
‘পঢ়াত চোকা’ হ’বলৈ পঢ়িব লাগিব
জীৱন-যাত্ৰাৰ কোনো কোনো বিশেষ মুহূৰ্তত আমি প্ৰত্যেকেই অপ্ৰয়োজনীয়ভাৱে অত্যাধিক পৰামৰ্শৰ মুখামুখি হোৱাৰ অভিজ্ঞতা লাভ কৰোঁ। সেই পৰামৰ্শৰ বৰষুণজাকত তিষ্ঠি থাকিবলৈ বা নিজৰ পৰৱৰ্তী কাম-কাজৰ ক্ষেত্ৰত সঠিক দিশত আগবাঢ়ি যাবলৈ ব্যক্তি এজনক জ্ঞান, দৃঢ়তা, অভিজ্ঞতাৰ পৰা আহৰণ কৰা শিক্ষা, নিজৰ লক্ষ্যৰ দূৰত্ব সম্পৰ্কে সুস্পষ্ট ধাৰণা আদিৰ প্ৰয়োজন হয়। কোনো বিবেচনাক্ষম ব্যক্তিৰ পৰামৰ্শয়ো সেই সময়বোৰত সহায় কৰে।
এখন বিশ্ববিদ্যালয়ৰ এটা বিভাগত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰসকলক প্ৰথম অৱস্থাত বিভাগটোৰ তৃতীয় ষাণ্মাসিকৰ কেইজনমান ছাত্ৰ আৰু সেইটো বিভাগৰ পৰা ইতিমধ্যে স্নাতকোত্তৰ ডিগ্ৰী লোৱা কেইজনমান ছাত্ৰই গোটাই লৈ খুব পৰামৰ্শ দিবলৈ লৈছিল। ময়ো সেই নৱাগত ছাত্ৰসকলৰ মাজৰে এজন আছিলোঁ। স্নাতকোত্তৰ ডিগ্ৰী লোৱা ছাত্ৰ এজনে, নেট (NET) আৰু গেট (GATE) উত্তীৰ্ণ তেওঁলোকৰ সহপাঠী এজনৰ কথা জনাই কেইবাদিনো এনেধৰণৰ কথা কিছুমান কৈছিল— “ইয়াত বেছি পঢ়াৰ দৰকাৰ নাই। সিতো আমাৰ লগৰ সৱতকৈ কম পঢ়ে। দিনৰ দিনটো কাণত ফোনটো লৈ কথা পাতি থাকে! টেবুলত কেৱল বহীকেইখনহে থাকে, কিতাপ-পত্ৰও একো নলয়। পঢ়া পঢ়া বুলি বেছি গুৰুত্ব দিয়া কেইটাই একো কৰিব নোৱাৰিব, চাবি। নপঢ়াকেইটায়েই নেট লগাব….।” মাজে মাজে অশ্লীল, মাজে মাজে কিছু আমোদ প্ৰদানকাৰী, কিছু পৰামৰ্শ তথা নিৰ্দেশমূলক আৰু বহুতো কথা…। বাৰে বাৰে সেই একেই পৰামৰ্শবোৰ শুনিবলৈ বাধ্য হোৱা বাবে নৱাগতসকল প্ৰথমে খুৱ বিৰক্ত হৈছিল, আৰু তাৰ পাছত তেওঁলোকে কি সিদ্ধান্ত লৈছিল মই নাজানো, মাথোঁ তেতিয়া মই ভবিছিলোঁ— “মই নিজে তেনেকুৱা পৰামৰ্শ নিদিলোহেঁতেন বা নিদিওঁ।” পাছলৈ সেই ল’ৰাজনৰ চিন্তাধাৰা, ব্যৱহাৰ আদি লক্ষ্য কৰি মোৰ মনত ভাব হয় যে তেওঁ নিজস্ব বিবেচনাখিনি প্ৰদৰ্শন কৰিবৰ বাবেই কথাখিনি কৈছিল, এটা পৰামৰ্শ কাৰোবাৰ উপকাৰত আহিবনে নাহে, পৰামৰ্শটো কোনোবাই গ্ৰহণ কৰাৰ প্ৰতি আগ্ৰহী হ’বনে নহয় সেইবোৰ চিন্তা তেওঁৰ নাছিল, অৱশ্যে কাৰোবাৰ অপকাৰ হোৱাৰ উদ্দেশ্যেৰেও তেওঁ কোনো কথাই কোৱা নাছিল। আৰু সেই নেট উত্তীৰ্ণ ল’ৰাজনৰ সম্পৰ্কে ভাবিছিলোঁ যে, হয়তো তেওঁ খুৱ কম সময়তে বিষয়টোত গভীৰ মনোযোগ বহুৱাব পৰা বাবেই কম সময় পঢ়িও ভাল ফল দেখুৱাব পাৰিছে; কাৰণ তীক্ষ্ণ ছাত্ৰ-ছাত্ৰীসকলক (বিশেষকৈ গণিতৰ ছাত্ৰ-ছাত্ৰীক) লক্ষ্য কৰি দেখোঁ যে তেওঁলোকে খৰতকীয়াকৈ বিষয় (topic) এটাৰ বহুকেইটা দিশ বিবেচনা কৰিব পৰে আৰু এই গুণটো তেওঁলোকে লাভ কৰে কেৱল কঠোৰ অনুশীলনৰ জৰিয়তে।
