(৫১) অসীম শ্ৰেণীৰ বিশ্লেষণ প্ৰাচীন গ্ৰীকসকলে জিনোৰ সাঁথৰসমূহ চিন্তা কৰাৰ দিনতে আৰম্ভ হৈছিল, বিশেষকৈ এৰিষ্টটলে ৰচনা কৰা ‘Physics’ ৰ Book V ত। সোতৰ শতিকাৰ নতুন গণিতে অসীম শ্ৰেণী বিশ্লেষণৰ এক নতুন যুগ সূচনা কৰিবলৈ নতুন সঁজুলিৰ এক অস্ত্ৰভাণ্ডাৰ প্ৰদান কৰিছিল। সোতৰ শতিকাৰ শেষৰফালে জেকব বাৰ্ণলিয়ে প্ৰমাণ কৰিলে...