তেজপুৰ বিশ্ববিদ্যালয়লৈ অহাৰ ছমাহ পূৰ্বে মোৰ লগত এগৰাকী depression ৰ ঔষধ খোৱা লোকে কথা পাতিছিল। সকলোৱে ভাবে তেওঁ হাঁহিমুখীয়া আৰু সৰল, কিন্তু কেৱল চাৰি-পাঁচজনে গম পায় যে তেওঁৰ মনৰ অৱস্থা ঠিক নহয়। তেওঁ আছিল সাংঘাতিক চোকা, সুপ্ৰতিষ্ঠিত, কেৰিয়াৰৰ প্ৰতিটো পৰীক্ষাতে অসমৰ ভিতৰত স্থান প্ৰাপ্ত, কিন্তু...

মোৰ কাষৰ ছীটটোত এজন অৰুণাচলী যুৱক৷ অলপ উগ্ৰ, কিন্তু ভদ্ৰ যেন লাগিল৷ এষাৰ-দুষাৰ কথা পাতি মই লগে লগেই টোপনি গ'লোঁ; দিনটোৰ ভাগৰ, ভন্তীৰ লগত বহুত ঘূৰিলোঁ৷ নিশা সকলোৱে ভাত খাবলৈ গাড়ীখন ৰখাওতে সাৰ পালোঁ৷ বাছখন পুনৰ চলাৰ পিছত গম পালোঁ যে মোৰ আৰু টোপনি নধৰে৷ সেয়েহে...