ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে স্বীকৃতি দিয়া বিশ্বৰ দুই শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী বুলি একো তালিকা নাই। প্ৰকৃততে সেয়া হৈছে পাৰ হৈ যোৱা বৰ্ষত পোৱা সৰ্বাধিক চাইটেচনৰ ভিত্তিত কৰা দুই শতাংশৰ তালিকাহে। ইয়াত শ্ৰেষ্ঠত্বৰ কথা নাহে। ইয়াত নাম থকা মাত্ৰেই সন্মানীয় নহয়, তাৰে বহুতৰ কাম ঘৃণনীয় বা সম্পূৰ্ণ নিন্দনীয়হে।...

সেই বাতৰিবোৰ এইবাৰ পুনৰ ওলোৱা আৰম্ভ হৈছে। কাৰণ, এইবাৰৰ তালিকা কেইদিনমান পূৰ্বে প্ৰকাশ পাইছে। আচলতে, ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ দুই শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী বুলি একো নাই। আমাৰ ইয়াত এইটো প্ৰথমে কোনে উলিয়াই দিলে ঠিক নাই, এতিয়া প্ৰতিবছৰে অসমত বা ৰাষ্ট্ৰীয় কাকত কিছুমানতো এইটো চলি...