো পাৰিবা। যিহেতু তুমি আগতে তেনেকৈ বাহিৰত থকা নাই, সেয়ে এতিয়া যদি এইধৰণে থাকিবলৈ গুচি যোৱা, ইয়াতকৈও বেছি সমস্যাৰ মুখামুখি হ’বা। ছমাহটো পাৰ হৈ যাওক, পৰীক্ষা দিয়া, তাৰ পাছত তুমি য’লৈকে মন যায় নতুনকৈ গৈ ৰূম লৈ থাকাগৈ। আৰু এনেকৈ তুমি ৰ’ব লগা হোৱাটোৱে বা লোকে কিবা কৈ থকাবোৰে ভৱিষ্যতে একো প্ৰভাৱেই নেপেলায়। কি কি পাতিছিলোঁ সম্পূৰ্ণকৈ মনত নাই, মূল কথা এনেকুৱাই আছিল, আৰু তেওঁ প্ৰথমে যেনে ষ্ট্ৰেচত কথা পাতিছিল শেষলৈ মন সলনি হৈ পৰিল। তাৰ পাছত তেওঁ ঘৰতে থাকি বিএছচি উত্তীৰ্ণ হ’ল, গুৱাহাটীত থাকিবলৈও গ’ল, পিএইচডিও কৰিলে, এতিয়া বিশ্ববিদ্যালয় এখনত চাকৰি কৰি আছে। অথচ তেওঁকে এদিন নিজ ঘৰতে থাকি অশান্তি পোৱাকৈ, গাঁৱত ওলাবলৈ ভয় কৰিব লগা হোৱাকৈ, হতাশাত ভুগিব লগা অৱস্থালৈ লৈ যোৱা হৈছিল!
এইখিনিতে এটা জমনি কাহিনী মনত পৰিছে। চালিক মিস্কট বৰবৰা নামৰ এজন ল’ৰা আছে। তেওঁ জীৱবিজ্ঞনৰ। গণিত চ’ৰাত তেওঁ সদস্য হিচাপে নিয়মীয়াকৈ বিজ্ঞান-কুইজ দিছিল। তেওঁৰ কুইজসমূহে গণিত চ’ৰাৰ জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰিছিল। কোনোবা কোনোবা স্কুলত তেওঁ অসমীয়াতো কুইজ কৰিছিল, তেতিয়া কেইবাৰমান মই সেইবোৰ অসমীয়ালৈ অনুবাদ কৰি দিছিলোঁ। মোক দুজনমান সমনীয়া ল’ৰাই আগতে কৈছিল, বিভিন্ন কুইজ অনুষ্ঠানত মঞ্জিল পি. শইকীয়া আৰু চালিক মিস্কট বৰবৰাক বিজ্ঞান-কুইজত হৰুৱাবলৈ পালে মনটো বিৰাট ভাল লাগে, কাৰণ তেওঁলোকৰ বিজ্ঞান-কুইজবোৰ খুৱ উচ্চ মানৰ আৰু বহুত জানে তেওঁলোকে। অতি ভালভাৱে তেওঁলোকে কথাটো কৈছিল। এটা সুস্থ প্ৰতিযোগিতা। লগতে এটা সন্মান।
এবাৰ হল এটাত বহি কুইজ অনুষ্ঠান এটা চাই আছিলোঁ। বিভিন্ন স্থানৰ পৰা অহা দলবোৰে মঞ্চত শাৰী শাৰীকৈ বহি আজৰি হৈছে। প্ৰথমে সকলোৰে পৰিচয়-পৰ্ব আৰম্ভ হ’ল। নিজৰ পাল পৰাত চালিকে ক’লে যে— ‘নমস্কাৰ, মোৰ নাম চালিক মিস্কট বৰবৰা। মই বৰ্তমান শিক্ষিত নিবনুৱা।’ হলটোৰ সৱৰে সশব্দে হাঁহি উঠি গ’ল। কাৰণ, সকলোৱে জানে যে তেওঁ চোকা ল’ৰা, অলপদিনৰ পাছতে তেওঁ কিবা কৰিব, কিন্তু সঁচাকৈয়ে সেই সময়ত তেওঁৰ একো নাই, আৰু তেওঁ কি কৰিব তাৰ সঠিক ধাৰণাও নিশ্চিতকৈ কাৰোৰে নাছিল। সৱেই ৰসিকতা কৰিয়েই হাঁহিছিল, কিন্তু কোনেও ভবা নাছিল যে তেওঁ তেনেকুৱা পৰিচয় এটা দিব। সেইদিনা তেনেকৈ ৰসিকতা কৰা ল’ৰাজনে এতিয়া কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পোষ্ট-ডক কৰি আছে।
ফটো উৎসঃ freepik
No Comments