বছৰ পাৰ হোৱাৰ লগে লগে আমি লগ পোৱা মানুহৰ সংখ্যা বাঢ়ি যায়। এই সংখ্যা যিমানে বাঢ়ে আমাৰ এটা উপলব্ধি গাঢ় হৈ যায় যে প্ৰতিজন মানুহেই আনতকৈ বেলেগ কিছু কথা হ’লেও জানে আৰু কোনো এটা ঘটনাৰ প্ৰতি প্ৰতিজন মানুহেই এটা নিজস্ব দৃষ্টিভংগী গ্ৰহণ কৰে, কিন্তু তাতোকৈ বেছি গুৰুত্বপূৰ্ণ আচল কথাটো হ’ল— আমি প্ৰত্যেকেই জনা কথাবোৰৰ বহুতো ভুলকৈ জানো। এক দোধোৰ-মোধোৰ অৱস্থা পাৰ কৰি এটা সিদ্ধান্ত ল’ব পাৰিলে আমি আনন্দ লাভ কৰোঁ, কিন্তু বহু সময়ত আমি একোটা ভুল সিদ্ধান্ত লওঁ। মই নিজেও বহুতো ভুল কৰিছোঁ। অগ্ৰজ, সমনীয়া, আনকি অনুজেও ভুল দেখুৱাই দিছে। ভুলকৈ জনা, ভুল দৃষ্টিভংগী গ্ৰহণ কৰা, ভুল সিদ্ধান্ত লোৱা – এইবোৰ কমাই যোৱাটোও শিক্ষা আহৰণৰ এক উদ্দেশ্য। আমি এজনে আনজনক শুদ্ধ কথাবোৰ জনাব লাগিব।
প্ৰায় চাৰি মাহৰ পাছত বিশ্ববিদ্যালয়তে চলা এখন কৰ্মশালাত সেই নেট উত্তীৰ্ণ ল’ৰাজনৰ সৈতে একেলগে অংশ ল’বলৈ পালোঁ। কৰ্মশালাখন চলিছিল বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ বন্ধ থকা এটা মাহৰ কেইটামান দিনত। কৰ্মশালাৰ আগৰ কেইদিন ঘৰত আছিলোঁ। কিবা কথা জানিব লগা থাকিলে বা ইণ্টাৰনেটত কোনো তথ্যৰ সন্ধান কৰিবলগীয়া থাকিলে সেইবোৰ মনলৈ অহাৰ লগে লগে বহী এখনত বা ম’বাইলত টুকি থওঁ। সেই সময়ত নিজাকৈ ইণ্টাৰনেট সংযোগ লোৱা নাছিলোঁ বাবে ঘৰত থকা কেইদিনত বহীখনত লিখা বিষয়ৰ সংখ্যা বহুত বৃদ্ধি পালে আৰু বিশ্ববিদ্যালয়ত Wi-Fi সুবিধা থকা বাবে কৰ্মশালাৰ দিনকেইটাত হোষ্টেলত থকা সময়খিনিত কেৱল ইণ্টাৰনেটত তথ্য খুঁচৰি থকাতে লাগি আছিলোঁ। তেনেকৈ এদিন তথ্য খুঁচৰি থাকোঁতে মই থকা কোঠাটোতে সেই ল’ৰাজনে আন কেইজনমানৰ সৈতে তাচ খেলি আছিল, আৰু আন কেইজনমানে চিনেমা চাই আছিল। সৱেই নিজৰ নিজৰ কাম মনোযোগ দি কৰি থকা যেন দেখি ময়ো মোৰ কাম মনোযোগেৰে কৰাত লাগিলোঁ। এবাৰ ফিল্ডছ মেডেল (Fields Medal) বিজয়ী এজনৰ বিষয়ে পঢ়ি আছোঁ। তেনেতে ল’ৰাজনে গণিতজ্ঞজনৰ নাম