তেজপুৰ বিশ্ববিদ্যালয়ত উত্থাপিত এটা বুনিয়াদী প্ৰশ্ন
বিশ্ববিদ্যালয়বোৰৰ এটা বহুমাত্ৰিক চৰিত্ৰ থাকে। ই এখন পিজি কলেজ নহয়। ইয়াৰ সত্তা বিশাল, য’ৰ পৰা নতুন দিশো নিজে অংকুৰিত হ’ব পাৰে। ই হৈছে নিজতে নিজেই পুনৰ সৃষ্টি হ’ব পৰা স্ব-মহিমামণ্ডিত এটা সত্তা। আৰু সেইবাবেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনক বিচৰা হয় সৰ্বজন শ্ৰদ্ধেয় ব্যক্তি হিচাপে। যিজন ব্যক্তিক সৃষ্টিশীলতা, ব্যৱস্থাপনা, আৰু সততা, এই তিনিও ক্ষেত্ৰতে অসাধাৰণ ৰূপে বিচৰা হয়। এই তিনিও গুণ বা দক্ষতা তেওঁৰ গাৰ পৰা অহৰহ ফুলৰ ৰেণুৰ দৰে জিলিকি থকাটো কামনা কৰা হয়। বহু বছৰ আগতে স্বনামধন্য লেখক হোমেন বৰগোহাঞিয়ে ‘উপাচাৰ্যৰ যোগ্যতা’ শীৰ্ষক এটা প্ৰবন্ধ লিখিছিল। এদিন হোমেন বৰগোহাঞিৰ দুৱাৰত টোকৰ মাৰিছিল তেওঁৰ এজন বন্ধু তথা বিশিষ্ট ব্যক্তিয়ে। বন্ধুজনৰ লগত হোমেন বৰগোহাঞিৰ ওচৰলৈ গৈছিল এজন অধ্যাপক। বন্ধুজনে সেমেনা-সেমেনি কৰি হোমেন বৰগোহাঞিক কৈছিল যে, “এই অধ্যাপকজন উপাচাৰ্য হোৱাৰ আটাইতকৈ যোগ্য ব্যক্তি। অলপদিনৰ পাছত অমুক বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ পদটো খালী হ’ব। আপুনিতো জানেই, আজিকালি ৰাজনৈতিক প্ৰভাৱ নাথাকিলে উপাচাৰ্য হোৱাটো কঠিন। এজন সাংবাদিক-সম্পাদক হিচাপে সকলো মন্ত্ৰীৰ ওপৰত আপোনাৰ প্ৰভাৱ সকলোৱে জানে। সেয়ে আপুনি মুখ্যমন্ত্ৰীক এওঁৰ হৈ এষাৰ কৈ দিয়কচোন, যাতে এওঁ উপাচাৰ্য হ’ব পাৰে। (মৰ্মাৰ্থ)।” বন্ধুজনৰ কথা কোৱাৰ ধৰণ দেখি হোমেন বৰগোহাঞিয়ে লগে লগে বুজি পালে যে অধ্যাপকজনে নিজে জোৰ কৰি বন্ধুজনক কথাখিনি কোৱাবলৈ লৈ গৈছে। হোমেন বৰগোহাঞিয়ে অধ্যাপকজনক চিনি পাইছিল আৰু জানিছিল যে তেওঁৰ বিদ্বানতাৰ তুলনা নাই, তেওঁ সঁচাকৈ উপাচাৰ্য হ’ব পৰা মানুহ। কিন্তু হোমেন বৰগোহাঞিয়ে লিখিছিল যে, ইমান বিদ্যাৱান হৈও যিজন ব্যক্তিয়ে সাধাৰণ লোকে সাধাৰণ পদ একোটা বিচাৰি দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ দৰে উপাচাৰ্য হ’বলৈ বিচাৰি ফুৰে, সেইজন ব্যক্তি উপাচাৰ্য পদটোৰ বাবে লগে লগেই অযোগ্য বুলি প্ৰমাণিত হ’ল। তেওঁ আৰু লিখিছিল, উপাচাৰ্যজন কেনেকুৱা হ’ব লাগিব? উপাচাৰ্যজনক সকলোৱে ভয় কৰা হ’ব লাগিব। এয়া দম্ভ, অহংকাৰ বা ক্ষমতাৰ প্ৰতি ভয় নহয়। তেওঁক সকলোৱে সন্মান কৰিব পৰা হ’ব লাগিব। তেওঁ বীভৎস গৰ্জন কৰিব জনা হ’লে নহ’ব, তেওঁ influence কৰিব জনা হ’ব লাগিব। আৰু উপাচাৰ্যজনে নিজে কাক ভয় কৰিব লাগিব? হোমেন বৰগোহাঞিয়ে লিখিছিল যে উপাচাৰ্যজনে নিজে ভয় কৰিব লাগিব একমাত্ৰ নিজৰ বিবেকক।
