
তুমি
►
পক্ষীয়ে কি উদ্দেশ্যেৰে মাতিছে বুজি নাপালেও শুনি ভাল লগাৰ দৰে, তুমি কি উদ্দেশ্যেৰে হাঁহিছা বুজি নাপালেও তোমাৰ মুখৰ হাঁহি দেখি বহুত ভাল লাগে।
►
মানুহবোৰে কৈছিল, মোৰ জপৰা চুলিত এদিন কাউৰীয়ে বাহ সাজিব বুলি
কিন্তু কাউৰীয়ে চোন বাহ নাসাজিলে,
বাহ সাজিলে তোমাৰ হাতৰ লিহিৰি আঙুলিয়েহে৷
►
যিদিনা তোমাৰ দুপাৰি দাঁতৰ অন্তিম দাঁতটো সৰিব, সেইদিনাও তোমাৰ অভিমানবোৰ আজিৰ দৰেই একেই থাকিবনে?
►
মোৰ ঘামত জী উঠা অণুজীৱবোৰৰ আজি যে কিমান উল্লাস! কাৰণ সিহঁতে যে আজি তোমাৰ ঘামত সাঁতুৰিবলৈ পাইছে।
No Comments