উচ্চাৰণ কৰি “বা…! তই এওঁৰ প্ৰফাইল উলিয়াইছ নেকি?” বুলি হাতত তাচপাত লৈয়েই মোৰ লেপটপটোৰ সমুখলৈ উঠি আহিল। মোৰ কৌতূহল বাঢ়ি গ’ল, সুধিলো— “আপুনি তেখেতক কেনেকৈ চিনি পায়? ক’ৰবাত লগ পাইছিল নেকি?” কেইমাহমানৰ আগতে হায়দৰাবাদত আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল। চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই সন্মিলনখন অতি বিখ্যাত আৰু সৰ্ববৃহৎ গাণিতিক সন্মিলন, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰেষ্ঠ গণিতজ্ঞসকলে অংশগ্ৰহণ কৰে। ভাৰততে সেইবাৰ সন্মিলনখন অনুষ্ঠিত হোৱা কাৰণে আমাৰ দেশৰ বহুতো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে ইয়াত উপস্থিত থকাৰ সুযোগ পাইছিল। গতিকে গণিতজ্ঞজনক ল’ৰাজনে তেতিয়াই লগ পোৱাটো সম্ভৱ হ’ব পাৰে বুলি মই প্ৰশ্নটো কৰিছিলোঁ। কিন্তু তেওঁ কিছু আচৰিত কৰি আন এটা কথাহে ক’লে। তেওঁ ক’লে, “নহয়, মই লগ পোৱা নাই। যোৱা বছৰ তেওঁৰ কিতাপ এখন পঢ়িছিলোঁ, ইমান ভাল কিতাপ মই আগতে পঢ়াই নাই।” ল’ৰাজনে কিতাপখনৰ বৰ্ণনা দি সেইখন মোকো পঢ়িবলৈ উপদেশ দিলে আৰু touch pad লৈ আঙুলী নি মই চাই থকা পৃষ্ঠাটোৰ পৰা অধিক খুচৰি গণিতজ্ঞজনৰ আন কিতাপবোৰৰ সন্ধান কৰিবলৈ ধৰিলে। মাজতে পেলাবলগীয়া তাচপাতখিলাও তেওঁ পিছলৈ এবাৰ ঘূৰি গৈ পেলাই থৈ আহিল….। লগে লগে মই ভাবিবলৈ ধৰিলোঁ— এক বছৰৰ আগতে ল’ৰাজন তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ আছিল আৰু তেতিয়াই তেওঁ পাঠ্যপুথিৰ বিষয় খৰচি মাৰি জানি উঠাৰ উপৰি ফিল্ডছ মেডেল বিজয়ী গণিতজ্ঞজনৰ কিতাপ পঢ়িও হৃদয়ঙ্গম কৰাৰ চেষ্টা কৰিছিল, যিখন কিতাপৰ নাম বা গণিতজ্ঞজনৰ নামো সেই সহপাঠীকেইজনে নাজানে, অথচ তেওঁলোকে ল’ৰাজনে নপঢ়েই বুলি ব্যাখ্যা আগবঢ়াইছিল! আন এটা দিনত ল’ৰাজনে কৈছিল যে PhD scholarship ৰ প্ৰথম দুমাহৰ ধনখিনি লৈ ত্ৰিশ হাজাৰমান টকাৰ কিতাপ কিনি ল’ব….। ইয়াত মই ক’ব বিচৰা কথাখিনি সকলোৱে নিশ্চয় বুজি পাইছে।
সেই কৰ্মশালাখনত দেখা পোৱা আন কেইবাটাও বাহিৰা কথাই এনেকুৱা কিছুমান দিশ দেখুৱাইছিল। তাৰে এটা হ’ল— তাত অংশ ল’বলৈ অহা কলেজীয়া ছাত্ৰকেইজনমানে ডেক্সবোৰত কলমৰ আঁক-বাঁকবোৰ দেখি চঁক খাই এজনে আনজনক কৈ উঠিছিল, “ঐ ঐ চা, ইয়াতো ডেক্সত আঁকে!!”
No Comments