ভাৰতীয় সভ্যতাক জ্ঞানৰ সভ্যতা বুলি কৈ থকা হয়। সেই জ্ঞান বা বোধ বাহিৰৰ লোকেও গ্ৰহণ কৰিবলৈ সততে বাধ্য হয় বুলিও গৌৰৱ কৰা হয়। দুখনকৈ মহাকাব্যৰ দুখনকৈ মহাযুদ্ধৰ কাহিনীয়েও আমাৰ সভ্যতাই দিয়া জ্ঞান আৰু সংস্কৃতিক ভৱিষ্যতলৈ নিৰন্তৰভাৱে বোৱাই লৈ আনিছে। সেই ঐতিহ্য ৰক্ষাৰ কথা প্ৰায়ে কৈ থকা হয়, কিন্তু আধুনিক জ্ঞান চৰ্চাৰ কেন্দ্ৰবিন্দু বিশ্ববিদ্যালয়সমূহত কিছুমান অযোগ্য মানুহক উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ কচৰতে ঐতিহ্যপূৰ্ণ জ্ঞান-সভ্যতাকে কুটিল পথেৰে লৈ যাবলৈহে চেষ্টা কৰাৰ দৰে হৈ আছে। এটা সময়ত উপাচাৰ্য বুলি ক’লে যি সন্মান আছিল, আজি সেয়া লাহে লাহে কমি গৈ আছে। ক্ষমতাশালীজনৰ সমুখত ৰাজহাড় পোন কৰি থিয় দিয়া আৰু উচিত প্ৰশ্ন কৰা, নিঃস্বজনক উপযুক্ত পৰিৱেশ দিয়াৰ পৰিৱৰ্তে আজিকালি প্ৰায়ে ওলোটাতো ঘটে। নিমাখিত শিক্ষক একোজনৰ দৰে আজিকালি উপাচাৰ্য একোজনো এমএলএৰ পিছে পিছে ঘূৰি ফুৰা দেখা যায়। য’ত নেকি কৃষ্ণকান্ত সন্দিকৈয়ে প্ৰত্যাখ্যান কৰিছিল ৰাজ্যপালৰ নিমন্ত্ৰণো। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ আৱাসলৈও আহিবলৈ দিয়া নাছিল ৰাজ্যপালক।
এবছৰ পূৰ্বে, তেজপুৰ বিশ্ববিদ্যালয়লৈ অহাৰ আগতে চিনাকি ছাত্ৰ-ছাত্ৰী বা বেলেগ বেলেগ বিষয়ৰ চিনাকি অধ্যাপকৰ সৈতে কেতিয়াবা কথা পাতিলে বিশ্ববিদ্যালয়খনৰ বিভিন্ন কথা শুনিবলৈ পাইছিলোঁ। তথাপি, ইয়ালৈ আহি অতিকে আচৰিত হৈ গৈছিলোঁ, যি কথা কেইবাজনকো বাৰে বাৰে কৈছিলোঁ যে আমাৰ উপাচাৰ্যজনৰ একোৱেই সন্মান নাই দেখোন। একোজন সৰু কৰ্মচাৰীৰ প্ৰভাৱ সীমিত, তেওঁলোকৰ পৰিসৰ সীমিত, অথচ তেওঁলোকৰো সন্মান আছে। কিন্তু ইমূৰৰ পৰা সিমূৰলৈ প্ৰভাৱ থাকিবলগা ব্যক্তি এজনৰ সন্মান তেওঁলোকৰ সমানো নাই। কোনেও তেওঁক সন্মান নকৰে। সন্মান কৰিব নোৱাৰে। ফলত, কিছুমান বৃহৎ কুপ্ৰভাৱ ৰান্ধনিঘৰৰ পৰা আৰম্ভ কৰি নিয়মীয়া বাছকেইখন পৰ্যন্ত বিয়পি গৈ আছে, যিখিনি বেয়া পৰিস্থিতি বিশ্ববিদ্যালয়খনত পূৰ্বতে নাছিল।
এতিয়া তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা প্ৰতিবাদলানিয়ে দুমাহ অতিক্ৰম কৰি গ’ল। এই প্ৰতিবাদৰ চৰিত্ৰ কিন্তু বহুত সুকীয়া। এয়া শান্তিপূৰ্ণ প্ৰতিবাদ, অথচ সাংঘাতিক প্ৰভাৱশালী। প্ৰতিবাদ বুলি ক’লে পটকৈ মনলৈ যি ধাৰণা আহে বা দূৰৰ পৰা যি অনুমান কৰা হয়, ই তেনে প্ৰতিবাদ নহয়। প্ৰতিবাদস্থলীলৈ বিভিন্ন মানুহ আহিছে, কিন্তু ইয়াক কোনেও কোনো ফালে টানিব পৰা নাই। বিচ্যুত কৰিব পৰা নাই। ইয়াৰ দুৰ্জয় শক্তিত সকলো বিলীন হে হৈ গৈছে। ই কোনো এক বিশেষ বেনাৰৰ অধীনৰ প্ৰতিবাদ নহয়, ই হৈছে একগোট হৈ কৰা প্ৰতিবাদ।
এতিয়া, কৰ্তৃত্বশীল মহলৰ বাবে চিন্তাৰ সময়। কথাবোৰ ভবাৰ সময়। এই প্ৰতিবাদ এতিয়া আৰু কেৱল এজন ব্যক্তিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ দৰে থকা নাই। ই এটা ব্যাপক অৰ্থও লাভ কৰিছে। ই প্ৰতিষ্ঠা কৰা বুনিয়াদী প্ৰশ্নটোৱে বিশ্ববিদ্যালয়খনৰ সীমা অতিক্ৰম কৰি গৈছে। কেইজনমানে সমিল-মিলেৰে কেৱল নিবিদা পৰিচালনা কৰিব পৰাকৈ বিশ্ববিদ্যালয়বোৰত একোজনক উপাচাৰ্যক বহুওৱা হ’ব নে আধুনিক জ্ঞান-সভ্যতাৰ কথা ভবা হ’ব? সেই কথাবোৰ এতিয়া কৰ্তৃত্বশীল মহলে পৰ্যালোচনা কৰাৰ সময়।
No Comments